নৱকান্ত বৰুৱাদেৱৰ কেইটিমান পদ্য

নৱকান্ত বৰুৱাদেৱৰ কেইটিমান পদ্য

তিনি বৰণীয়া জাতীয় পতাকা

নীল আকাশত নাচে

ওপৰে গেৰুৱা মাজত শুকুলা

তলত শ্যামল আছে

বগাৰ মাজত অশোক চক্ৰৰ

চিত্ৰ জিলিকি ৰয়

আমাৰ জাতীয় পতাকাখনিৰ

কদাপি নহয় ক্ষয়

 

 

বাঘ সিংহই গোজৰ মাৰে

পাৰই দিয়ে ৰুণ

ভোমোৰা আৰু মৌ মাখিয়ে

কৰে গুণ গুণ

শিয়ালে কৰে হোৱা হোৱা

কুকুৰবোৰে ভুকে

মেকুৰীয়ে মিউ মিউকৈ

ফুৰে চুকে চুকে

ছাগলীবোৰে বেবাই ফুৰে

গৰুৱে হেম্বেলিয়ায়

কাউৰীবোৰে গছৰ আগত

থাকে ৰমলিয়াই

চিৰিক চিৰিক কৰি মাতে

ঘৰ চিৰিকা জাকে

সোণ মইনাই কি কৰেনো

কলকলাই থাকে

 

’হাগ  মাহত গছৰ ডালত ফুলে কপৌ ফুল

জেঠমহীয়া ৰ’দৰ তাপত শৰীৰ বিয়াকুল

আহাৰ মাহত বাৰীত পকে আম, কঁঠাল, জাম

শাওন মহীয়া বৰষুণত সাধু শুনাই কাম

ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি

আহিনমাহত দুবৰি বন হিমত থাকে তিতি

কাতি মাহত আকাশবন্তি লগায় শাৰী শাৰী

আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি

পুহ মহীয়া জাৰত কঁপি নিহালিখন লওঁ

মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ

ফাগ্ন আহে পলাশ ফুলে পছোৱা বতাহ বয়

চ’তৰ শেষত নতুন বছৰ আদৰি ল’বৰ হয়

 

ৰঙা নীলা হালধীয়া অকলশৰীয়া

ৰঙা নীলা মিলি দুয়ো হ’ল বেঙুনীয়া

ৰঙাৰ স’তে হালধীয়া পলো সুমথিৰা

হালধীয়া নীলা মিলি হ’ল সেউজীয়া

ৰঙা নীলা হালধীয়া কৰিলে মিহল

মটীয়া ৰংটি পাবা ডাঠ বা পাতল

 

 

উৰণীয়া তৰা

 

চোৱাচোন বাৰু আই,

ৰুমী ভনীটিয়ে উৰণীয়া তৰা

ক’তো হেনো দেখা নাই।

সদায় সন্ধিয়া শই শই আহি

পথাৰ উপচি যায়;

কি যে বেঙী তাই ক’বকে নোৱাৰো

তথাপিতো দেখা নাই,

ৰুমী বৰ বেঙী ভাই।

 

পপীয়া তৰাৰ কথা কোৱা নাই

সেইবোৰ হেনো শিল;

দ্বীপেন চাৰক তেনেকৈ নক’লে

দিয়ে জানা থিয় কিল।

এইবোৰ আন কিবা

মই দিছো নাম উৰণীয়া তৰা

আৰু কিনো নাম থ’বা?

 

নহয় নহয় আই!

দেউতাই কোৱা ফ্লাইং ছছাৰ

তাৰো কথা কোৱা নাই।

সেইবোৰ মই শুনিছোহে মাথোঁ

নেজানো ক’তনো পায়!

 

কি ক’লা, কি ক’লা আই?

সকলো তৰাই থিৰ হৈ থাকে?

উৰণীয়া তৰা নাই?

জোন বেলি তৰা ক’ৰ পৰা আহে

কোৱাচোন ভাবি গমি

নাহিলে কিদৰে সদায় গধূলি

দেখা পাওঁ বাৰু আমি?

একোকে নাজানা তুমি

আই! তুমিও এজনী ৰুমী।

ক’ৰ পৰা আহে মই কওঁ শুনা

ক’ৰবাৰ পৰা আহে

গধূলি হ’লেই তৰাৰ লগত মিচিকি মিচিকি হাঁহে।

সিহঁতে যে কাক মাতি থাকে জানো

চকুবোৰ টিপিয়াই

সিহঁতৰ সতে উমলিবলৈ

মোৰ বৰ মন যায়

বকুল তলৰ এন্ধাৰত আই

উৰি ফুৰে জাকে জাকে

বতাহ আহিলে উৰণীয়া তৰা দুবৰিত শুই থাকে

 

ব’লাচো ওলাই আই

চোতালত গৈ উৰণীয়া তৰা

দিম মই দেখুৱাই

সেইদিনা মাকে মলয়ৰ স’তে চালে উৰণীয়া তৰা

হেজাৰ বিজাৰ জোনাকী পৰুৱা পোহৰে বননি ভৰা।


(  স্কুলীয়া পাঠ্য পুথিৰ পৰা সংগৃহীত )

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।