বিজ্ঞানীৰ ৰসাল কাহিনী

বিজ্ঞানীৰ ৰসাল কাহিনী

(১)
গ্ৰামোফন আৱিষ্কাৰ কৰাৰ পাছত এগৰাকী গাভৰুৱে এডিচনক তোষামোদ কৰিবলৈ গৈ ক’লে -‘কথা কোৱা যন্ত্ৰ টোৰ আৱিষ্কাৰক হিচাপে আপুনি অমৰ হৈ ৰ’ব । ‘
দুষ্ট প্ৰকৃতিৰ সেই ছোৱালীজনীক এডিচনে চকু পাৰিও দেখিব নোৱাৰিছিল । 
এইবাৰ সুযোগ পাই তেওঁ ঠাট্টাৰ ছলেৰেই ক’লে – ‘মোৰ বহু আগতেই পৰমেশ্বৰে কথা কোৱা যন্ত্ৰ আৱিষ্কাৰ কৰি গৈছে । কেৱল মোৰ যন্ত্ৰ টোৰ বিশেষত্ব হ’ল এয়ে যে ইয়াক ইচ্ছা মতে বন্ধ কৰিব পাৰি । ‘
গাভৰু গৰাকীয়ে একো নকৈ লাহেকৈ আঁতৰি গ’ল ।

(২)

ইউক্লিডৰ শিক্ষা :

জ্যামিতিৰ আদি গুৰু ইউক্লিড এগৰাকী ভাল শিক্ষকো আছিল । তেওঁ শিক্ষাদান কৰি থকা সময়ছোৱাত ছাত্ৰ সকলৰ কোনোবাই কিবা অপ্ৰাসংগিক কথা ক’লে তেওঁৰ বৰ খং উঠিছিল ।
এদিনৰ ঘটনা ।
তেওঁ নিজৰ ঘৰতে ছাত্ৰ সকলক অতি মনোযোগেৰে জ্যামিতিৰ উপপাদ্য এটা পঢ়ুৱাই আছে ।
তাৰ মাজতে ছাত্ৰ এজনে থিয় হৈ ইউক্লিডক সুধিলে- ” চাৰ জ্যামিতি পঢ়িলে আমাৰ কি লাভ হ’ব ? ”
ইউক্লিডৰ টিঙিচ কৰি খং উঠি গ’ল ।
তেওঁ গ্ৰমিঅ’ (Grumio ) নামৰ ঘৰুৱা চাকৰ জনক ওচৰলৈ মাতি আনি ক’লে -” মোৰ শোৱা কোঠাত থকা বাকচ টোত যিমান খিনি পইচা আছে আনি এই ছাত্ৰ জনক দি দেহি ।
সেই বুলি তেওঁ থিয় হৈ থকা ছাত্ৰ জনক আঙুলিয়াই দেখুৱালে আৰু ক’লে – তেওঁ হেনো লাভ নহ’লে জ্যামিতি শিকিব নোখোজে !

ছাত্ৰ জনে ততালিকে ইউক্লিডৰ ভৰিত ধৰি তেওঁ কৰা ভুলৰ কাৰণে ক্ষমা বিচাৰিলে ।

ক্ৰমশঃ
(উৎস : বিজ্ঞানীৰ বিচিত্ৰ বতৰা – ডিম্বেশ্বৰ চলিহা )

সংগ্ৰাহক : প্ৰাণজিৎ বৰু‌ৱা 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।