অহংকাৰী গুৰুৰ অঘটন !

অহংকাৰী গুৰুৰ অঘটন !

এজন বৰ অহংকাৰী শিক্ষাগুৰু আছিল । তেওঁ ভাবিছিল সকলোৱে তেওঁক সন্মান কৰক। সমীহ কৰক। তেওঁৰ আশ্ৰমত শিক্ষাগ্ৰহণৰ বাবে কণ কণ শিশু ছাত্ৰ – ছাত্ৰীসকলক তেওঁ কৈ দিছে :- ” তোমালোকে মোক দেখা পোৱাৰ লগে লগে দুইহাত যোৰ কৰি ‘ গুৰুদেৱ প্ৰণাম ‘ বুলি ক’বা । দিনটোত যিমানবাৰ দেখা সিমান বাৰ ক’বা ” ।
কোনোবাই এই নিয়ম অমান্য কৰিলেই তেওঁ চৰ ভুকু শুধাইছিল । সেইবাবেই অাশ্ৰমৰ সকলোৱে তেওঁক খুব ভয় কৰিছিল আৰু তেওঁক দেখা মাত্ৰকে ” প্ৰণাম গুৰুদেৱ ” বুলি ওলগ জনাইছিল ।

এদিন গুৰুৱে আশ্ৰমৰ চেমনীয়া কেইজনমান ছাত্ৰক লগত লৈ ওচৰৰ পাহাৰটোলৈ বনভোজ খাবলৈ ওলাল ।

বনভোজথলীত ৰান্ধনীয়ে ভোজভাত ৰান্ধি থাকোঁতে গুৰুদেৱে ছাত্ৰকেইজনক লৈ পাহাৰৰ গছ-বন আৰু চৰাই-চিৰিকতিবোৰ চিনাকি কৰাই দিবৰ বাবে কিছু অভ্যন্তৰলৈ সোমাই গ’ল । আগে আগে গুৰু, পিছে পিছে ছাত্ৰ ।

” সৌডাল কদম গছ । সৌজনী ধনেশ চৰাই ” । এনেদৰে গুৰুদেৱ আগুৱাই গৈ আছে । ঘন লতা বনেৰে মুখখন আগুৰি থকা শুকান কুঁৱা এটাত হঠাৎ গুৰুদেৱ সোমাই পৰিল। তেওঁ তৰ্কিবই নোৱাৰিলে । ভাগ্য ভাল, প্ৰায় ১৫/১৬ ফুট দ কুঁৱাটোত পানী নাছিল, কিন্তু কীট পতংগৰে ভৰি আছিল । তেওঁ ভয়তে চিঞৰিব ধৰিলে ” মোক বচোৱা … মোক বচোৱা ” ।

ঘটনাৰ আকস্মিকতাত চেমনীয়া ছাত্ৰকেইজন কিং কৰ্ত্তব্য বিমূঢ় হৈ পৰিল । তথাপি তেওঁলোকে কুঁৱাটোৰ মুখখনৰ পৰা লতাবোৰ এৰুৱাই পেলালে আৰু তললৈ চাই মাত লগালে :- ” গুৰুদেৱ আপুনি ক’ত ? আৰু আপোনাক আমি এতিয়া কেনেকৈ উদ্ধাৰ কৰি আনিম ” ?

অন্ধকাৰ কুঁৱাটোৰ তলৰ পৰা গুৰুদেৱে তেওঁলোকক গছ-লতা-বনেৰে এডাল মজবুত আৰু দীঘল ৰছী তৈয়াৰ কৰি তললৈ নমাই দিবলৈ ক’লে । ছাত্ৰকেইজনে সেইমতে এডাল লতাৰ ৰছী তৈয়াৰ কৰি এটা মূৰ কুৱাঁটোৰ তললৈ পেলাই দিয়াত গুৰুদেৱে সেইডালত ধৰি ওপৰলৈ উঠি আহিবলৈ চেষ্টা কৰিলে । ছাত্ৰকেইজনে মৰোঁ জীও সোঁ আধিকৈ গুৰুদেৱক ৰছীডালেৰে টানিব ধৰিলে ।
কুঁৱাৰ পৰা গুৰুদেৱৰ মুখখন ওলাবলৈ পালেহে …..
ছাত্ৰকেইজনে ৰছীডাল এৰি দি দুইহাত যোৰ কৰি ” প্ৰণাম গুৰুদেৱ ” !!
গুৰুদেৱ গৈ আকৌ তলত পৰিল । তেওঁ চিঞৰিব ধৰিলে :- ” ঐ মূৰ্খহঁত ৰছীডাল কিয় এৰি দিলি ? আকৌ টান মোক !! এইবাৰ এৰি নিদিবি ” ।
ছাত্ৰহঁতে আকৌ তেওঁক টানিব ধৰিলে । কিন্তু কি হ’ব ? তেওঁলোকৰতো অভ্যাস হৈ গৈছে গুৰুদেৱক দেখাৰ লগে লগে ” প্ৰণাম গুৰুদেৱ” বুলি কোৱাৰ ।…
গুৰুদেৱ গৈ আকৌ তলত পৰিলগৈ । আকৌ চিঞৰিব ধৰিলে :- ” ঐ তহঁতে মোক নামাৰিবি ঐ । মোক ওপৰলৈ উঠি ল’বলৈ দে !! তাৰ পিছত কিমান প্ৰণাম কৰ কৰি থাকিবিহঁত ” ।

এনেদৰে চাৰি পাচঁবাৰ মান গুৰুদেৱ ওপৰলৈ উঠি আহে ।
আকৌ তলত পৰেগৈ । আকৌ উঠে। আকৌ পৰে ।

লাহে লাহে গুৰুদেৱৰ মাত নোহোৱা হৈ আহিল ।

ছাত্ৰকেইজন ঘামি জামি বনভোজথলীলৈ বুলি ঘুৰি আহিল ।
====================================
চিৰঞ্জী‌ৱ কুমাৰ গগৈ

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

2 টা মন্তব্য আছে এই বিষয়ত- “অহংকাৰী গুৰুৰ অঘটন !

  1. সুন্দৰ সাধুকথা! মনোগ্ৰাহী আৰু জ্ঞানাঙ্কুৰ স্ৰজনকাৰী!

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।