সানমিহলি কুইজ

১) ভাৰতৰ কোন খন ধৰ্মীয় ঠাইত ‘ৰামজোলা’ আৰু ‘লক্ষ্মণজোলা’ পো‌ৱা যায় ?

২) দিল‌ৱেলে দুলহনীয়া লে জায়েংগে চিনেমাখনত কিৰণ খেৰে এক বিশেষ সন্মানৰ অধিকাৰী। কি এই বিশেষ সন্মান?

৩) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীজসকলে এই ঠাইখিনি আক্ৰমণ কৰি অধিকাৰ কৰিছিল আৰু ‘আৰ্জি হুকুমাতে আজাদ হিন্দ’ক শাসনভাৰ চমজাইছিল । সুভাষ চন্দ্ৰ বসু‌ৱে এই ঠাইখিনিৰ অন্য এক নতুন নাম দিছিল – ‘শ্বাহীদ আৰু স্বৰাজ’ বুলি । আমি কোনখন ঠাইৰ কথা কৈ আছো বাৰু ?

৪) আমেৰিকানসকলৰ যদি ‘এষ্ট্ৰনাট’ আছে , ৰাছিয়ানসকলৰ যদি ‘কচমোনাট’ আছে তেন্তে আমাৰ ভাৰতীয়সকলৰ কি আছে ?

৫) কোনজন ভাৰতীয় ৰজাৰ নামৰ অৰ্থ সংস্কৃত ভাষাত – ‘বিষহীন, কষ্ট অবিহনে ‘?

৬) পিৰিয়ডিক টেবুলত থকা মৌলসমূহৰ নাম ইংৰাজী একমাত্ৰ কোনটো বৰ্ণৰে আৰম্ভ হো‌ৱা নাই ?

৭) অনৈতিক মাইনিঙৰ পৰা গংগানদীক বচাবৰ বাবে কোনে ১১৫ দিন অনাহাৰে থাকি মৃত্যু বৰণ কৰিছিল ?

৮) ১৯৪৮ চনত মুক্তি দিয়া ‘চিৰাজ’ চিনেমাখনত অনিলৰ ভূমিকাত কোনে অভিনয় কৰিছিল ?

৯) প্ৰথমা পত্নীৰ বিয়োগৰ পাছত গুণাভিৰাম বৰু‌ৱাই বিষ্ণুপ্ৰিয়া দে‌ৱী নামৰ বিধ‌ৱাগৰাকীক ১৮৭২ চনত বিয়া কৰাইছিল । এই বিয়াখনৰ বিশেষত্ব কি ?

১০) “শুকননী” আৰু “ব্যাহ গীহ” – কোন ধৰণৰ গীতৰ দুটা ভাগ হয় ?

উত্তৰসমূহ:
১) হৃষীকেষ
২) তেওঁ চিনেমাখনৰ নামটো দিছিল ।
৩) আন্দামান নিকোবৰ দ্বীপপুঞ্জ ।
৪) ব্যুমনাট (Vyomnuts)
৫) সম্ৰাট অশোক
৬) J (জে’)
৭) স্বামী নিগমানন্দই
৮) ভূপেন হাজৰিকাই ।
৯) অসমৰ প্ৰথমখন ন্যায়িক বিবাহ (Court Marriage) বুলি জনা যায় ।
১০) ওজাপালিৰ ।

— সংগ্ৰাহক : জয়ন্ত কুমাৰ নাথ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে