মহৎ লোকৰ উক্তি-৩

মহৎ লোকৰ উক্তি-৩

৩৬) বয়স বঢ়াৰ লগে লগে প্ৰজ্ঞা আপোনা-আপুনি নাহে, বয়স বঢ়াৰ লগে লগে মুখৰ বালিৰেখাৰ বাহিৰে আন একো বস্তুৱেই তোমাৰ জীৱনলৈ নাহে। এই কথা সত্য যে কিছুমান মদ যিমানে পুৰণি হয় সিমানেই তাৰ স্বাদ বৃদ্ধি পায়; কিন্তু সেইটো হ’বলৈ হ’লেও প্ৰথমে ভাল হ’ব লাগিব আঙুৰবোৰ। (আবিগেইল ভ’ন বাৰেন।)

৩৭) যিবোৰ অভিজ্ঞতাই তোমাৰ মনত তীব্ৰ ভয়ৰ সঞ্চাৰ কৰে, সেইবোৰ অভিজ্ঞতাই তোমাক দিয়ে শক্তি, সাহস আৰু অত্মবিশ্বাস। তেনে পৰিস্থিতিত তুমি নিজকে ক’ব পাৰা- ‘মই এটা ভয়ংকৰ বিভীষিকা অতিক্ৰম কৰি আহিলোঁ। ইয়াৰ পিছত যি পৰিস্থিতিয়েই উদ্ভৱ নহওক কিয়, মই হেলাৰঙে তাৰ মুখামুখি হ’ব পাৰিম।’ তুমি যিটো কাম কৰিব নোৱাৰিম বুলি ভাবিছা, সেই কামটো তুমি কৰিবই লাগিব। (ইলিয়নৰ ৰুজভেল্ট।)

৩৮) এজন মানুহে তেওঁৰ প্ৰয়োজনীয় বস্তুটো বিচাৰি গোটেই পৃথিৱী ভ্ৰমণ কৰে, কিন্তু তেওঁ বস্তুটো বিচাৰি পায় নিজৰ ঘৰত- বিশ্বভ্ৰমণ শেষ কৰি ঘৰলৈ ঘূৰি অহাৰ পিছত। (জৰ্জ মুৰ।)

৩৯) মই এই পৃথিৱীখন ত্যাগ কৰাৰ পিছত তুমি যদি মোক স্মৰণ কৰিব খোজা আৰু মোৰ প্ৰেতাত্মাক সন্তোষ দিব খোজা, তেন্তে কেৱল দুটা কাম কৰিলেই হ’ব- কোনোবা এজন পাপীক ক্ষমা কৰি দিবা, আৰু অতি সাধাৰণ চেহেৰাৰ এজনী ছোৱালীৰ মুখলৈ চাই চকু টিপিয়াই দিবা। (এইচ এল মেনকেন।)

৪০) এটা ৰাজহুৱা বিতৰ্কত তুমি যিটো পক্ষই নোলোৱা কিয়- তুমি দেখিবা যে এনে কিছুমান মানুহে তোমাৰ পক্ষ লৈছে, যিবোৰ মানুহ তোমাৰ বিপক্ষত থকা হ’লেই তুমি বেছি ভাল পালাহেঁতেন। (জাচ্ছা হেইফেৎস।)

৪১) প্ৰেয় (ক্ষণিক বাহ্যিক ইন্দ্ৰিয় সুখ) আৰু শ্ৰেয়ৰ (প্ৰকৃত চিৰন্তন কল্যাণ) মুখামুখি হ’লে মানুহে যিকোনো এটা বাছনি কৰে। জ্ঞানী লোকে শ্ৰেয়কে অধিক কাম্য বুলি গ্ৰহণ কৰে; কিন্তু অজ্ঞানী লোকে আত্মকল্যাণৰ পৰিবৰ্তে প্ৰেয় অৰ্থাৎ বাহ্য সুখকে প্ৰিয় বুলি গ্ৰহণ কৰে। (কঠোপনিষদ।)

৪২) এজন মানুহ কিমান সুখী হ’ব, সেই কথা তেওঁৰ কি আছে তাৰ ওপৰত নিৰ্ভৰ নকৰে; সি নিৰ্ভৰ কৰে তেওঁ কি ধৰণৰ মানুহ, তাৰ ওপৰত।

এজন মানুহ তেওঁৰ নিজৰ মাজত কি ধৰণৰ মানুহ, তেওঁ অকলে থকা সময়খিনিত কিহে তেওঁক লগ দিয়ে, তেওঁৰ কোনবোৰ বস্তু আন কোনেও কাঢ়ি নিব নোৱাৰে বা তেওঁক দিব নোৱাৰে- এইকেইটা কথাহে তেওঁৰ সকলো ধন-সম্পত্তিতকৈ বা জগতৰ চকুত তেওঁৰ মূল্যতকৈ তেওঁৰ সুখৰ কাৰণে বেছি মূল্যৱান। (আৰ্থাৰ শ্বপেনহাৱাৰ।)

৪৩) মানুহৰ জীৱনৰ শূন্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে, কিন্তু সমাজত প্ৰচলিত বহু বেয়া কথা আৰু বেয়া ৰীতি-নীতিয়ে মানুহক সমাজৰ পৰা দূৰলৈ ঠেলি দিব খোজে। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাৰ একমাত্ৰ উপায় হ’ল বিনয় আৰু শিষ্টাচাৰ। (শ্বপেনহাৱাৰ।)

৪৪) ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ। হুমুনিয়াহ কমকৈ পেলাবা, উশাহ ল’বা বেছিকৈ। বেছিকৈ পেকপেকাই নাথাকিবা, কথা ক’বা বেছিকৈ। ঘৃণা কমকৈ কৰিবা, ভাল পাবা বেছিকৈ। ইয়াকে কৰিলে পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ’ব। (ৰেড ইণ্ডিয়ান নীতিকথা।)

৪৫) মই কোনো ৰাজনৈতিক বিপ্লৱত বিশ্বাস নকৰোঁ; মই বিশ্বাস কৰোঁ আত্মা আৰু আত্মোপলব্ধিত। আৰু এই উপলব্ধিৰ জড়িয়তে মই নিজকে পৰিশীলিত কৰিব বিচাৰোঁ। (জোচেফ ব্ৰডস্কী।)

৪৬) সোণালী ডেউকাৰ দুটি চিৰপ্ৰেমী চৰাই কল্পবৃক্ষৰ ডালত ওচৰা-ওচৰিকৈ বহি আছে।

এটা চৰায়ে সুমিষ্ট ফল খাই আছে। আনটো চৰায়ে তাক লক্ষ্য কৰি আছে আৰু সি নোখোৱাকৈয়ে সেই সুমিষ্ট ফলৰ সোৱাদ লৈছে।

এটা চৰাই মৰম-চেনেহৰ ডোলেৰে বন্ধ খাই আছে; আনটো চৰাই কিন্তু নিৰ্বিকাৰ। একো নেদেখাকৈয়ে দুয়োটাই সকলোবোৰ দেখি আছে। এটা চৰাই হৈছে ঈশ্বৰ আৰু আনটো মানুহৰ আত্মা। (ঋগবেদ।)

৪৭) অভিজ্ঞতাই আনি দিয়া জ্ঞানতকৈ কল্পনাপ্ৰৱণ এটি মন অধিক শক্তিশালী; ইতিহাসতকৈ লোকবিশ্বাস বেছি সম্ভাৱনাপূৰ্ণ; সপোনবোৰো বাস্তৱতকৈ বেছি প্ৰভাৱশালী। সেইদৰে অভিজ্ঞতাক পৰাজিত কৰিব পাৰে একমাত্ৰ ইচ্ছাশক্তিয়েহে। দুখৰ নিৰাময়কাৰীও হৈছে হাঁহি— ঠিক তেনেদৰেই এই সকলোবোৰতকৈ শক্তিশালী হৈছে প্ৰেম, আনকি মৃত্যুতকৈও। (ৰবাৰ্ট ফুলহাম)

৪৮)মই কেতিয়াও মোৰ আৱেগৰ অধীন হৈ থাকিব নিবিচাৰোঁ। মই আৱেগ-অনুভূতিবোৰক মোৰ দৈনন্দিন কাম-কাজতহে ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ। আৰু ইয়াৰ জড়িয়তে মই মোৰ আৱেগ-অনুভূতিৰ সান্নিধ্য লাভ কৰোঁ, উপভোগ কৰোঁ। তেনেদৰেই মই মোৰ আৱেগক নিয়ন্ত্ৰিত কৰি ৰাখোঁ। (অস্কাৰ ৱাইল্ড।)

৪৯)এজন বলিয়া আৰু মোৰ মাজত এটাই মাথোঁ পাৰ্থক্য। বলিয়াজনে ভাবে— তেওঁ সকলো ফালৰ পৰাই সুস্থ আৰু সতেজ। আৰু মই ভাবোঁ— মই সঁচাকৈয়ে বলিয়া। (ছালভাডোৰ ডালি।)

৫০)এদিন মই মোৰ গাঁৱৰ বাগিচাখনত কোৰ মাৰি আছিলো। এনেতে ক’ৰবাৰ পৰা ঘৰচিৰিকা চৰাই এটা উৰি আহি মোৰ বাহুত পৰিলহি। মুহূৰ্ততে যেন মই বিশেষ বৈশিষ্ট লাভ কৰিলোঁ। মই পিন্ধি থকা কোট চোলাটোও হৈ পৰিল এটা বিশেষ চোলা! (হেনৰী ডেভিদ থ’ৰো।)

৫১)ঈশ্বৰক ধন্যবাদ যে প্ৰত্যেক পুৱাতেই শুই উঠি তুমি কিবা এটা কামত হাত দিব লগা হয়। কামটো তুমি ভাল পাব পাৰা বা বেয়া পাব পাৰা, কিন্তু কামটো কৰিবলৈ তুমি বাধ্য। যদি তুমি কিবা এটা কাম কৰিবলৈ বাধ্য হোৱা, আৰু তাক যথাসাধ্য অতি ভালকৈ কৰিবলৈ বাধ্য হোৱা, তেন্তে সেই কামটোৱেই তোমাক আত্মসংযম, অধ্যৱসায়, ইচ্ছাশক্তি আৰু এনেকুৱা শ শ ভাল গুণৰ শিক্ষা দিব— যিবোৰ শিক্ষা এজন এলেহুৱা মানুহৰ কাৰণে চিৰদিন অগোচৰ হৈ ৰ’ব। (চাৰ্লছ কিংছলী।)

৫২)প্ৰকৃত জ্ঞানী মানুহ হ’ল সেইজনেই— যিজনে তেওঁৰ নথকা বস্তুবোৰৰ কাৰণে দুখ নকৰে, আৰু যিবোৰ আছে, সেইবোৰৰ কাৰণে বিমল আনন্দ অনুভৱ কৰে। (এপিকটেটাছ।)

৫৩) এজন লেখকৰ কামেই হৈছে কল্পনাক আঁজুৰি অনা আৰু সেই আঁজুৰি অনা কল্পনাক ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৰোপণ কৰা। সেই ৰোপণ কৰা কল্পনা এদিন পৰিণত হ’ব এজোপা গছত। সেই গছজোপাত এদিন ফুল ফুলিব; সেই ফুল এদিন ফলত পৰিণত হ’ব…! (আইজাক এছিম’ভ।)

৫৪) সময়ৰ কাম সময়ত কৰাটোহে যুগুত। তাকে কৰিব নোৱাৰিলে পিছৰ জীৱনত আমাৰ মন দুখেৰে ভৰি পৰাটো নিশ্চিত। সেয়েহে সপোন দেখিবলৈ আৰম্ভ কৰা; সঠিক সময়ত সাগৰৰ বতাহজাকক অনুসৰণ কৰি তোমাৰ নাওখন মেলি দিয়া আৰু আগবাঢ়া। (মাৰ্ক টোৱেইন।)

৫৫)অতীতক আমি বেছি সুন্দৰ দেখোঁ। ইয়াৰ কাৰণ এয়ে যে— বৰ্তমানক লৈ আমি অলপো আৱেগিক নহয়। সময় পাৰ হৈ যোৱাৰ লগে লগেহে আমাৰ আৱেগে প্ৰাণ পাই উঠে আৰু অতীতক লৈ আমি ব্যাকুল হৈ পৰোঁ। (ভাৰ্জিনিয়া উলফ।)

৫৬)বিচিত্ৰ পৃথিৱী আৰি বিচিত্ৰ মানৱ জাতি! যদি এই পৃথিৱীত বেলেগ বেলেগ মানুহ থকাৰ দৰেই বেলেগ বেলেগ মগজু থকা কথাটো সত্য হয়; তেন্তে মই এই কথাত নিশ্চিত যে প্ৰত্যেক মানুহৰে বেলেগ বেলেগ একোখন অন্তৰ থকাৰ বাবেই প্ৰেমো বিভিন্ন ধৰণৰ হয়। (লিঅ’ টলষ্টয়।)

৫৭)স্মৃতিৰ মণিকোঠাৰ পৰা অংকন কৰা ছবিখনহে প্ৰকৃত ছবি। এই ছবিত অন্তৰ্নিহিত হৈ থাকে আমাৰ চিন্তা, আৱেগ-অনুভূতি আৰু সুখ-দুখ। আৰু এই ছবিৰ জড়িয়তে সহস্ৰজনৰ চকুত, সহস্ৰজনৰ হৃদয়ত আমাৰ আত্মাই ঠাই পায়। (প’ল গ’গা।)

৫৮) এজন নিৰাশাবাদীয়ে মাথোঁ ক’লীয়া ডাৱৰকহে দেখে আৰু সকলো সময়তে বিষণ্ণ হৈ থাকে; এজন দাৰ্শনিকে শুকুলা আৰু ক’লীয়া— এই দুয়োবিধ ডাৱৰকে দেখে আৰু দুয়োটাৰে প্ৰতি উদাসীন হৈ দেখুৱায়; এজন আশাবাদীয়ে ডাৱৰৰ প্ৰতি লক্ষ্যই নকৰে— তেওঁ কেৱল ডাৱৰৰ ওপৰেৰে খোজ কাঢ়ে। (ডি অ’ এলীন।)

৫৯)এজন মানুহৰ জীৱনত কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে নিজকে নিজে জন্ম দিব পৰাটো; অৰ্থাৎ নিজৰ সকলো সম্ভাৱনাক যথোপযুক্তভাৱে কামত খটুৱাই নিজকে গঢ় দিব পৰাটো। এই কষ্টসাধ্য কামৰ ফলাফল— ব্যক্তিত্ব। (এৰিক ফ্ৰ’ম।)

৬০) বছৰ বছৰ ধৰি অসীম ধৈৰ্যৰে নিজৰ মাজতে অন্তৰ্নিহিত হৈ থকা দ্বিতীয় সত্তাক বিচাৰি ফুৰাজনেই হৈছে সাহিত্যিক। আৰু যেতিয়াই মই সাহিত্যৰ বিষয়ে ভাবোঁ— উপন্যাস, কবিতা বা আন লেখাৰ কথা মোৰ মনলৈ নাহে। মোৰ মনলৈ আহে এটা বন্ধকোঠাৰ আধা পোহৰ আৰু আধা ছাঁৰ মাজত নিজকে অকলশৰীয়াকৈ আবদ্ধ কৰি ৰখা এজন ব্যক্তি— যিজনে শব্দৰে গঢ়ি তুলিছে এখন নিজস্ব আৰু নতুন পৃথিৱী। (অৰহান পামুক।)

৬১)আমি মানুহবোৰ হৈছোঁ খিৰিকীৰ দাগ লগা আইনাখনৰ দৰে। দিনত সূৰ্যৰ কিৰণত আমি তিৰবিৰাই উঠোঁ। পশ্চিমত সূৰ্যটো ডুব যোৱাৰ লগে লগে আমাৰ তিৰবিৰণিও নাইকিয়া হৈ যায়। সঁচা সৌন্দৰ্যৰে তিৰবিৰাই জিলিকি থাকিবলৈ হ’লে আমাক লাগিব নিজস্ব পোহৰ। (এলিজাবেথ কুবলাৰ ৰ’ছ।)

৬২)তুমি যদি নিষ্ঠাৰে কিবা এটা কাম কৰা, তেন্তে তাৰ কিবা এটা পুৰস্কাৰ নোপোৱাকৈ কেতিয়াও নাথাকা। কামটো সৰল হ’ব পাৰে কিম্বা জটিল; সহজ কিম্বা কঠিন; এটা গছপুলি ৰোৱা বা এখন মহাকাব্য লিখা; কামটো যিয়েই নহওক কিয়, তাক যদি পৰম নিষ্ঠাৰে কৰা হয়, তেন্তে সি তোমাৰ মন আৰু শৰীৰ দুয়োটাকে পুৰস্কাৰ নিদিয়াকৈ নাথাকে। যিমানবাৰেই তুমি পৰাজিত হ’বা, সিমানবাৰেই তুমি হ’বা জয়ী। কামৰ প্ৰকৃত পুৰস্কাৰ কি? কামটো ভালকৈ কৰাটোৱেই হ’ল তাৰ প্ৰকৃত পুৰস্কাৰ। (ৰালফ ৱালড’ এমাৰছন।)

৬৩)স্বপ্নাতুৰ হৈছে এনে এজন মানুহ যিজনে জোনৰ স্নিগ্ধ পোহৰতো বাট দেখা পায়। আৰু তেওঁৰ শাস্তি এয়ে যে পৃথিৱীৰ আন মানুহৰ আগতেই তেওঁ দোকমোকালিতেই সাৰ পায়। (অক্সাৰ ৱাইল্ড।)

৬৪)সেই গছজোপা তুমি দেখিছানে? সেই গছজোপা এজোপা মৰা শুকান গছ। অথচ আন গছবোৰৰ দৰেই সেই মৰা গছজোপায়ো বতাহত হালি-জালি আছে। মৃত্যুৰ পিছত ময়ো তেনেকুৱাই হ’ম! কিবা নহয় কিবা প্ৰকাৰে ময়ো এই বিশাল পৃথিৱীৰ এটা অংশ হৈ ৰ’ম। (এণ্টন ছেখভ।)

famous quotes from famous people picture (1)

৬৫)কোনোবা নহয় কোনোবা এদিন, ক’ৰবাত নহয় ক’ৰবাত, কেতিয়াবা নহয় কেতিয়াবা তুমি নিজকে নিৰ্ঘাত বিচাৰি পাবা। আৰু সেই মুহূৰ্তটোৱেই হ’ব তোমাৰ জীৱনৰ হয় আটাইতকৈ সুখদায়ক মুহূৰ্ত, নহয় আটাইতকৈ দুখদায়ক মুহূৰ্ত। (পাবলো নেৰুদা।)

৬৬)কোনো এজন শিল্পীৰ শিল্পকলা কেৱল তেওঁৰ হাতৰ কাম নহয়; ই হৈছে শিল্পীজনে আহৰণ কৰা অভিজ্ঞতাৰ অনুভৱ। (লিঅ’ টলষ্টয়।)

৬৭)ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা; কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা। (পাবলো নেৰুদা।)

৬৮) এজন লেখকে তেওঁৰ কামত ব্যস্ত হৈ থাকোঁতে এই বিশ্বাস আনিব পাৰিব লাগিব যে— তেওঁ পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো কৰি আছে। যদিওবা তেওঁ জানে যে এই কথাটো সঁচা নহয়, তথাপি এই ধাৰণা আৰু এই ভ্ৰান্তিক তেওঁ খামোচ মাৰি ধৰি থাকিব পাৰিব লাগিব। (জন ষ্টেইনবেক।)

৬৯) জগতে তোমাৰ আত্ম-সম্ভ্ৰমত কোনো গুৰুত্ব নিদিয়ে; তুমি নিজক লৈ সন্তুষ্টি লাভ কৰাৰ পূৰ্বে জগতে তোমাৰ পৰা বিচাৰে তুমি কিছু সিদ্ধি লাভ কৰাতো। (বিল গেটছ।)

৭০) আধুনিক জগতত যিবোৰ অসুখী সমাজ আছে, তাৰ মূল কাৰণ হ’ল তেওঁলোকৰ অজ্ঞতা, স্বভাৱ, বিশ্বাস আৰু কামনা; আৰু তেওঁলোকৰ বাবে সেইবোৰেই হ’ল জীৱনটোতকৈয়ো বেছি প্ৰয়োজনীয়, সুখৰ কথাতো বাদেই দিলোঁ। আমাৰ এই বিপজ্জনক যুগতো মই এনে মানুহ লগ পাইছোঁ, যিসকলে দুখ-যন্ত্ৰণা আৰু মৃত্যুকেই ভাল পায় আৰু যেতিয়াই তেওঁলোকক আশাৰ পথ দেখুৱাই দিয়া হয়, তেওঁলোক ক্ৰোধান্বিত হৈ পৰে। তেওঁলোকে ভাৱে আশা এক অযুক্তিকৰ কথা আৰু নিৰাশ হৈ বহি থকাটোক তেওঁলোকে জীৱনৰ বাস্তৱতা বুলি ধৰি লয়। এইবোৰ মানুহৰ লগত মই সহমত হ’ব নোৱাৰিলোঁ। আজিও জগতত আশাৰ সঞ্চাৰ কৰিবলৈ হ’লে আমি আমাৰ বুদ্ধি আৰু ক্ষমতাৰ ব্যৱহাৰ কৰিব লাগিবই। (বাৰ্ট্ৰাণ্ড ৰাছেল।)

৭১)প্ৰায় তিনিশখন খেলত মই পৰাজয় বৰণ কৰিছিলোঁ। মই মোৰ গোটেই খেলুৱৈ জীৱনত ন হাজাৰতকৈও অধিকবাৰ লক্ষ্যভ্ৰষ্ট হৈছিলোঁ। তৎসত্ত্বেও বিজয়সূচক লক্ষ্যপ্ৰাপ্তিৰ বাবে বলটো মোৰ হাততেই তুলি দিয়া হৈছিল। মই বাৰে বাৰে অসফল হৈছিলোঁ। আৰু সেইবাবেই আজি মই সফল। (মাইকেল জৰ্ডান।)

৭২)যিজনে দুহাতেৰে শ্ৰম কৰে, তেওঁ এজন শ্ৰমিক; যিজনে দুহাতৰ লগতে মগজুৰেও শ্ৰম কৰে, তেওঁ হৈছে কাৰিকৰ; আনহাতে, যিজনে দুহাত আৰু মগজুৰ লগতে অন্তৰেৰে শ্ৰম কৰে— তেৱেঁই শিল্পী। (ছেইণ্ট ফ্ৰান্সিছ অৱ আছিছি।)

 

সংগ্ৰাহক: পংকজ জ্যোতি মহন্ত 


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

2 টা মন্তব্য আছে এই বিষয়ত- “মহৎ লোকৰ উক্তি-৩

  1. মইনা মেলৰ বিভিন্ন শিতানে কণ কণ ল’ৰা ছোৱালী আৰু চেমনীয়াহঁতৰ মনোৰঞ্জনৰ জৰিয়তে সিহঁতৰ জ্ঞানৰ বিকাশতো বৰঙণি যোগাব ।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।