এজনী কণমানি ছোৱালীয়ে পইছা জমা থোৱা মাটিৰ কলহটো ভাঙি মুদ্ৰাখিনি এখন ৰুমালত বান্ধি ঘৰৰ পৰা ওলাই গ’ল ৷ তাই এখন ফাৰ্মাচীৰ কাউন্টাৰৰ সন্মুখত ঠিয় হ’ল ৷ ফাৰ্মাচীৰ মালিকৰ চকু পৰাত তাই কি বিচাৰিছে সুধিলে ৷ ছোৱালীজনীয়ে কলে – মই চমৎকাৰ কিনিব আহিছোঁ ৷ ফাৰ্মাচীৰ মালিকে উত্তৰ দিলে – ইয়াত চমৎকাৰ বেচিবলৈ নাই ৷
সেই সময়তে ফাৰ্মাচীলৈ অহা এজন লোকে তাইক মৰমৰে ওচৰলৈ মাতি ক’লে – চমৎকাৰ মই তোমাক বেচিম ৷ কিন্তু চমৎকাৰ তোমাক কিয় লাগে ? ছোৱালী জনীয়ে কলে – তাইৰ ককায়েকৰ অসুখ, মগজুত টিউমাৰ হৈছে ৷ ডাক্তৰে অপাৰেচন কৰিব কৈছে ৷ কিন্তু ঘৰত মা-দেউতাৰ হাতত থকা পইছা চিকিৎসাত শেষ হ’ল ৷ এতিয়া ডাক্তৰে কৈছে ভগবানৰ চমৎকাৰেহে ককায়েকক বচাব পাৰিব ৷ সেয়ে তাই নিজৰ জমা পইছাৰে চমৎকাৰ কিনিব আহিছে আৰু এইদৰে কৈ তাই পইছাৰ টোপোলাটো মুকলি কৰি গণটি কৰিব ধৰিলে ৷ নগদ ৫১টকা ওলাল ৷
ভদ্ৰলোকজন আছিল এজন নিউৰ’চাৰ্জন ৷ তেওঁ কলে তোমাৰ হাতত চমৎকাৰৰ উচিত মূল্যই জমা আছে ৷ এতিয়া মোক তোমাৰ ঘৰলৈ লৈ ব’লা ৷
ডা০ ভূপেন শইকীয়া
* চমৎকাৰৰ এই প্ৰচলিত সাধুটো মইনাহঁতে শুনি ভাল পাব বুলি মইনা-মেলত দিলোঁ৷
সুন্দৰ হৈছে, সৰু সৰু লৰা ছোৱালী ৰ বিষয়ে ভৱাৰ বাবে আপোনালোক ধন্যবাদ ৰ পাত্ৰ
আপোনাক অশেষ ধন্যবাদ! আশাকৰোঁ আমাৰ এই প্ৰকল্পৰ বিষয়ে আনকো অৱগত কৰিব আৰু আমাৰ যাত্ৰাৰ সহযাত্ৰী হ’ব । অনুগ্ৰহ কৰি কোনো ধৰণৰ লেখা-মেলা থাকিলে ইয়াত প্ৰকাশৰ বাবে পথাবচোন !
বৰ মনোগ্ৰাহী হৈছে
khoru lora suwalir monor dharona kahinitut prakakh pale.