মহৎ লোকৰ উক্তি-১

মহৎ লোকৰ উক্তি-১

কেইটিমান উদ্ধৃতি- সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা….

১)সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন পশু-জীৱনৰ নিচিনা কেৱল শয়ন-ভোজনৰ আবৰ্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱাহেঁতেন, আমি বৰ্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁহেঁতেন।

২)বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।
guy-rising-sea
৩)… আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শিকিব লগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদগতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোন প্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল’ব পাৰে।

৪)সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।

৫)… উদগতি কৰি ডাঙৰ হ’বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱঁলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে, কিন্তু তেনেকুৱা ধুৱঁলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদগতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে; তেহে উদগতি পথৰ বিকট বাধাবোৰৰ সমুখ হ’ব পাৰি। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে।

৬)চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।

৭)আগৰপৰা অসজ পথত প্ৰবৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে, পাছত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে পাছত শুধৰোৱা টান হয়।

৮)দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া ওপজে। কিন্তু মনত উপজি মনত মাৰ গ’লে সেই দয়াৰপৰা কোনো ফলোদয় নহয়। যি দয়াৰপৰা কৰ্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্যকৰী দয়া।

৯) অহংকাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙৰ যেন দেখে, আৰু আনৰ ডাঙৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহংকাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তেই তোমাতকৈ হীন নহয়, তাৰ আগত তোমাৰ অহংকাৰ নৰজে। সেইদেখি আনৰ আগত অহংকাৰ ফলাবলৈ অহংকাৰীয়ে আনৰ খুঁত বিচাৰি ফুৰে, আৰু সামান্য এটা খুঁত পালে তাকেই ওফোন্দাই ডাঙৰ কৰি অহংকাৰৰ ঠেক উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহংকাৰী মানুহৰ গাত যি এটা গুণ থাকে, সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ বুলি ইতিকিং কৰে। অহংকাৰীয়ে যদি খৰকৈ লিখিব পাৰে, তেনেহ’লে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে; আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে, তাৰ আন কোনো ডাঙৰ গুণ থাকিলেও অহংকাৰীয়ে তাক লেখত নধৰে।

১০)অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি; তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে।

১১)মান্যৱন্তক মান্য কৰাও অহংকাৰীৰ স্বভাৱ নহয়, আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে।

১২)শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।

১৩)হেঁপাহত উৎসাহ জন্মে, উৎসাহত সাহ জন্মে আৰু সাহত সিদ্ধি বুলি সকলোৱে কয়।

১৪) উৎসাহ হেঁপাহৰপৰা জন্মিলেও তাক শকত কৰিবলৈ অন্য আহিলা লাগে; সেই আহিলা আশা। আশা উৎসাহৰ সাৰ, তাৰ নাটনি হ’লে উৎসাহ অনুক্ৰমে জঁই পৰি যায়।

১৫) চানেকি বুজিলেই ফুলতী হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ’ব পাৰে।

১৬) সময়ৰ মূল্য নুবুজা মানুহ দীৰ্ঘসূত্ৰী হয়। এক মুহূৰ্তকৰ ভিতৰত সংসাৰ লয়খয় হ’ব পাৰে, এই কথাৰ বোধ যাৰ আছে সি কেতিয়াও ভৱিষ্যৎ নিধিয়ায়, কেতিয়াও কালিলৈ কৰিব বুলি কাম থৈ নিদিয়ে।

১৭)নামাগিলে মগনীয়াৰ গা নৰয়, সেই দেখি মাগনত মগনীয়াৰ এলাহ নাই। ই অৱশ্যে অন্নজলৰ কথা, উদগতিৰ কথাতো তেনেকুৱা নাটনি বোধ হ’লে হামাহিৰ বা দীৰ্ঘসূত্ৰতাৰ মূৰ মৰে। দীৰ্ঘসূত্ৰীৰ মনত সদায় অশান্তি, হাতত লোৱা কাম নকৰা বাবে তাৰ মনত সদায় উগুল-থুগুল লাগি থাকে। দীৰ্ঘসূত্ৰতা সঞ্চিত ব্যাধিৰ নিচিনা, দিনে নিশায় সি মানুহক দুখ দিয়ে; এতেকে কৰিবলগীয়া কাম ততালিকে কৰি তাৰ হাতৰপৰা মুক্ত হোৱা শ্ৰেয়।

সংগ্ৰাহক : পংকজ জ্যোতি মহন্ত

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।