কাটাৰ দেশৰ বালাডনা ডায়েৰী ফাৰ্ম

কাটাৰ দেশৰ বালাডনা ডায়েৰী ফাৰ্ম

মইনাহঁতক আজি এখন আধুনিক ডায়েৰী ফাৰ্মৰ কথা কবলৈ ওলাইছোঁ৷ গাখীৰ আৰু আন দুগ্ধজাত সামগ্ৰী উৎপাদন কৰা এই ফাৰ্মখন মধ্যপ্ৰাচ্যৰ কাটাৰ দেশত অৱস্থিত৷ কাটাৰ দেশৰ ৰাজধানী ডোহাৰ পৰা তালৈ দূৰত্ব ৬০কিলোমিটাৰ৷ সেই ঠাইডোখৰৰ নাম অল-খোৰ৷ মৰুভূমিৰে আৱৰা ঠাইডোখৰত মৰুদ্যান সৃষ্টি কৰি আজিৰ পৰা এবছৰ আগতে কাটাৰ দেশৰ চৰকাৰে ডায়েৰী ফাৰ্ম খুলিবলৈ মনস্থ কৰিলে৷ মন কৰিলেই চন৷ ভাল কাম কৰিবলৈ চৰকাৰৰ ধনৰ নাটনি কেতিয়াও নহয়৷ চৰকাৰে চিন্তা কৰি পালে নিজৰ দেশত গো-পালন কৰিলে দেশখনৰ প্ৰজাসকলে খাটি গাখীৰ, দৈ,ঘিউ,পনীৰ আদি অনায়াসে সুলভ মূল্যত খাবলৈ পাব৷

সোঁমাজত থকাজন লেখক।
 
 

এই কাটাৰী ডায়েৰী ফাৰ্মৰ হ’ল ১৭৩ একৰ মৰুভূমিক মৰুদ্যানলৈ ৰূপান্তৰিত কৰি স্থাপন কৰা এক অভিনৱ প্ৰচেষ্টা৷ কাটাৰী পেনিনচুলাক তিনিটা দিশত সাগৰে আৱৰি আছে৷ স্থলভাগেদি সংযোগ চৌডি আৰবৰ সৈতে৷ আকৌ চৌডি আৰবৰ মাজেদি গৈহে সংযুক্ত আৰব আমীৰাটৰ ডুবাই আদি ঠাইত প্ৰবেশ কৰিব পাৰি৷ এক ৰাজনৈতিক বিবাদৰ বাবে এই স্থলভাগৰ সীমা নিকপকপিয়াকৈ বন্ধ হৈ গ’ল৷ আগতে কাটাৰলৈ গাখীৰ-দৈ-পনীৰ আৰু আন দুগ্ধজাত সামগ্ৰী ঘাইকৈ চৌডি আৰবৰ পৰা আহিছিল৷
ডায়েৰী ফাৰ্মখন খুলিবলৈ প্ৰয়োজন হোৱা জাৰ্চি গাই কি দৰে এই মৰুৰ দেশখনলৈ আনিলে জানানে? কাটাৰ এয়াৰৱেজৰ বৃহৎ আকাৰৰ কাৰ্গো বিমানেৰে পোনতে আমেৰিকাৰ পৰা ৪০০জনী উন্নত মানৰ জাৰ্চি গাই আমদানি কৰা হ’ল৷ তৈয়াৰ কৰি ওলোৱা হ’ল বিশেষ ধৰণৰ আৰামদায়ক গোহালি ঘৰ ৷ মজিয়া বনালে ৰবৰৰ,বেৰত পানী আৰু বতাহ প্ৰবাহিত হৈ পৰিবেশ শীতল কৰি ৰখা আহল বহল গৃহ৷ গৰুৰ গোবৰ আৰু মূত্ৰ লগে লগে অটোমেটিক মেচিনেৰে পৰিষ্কাৰ কৰাৰ ব্যৱস্থা৷ লগত উপযুক্ত গো খাদ্যৰ যোগাৰ৷ পৰ্য্যায়ক্ৰমে অষ্ট্ৰেলিয়া, নেডাৰলেণ্ড, হাংগেৰী,জাৰ্মানী আদি দেশৰ পৰাও বাচকবনিয়া জাৰ্চিগাই অনা হ’ল৷ এইদৰে বৰ্তমান সময়লৈ ১৫হেজাৰজনী গাইৰ আমদানি হ’ল৷ অদূৰ ভবিষ্যতে এই সংখ্যা ২৫হেজাৰলৈ বৃদ্ধি কৰাৰ কথা৷ বৰ্তমান প্ৰতি ৭৫জনী গাইৰ তদাৰক কৰিবলৈ এজন কৰ্মচাৰী নিয়োজিত হৈ আছে৷ এই সংখ্যা সোনকালেই ৪৫লৈ হ্ৰাস কৰাৰ কথা৷ আজিৰ দিনত গাখীৰৰ দৈনিক উৎপাদন হ’ল ৫লাখ লিটাৰ৷ কাটাৰৰ ২৩লাখ জনবসতিৰ চাহিদা পূৰণ কৰিবলৈ সেয়া পৰ্য্যাপ্ত৷ ভবিষ্যতে কাটাৰে নিজৰ দুগ্ধজাত সামগ্ৰী ৰপ্তানিও কৰিব পাৰিব৷ যেতিয়ালৈকে বালাডনা ডায়েৰী ফাৰ্মৰ উৎপাদন আৰম্ভ হোৱা নাছিল তেতিয়ালৈকে টাৰ্কি আৰু ইৰাণৰ পৰা অহা গাখীৰে দেশখনৰ প্ৰয়োজন পূৰণ কৰিছিল৷
বালাডনা ডায়েৰী ফাৰ্মে উন্নত জাতৰ ছাগলী আৰু ভেড়াৰ পালনো আৰম্ভ কৰিছে৷ তদুপৰি ইয়াৰ মাংসৰ বিক্ৰীও আৰম্ভ কৰিছে৷ ডায়েৰী ফাৰ্মৰ দুগ্ধজাত সামগ্ৰী সমূহ হ’ল- ফুলফেট গাখীৰ, ল’ফেট গাখীৰ, লাবান, দৈ,ক্ৰিম,পনীৰ, নানান ফলৰ স্বাদযুক্ত গাখীৰ,ঘিউ ইত্যাদি৷ এই সকলো সামগ্ৰী আজিকালি কাটাৰৰ সকলো মল,চুপাৰ মাৰ্কেট আৰু অন্যান্য বিপনীসমূহত পোৱা যায়৷ বিভিন্ন দোকান,ৰাজহুৱা স্থানত পোষ্টাৰ দেখা যায়-‘নিজৰ দেশৰ প্ৰডাক্টক ব্যৱহাৰ কৰি গৌৰববোধ কৰক’৷ ডায়েৰী ফাৰ্ম প্ৰদৰ্শন কৰিলে দৰ্শকসকলে ফটো আৰু নানান চিত্ৰৰ সহায়ত বুজিবলৈ সমৰ্থ হয় কি দৰে উচ্চ মানৰ কলা-কৌশল আৰু অত্যাধুনিক মেচিনৰ ব্যৱহাৰ কৰি এইদৰে মান বিশিষ্ট সামগ্ৰী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে৷ বেলকনিত অৱস্থিত দৰ্শকৰ গেলেৰিৰ পৰা দেখা যায় কিদৰে অটোমেটিক মেচিনৰে ঘূৰ্ণীয়মান এক প্লেটফৰ্মত এবাৰত এশজনীকৈ জাৰ্চি গাইৰ গাখীৰ খিৰোৱা হয়৷ গাখীৰৰ উহাৰত পাইপ লাগি থাকে৷ গাখীৰ খিৰোৱা হলে পাইপ এৰাই যায়৷ প্ৰায় ১০মিনিটত এজনী গাইৰ গাখীৰ এই পদ্ধতিৰে খিৰোৱা হয়৷ দৰ্শকৰ গেলেৰীত মিউজিয়ামৰ দৰে গো-পালন আৰু দুগ্ধ উৎপাদন আৰু বিক্ৰীৰ সা-সৰঞ্জাম আদি সজাই ৰখা হৈছে৷ গাইবিলাক আৰু ছাগলীবিলাকো বেচ সুস্বাস্থ্যৰ দেখিবলৈ ৰূপে-ৰঙে মোহনীয়া৷ গম পালোঁ কাটাৰলৈ আহি দুই এজনী গাইয়ে পোৱালিও জগাইছে৷
দৰ্শকৰ গেলেৰীৰ সমীপত আছে বিক্ৰী কেন্দ্ৰ আৰু কেন্টিন৷ তাৰ কাষতে আছে উদ্যান,শিশুৰ নানাবিধ খেলাৰ সামগ্ৰী আৰু এখন মিনি চিৰিয়াখানা৷ আমি আমাৰ ভ্ৰমণৰ চিন হিচাবে কিছু ফটো উঠি সন্ধিয়া ৮বজাত বালাডনা পাৰ্ক ত্যাগ কৰিলোঁ আকৌ কেতিয়াবা আন আত্মীয়-স্বজনৰ সৈতে অহাৰ ইচ্ছা মনতলৈ৷

অ’ শেষত মইনাহঁতক এটা কথা জনাওঁ – আৰবী শব্দ ‘বালাডনা’ৰ অৰ্থ হ’ল মোৰ দেশ!

ডা০ ভূপেন শইকীয়া
ডোহা, কাটাৰৰ পৰা
২৮জুলাই ২০১৮

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।