সমালোচনাৰ পথ

সমালোচনাৰ পথ

 

এদিন শ্ৰেণীত এজন শিক্ষকে ব’ৰ্ডত এনেদৰে লিখিলে-
৯×১=৭
৯×২=১৮
৯×৩=২৭
৯×৪=৩৬
৯×৫=৪৫
৯×৬=৫৪
৯×৭=৬৩
৯×৮=৭২
৯×৯=৮১
৯×১০=৯০

লিখা হোৱাৰ পিছত শিক্ষকজনে ঘূৰি চাই দেখিলে যে ছাত্ৰ-ছাত্ৰী সকলে তেওঁৰ ফালে চাই হাঁহি আছে, কাৰণ তেওঁ লিখা প্ৰথম শাৰীটো ভুল আছিল !

তাৰ পিছত শিক্ষক জনে ক’লে, “মই প্ৰথম শাৰীটো বিশেষ এটা কাৰণতহে ভুলকৈ লিখিছোঁ ।
মই ইয়াৰ দ্বাৰা তোমালোকক এটা মহত্ত্বপূৰ্ণ শিক্ষা দিব বিচাৰিছোঁ । গোটেই পৃথিৱীখনে তোমালোকৰ লগতো ঠিক এনে ব্যৱহাৰ কৰিব !!
তোমালোকে নিশ্চয় দেখিছা যে, মই ৯ শাৰী শুদ্ধকৈ লিখিছোঁ । অথচ কোনেও মোক অভিনন্দননজনালা । কিন্তু মোৰ মাত্ৰ এটা ভুলতে তোমালোকে মোক লৈ হাঁহিলা আৰু সমালোচনা কৰিলা ।

আজি মই তোমালোকক দিব বিচৰা শিক্ষাটো এইটোয়ে যে, লাখৰ হিচাবত তুমি ভাল কাম কৰিলেও পৃথিৱীখনে তোমাৰ শলাগকে কিজানি নলব । কিন্তু তুমি যদি মাত্ৰ এটা ভুল কৰা, তাক লৈ জগতখনে সদায় সমালোচনা কৰিব ।”

বন্ধুসকল, শিক্ষক জনে ইচ্ছা কৰি কৰা ভুলৰ এটাৰ সাধাৰণ উদাহৰণেৰে ছাত্ৰ সমাজলৈ ভৱিষ্যতৰ কাৰণে নৈতিক জ্ঞানৰ পথ এটা মুকলি কৰিছে । একো একোজন মহান ব্যক্তিৰ জীৱনটো বা সংগঠনৰ কৰ্ম ক্ষেত্ৰ খনৰো ক’ৰবাত নহয় ক’ৰবাত একো একোটা সামান্য ভুল থাকি যোৱা দেখা যায় আৰু সমালোচক সকলে ইয়াকে ঢৌটোকে ৰৌটো কৰি সমাজত তাল ফাল লগায় । এইটো ঠিক যে সমালোচনাৰ উৰ্দ্ধত কোনো নহয় । সেইবুলি, এই সমালোচনা ধ্বংসাত্মক নহৈ গঠন মূলক হোৱাহে উচিত । গঠন মূলক সমালোচনাৰে এনে ভুল যাতে পুনৰাবৃত্তি নহয়, তাক ইতিবাচক পৰামৰ্শৰে সংশোধন কৰি দিয়াটোহে মংগলজনক ।

জুয়ে সোণক অধিক উজ্জ্বলহে কৰে, সেইবুলি গোটেই সোণখিনিকে জুয়ে পুৰি নেপেলায় । চন্দ্ৰতো কলংক থাকে, সেইবুলি চন্দ্ৰৰ পোহৰ খিনিহে আমাৰ কাম্য, চন্দ্ৰৰ কলংকই আজিলৈকে আমাক একো ক্ষতি কৰা নাই । কিন্তু, সেই কলংকটো নথকা হলে আমি কিজানি চন্দ্ৰৰ পৰা অধিক উজ্জ্বলতা উপভোগ কৰিব পৰিলোহেঁতেন । আমি এনেকৈহে ভাবিব লাগে ।

—————————–

মূল হিন্দী- কিশোৰ কুমাৰ
ভাবানুবাদ- বিকু

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “সমালোচনাৰ পথ

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।