ঈশ্বৰকণাৰ যৎকিঞ্চিত

ঈশ্বৰকণাৰ যৎকিঞ্চিত

সাধাৰণ মানুহৰ কথা বাদেই, ঈশ্বৰ কণা সম্বন্ধে বিজ্ঞানী সকলৰো উৎকণ্ঠাৰ শেষ নাই। এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ মূল গঠনকাৰী উপাদান হ’ল পৰমাণু। এসময়ত পৰমাণুবোৰ অবিভাজ্য বুলি ভবা হৈছিল যদিও পিছলৈ ইলেকট্ৰণ, প্ৰোটন আৰু নিউট্ৰনৰ আৱিষ্কাৰে পৰমাণুবোৰ পদাৰ্থৰ অন্তিম ৰূপ নোহোৱাতোকেই প্ৰতিপন্ন কৰিলে। পিছলৈ বিজ্ঞানী সকলৰ প্ৰচেষ্টাত ইলেকট্ৰণ, প্ৰোটন আদিতকৈও ক্ষুদ্ৰ কণিকা সমূহৰ উপস্থিতি ধৰা পৰে। কোৱাৰ্ক, লেপ্টন, এন্টিকোৱাৰ্ক আৰু এন্টিপ্ৰোটন আদিবোৰ ফাৰ্মিওন কণিকা হিচাবে কণিকা পদাৰ্থ বিজ্ঞানত অধ্যয়ন কৰা হয়। এইবোৰ সকলো একোটা অৱ-পাৰমাণবিক কণিকা। শেহতীয়াকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত আন এবিধ অৱ-পাৰমাণবিক কণিকাৰ নাম সংযোজিত হৈছে যাক বিজ্ঞানৰ ভাষাত Fundamental Bosons (Gauge bosons আৰু Higgs boson) বোলা হয়। এই কণিকাবোৰ একোটা বল কণিকা বা “force particles” যিয়ে ফাৰ্মিওন কণিকাবোৰৰ মাজত যোগসূত্ৰৰ স্থাপন কৰে। আমি আলোচনালৈ অনা ঈশ্বৰ কণা হ’ল হিগস বোসন নামৰ এক অব-পাৰমাণবিক (Subatomic) কণিকাৰ এটা উপনাম (nickname)। সাধাৰণ মানুহৰ ভাষাত বিভিন্ন অব-পাৰমাণবিক কণিকাই পদার্থক বিভিন্ন ধর্ম প্রদান কৰে। ৰহস্যজনক তথা গুৰুত্বপূৰ্ণ ধর্মসমূহৰ এটা হৈছে পদার্থৰ ভৰ। প্রোটন আৰু নিউটন সমূহৰ ভৰ (mass) আছে। কিন্তু ফোটন কণিকাৰ ভৰ নাই। হিগস বোসন বা ‘ঈশ্বৰকণা’ক সেই বিশেষ কণিকা বুলি বিশ্বাস কৰা হয় যিয়ে পদার্থক ভৰ প্রদান কৰে। কণিকা পদার্থবিদ্যাৰ আদর্শ প্রতিৰূপ (Standard model)টো হ’ল এনে এটি ব্যৱস্থা যত পদার্থ গঠনকাৰী মৌলিক কণিকা সমূহৰ বল, গাঠনিক উপাদান আৰু পাৰস্পৰিক বিক্রিয়া সমূহক বর্ণনা কৰাৰ চেষ্টা কৰা হয়। ইয়াত যে কেবল পৰমাণুসমূহ আৰু সেইবোৰৰ গঠনকাৰী উপাদানসমূহক লৈয়ে কাম কৰা হয় সেইটো নহয় বৰং সেই সকলো কণিকাৰ ওপৰত কাম কৰা হয় যিবোৰে কোনো অব-পাৰমাণবিক কণিকাও গঠন কৰে। এই আদর্শ প্রতিৰূপটি আজিও কণিকা পদার্থ বিজ্ঞানক বুজাৰ এটি অতি সুন্দৰ পদ্ধতি। এই মডেলটিয়ে ভবিষ্যতবানী কৰে যে এনে বিশেষ কিছু মৌলিক কণিকা (elementary partiebs) আছে; যিবোৰ প্রোটন আৰু ইলেকট্রন সমূহতকৈও ক্ষুদ্রতৰ। বৰ্তমান পৰীক্ষা মূলকভাবে এনে এবিধ কণাৰ অস্তিত্ব প্ৰমাণিত হৈছে যাক বিজ্ঞানী সকলে হিগস বোসন বা ‘ঈশ্বৰকণা’ বুলি উল্লেখ কৰিছে। ১৯২১ চনত সত্যেন্দ্ৰনাথ বসু নামৰ এজন ভাৰতীয় বিজ্ঞানীয়ে তথ্য আগবঢ়াই যে পোহৰ প্ৰকৃততে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তিৰ টোপোলা বা Energy packet হে। পৰবৰ্তী সময়ত এনে শক্তিৰ টোপোলা বোৰক ফোটন নাম দিয়া হয়। বসু-প্লাংকৰ বিকিবিকিৰণ তত্ব অনুসৰি গাণিতিক ৰাশিৰে পৰবৰ্তী সময়ত দুটা ফোটনক ভিন্ন ভাবে পৰ্যবেক্ষণ কৰাৰ পথ মুকলি হয়।। এই তত্বটো আইনষ্টাইনৰ বিভিন্ন প্ৰয়োগ ক্ষেত্রটো ব্যৱহাৰ হৈছিল যাক আমি বোস-আইনষ্টাইন পৰিসংখ্যা বুলি জানো। এনে পৰ্যবেক্ষণত যিবোৰ কণিকাৰ স্পিন এটা পূৰ্ণ সংখ্যা নহয়, সেইবোৰও বোস-আইনষ্টাাইন সংখ্যা মানি চলে আৰু সেইবোৰক আজি আমি বোসন কণা বুলি কওঁ। উল্লেখযোগ্য যে এই নামটো ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ নামৰ আধাৰত দিয়া হৈছে। ১৯৬৪ চনত প্ৰকাশিত এখন জার্নালত পিটাৰ হিগস নামৰ এজন বিজ্ঞানীয়ে এটা তথ্য আগবঢ়ালে য’ত তেওঁ কৈছিল এবিধ বিশেষ অৱ-পাৰমাণবিক কণিকাৰ কথা যাৰ ভৰ আছে কিন্তু শূণ্য স্থানত আধানহীন। তাতোকৈ আচৰিত এই যে এই কণিকাবোৰৰ সান্নিধ্যত আন আন কণিকাবোৰ সক্ৰিয় হৈ উঠে। কোনো তাত্বিক কণিকা এটিক বাস্তৱ ক্ষেত্রত এটি প্ৰকৃত কণিকাৰ ৰূপ প্ৰদান কৰিব পৰা এই কণিকাটোক সেই সময়ত সকলোৱে নাম দিছিল : “ঈশ্বৰ কণা” ! নোবেল বঁটা বিজয়ী বিজ্ঞানী লিউ লেডাৰমেন এজন আস্তিক পদার্থবিদ। তেেওঁ সর্বপ্রথমে এই কণিকাবোৰৰ নাম ৰাখিছিল God particle বা ঈশ্বৰ কণা। কিন্তু বিজ্ঞানী হিগসে ইয়াৰ বিৰোধীতা কৰিছিল। পিছে তেওঁৰ আপত্তি নৰজিল। প্ৰকাশকে পাঠকক আকৰ্ষিত কৰিবলৈ এই কণিকাৰ ওপৰত লিখা তেখেতৰ গৱেষণা পত্ৰখনত God Particle নামটোৱেই ৰাখিলে। আজি সাধাৰণ মানুহৰ লগতে বিজ্ঞানৰ ক্ষেত্ৰখনতো হিগচ-বোচনক ঈশ্বৰ কণা বুলিয়েই কোৱা হয়।


যুগুতালে – প্ৰণ‌ৱজ্যোতি দাস , টংলা

লেখকৰ মূল লেখা পাব – https://pranabjdas.blogspot.com/2017/01/blog-post_23.html?m=1

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।