গুৰু আৰু শিষ্য । | প্ৰথম খণ্ড | -(প্ৰবোধ গোস্বামী)

অখণ্ড মণ্ডল কাৰং ব্যাপ্তং যেন চৰাচৰং ।
যেন তষ্মৈ শ্ৰীগুৰুৱেবে নমো নমঃ ।।


দেৱগুৰু, দৈত্যগুৰু, ৰাজগুৰু আধ্যাত্মিক দৰ্শনৰ গুৰু, বাস্তৱ জীৱনৰ গুৰু, শিক্ষা গুৰু, মাতৃ গুৰু, পিতৃ গুৰু, বিজ্ঞানৰ গুৰু, আকাশ পৃথিৱী, দেখা নেদেখা চৰাচৰ, আৰু প্ৰকৃতিক গুৰু মানিলৈ এই অভাজনৰ সকলো গুৰুলৈ কৌটি কৌটি প্ৰণাম । গুৰু অবিহনে সংসাৰ নিস্ক্ৰিয় অচল মুদ্ৰা প্ৰায় । মানৱ সভ্যতাৰ বিকাশৰ আদিম অৱস্থাৰ পৰা আজিলৈকে গুৰু আৰু শিষ্য পদ্ধতিৰে সকলো কথা সাঙুৰ খাই আহিছে । এজনে দিছে আনজনে শ্ৰদ্ধাৰে গ্ৰহণ কৰিছে, এই প্ৰক্ৰিয়া অনন্ত কালৰ পৰা অবিৰাম গতিৰ মাজেৰে চলি চলি সংসাৰ সংস্কৃতি বিকশিত হৈ আজিৰ পৰ্য্যায় পাইছেহি । এজনৰ জীৱনত বিকশিত জ্ঞান ভাণ্ডাৰ অন্য এজনক দান কৰিছে আকৌ আনজনে নিজৰ অন্বেষণৰে সেই লাভ কৰা জ্ঞান বিকাশৰ চৰম মূহুৰ্তলৈ উত্তৰণ ঘটাই আকৌ আনজনক প্ৰদান কৰিছে । দেৱক আৰু ধাৰক কব নোৱাৰাকৈয়েই এক ক্ৰমাগত পদ্ধতিলৈ পৰ্য্যৱেশিত হৈছে ।


চাবলৈ জানিলে প্ৰকৃতি আমাৰ মহান গুৰু: ইয়াত উপলব্ধ প্ৰতিটো বস্তুৱেই আমাক বিক্ষিপ্ত ৰূপত জ্ঞান প্ৰদান কৰি আহিছে । সামান্য এটা জোঁকে এডাল বনৰ পৰা অন্য এডাল বনলৈ গতি কৰাৰ আগেয়ে সেইদাল জোকাৰি চাই যে তাৰ দেহৰ ভড় সেই বনদালে লব পাৰিব নে নাই সেই কথা নিশ্চিত নোহোৱা লৈকে সি আগৰ বনদাল এৰি নিদিয়ে । এজোপা বৃহৎ গছে প্ৰচণ্ড গৰমত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আশ্ৰয় দিয়ে । এখন নদীয়ে বৈ অহা পথত জাত কুল ধৰ্ম বিচাৰ নকৰি সকলোৰে তৃষ্ণা নিবাৰণ কৰে । শগুনৰ চকু নিবন্ধ মৰা শৰ ওপৰত লাগে সি আকাশৰ যিমান ওপৰতেই নুৰক কিয় ! সিংহই বনত অকলে বিচৰণ কৰে কিন্তু নিৰ্জু আৰু নিৰ্ব্বলি প্ৰাণী বিলাকে যুথ বান্ধি থাকে । কথিত আছে মাউসে উজিলে গুৰি পৰুৱাৰো মৰণ নাই । দল এৰা হৰিণাই বাঘৰ চিকাৰ হয় । সন্তানে খুটি খাব নোৱাৰালৈকে মাক বাপেকৰ আশ্ৰয়ত চৰাই চিৰিকতি বিলাকো থাকে । এনে অসংখ্য উদাহৰণৰে আমি প্ৰকৃতিৰ পৰা জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ ।
আমাৰ এই লিখনিৰ মুখ্য উদ্দেশ্য আধ্যাত্মিক গুৰু আৰু শিষ্য । আধ্যাত্মিক গুৰু আমাক কিয় লাগে বা বেদোক্ত দিন বিলাকত আধ্যাত্মিক গুৰুৰ ওচৰত দীক্ষিত হৈ কোনে কেনেকৈ নিজৰ সত্বাক বিকশিত কৰিব পাৰিছিল । সনাতন ধৰ্মত গুৰু মানৱ জীৱনৰ অভিন্ন অঙ্গ আছিল ।আগৰ দিনত বিবাহ কাৰ্য সম্পন্ন হোৱাৰ আগেয়ে গুৰু শৰণীয়া হব লাগিছিল । কালক্ৰমত বিভিন্ন ধৰ্মৰ আমদানি, মতবাদৰ পৰিবৰ্তন, বৈজ্ঞানিক মানসিকতা, ৰাজনৈতিক আৰু আৰ্থ সামাজিক বিষয় বোৰে গুৰু শিষ্য পৰম্পৰাত বিশেষ ভাবে নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । যাৰ পৰিপ্ৰেক্ষিতত সনাতন বিধি ব্যৱস্থাত কিছুমান অপ সংস্কৃতিয়ে গা কৰি উঠিছে । মহাভাৰত ৰামায়ণ আৰু বেদ সমুহৰ সামান্যতম বিশ্লেষণ কৰিলেও গুৰু শিষ্য পৰম্পৰাই সেই সময়ৰ সমাজ জীৱনত কিমান গভীৰ প্ৰভাৱ পেলাব পাৰিছিল তাক আমি বুজিব পাৰিম । 

—- প্ৰবোধ গোস্বামী (লেখকক ফেচবুকত পাবলৈ ইয়াত টিপক) 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।