নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল

পৰীক্ষা, গৱেষণা আদিবোৰ বিজ্ঞানৰ অপৰিহাৰ্য অংগ। পৰীক্ষালব্ধ প্ৰমাণ অবিহনে বিজ্ঞানত একোৱেই গ্ৰহণযোগ্য নহয়। আজিৰ পৰা ৩০০ বছৰ আগত এনে ধৰণৰ বৈজ্ঞানিক পৰীক্ষাসমূহ সম্পন্ন কৰাৰ বাবে উন্নত মানৰ গৱেষণাগাৰ আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিবোৰো নাছিল। তথাপিও সেই সময়চোৱাত বিজ্ঞানীসকল ক্ষান্ত হোৱা নাছিল। নিৰবছিন্ন ভাবে অতি সীমিত সা-সুবিধা খিনিকেই গ্ৰহণ কৰি তেওঁলোকে আৱিষ্কাৰ কৰি গৈছিল এটাৰ পিছত আনতোকৈ বিজ্ঞানৰ নতুন নতুন সত্য। এনে পৰীক্ষাবোৰৰ কোনোবাটো আছিল অতি জটিল, আনহাতে কোনোবাটো আকৌ অতি বিপদসংকুল। যদি কোনোবাটো পৰীক্ষা হাস্যকৰ, আন কোনোবাটো শিহৰণ সৃষ্টিকাৰী। এনে অসংখ্য পৰীক্ষাও আছে, যিবোৰ বিজ্ঞানীসকলে নিজৰ দেহতেই সম্পন্ন কৰিছিল। আজি দুটামান তেনে পৰীক্ষাৰ কথাকেই উনুকিয়াব খুজিছো।

ইটালীৰ Lazzaro Spallanzani নামৰ বিজ্ঞানীজনে পাকস্থলীত খাদ্যৰ পাচন প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন হয় সেইটো জানিবলৈ linenৰ কিছুমান সৰু সৰু মোনা তৈয়াৰ কৰি তাত বিভিন্ন খাদ্য ভৰাই লৈ দৃঢ় তথা মিহি সূতাৰে বান্ধি গিলি থৈছিল। কেইঘণ্টামান উকলাৰ পিছত তেওঁ সূতাডালত ধৰি খাদ্যৰ সৰু মোনাবোৰ পুনৰ পেটৰ পৰা টানি টানি উলিয়াই আনি খাদ্যৰ পাচন ক্ৰিয়া সম্বন্ধে অধ্যয়ণ কৰিছিল।

১৬৭০ চনৰ কথা। চাৰ আইজাক নিউটনে তেতিয়া পোহৰৰ ধৰ্ম সম্বন্ধে অধ্যয়ণ কৰি আছিল। তেনেতে এজন মানুহে নিউটনক ক’লেহি যে তেওঁ প্ৰায়েই চকুৰ সন্মুখত বিভিন্ন ৰঙৰ ছায়ামায়া কিছুমান বিশেষ আকৃতিৰ বিন্দু সদৃশ গঠন উৰি ফুৰা দেখা পায়। কথাটোৱে নিউটনক ভাবিবলৈ নতুন খোৰাক এটি দিলে। এই বিশেষ ঘটনাটোৰ লগতে পোহৰৰ বৰ্ণালী সম্বন্ধে মনলৈ অহা বিভিন্ন ধাৰণা সমূহৰ ওপৰত পৰীক্ষা কৰাৰ মানসেৰে এইবাৰ তেওঁ ভাবি উলিয়ালে এটা শিহৰণকাৰী পৰীক্ষা। এটা ভোটা কাপোৰ চিলোৱা বেজী লৈ নিউটনে নিজৰ চকুৰ পতা আৰু চকুৰ মনিটোৰ মাজেৰে অক্ষিকোটৰত হেঁচি ধৰিলে যাতে বেজীটোৰ হেঁচাত চকুৰ মনিটোৰ বক্ৰতা (curvature) সলনি হয়। এই অদ্ভুত পৰীক্ষাটোৰ পৰা পোৱা ফলাফলে নিউটনক পোহৰৰ অধ্যয়নত প্ৰিজমৰ ব্যৱহাৰ কৰাৰ প্ৰেৰণা দিছিল।

১৯০৮ চনত লণ্ডণৰ এজন বিজ্ঞানী ডা° Henry Headয়ে এটি অতি ভয়াবহ পৰীক্ষা কৰি পেলাইছিল। পেছাত এজন ডাক্তৰ হিচাবে তেখেতৰ গৱেষণাৰ বিষয় আছিল প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অক্ষমতাই মানুহৰ সংবেদনাক কেনেদৰে প্ৰভাবিত কৰে। এই বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিজৰ দেহতেই অস্ত্ৰোপচাৰ কৰি প্ৰান্তীয় স্নায়ুতন্ত্ৰক অকামিলা কৰি লৈছিল। কোৱা বাহুল্য যে তেখেতৰ গৱেষণা গ্ৰন্থ “A human experiment in nerve division” চিকিৎসা বিজ্ঞানৰ এখন অমূল্য দস্তাবেজ।

অষ্ট্ৰেলিয়াৰ এজন ডাক্তৰ Barry Marshallয়ে পেপ্টিক আলচাৰৰ ওপৰত গৱেষণা কৰি থাকোতে তেওঁৰ ধাৰণা হৈছিল যে Helicobacter pylori নামৰ বেক্টেৰীয়াবোৰেই এই ৰোগৰ কাৰক। এই বিষয়ে সত্যতা নিৰূপণ কৰাৰ বাবে বিজ্ঞানী Barry Marshallএ Helicobacter pylori নামৰ বেক্টেৰীয়াৰে পৰিপূৰ্ণ পেট্ৰিডিচ এখনৰ সমূদায় কৰ্ষণ মাধ্যমখিনি গিলি পেলাইছিল। তেওঁৰ গৱেষণাই ফল দিলে কিয়নো পেপ্টিক আলচাৰ ৰোগৰ কাৰণ আৰু ইয়াৰ চিকিৎসা আৱিষ্কাৰ হ’ল। এই আৱিষ্কাৰৰ বাবে Barry Marshallক নোবেল বঁটাৰে সন্মানিত কৰা হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তত এসময়ত পোলিঅ ৰোগে মহামাৰীৰ ৰূপ লৈছিল। সেই সময়ত পলিঅ ৰোগৰ কোনো চিকিৎসাও নাছিল। বিশ্বৰ শিশুবোৰক পলিঅৰ আক্ৰমণৰ পৰা বচাবলৈ Jonas Salk নামৰ এজন ডাক্তৰে তেওঁৰ গৱেষণা আৰম্ভ কৰি দিলে। কিছুদিনৰ অন্তত তেওঁ পলিঅ নিৰ্মূল কৰিব পৰা এটা ভেকচিন আৱিষ্কাৰ কৰিলে। কিন্তু সমস্যাটো আহিল ভেকচিনটো নিৰাপদ হয়নে নহয় সেইটো নিৰ্ণয় কৰাক লৈ। শেষত Jonas Salkএ সেই পলিঅ ভেকচিনটো পৰীক্ষা কৰিবলৈ প্ৰথমে নিজৰ দেহত আৰু পিছত নিজৰ তিনি বছৰীয়া পুত্ৰৰ দেহত প্ৰয়োগ কৰি ভেকচিনটো নিৰাপদ বুলি প্ৰমাণ কৰে।

বিজ্ঞানৰ জগতখনত এনে আৰু বহুতো আচৰ্যকৰ পৰীক্ষা বিজ্ঞানী সকলে সম্পন্ন কৰিছে যিবোৰে আমাক আচৰিত কৰাৰ লগতে শিহৰিত কৰিও তোলে। 


যুগুতালে: প্ৰণ‌ৱজ্যোতি দাস, টংলা

লেখকৰ মূল লেখা ইয়াত পাব – https://pranabjdas.blogspot.com/2017/03/blog-post_20.html

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে