মহৎ লোকৰ উক্তি-২

মহৎ লোকৰ উক্তি-২

১) আমি প্ৰত্যেকেই নিজৰ মাজতে এক নিৰ্বাসিত জীৱন কটাওঁ। আৰু লগত কঢ়িয়াই লৈ ফুৰোঁ বিধ্বংসী চিন্তা আৰু পাপবোধ। কিন্তু এই নিৰ্বাসিত জীৱনৰ উপলব্ধি, বিধ্বংসী চিন্তা আৰু পাপবোধক মুক্ত কৰোৱাটো আমাৰ কাম নহয়। আমাৰ কাম হৈছে নিজৰ ভিতৰতে এইবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা। (আলবেয়াৰ কেমু।)

২)কেৱল জীৱনেই হৈছে এনে এক কলা, যিটো কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ আমি অনুশীলন কৰিবলগীয়া হয়। জীৱনৰ বিফলতা, ঘাত-প্ৰতিঘাত আৰু ধৈৰ্যই হৈছে ইয়াৰ শিকনি। (লিৱিছ মামফৰ্ড।)

৩) আমাৰ কাষতে থকা আৰু কাষতে পোৱা সকলোখিনিয়েই সুন্দৰ। চকুৰ জেউতি, সুন্দৰ জলবায়ু, মনোমোহা প্ৰকৃতি, হাতৰ মুঠিতে পোৱা সুযোগখিনি, হেঁপাহখিনি— এই সকলোৱেই সুন্দৰ। এইবোৰ চেৰাই দূৰৰ তৰলৈ দৃষ্টি নিক্ষেপ নকৰি জীৱনটোক পোৱা ধৰণেই আঁকোৱালি লোৱা উচিত। (আৰ এল ষ্টিভেনছন।)

৪)প্ৰকৃতি সৌন্দৰ্যৰ সমাহাৰ। সেয়ে প্ৰকৃতিয়ে প্ৰতিটো ক্ষণ, প্ৰতিটো সময়, আৰু প্ৰতিটো ঋতুকেই একো একোটা সৌন্দৰ্য প্ৰদান কৰিছে— পুৱাৰ পৰা ৰাতিলৈকে; শিশু অৱস্থাৰ পৰা মৃত্যুৰ শীতল কোলালৈকে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ পৰিক্ৰমা ইমানেই শান্ত, নীৰৱ আৰু সহজ যে আমাৰ অলক্ষিতেই ই আগবাঢ়ি যায়। (চাৰ্লছ ডিকেন্স।)

৫)যদি এজন মানুহে আনতকৈ এখন উৎকৃষ্টতৰ কিতাপ লিখে, বা এটা উৎকৃষ্টতৰ ধৰ্মোপদেশ ৰচনা কৰে, বা আনকি এখন উন্নততৰ নিগনি-ধৰা ফান্দো সাজিব পাৰে, তেন্তে তেওঁ অটব্য অৰণ্যৰ মাজত ঘৰ সাজি থাকিলেও মানুহে তেওঁক বিচাৰি উলিয়াবই আৰু তেওঁৰ ঘৰৰ দুৱাৰদলিলৈকে এটা বাট সিজাব।(ৰালফ্ ৱাল্ডো এমাৰছন।)(উৎসঃ “বিশাল নিৰৱতাৰে নিজকে আবৰি ৰখা এজন শিল্পী”, হোমেন বৰগোহাঞি, প্ৰান্তিক, ১-১৫ এপ্ৰিল, ১৯৮৫)

৬) কোনো নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনাবিষ্কৃত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই। (হেলেন কেলাৰ।)

৭) যদিহে এজন মানুহে তেওঁৰ সঙ্গীসকলৰ লগত তাল মিলাব পৰা নাই, তেতিয়াহ’লে বোধকৰোঁ তেওঁ বেলেগ এজন বাদকৰ বাদন শুনিছে। তেওঁ শুনা সঙ্গীত সি যিমানেই ছন্দোবদ্ধ বা দূৰৰ হওক, তাৰ লগতে তেওঁক তাল মিলাবলৈ দিয়ক। (থৰো।)

৮) আমি অভিজ্ঞতাৰ পৰা সতৰ্কভাৱে জ্ঞান আহৰণ কৰিব লাগে। আমি গৰম ষ্ট’ভৰ ঢাকনিৰ ওপৰত বহা মেকুৰীটোৰ নিচিনা হ’ব নালাগে। ই গৰম ষ্ট’ভৰ ঢাকনিৰ ওপৰত পুনৰ নবহেগৈ। সেইটো বাৰু ভাল কথা; কিন্তু ই ঠাণ্ডা ঢাকনি এখনৰ ওপৰতো কোনোদিন নবহিবগৈ। (মাৰ্ক টোৱেইন।)

৯) মোক এটি মাছ দিয়া মই এদিন খাম- মোক মাছ ধৰিবলৈ শিকোৱা- মই জীৱনজুৰি খাই থাকিম। (চীনা প্ৰবচন।)

১০) যিজনে প্ৰশ্ন সোধে তেওঁ পাঁচ মিনিটৰ বাবে মূৰ্খ হয়, কিন্তু যিজনে প্ৰশ্ন নোসোধে তেওঁ চিৰজীৱনলৈ মূৰ্খ হৈয়ে ৰয়। (চীনা প্ৰবচন।)

১১) কাৰোবাক এপাহ গোলাপ দিয়া হাতখনত অলপ হ’লেও সুগন্ধ লাগি ৰয়। (চীনা প্ৰবচন।)
* যেতিয়ালৈকে আপুনি জীয়াই থাকে, কেনেকৈ জীয়াই থাকিব লাগে তাক আপুনি শিকি থাকক। (চেনেকা।)

১২) কোঠা এটাত নীৰৱে বহিব নোৱাৰাৰ পৰাই মানুহৰ সকলো দুৰ্দশাৰ আৰম্ভণি। (ব্লেইজ পাস্কেল।)

১৩)মই যদি পৰকালৰ কথা ভাবি সময় কটালোঁহেঁতেন, তেনেহ’লে এইখন পৃথিৱীৰ পৰা মই যিমান জ্ঞান আৰু আনন্দ আহৰণ কৰিছোঁ সিমানখিনি কেতিয়াও কৰিব নোৱাৰিলোঁহেঁতেন।(জন বাৰোজ, আমেৰিকান পক্ষী-তত্ববিদ।)

১৫) মানুহৰ জীৱনৰ শূণ্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে, কিন্তু সমাজত প্ৰচলিত বহু বেয়া কথা আৰু বেয়া ৰীতি-নীতিয়ে মানুহক সমাজৰ পৰা দূৰলৈ ঠেলি দিব খোজে। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাৰ একমাত্ৰ উপায় হ’ল বিনয় আৰু শিষ্টাচাৰ। (শ্বপেনহাৱাৰ।)

১৬) যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। (লৰ্ড চেষ্টাৰফিল্ড।)

১৭) ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ। হুমুনিয়াহ কমকৈ পেলাবা, উশাহ ল’বা বেছিকৈ। বেছিকৈ পেকৰেকাই নাথাকিবা, কথা ক’বা বেছিকৈ। ঘৃণা কমকৈ কৰিবা, ভাল পাবা বেছিকৈ। ইয়াকে কৰিলে পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ’ব। (ৰে়ড ইণ্ডিয়ান নীতিকথা।)

১৮) মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ’ল এই যে মানুহে নিজৰ মনোভাব তথা জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকৰ গোটেই জীৱনটোকেই সলনি কৰি দিব পাৰে। (উইলিয়াম জেমছ।)

১৯) মানৱ সমাজক শাসন কৰাৰ দিশত আত্মোৎসৰ্গ কৰা আটাইবোৰ লোকেই এই কথাত পতিয়ন গৈছে যে একোখন সাম্ৰাজ্যৰ ভাগ্য ইয়াৰ যুৱচামৰ শিক্ষা-দীক্ষাৰ ওপৰতেই নিৰ্ভৰশীল। (এৰিষ্টট’ল।)

২০) ভৱিষ্যতৰ বাবে তৈয়াৰী হোৱাৰ সকলোতকৈ শ্ৰেষ্ঠ পথ হ’ল সমস্ত বুদ্ধি, ক্ষমতা আৰু আগ্ৰহ সহকাৰে আজিৰ কাম কৰি যোৱা। (উইলিয়াম এছলাৰ।)

২১) প্ৰথমতে তেওঁলোকে তোমাক অৱজ্ঞা কৰিব, তাৰ পিছত তেওঁলোকে তোমাক হাঁহিব, তাৰ পিছত তেওঁলোকে তোমাক বাধা দিব, কিন্তু তাৰ পাছত তুমিয়ে বিজয়ী হ’বা। (মহাত্মা গান্ধী।)

great

২২) মই যুদ্ধৰ বুৰঞ্জী লিখিবলৈ নিবিচাৰোঁ- কিন্তু মই সমাজখনৰ ইতিহাস জানিবলৈ বিচাৰোঁ আৰু জানিব বিচাৰোঁ মানুহেনো তেওঁলোকৰ পৰিয়াল লৈ কেনেদৰে বাস কৰিছিল, কেনেধৰণৰ কলা-কৃষ্টি-সংস্কৃতিৰ সাধনা কৰিছিল। মই মানুহৰ চিন্তাৰ উৎকৰ্ষ সাধনৰ বিষয়ে লিখিব বিচাৰোঁ। ৰজা-মহাৰজা আৰু বৰ বৰ অমাত্যসকলৰ কাম-কাজক লৈ মই মূৰ নঘমাওঁ, কিন্তু মই জানিব বিচাৰোঁ, বৰ্বৰতাৰ পৰা মানুহে কেনেকৈ সভ্যতাৰ স্তৰলৈ উত্তীৰ্ণ হৈছিল। (ভল্টেয়াৰ।)

২৩) যিবোৰ বিষয়ৰ জ্ঞান আহৰণ কৰাটো আমাৰ কাৰণে একান্ত প্ৰয়োজনীয় সেইবোৰৰ বিষয়ে পৃথিৱীত যিবোৰ সৰ্বোত্তম কথা কোৱা হৈছে বা চিন্তা কৰা হৈছে সেই আটাইবোৰ আয়ত্ব কৰি আমাৰ ব্যক্তিত্বৰ সৰ্বাঙ্গীণ বিকাশ কৰাৰ সাধনাই হ’ল সংস্কৃতি। (মেথ্যু আৰ্ণল্ড।)

২৪) কেতিয়াও সন্দেহ নকৰিবা যেএটি সৰু চিন্তাশীল, কৰ্ত্তব্যনিষ্ঠ নাগৰিক গোটে পৃথিৱীখন সলাব নোৱাৰিব| আচলতে ইয়েই এক চিৰসত্য| (মাৰ্গাৰেট মিড।)

২৫) বন্দৰত জাহাজ সদায় সুৰক্ষিত, কিন্তু ই ইয়াৰ বাবে নিৰ্মিত নহয়| (উইলিয়াম শ্বেদ্দ।)

২৬) নিৰাশাবাদী কাক কয় সেই বিষয়ে মোৰ নিজৰ এটা ধাৰণা আছে। দুটা অমংগলীয়া বস্তুৰ ভিতৰত যিকোনো এটাক বাছি ল’বলৈ এজন মানুহৰ অধিকাৰ আছে। কিন্তু যি মানুহে দুয়োটাকে বাছি লয়, তেৱেঁই হ’ল নিৰাশাবাদী। (অস্কাৰ ৱাইল্ড।)

২৭) যি সকলে সত্যক কৰ্তৃত্বৰূপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে কৰ্তৃত্বক সত্যৰূপে গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে জটিল পৰিস্থিতি অপেক্ষা কৰিছে। (গেৰাল্ড মেছি।)

২৮) আমি আমাৰ শতৰুক ভাল পাব লাগে; কিন্তু তেওঁলোকৰ সৈতে কোনোধৰণৰ সন্ধি কৰিব নালাগে। (পাবলো কোৱেলহো।)

২৯)আপুনি কোন? আপুনি নিজক যেনেদৰে চাব বিচাৰে, আনেও আপোনাক তেনেদৰেই চায় নে? তেনে হ’বলৈ হ’লে আপুনি আপোনাৰ চৰিত্ৰ, নিয়মানুৱৰ্তিতা আৰু দৃঢ়তাৰ প্ৰতি নজৰ দিবই লাগিব— লাগিলে আপোনাৰ চৌপাশৰ পৃথিৱীখন যিমানেই নিৰ্দয় আৰু যিমানেই কৰ্কশ নহওক কিয়, মৰ্যাদা সহকাৰে জীৱন যাপন কৰিবলৈ আপুনি তাকেই কৰিব লাগিব।আপুনিয়েই সেই মানুহজন হয় নে? যদি নহয়, তেনেহ’লে আপুনি সেইজন মানুহেই হ’বলৈ বিচাৰেনে?…..(ই. আৰ. ব্ৰেইথৱেইট;‘টু চাৰ, উইথ লভ’ উপন্যাসৰ পৰা।)

৩০) নিৰাশাবদী কাক কয় সেই বিষয়ে মোৰ নিজৰ এটা ধাৰণা আছে। দুটা অমংগলীয়া বস্তুৰ ভিতৰত যিকোনো এটাক বাছি ল’বলৈ এজন মানুহৰ অধিকাৰ আছে। কিন্তু যি মানুহে দুয়োটাকে বাছি লয়, তেৱেঁই হ’ল নিৰাশাবাদী। (অস্কাৰ ৱাইল্ড।)

৩১) মোৰ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হ’ল এই যে মানুহে কেৱল নিজৰ মনোভংগী (attitude) সলনি কৰিয়েই নিজৰ জীৱনটো সলনি কৰি দিব পাৰে। (উইলিয়াম জেইমছ।)

৩২) আনৰ পৰা শুনা কথাবোৰ পুনৰ দোহাৰিবলৈ শিক্ষাৰ প্ৰয়োজন; সেই কথাবোৰক প্ৰত্যাহ্বান জনাবলৈ প্ৰয়োজন হয় চিন্তাশক্তিৰ। (মেৰি পেটিবন পুল।)

৩৩) ডাঙৰ ট্ৰেজেডীয়ে জীৱনটোক ক্ষয় নকৰে। জীৱনটোক অবিৰামভাৱে ক্ষয় কৰি থাকে তুচ্ছ বিৰক্তিবোৰে আৰু সময়ৰ পৌনঃপুনিক অপচয়বোৰে। আমাৰ শত্ৰুসকলে আমাৰ ক্ষয় নকৰে; আমাৰ ক্ষয় কৰে আমাৰ বন্ধুসকলে বা আধা বন্ধুসকলে- যিসকলে আমাৰ ইচ্ছাৰ বিৰুদ্ধেও আমাক লগ পাবলৈ বিচাৰি ফুৰে। (আঁৰি দ্য মথাঁৰলেঁট।)

৩৪) যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। (লৰ্ড চেষ্টাৰফিল্ড।)

৩৫) যি মানুহৰ হেৰুৱাবলৈ একো নাই, তেওঁক কেতিয়াও প্ৰতিযোগিতালৈ আহ্বান নকৰিবা। (গ্ৰেচিয়ান।)

সংগ্ৰাহক:–  পংকজ  জ্যোতি মহন্ত 

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।