অলিম্পিকলৈ

অলিম্পিকলৈ

Cartoon bear with athletic suit playing tennis wearing sport clothes

ৰিঅ’লৈ যাবলৈ বুলি

কাজিৰঙাৰ দল এটি ,

কেতিয়াবাৰে পৰা বোলে

হৈয়ে আছে তাত ৰেডী ।

জিমনাস্টিকছৰ বাবে যাব

আমাৰ মলু‌ৱা ককাই ,

গ’ল্ড মেডেল পাবই বোলে

সকলোকে হৰু‌ৱাই ।

‌ৱেইট লিফ্টিং কৰিবলৈ যাব

মিষ্টাৰ হাতী কাই ,

সেইবাবে তেওঁ দিনেপ্ৰতি

আঢ়ৈ কুৰি কল খায় ।

moinamel (1)

চিতাবাঘে ৰিঅ’লৈ বোলে

দৌৰিবলৈ যাব,

পাঁচ ছেকেণ্ডতে এশ মিটাৰ দৌৰি

ৰেকৰ্ড কৰিব ।

এই কেইদিন ভালুক কায়ে

বক্সিঙৰ  কৰিছে  প্ৰেকটিছ্ ,

সোণৰ পদক তেওঁ এইবাৰ

নকৰে হেনো মিছ ।

লংজাপ মাৰিব তালৈ যাব

আমাৰ কেংগেৰু মোমাই ,

প’লভ’ল্টৰ কাৰণে কোনেনো যাব

ঠিকেই হো‌ৱা নাই।

moinamel (2)

টিম্ মেনেজাৰ হিচাপে যাব

এশিঙীয়া গঁড়,

সকলোৰে হেঁপাহ

পাবলৈ পদকটো সোণৰ ।।

————-দিগন্ত কুমাৰ ভট্টাচাৰ্য (অষ্টম শ্ৰেণীত থাকোতে ৰচনা কৰা ।)


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “অলিম্পিকলৈ

  1. খুউব ভাল হৈছে…পাৰিলে অসমীয়া পদ্য সন্নিবিষ্ট কৰিবচোঁন সৰু ল’ৰা ছোৱালীৰ উপযোগী হোৱাকৈ…ভিডিঅ’ ৰ সৈতে।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।