জ্ঞানবৰ্ধক শেহতীয়া খবৰ ( ১৪ চেপ্তেম্বৰ ,২০১৬)

জ্ঞানবৰ্ধক শেহতীয়া খবৰ ( ১৪ চেপ্তেম্বৰ ,২০১৬)

উৰ্দুৰ সলনি হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দি বিহাৰে ভাৰতৰ প্ৰথমখন এনে ৰাজ্য হো‌ৱাৰ গৌৰ‌ৱ অধিকাৰ কৰে। ভাৰতৰ এটা চৰকাৰী ভাষা হিচাপে হিন্দী ভাষাটোক স্বীকৃতি দিয়া হৈছিল ১৯৪৯ চনৰ ১৪ ছেপ্তেম্বৰ দিনটোত আৰু সেয়ে এই দিনটোক ‘হিন্দী দি‌ৱস’ হিচাপে সমগ্ৰ ৰাষ্ট্ৰখনতে পালন কৰা হয় ।


পিপল পা‌ৱাৰ নামৰ এটা “ইন্টাৰনেট অ‌ৱ থিংকছ”ৰ ওপৰত কাম কৰা কোম্পানীয়ে পুৰণা স্মাৰ্টফোন ব্য‌ৱহাৰ কৰি ঘৰত সুৰক্ষা কেমেৰা বহু‌ৱাৰ বন্দো‌ৱস্ত কৰিব পাৰিছে । এনে “প্ৰেজেন্স ৩৬০” নামৰ ৰবটিক কেমেৰাটো‌ৱে সংগ্ৰহ কৰা ঘৰৰ ভিতৰৰ  ৩৬০ ডিগ্ৰীৰ দৃশ্য‌াৱলী গৃহস্থই কোনো এঠাইত বহি ইন্টাৰনেটৰ সহায়েৰে চাই থাকিব পাৰিব ।

অধিক চাবলৈ ইয়াত ক্লিক কৰক – (টোকা : ভিডিঅ’টো চাওঁতে বহুত নেট পেক/ ডাটা খৰছ হ’ব, গতিকে সা‌ৱধান!)


ভাৰতীয় ৰেল‌ৱেই সকলো যাত্ৰীয়ে ল’ব পৰাকৈ জী‌ৱন-বীমা সে‌ৱাৰ সূচনা কৰিছে । এই সে‌ৱা অ‌ৱশ্যে বাধ্যতামূলক নহয় । মাত্ৰ ৯২ পইচাতে ল’ব পৰা এই বীমা যোঁজনাই ১০ লাখ টকালৈকে ক্ষতিপূৰণ দিব পাৰিব । ৰেল মন্ত্ৰী সুৰেশ প্ৰভু‌ৱে জনো‌ৱা মতে এই সে‌ৱা ইতিমধ্যে ৪০ লাখ যাত্ৰীয়ে গ্ৰহণ কৰিছে ।


“‌ৱান থউজেণ্ড হকী লেগছ্” নামৰ বেচৰকাৰী সংস্থাটোক ৰাষ্ট্ৰপতি প্ৰণ‌ৱ মুখাৰ্জীয়ে “ৰাষ্ট্ৰীয় খেল প্ৰৎসাহন পুৰষ্কাৰ” প্ৰদান কৰিছে । এওঁলোকে ৯০ খন স্কুলত ল’ৰা-ছো‌ৱালীক ইতিমধ্যে হকী শিকাই আছে আৰু বিনামূলীয়া খেলৰ সামগ্ৰী বিতৰণ কৰিছে  । এই এনজিঅ’টো‌ৱে বৰ্তমানে ভাৰতৰ ৫ খন মহানগৰত কাম কৰি আছে আৰু অদূৰ ভ‌ৱিষ্যতে সমগ্ৰ ভাৰততে কাম কৰাৰ মন মেলিছে । ( ইংৰাজীত স‌ৱিশেষ পঢ়ক এই লিংকত )


যিসকল ল’ৰা-ছো‌ৱালীয়ে পঢ়া-শুনাত মন নবহায়, সেইসকলত এটা যন্ত্ৰৰ সহায়েৰে নিজে নিজে চিনাক্ত কৰিবলৈ এজন চীনা প্ৰফেচৰে এটা মুখ চিনাক্তকৰণ চফ্ট‌ৱেৰ সাজি উলিয়াইছে । (স‌ৱিশেষ ইয়াত পাব )


NASA (The National Aeronautics and Space Administration ) ৰ এটি দলে পাইছে যে যো‌ৱা ১৩৬ বছৰৰ ভিতৰত যো‌ৱা ২০১৬ চনৰ জুলাই মাহটো‌ৱেই আছিল পৃথি‌ৱীৰ আটাইতকৈ গৰম মাহ । (স‌ৱিশেষ ইয়াত পাব ।)


গুগুলে “টিম ইন্ডাছ” নামৰ এটি নতুনকৈ গঠন হো‌ৱা ভাৰতীয় মহাকাশ moon_moinamel-comঅধ্যয়নকাৰী কোম্পানীক বাচি উলিয়াইছে যিটো‌ৱে চন্দ্ৰৰ বুকুলৈ এটি ৰবট পঠিয়াব । এওঁলোকৰ যান খনে ২০১৭ চনৰ শেহৰভা‌ৱে চন্দ্ৰলৈ গমন কৰিব । যদি সফল হয়, তেন্তে ৩০ মিলিয়ন ডলাৰ খৰছ কৰিব লগীয়া এইটো প্ৰকল্পই হ’ব পৃথি‌ৱীৰপৰা সৰ্বপ্ৰথমবাৰৰ বাবে সম্পূৰ্ণ বেচৰকাৰী ভা‌ৱে যো‌ৱা মহাকাশযান । (স‌ৱিশেষ পাব ইয়াত )

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।