নেমুগুৰি মৌকুঁহি মইনা পাৰিজাতৰ পঞ্চম গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু শিশু নাট প্ৰদৰ্শন

নেমুগুৰি মৌকুঁহি মইনা পাৰিজাতৰ পঞ্চম গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু শিশু নাট প্ৰদৰ্শন

বকতা নেমুগুৰি মৌকুঁহি মইনা পাৰিজাতে যোৱা ইংৰাজী ৬/৭/১৮তাৰিখৰ পৰা শিশুৰ ব্যক্তিত্ব বিকাশৰ বাবে অনুষ্ঠিত কৰা পঞ্চমটি গ্ৰীষ্মকালীন বিশেষ কৰ্মশালা ২৭ তাৰিখ শুক্ৰবাৰে সামৰণি পৰে।১৩০জন শিশুৱে অংশগ্ৰহণ কৰা এই কৰ্মশালাটিত কলা,সাহিত্য,গীত, নৃত্য,মৃৎ-শিল্প, নাটক আদি বহুকেইটা দিশত আয়োজক সকলে গুৰুত্ব প্ৰদান কৰাৰ কথা মইনা পাৰিজাত খনিৰ সম্পাদক সন্তোষ গগৈয়ে জানিবলৈ দিয়ে।কৰ্মশালাৰ মূখ্য পশিক্ষক ৰূপম বেজবৰুৱা,সহযোগী হিচাবে হেমন্ত ওজা,নৱ শইকীয়া,নয়ন চেতিয়া,ৰুবী মিলি,চন্দন গগৈ, দেৱাশীষ বৰকাকতীয়ে প্ৰশিক্ষণ আগবঢ়ায়।ইয়াৰোপৰি দিনটোৰ বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা ৯/৭/১৮ তাৰিখে ডা: প্ৰদ্যুৎ শইকীয়াই ব্যক্তিত্ব বিকাশত নাটকৰ গুৰুত্ব সৰ্ম্পকে,১০/৭/১৮ তাৰিখে মোহন শইকীয়াই কুটীৰ শিল্পত আধুনিক প্ৰযুক্তিবিদ্যা,১১/৭/১৮তাৰিখে প্ৰাক্তন শিক্ষক উদিত বৰুৱাই অসমীয়া সাহিত্যত আখৰ জোঁটনি,১২/৭/১৮তাৰিখে শিক্ষক দেৱ কুমাৰ দাসে আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা,১৩/৭/১৮তাৰিখে ডা:মনোজ কাথাৰে স্বাস্থ্যৰ যতন,১৪/৭/১৮ তাৰিখে সমাজ সেৱক নগেন দিহিঙ্গীয়াই স্বচ্চতা আৰু আমাৰ কৰ্তব্য সৰ্ম্পকে পশিক্ষাৰ্থী সকলক জ্ঞান প্ৰদান কৰে।ইয়াৰো পৰি ১৬/৭/১৮তাৰিখে হেমন্ত ওজাই প্ৰদান কৰা পিতৃ-মাতৃৰ প্ৰতি ভক্তি জ্ঞানৰ শিক্ষাই প্ৰশিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰিছিল।২৭/৭/২০১৮তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত কৰা সামৰনণি অনুষ্ঠানটিত পুৱা ১১বজাত উদ্যোক্তা প্ৰণৱ নাথে আঁত ধৰা প্ৰাৰ্থনা সভাৰে শুভ আৰম্ভ কৰা হয় । সভাত ক্ৰমে প্ৰাক্তন শিক্ষক তথা মৌকুঁহি মইনা পাৰিজাতৰ উপদেষ্টা মণী বুঢ়াগোহাই,চুচন গগৈ,মুকুন্দ গগৈ,সভাপতি মধু গগৈ ,শিৱসাগৰ জিলা মইনা পাৰিজাতৰ সদস্য বিজয় গগৈ, আৰু স্থানীয় ভাবে প্ৰমোদ ঘৰফলীয়া, মাধূৰ্য মলিয়াকে আদি কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে।এই সভাত প্ৰশিক্ষন কালত মইনা সকলক লিখিবলৈ দিয়া গল্প,কবিতা,ৰচনা,প্ৰৱন্ধ সমূহৰ ওপৰত পৰ্যালোচনা আগবঢ়ায় বকতা নেমুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দেৱ কুমাৰ দাসে।
চিত্ৰশিল্পী নৃপেন মহনৰ তত্বাৱধানত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা এখনি চিত্ৰ প্ৰদৰ্শনী অনুস্থিত কৰা হয়। ইয়াৰোপৰি বিয়লি ২বজাৰ পৰা প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰশিক্ষক হেমন্ত ওজা আৰু নৱ শইকীয়াৰ পৰিচালনাৰে দুখন শিশু নাট পৰ্দশনৰ বাবে বন্তী প্ৰজলন কৰি মঞ্চ উদ্ধোধন কৰে বাখৰ বেঙেনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক নিয়ৰাম হাজৰিকাই। প্ৰদৰ্শন কৰা নাট দুয়োখনিয়ে দৰ্শকৰ বিপুল সহাৰি পাবলৈ সক্ষম হয়।কৰ্মশালাটিৰ জৰিয়তে স্থানীয় মইনা সকলক আগবঢ়াই নিয়াত মইনা পাৰিজাত খনিৰ ভূমিকাক সকলোৱে শলাগ লয়।

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।