সোণসেৰীয়া কথা (সংগ্ৰাহক – মোচুমী দাস)

সোণসেৰীয়া কথা (সংগ্ৰাহক – মোচুমী দাস)

১) দিনটোৰ ভিতৰত তুমি কি কি কাম কৰিলা বা কৰিব নোৱাৰিলা তাৰ বিতং খতিয়ান নোলোৱাকৈ টোপনিত নপৰিবা ৷ তুমি কৰিবলগীয়া উপযুক্ত কি কাম ভালদৰে কৰা হ’ল আৰু কৰিবলগীয়া কি কাম নকৰাকৈ ৰৈ গ’ল তাৰ হিচাপ ল’বা আৰু হিচাপ লোৱা হ’লে, নকৰিবলগীয়া যি কাম কৰা হ’ল তাৰ বাবে অনুশোচনা কৰি সেইবোৰ মনৰ পৰা মচি পেলাবা আৰু ভাল কামবোৰ মনত ৰাখি সন্তোষ মনেৰে শুবা ৷ 
― পাইথাগোৰাচ

২) যেতিয়া তুমি পৃথিৱীলৈ আহিছিলা কান্দি কান্দি আহিছিলা আৰু ওচৰ চুবুৰীয়াই হাঁহিছিল ৷ তুমি এনে কাম কৰিবা যাতে হাঁহি হাঁহি পৃথিৱীৰ পৰা যাব পাৰা, আনে যেন তোমাৰ নিমিত্তে হিয়া ঢাকুৰি কান্দে ৷
― পণ্ডিত হেমচন্দ্ৰ গোস্বামী

৩) সৰস্বতী পূজা কৰি জ্ঞানী হ’বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়াটো বেছি ভাল ৷ সৰস্বতী পূজাত টকা খৰচ কৰাতকৈ সেই টকাৰে গাঁৱে-ভূঞে পুথিভঁৰাল সজা ভাল ৷
― হেম বৰুৱা

৪) শ্ল’গানেৰে নহয়, কঠোৰ পৰিশ্ৰমেৰেহে আমি আমাৰ দেশৰ উন্নতি সাধিব পাৰিম ৷

― ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

৫) আত্মনিন্দা কৰিব জানিলে পৰনিন্দাৰ পাকত নপৰে ৷
― স্বামী বিবেকানন্দ

৬) দৰিদ্ৰতাৰ সন্মুখত সকলো আদৰ্শই অৰ্থহীন ৷
― এফ. নিৎচে

৭) নৈতিক সংযমেৰে নৈতিক বল পাব পাৰি ৷
― মহাত্মা গান্ধী

৮) একমাত্ৰ বৰ্তমানৰ মুহুৰ্তটোৰ বাহিৰে মানুহৰ বাকী গোটেই জীৱনটো স্মৃতিৰ সমষ্টি মাত্ৰ ৷ আনহাতে বৰ্তমানৰ মুহূৰ্তটো কেতিয়া কেনেকৈ পাৰ হৈ যায় মানুহে তাৰ ততকে ধৰিব নোৱাৰে ৷
― টেনেছি উইলিয়ামছ

৯) জীৱনত পাপ বুলি যদি কিবা থাকে, তেন্তে জীৱন সম্পৰ্কে হতাশ হোৱাটোকে পাপ বুলি ক’ব নোৱাৰি, আচল পাপ হ’ল জীৱনৰ বিপুল গৰিমা আৰু বৈভৱক অস্বীকাৰ কৰি আন এটা জীৱনৰ কাৰণে হামৰাও কাঢ়ি থকাটোহে ৷

― আলবেয়াৰ কেমু


সংগ্ৰাহক- মৌচুমী দাস

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।