এজনী চিকাৰী চৰাইয়ে এটা বিষাক্ত সাপ কৰায়ত্ত কৰি উৰি গৈ আছিল৷ চৰাইজনী এইদৰে ৰাজমহলৰ ওপৰেদি উৰি যাবৰ সময়ত ৰজাই একুৰি ব্ৰাহ্মণক ভোজন কৰাবলৈ যো-জা কৰিছিল৷ সাপটোৱে আত্মৰক্ষাৰ বাবে মুখেদি বিহ নিৰ্গত কৰিলে৷ কিন্তু সেই বিহ গৈ ৰান্ধনিয়ে প্ৰস্তুত কৰা পায়সত পৰিলগৈ৷ অন্নগ্ৰহণ কৰা কুৰিজন ব্ৰাহ্মণৰেই মৃত্যু হলত ৰজাই অন্তৰত পৰম দুখ পালে৷
ইফালে স্বৰ্গলোকত মৰ্ত্যৰ ৰেহৰূপ চাই থকা যমৰাজে ঘটনাটো লিপিবদ্ধ কৰিলে এইদৰে :
– কুৰিজন ব্ৰাহ্মণৰ মৃত্যুৰ বাবে ৰজা দায়ী নহয় – কিয়নো ৰজাই সজ্ঞানে এনে কৰ্ম কৰা নাই৷
– ৰান্ধনিজন ব্ৰাহ্মণসকলৰ মৃত্যুৰ বাবে দায়ী নহয় – কিয়নো সজ্ঞানে তেওঁ একো কৰা নাই৷
– চৰাইজনী ব্ৰাহ্মণসকলৰ মৃত্যুৰ বাবে দায়ী নহয় – কিয়নো সজ্ঞানে তাই তেনে কৰা নাই৷
– সাপটো ব্ৰাহ্মণসকলৰ মৃত্যুৰ বাবে দায়ী নহয় – কিয়নো সজ্ঞানে সি খাদ্যত বিহ দিয়া নাই৷
পষেক দিন যোৱাৰ পিছত ব্ৰাহ্মণৰ এটা সঁজাতি দল ৰজাক সাক্ষাৎ কৰিব আহিল৷ দলটোৰ নেতাজনে মহলৰ সমীপত এগৰাকী বয়সিয়াল মহিলাক সুধিলে – এই সময়ত মহাৰাজক ক’ত পোৱা যাব ? মহিলাগৰাকীয়ে উত্তৰ দিলে – বিশ্ৰাম শেষ কৰি মহাৰাজ অলপপৰ পিছতে সভাকক্ষ পাবহি৷ পিছে সাবধান, ৰজাই দিয়া একোৱেই নাখাব৷ তেওঁ ব্ৰাহ্মণক বিহ দি মাৰি পেলায় !
যমৰাজে আগৰ ব্ৰাহ্মণৰ মৃত্যুৰ ফাইলটো খুলি তাত লিখিলে
– ব্ৰাহ্মণসকলৰ মৃত্যুৰ পাপৰ ফল এই মহিলাগৰাকীয়ে পাব৷
আশ্চৰ্য্যচকিত হোৱা যমদূতসকলক যমৰাজে বুজালে এইদৰে
– সত্য নজনাকৈ আনৰ কুৎসা-ৰটনা কৰি আনন্দ লভাটো হ’ল পাপকৰ্ম৷
=====================================
খুব সুন্দৰ।
আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছোৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..
Very nice.
Thank you so much ! Please share the news and contribute to the project
ডা: ভূপেন শইকীয়া দেৱৰ “পাপৰ দণ্ড্” পঢ়ি ভাল লাগিলে।
মইনা মেলৰ প্ৰশাসক মহাশয়! আপোনাৰ এই অনন্য পদক্ষেপ বৰ্তমানৰ ই – জগতত অসমীয়া শিশু সাহিত্যৰ বাবে মাইলৰ খুঁটি হৈ ৰওক… তাৰে শুভকামনাৰে..
আপোনাক অশেষ ধন্যবাদ! যদি সম্ভৱ আমালৈ লেখা পঠিয়াচোন। নতুবা আপুনি আমাৰ এই প্ৰকল্পৰ কথা আনৰ আগতো ক’ব পাৰে ..
ইয়াত লিখনি দিবলৈ হ’লে কি কৰিব লাগিব
মইনামেলত লেখা দিবৰ বাবে আপুনি ফেচবুকত থকা আমাৰ ‘মইনামেল’ গোটটোত লেখাটো প্ৰকাশ কৰিব লাগিব । যদি কিবা অসুবিধা পায়, তেন্তে আমাক জনাব ।