অসমীয়া সাহিত্যত নিচুকনি গীত

অসমীয়া সাহিত্যত নিচুকনি গীত

খ্ৰীষ্টীয় দশম-একাদশ শতিকাৰ আগতে অসমীয়া ভাষা বুলি এটা সুকীয়া ভাষা নাছিল যদিও অসমীয়া সাহিত্য বুলি এটা সুকীয়া ভাষা নাছিল যদিও অসমীয়া সাহিত্য যে নাছিল, এনে নহয়। ইয়াৰ আগেয়ে অসমত মৌখিক সাহিত্যৰ প্ৰচলন আছিল। কেৱল অসমতে নহয় সকলো জাতিৰে এটা স্বতন্ত্ৰ ভাষাৰ উৎপত্তিৰ আদি কালত পুৰুষাণুক্ৰমে মুখ বাগৰি কিছুমান গীত-মাত, প্ৰৱচন, পটন্তৰ, সাধুকথা আদিৰ প্ৰচলন হয়। এনেবিধ সাহিত্যই মৌখিক সাহিত্য। মুখে মুখে, যুগে যুগে মানুহৰ অন্তৰ্প্ৰদেশত প্ৰৱেশ ঘটাৰ ফলত ইয়াৰ ৰুপ সলনি হয়। নতুনৰ মুখত পৰি নতুন সাজ-সজ্জা পৰিগ্ৰহণ কৰে। মৌখিক সাহিত্যৰ ই এটি বিশিষ্ট লক্ষণ। মৌখিক সাহিত্য অনাখৰী, চহা জনগণৰ সাহিত্য, গতিকে ই ৰাইজৰ সাহিত্য। গ্ৰাম্য জনসাধাৰণৰ অমূল্য সম্পদ। ইও এই শ্ৰেণীৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য। নিচুকনি গীতক ‘ধাইনাম’ বা ‘ওমলা গীতো’ বুলিব পাৰি।

ড০ সত্যেন্দ্ৰনাথ শৰ্মাই লোক-সাহিত্যক তিনিটা শ্ৰেণীত ভাগ কৰিছে-

(১) লোকগীত

(২) ফকৰা-যোজনা আৰু প্ৰৱচন

(৩) সাধুকথা

আকৌ লোকগীতবোৰক দুটা ভাগত ভাগ কৰিছে-

(১) অনুষ্ঠানমূলক লোকগীত

(২) আখ্যানমূলক আৰু বিবিধ বিষয়ক লোকগীত

ধাইনাম আৰু নিচুকনি গীতবোৰ বিবিধ বিষয়ক গীতৰ অন্তৰ্ভূক্ত।

nisokonigeet

নিচুকনি গীতবোৰত কিছুমান বিশেষ বৈশিষ্ট বিদ্যমান। পোনতে ক’ব লাগিব এইবোৰ ভাববস্তুৰ ফালৰ পৰা অকৃত্ৰিম। কাৰণ মাকে সন্তানক, ধায়ে শিশুক, ডাঙৰে সৰুক স্নেহাসিক্ত অন্তৰেৰে ওমলোৱা গীত। উদাহৰণস্বৰূপে-

“আমাৰে আইটি শুৱ

বাপেকে আহি কল ৰূৱ

ঠোক মেলিব খাব”।

এয়া মাকে শিশুকন্যাক কোৱা কথা। য’ত কৃত্ৰিমতাৰ লেশমানো নাই। আছে এখন ভাবজগত বা কল্পনাৰাজ্য। শিশুৰ মনটো সেই কল্পনা ৰাজ্যলৈ ধাৱিত কৰি থোৱা বা শোৱা কাৰ্য্য সমাপন কৰাটোৱে ইয়াৰ প্ৰধান উদ্দেশ্য।

সকলো মাকে নিজ সন্তানক কৃষ্ণৰূপে প্ৰত্যক্ষ কৰিবলৈ ভাল পায়। আনহাতে অসমীয়া গ্ৰাম্য নাৰীয়ে কাহিলী পুৱাৰেপৰা নিশা পাটীত পৰালৈকে ব্যস্ত। পাটীত পৰি নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰে এইদৰে-

‘যশোদা মাৱ মথনি থোৱা।

কৃষ্ণই কান্দিছে কোলাত লোৱা’।

শিশুক পৰিতোষণ কৰা, প্ৰতিশ্ৰুতি দিয়া বা সাধাৰণভাৱে তেওঁলোকক ভালৰি বোলোৱা বিষয়বস্তু এই গীতবোৰত পৰিস্ফুট হোৱা দেখা যায়। যেনে-

‘নেকান্দিবা সৰু আইটি নিচিঙিবা মণি

সত্যে সত্যে বিয়া দিম মাধৱক আনি’।

খোৱাবস্তু বিশেষকৈ ফলাদিৰ প্ৰতি শিশুৰ আকৰ্ষণ বেছি। সেয়ে নিচুকণি গীতত খোৱাবস্তুৰ নামোল্লেখ পোৱা যায়-

‘আমাৰে মইনা শুৱ এ

বাৰীৰে বগৰি ৰূৱ এ

বাৰীৰে বগৰি পৰি সৰি গ’লে

মইনাই বুটলি খাব’।

কেতিয়াবা কেতিয়াবা ভয় খুৱাই শিশুক নিচুকণি নিওৱা হয়, লগতে বুজোৱা হয় যে তেওঁ ভয় কৰা বস্তুটোকে মাকে ভয় খুৱাব পাৰে।

উদাহৰণস্বৰূপে-

‘শিয়ালীয়ে নাহিবি ৰাতি

তোৰে কাণে কাটি লগামে বাতি।

সাধাৰণতে মাতৃ মমতাময়ী। সন্তানৰ প্ৰতি থকা সচেতনতাই মাতৃ হৃদয়ক ব্যাকুল কৰি ৰাখে। ভোকত, পিয়াহত শিশুৱে যেতিয়া কান্দে, তেনে কান্দোনত মাতৃৰ অন্তৰ আৱেগপ্ৰৱণ হৈ উঠে আৰু অন্তৰৰ গভীৰতম প্ৰদেশৰ পৰা নিৰ্গত হয় এইদৰে-

‘লাই হালে জালে আবেলি বতাহে

লফা জালে জালে পাতে

আমাৰে মইনাই হালিছে জালিছে

কালি আবেলিৰে ভাত’।

প্ৰকৃতিৰ বৰ্ণনাও ধাইনামবোৰত পৰিস্ফুট হোৱা দেখা যায়।

প্ৰকৃতিৰ গছ-গছনি, নৈ-নিজৰা, জোন, বেলি, তৰা আদিলৈ শিশুৰ পৰম আগ্ৰহ। সেয়ে গোৱা হয়-

‘জোন বাই এ, বেজী এটি দিয়া

বেজীনো কেলেই, মোনা সীবলৈ

মোনানো কেলেই, ধন ভৰাবলৈ’।

………………..ইত্যাদি।

সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে খেল এবিধ প্ৰিয় বিষয়। শিশুৰ মনত উদ্ভাৱনী শক্তি লুকাই থাকে। পৰম্পৰাগত খেলৰ উপৰি কেতিয়াবা তেওঁলোকে নিজে কিছুমান খেলৰ সৃষ্টি কৰে। গীত সংযোজন কৰে অৰু স্বতঃস্ফূৰ্তভাৱে হায়-

‘অলৌ গুটি তলৌ গুটি কচুগুটি লাই

এইখন হাতৰ গুটিটো সেইখন হাতে পায়’।

অসুৰ, দানৱ-দৈত্য আদিলৈ সকলোৰে অগ্ৰহ বেছি। শিশুসকলো ইয়াৰ ব্যতিক্ৰম নহয়, বৰঞ্চ ভূত-প্ৰেত অশৰীৰী কিবা এটাৰ প্ৰতি শিশুৰ ঔৎসুক্য অপৰিসীম। তাকে লৈ শ্ৰীধৰ কন্দলীয়ে ‘কাণ খোৱা’ পুথি ৰচনা কৰিছিল। অতিবাস্তৱ প্ৰীতি শিশুৰ ধৰ্ম। সেয়ে আনকি ইতিহাস প্ৰসিদ্ধ নায়কো নিচুকনি গীতৰ আধাৰ হ’ব পাৰে। ইউৰোপত হেনো গীতৰ নেপোলিয়ন বোনাপাৰ্টৰ নামটো মাকহঁতে শিশু নিচুকোৱাত ব্যৱহাৰ কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায়, অসমীয়া গ্ৰাম্য জীৱনত প্ৰভাৱ পেলাব পৰা প্ৰায় সকলো বিষয় এই গীতবোৰত সামৰি লৈছে। আধুনিক যুগত ইয়াৰ গুৰুত্ব লাঘৱ হৈছে যদিও প্ৰাসঙ্গিকতাৰ অন্ত পৰা নাই আৰু নপৰেও। আধুনিকতাৰ পৰশত গীতবোৰেও হয়তো আধুনিক ৰুপ পৰিগ্ৰহণ কৰিছে। শিশু মনঃস্তত্ব অধ্যয়ন কৰাৰ উৎকৃষ্ট উপায় হিচাপে এইবোৰক গণ্য কৰিব পাৰি। পৃথিৱীত মাতৃ হৃদয়ৰ আৱেগ আৰু শিশুৰ কৌতুহল যিমান দিনলৈ থাকিব এই গীতবোৰো শিমান দিনলৈকে বৰ্তি থাকিব। সেয়ে নতুন দৃষ্টিভংগীৰে এই সন্দৰ্ভত গৱেষণা হোৱাটো প্ৰয়োজনীয়।

লিখকঃ কিৰণ তালুকদাৰ


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “অসমীয়া সাহিত্যত নিচুকনি গীত

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।