প্ৰকৃতি আইতাৰ চিঠি……….(মঞ্জুলী ৰাহাঙ)

প্ৰকৃতি আইতাৰ চিঠি……….(মঞ্জুলী ৰাহাঙ)

                               

 

চেনেহৰ বাবু আৰু মাইনাহঁত,

চেনেহ ল’বা দেই৷ তোমালোক আটায়ে নিশ্চয় কুশলে আছা৷ পঢ়া-শুনাৰ লগতে তোমালোকে নিশ্চয় নিজৰ প্ৰতিভাখিনিৰো গুৰুত্বসহকাৰে চৰ্চা কৰি আছা৷ জীৱনত যি সমস্যা বা বিপদৰেই সমুখীন নোহোৱা কিয় তোমালোক কিন্তু নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহ’বা দেই! আজিকালি তোমালোকে স্কুল আৰম্ভণি হোৱাৰ পৰাই বহুতো পৰীক্ষা দিব লগা হয়। আমাৰ দিনত কেৱল ছয়মাহিলী আৰু বাৰ্ষিক বা বছৰেকীয়া-এই দুটা পৰীক্ষাতহে বহিবলগা হৈছিলোঁ। কিন্তু বাবু-মাইনাহঁত;তোমালোকে এটা কথা মনত ৰাখিবা যে –স্কুলৰ পৰীক্ষাতকৈ জীৱনৰ পৰীক্ষাহে গুৰুত্বপূৰ্ণ৷ জীৱনৰ পৰীক্ষাত আমি বহুবাৰ বহিব লাগিব।জীৱনৰ পৰীক্ষাত নম্বৰ নাথাকে কিন্তু এই পৰীক্ষাত যিয়ে পাছ কৰিব পাৰিছে তেওঁৱে জীৱনটোক অৰ্থপূৰ্ণ কৰি তুলিব পাৰিছে৷ বাৰু, পাতনিতেই ঢেৰ কথা ক’লোঁ। তোমালোকে আমনি পাইছা নেকি ? ৰ’বা,এতিয়া মই তোমালোকক ক’ব বিচৰা সাধুটো কওঁ৷

বেলি মামা আৰু বতাহ খুৰাৰ কাজিয়াৰ কথাটো তোমালোকৰ মনত আছেনে? সেই যে বেলি মামাই বতাহ খুৰাৰ অহংকাৰ চূৰ্ণ কৰিছিল ! বতাহ খুৰাই যে এড়ী চাদৰ লৈ গৈ থকা বাটৰুৱাজনৰ গাৰ পৰা এড়ী চাদৰখন পলকতে এৰুৱাই দিব পাৰিব বুলি কৈছিল যাতে সকলোৱে বেলি মামাতকৈ বতাহ খুৰাক বেছি বলশালী বুলি গম পায়। মনত পৰিছে নহয়নে এতিয়া !!

আজি তোমালোকক আমাৰ এই বেলি মামা আৰু বতাহ খুৰাৰেই সাধু এটা ক’ম বুলি ভাবিছোঁ! আশাকৰোঁ তোমালোক আটায়ে শুনি ভাল পাবা ।

বেলি মামা, বতাহ খুৰা, বৰষুণ দাদা,জোন বাই আৰু তৰালী মাহীহঁত বৰ নলে-গলে লগা বন্ধু৷ ইটোৱে আনটোক এৰি কেতিয়াও ক’লৈকো যোৱা নাই । বেলি মামা বয়সত আটাইতকৈ ডাঙৰ হোৱা হেতুকে বাকীবোৰে তেওঁক অলপ সমীহ কৰি চলে। হওঁতে বেলি মামা বৰ মৰমীয়াল, খং তেনেকৈ নুঠেই; কিন্তু এই যে আমি মানুহবোৰে হকে-বিহকে ধুনীয়া ধুনীয়া গছবোৰ কাটি তাৰ ঠাইত ডাঙৰ-ডাঙৰ অট্টালিকা, কাৰখানা আদি নিৰ্মাণ কৰিবলৈ লৈছোঁ; এই কথাটোৰ কাৰণেই বেলি মামা দুখত ভাগি পৰিছে আৰু আমাৰ ওপৰত বহু বহু দিনলৈ খং কৰি থকা হৈছে৷ সেয়েতো তেওঁৰ তাপ আমি দিনক-দিনে সহিব নোৱাৰা হৈ আহিছোঁ! তোমালোকক মই অনুৰোধ কৰিছোঁ বাবু মাইনাহঁত, তোমালোকে যিয়ে যেনেকৈ পাৰা গছপুলি ৰুবা। তোমালোকে ৰোৱা গছপুলিটোৰ পৰা কেৱল তোমালোকৰেই নহয়; যুগ-যুগলৈকে বহু লোক উপকৃত হ’ব। তোমালোকেতো ‘অৰণ্য মানৱ’ যাদৱ পায়েং ককাক নিশ্চয় চিনি পোৱা ৷ নহয়নে? চোৱাচোন; ককাজনে অকলেই কেনেকৈ এখন বিশাল অৰণ্য গঢ়ি তুলিছে, তাকো অনুৰ্ব্বৰা মাটিত। তোমালোকে সময় উলিয়াই তেওঁৰ বিষয়ে পঢ়িবা দেই।

বাৰু,এতিয়া পুনৰ বেলি মামাৰ খংটোলৈ উভতি আহিছোঁ ৷ বেলি মামাই আমাৰ ওপৰত খং কৰি বৰষুণ দাদাকো আমাৰ ওচৰলৈ মাজে-মাজে আহিবলৈ মানা কৰে৷ আৰু এটা কথা নহয়; গছ-গছনিবোৰ কাটি,উভালি আমি কেৱল আমাৰেই নহয়,সমগ্ৰ জীৱজগতৰ বাবেই ভাবুকি কঢ়িয়াই আনিছোঁ৷ গতিকে আমাক খং নকৰি কাক কৰিব বাৰু- তোমালোকে এবাৰ নিজেই ভাবাচোন ।

এদিন বেলি মামাই বাকীকেইজনক মাতি ক’লে-“পৃথিৱী বৰ দুখত আছে৷ মানুহ নামৰ জীৱবিধৰ কিছুমানে পৃথিৱীৰ ওপৰত বৰ নিৰ্যাতন চলাই আছে। তাইৰ দুখ দেখি মই বৰ কষ্ট পাইছোঁ। আটাইতকৈ বেছি দুখ কিয় লাগে জানানে;তাই যে সিহঁতৰ সকলো অত্যাচাৰ সহিও সিহঁতক খং নকৰে ৷ তাৰ পৰিৱৰ্তে বুকু উজাৰি সিহঁতক সদায় দিহে আহিছে। তাইৰ এই উদাৰতা আৰু ত্যাগৰ মূল্য দিব জনা মানুহ নিতৌ তাকৰ হ’বলৈ ধৰিছে। এতিয়াৰ শিশুহঁত ব্যস্ত কেৱল যন্ত্ৰবোৰৰ লগত৷ চাৰিবেৰৰ ভিতৰত শিশুহঁতে নিজক বন্দী কৰি ৰাখে একো একোটা যন্ত্ৰৰ লগত সময় পাৰ কৰি। এইবোৰ দেখি মই বৰ চিন্তাত পৰিছোঁ৷”

বৰষুণ দাদা, জোন বাই আৰু তৰা মাহীহঁতে বেলি মামাৰ কথা শুনি দীঘল দীঘল হুমুনিয়াহ কাঢ়িলে। কিন্তু বতাহ খুৰাই বেলি মামাৰ কথাখিনি বুজিও নুবুজাৰ ভাও জুৰিলে৷ এইটো বৰ বেয়া কাম বুলি জানিও বতাহ খুৰাই বেলি মামাৰ ওপৰত আগৰ ঘটনাটোৰ মানে বেলি মামাই তেওঁৰ অহংকাৰ চূৰ্ণ কৰা ঘটনাটোৰ পোতক তুলিবলৈ বেলি মামাৰ কথাৰ বিপৰীতে গৈ ক’লে – “তুমি সকলোৰে দুখ দূৰ কৰিব পাৰিবা বুলি ভাবিছা নেকি? তুমি নিজকে শ্ৰেষ্ঠ বুলি অনবৰতে প্ৰতিপন্ন কৰিব বিচাৰা। সেইটো বৰ বেয়া কথা বুজিছা!” – মুখত এটা কৃত্ৰিম গহীনতা আৰু সৰ্বজান্তা ভাৱ ফুটাই বতাহে ক’লে ।

কথাখিনি শুনি বেলি মামা আচৰিত নহ’ল; কিন্তু বাকীবোৰে অন্তৰত দুখ পালে। কাৰণ বেলি মামাৰ দৰে নিৰহঙ্কাৰী, ত্যাগী আৰু উদাৰ মনৰ হ’বলৈ বহুতো গুণ লাগিব। আনৰ মাজত তাপ আৰু পোহৰ বিলাবলৈ গৈ নিজে অহৰহ জ্বলি থকা কামটো কিমান কষ্টকৰ আৰু অসম্ভৱ;তোমালোকে ভাবি চোৱাচোন বাবু-মাইনাহঁত। এনেকুৱা আত্মত্যাগ যিয়ে কৰিব পাৰিছে তেওঁৱে ইতিহাস ৰচিব পাৰিছে৷ ‘বাপুজী’ মহাত্মা গান্ধীয়ে এষাৰ বহুমূলীয়া কথা কৈ গৈছে এইবুলি-“লোকসেৱাত সম্পূৰ্ণৰূপে নিমজ্জিত হৈ আত্মত্যাগ কৰিব পৰাটোৱেই হৈছে আত্ম-অন্বেষণৰ অতি উত্তম পথ৷” তোমালোকেও নিজক এই আদৰ্শেৰে নিজক গঢ় দিব পাৰিবা৷ আৰু তেতিয়া আমাৰ সমাজত থকা বহু সমস্যা নোহোৱা হৈ যাব। মই তোমালোকক এই কথাখিনি কিয় কৈছোঁ-তোমালোকে নিশ্চয় বুজিছা । এইখিনিতে আৰু এগৰাকী মনীষীৰ কথা মনলৈ আহিছে৷ এইগৰাকী মহান মনীষীৰ নাম হৈছে দালাই লামা৷ দালাই লামাৰ বিষয়ে তোমালোকে কোনে কোনে ভালকৈ জানা বাৰু? যিয়ে জানা বৰ ভাল কথা আৰু যিয়ে জনা নাই তেওঁলোকে তেওঁৰ বিষয়ে পঢ়িবা দেই ৷ পৰৱৰ্তী চিঠিত মই এই ককাজনৰ বিষয়ে বাৰু বহলাই ক’ম। এতিয়া কেৱল এই ককাজনে কোৱা সাৰুৱা কথা এষাৰ শুনা৷ দালাই লামা ককা যেতিয়া প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছিল তেতিয়া তোমালোকতকৈ অলপ ডাঙৰ বয়সৰ,নৱম শ্ৰেণীত পঢ়া দাদা এজনে তেওঁক প্ৰশ্ন কৰিছিল এইবুলি-“সমাজত ভাল পৰিৱৰ্তন আনিবলৈ আমি কি কৰা উচিত?” দালাই লামা ককাই প্ৰশ্ন কৰা দাদাজনলৈ মৰমেৰে চাই মুখত মিচিকিয়া হাঁহি এটা বোলাই কি বুলি উত্তৰ দিলে জানানে? ভাবাচোন ভাবা-ককাজনে কি বুলি ক’লে !! ময়ে কওঁ শুনা ; ককাই  ক’লে-“যেতিয়াই সমাজৰ প্ৰতিজন মানুহে,সৰু ল’ৰা-ছোৱালীৰ পৰা ডাঙৰ মানুহলৈ,নিজেই নিজৰ মনটোক ভাল কৰিবলৈ উৎসাহ যোগাব পৰা হ’ব তেতিয়াই সমাজত ভাল পৰিৱৰ্তন হ’ব৷” কিমান সুন্দৰ কথা নহয়নে !

এই একেখিনি কথাকেই বেলি মামাই বতাহ খুৰাক এনেদৰে ক’লে -“বতাহ! তোমাৰ অবিহনে জীৱ-জগতৰ বাবে জীৱন যাপন কৰাটো অসম্ভৱ! তুমি, মই ,জোন, তৰা ,বৰষুণ আৰু পৃথিৱী- আমাক প্ৰত্যেককে জীৱকুলৰ পালনৰ নিমিত্তে কিছুমান গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ গতিকে নিজৰ দায়িত্বৰ কথা মনত ৰাখি মোৰ সৈতে সহযোগিতা আগবঢ়োৱাটো তোমাৰ কৰ্তব্য বতাহ! তুমি মোক কিয় বেয়া পোৱা মই জানো । জহকালি মই তোমাৰ প্ৰতি বেছিকৈ কঠোৰ হওঁ আৰু তোমালৈ বেছিকৈ তাপ প্ৰসাৰিত কৰোঁ৷ তুমি তেতিয়া কষ্ট পোৱা৷ মোৰ তাপ সহিব নোৱাৰা হোৱা আৰু মোৰ পৰা আঁতৰি তুমি যেনিয়ে তেনিয়ে পলাব ধৰা৷ কেতিয়াবা তোমাৰ বেগ কম হয়,কাৰণ মই তোমালৈ তাপৰ প্ৰখৰতা কমাই দিওঁ আৰু যেতিয়া মই তাপৰ প্ৰখৰতা বৃদ্ধি কৰোঁ তেতিয়া তোমাৰ বেগ বেছি বা বহুত বেছি হয়৷ বতাহ,তুমি ভাবি চাইছানে তোমাৰ এই পৰিৱৰ্তনশীল বেগে জীৱকুলক মোৰ প্ৰখৰ উত্তাপৰ পৰা ৰক্ষা কৰি সিহঁতৰ কিমান উপকাৰ সাধে! সিহঁত তোমাৰ প্ৰতি কৃতজ্ঞ হয়; তোমাক বিচাৰে৷ তোমাক ভাল পাই তোমাৰ বিভিন্ন নাম থয়- মলয়া, পছোৱা, বৰদৈচিলা, সৰুদৈচিলা, ধুমুহা ইত্যাদি৷ ধুমুহা নামটো ভয়তে থোৱা নামহে দেই ! আহা বতাহ ৷ মনটো মুকলি কৰা,সকলো খং আৰু অহংকাৰ মনৰ পৰা নাইকিয়া কৰা৷ আমি ভাল চিন্তা কৰিলেহে জীৱকুলে আমাৰ পৰা ভাল কিবা এটা শিকিব পাৰিব৷ আহা বতাহ! আমি ভাল পৰিৱৰ্তনৰ বাবে কেৱল ভালকেই ভাবোঁ আৰু মনৰ সকলো সংকীৰ্ণতা আঁতৰাই নিজক আনৰ বাবে উৎসৰ্গা কৰোঁ৷”

বেলি মামাৰ সাৰুৱা আৰু চেনেহভৰা বুজনিত বতাহ খুৰাৰ ভুল ভাঙিল আৰু তেওঁ বেলি মামাৰ ওচৰত ক্ষমা খুজিলে। বেলি মামাই বতাহ খুৰালৈ চাই মিচিককৈ হাঁহি এটা মাৰি পঠিয়ালে৷ তেতিয়াই পৃথিৱীখন পোহৰ হৈ পৰিল আৰু বতাহ খুৰাই উলাহতে গছ-বিৰিখৰ পাতবোৰ মৰমেৰে চুই যাবলৈ ধৰিলে৷ জোন বাই আৰু তৰা মাহীহঁত আকাশৰ বুকুত নিজৰ নিজৰ কামৰ সময়লৈ বাট চাই ৰ’ল আৰু সিফালে বৰষুণ দাদা ডাৱৰৰ বুকুত ওলমি বাট চাই ৰ’ল পৃথিৱীৰ নিমন্ত্ৰণলৈ ৷

চেনেহৰ বাবু-মাইনাহঁত,তোমালোকে সাধুটো কেনে পালা মোক জনাবাচোন দেই৷ আৰু এটা কথা, সাধুটোত কোৱা মনীষী ককাকেইজনৰ বিষয়ে পঢ়িবলৈ বা ডাঙৰ কাৰোবাক তেওঁলোকৰ বিষয়ে সুধিবলৈ তোমালোকে নাপাহৰিবা ।

 

ইতি

তোমালোকৰ প্ৰকৃতি আইতা

 

 

 

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।