সত্যনাথ বৰাৰ  “সাৰথি”ৰপৰা

সত্যনাথ বৰাৰ “সাৰথি”ৰপৰা

অন্যৰ প্ৰতি ব্যৱহাৰ

যিবিলাক মানুহেৰে তোমাৰ সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে- সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত ৷ ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ৷ সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, তথাপি চৰিত্ৰ সজ হ’লেই ব্যৱহাৰ সজ হয় বুলি ভবা উচিত নহয় ৷ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়, আকৌ অনেক কপটীয়া ছলাহী মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায় ৷ এতেকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই – ইতিকিং নকৰি মন দি শিকা উচিত ৷

মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ ৷ স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত সৰবৰহী হ’ব পাৰি ৷ তোমালৈ আনৰ মৰম ভক্তি জন্মোৱা সজ ব্যৱহাৰৰ মুখিয়াল উদ্দেশ্য ৷ ব্যৱহাৰত মিঠা মাতৰ নাটনি হ’লে সেই উদ্দেশ্য সিদ্ধ নহয় ৷ মিঠা মাত ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা ৷ গঢ়ত প্ৰতিমা বিতোপন হ’লেও, ৰহণ নলগালে শুৱনি নহয় ৷ সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নিদিলে সি মানুহৰ মনত সন্তোষ লগাব নোৱাৰে ৷ মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰৱ ৰুগীয়াক দিয়ে ৷

অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত, কিন্তু নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুণি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয় ৷ এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ৷ সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে ৷ সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অচল, তিতা মাতেই সকলোকে ঢাকি পেলায় ৷ তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে, অৰ্বুদ দানৰ ফল একে নিমিষতে লয় হয় ৷ এইদেখি জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে ৷

behave

নম্ৰতা সজ ব্যৱহাৰৰ অনুপান ৷ উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে ৷ সেইদৰে সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয় ৷ দম্ভালি কথাই মানুহৰ কাণত কাঁড় ফুটা দিয়ে, সেইদেখি আনৰ লগত আলাপ – আচৰণ কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত ৷ বহুতে ভাবে যে লোকৰ আগত নম্ৰ হ’লে নিজক সৰু বা লঘু কৰা হয় ৷ এই বিশ্বাস ভুল ৷ নম্ৰতা ডাঙৰ আশয়ৰ চিন, তাৰপৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় ৷ নম্ৰতা এটা মনৰ গুণ , মিঠা মাত তাৰ ফল ৷ মনত নম্ৰতাৰ ভাব থাকিলে মুখেৰে আপোনা – আপুনি মিঠা মাত ওলায় ৷ মনত অহংকাৰ ৰাখি মুখে নম্ৰ হ’লে মানুহক চল কৰা হয় ৷ তেনেকুৱা আচৰণ অনুচিত ৷ ব্যৱহাৰত মনে – মুখে একে হ’বলৈ সততে চেষ্টা কৰা যুগুত ৷

আনৰ ভাল গুণ প্ৰয়োজন অনুসৰি ফুটাই বখনা উচিত ৷ কোনো কোনোৱে ভাবিব পাৰে যে আনক বখানিলে নিজক সৰু পতা হয় , কিন্তু দৰাচল পক্ষত তাৰপৰা বখানোতাৰ মহত্ত্বহে প্ৰকাশ পায় ৷ গুণীৰ গুণ তাৰ মুখৰ আগত বখনা অযুগুত; মুখৰ আগত বখানিলে নিন্দা কৰা যেন হয়, আৰু সিজনে তোমাক চাটুকাৰ বুলি ভবাৰো আটক নাই ৷ সমুখত প্ৰসংশা কৰা চাটুকাৰৰ স্বভাৱ ৷ চাটুকাৰক মূৰ্খ বা দাম্ভিক লোকে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ঘিণায় ৷ কোনো মানুহৰ গুণৰ কথা তাৰ সমুখতেই ক’বলগীয়া হ’লে সংক্ষেপ কৰি কোৱা উচিত, ব্যাখ্যা কৰি বহলাই কোৱা উচিত নহয় ৷এজনৰ গুণৰ কথা আন এজনৰ আগত কোৱালে ভাল, কিয়নো তাৰপৰা তোমাৰ সৰলতাৰ চিনাকি পোৱা যায় আৰু গুণীজনৰ উপকাৰ হয় ৷ মানুহে নিজৰ গুণৰ কথা নিজ মুখে আনৰ আগত ক’ব নোৱাৰে, সেইকাৰণে বন্ধু – বান্ধৱৰপৰা সিদ্ধ হ’ব লাগে ৷

সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে ৷ গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ ৷ অনেক মানুহে এই গুণৰ অভাৱত বন্ধু – বান্ধৱ হেৰুৱায় আৰু আনৰ গৰিহণা খায় ৷ গুপ্ত কথা লুকাই ৰখা বৰ টান কাম; তুমি নকওঁ বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াই আনিব নোৱাৰে ৷ কেতবোৰ মানুহে লগ – লগৰীয়াক হঁহুৱাবলৈ আনৰ গুপ্ত কথা সদৰী কৰে ৷ এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ৷ সিহঁতে লোকৰ বেয়া হওক বুলি মনে জানি গুপ্ত কথা প্ৰকাশ নকৰে, কেৱল পাতল স্বভাৱ দোষত হঠাৎ কেতিয়াবা কৈ পেলায় ৷ সিহঁতে নিজৰ গুপ্ত কথাও পেটত ৰাখিব নোৱাৰে , তাকো আনৰ আগত কৈ নিজৰ বিপদ নিজে মাতি আনে ৷ গুপ্ত কথা লোকৰেই হওক বা নিজৰেই হওক সদায় লুকাই ৰখা উচিত ৷ লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে, আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে ৷দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি ক’লে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয় ৷ লোকৰ গুপ্ত কথা সম্বন্ধে আৰু বিবেচনা কৰি চোৱা উচিত যে, যি মানুহে তোমাৰ আগত তাৰ গুপ্ত কথা ভাঙি কয়, তুমি সেই কথা বিশ্বাসত ৰাখিবা বুলি আশা কৰে, এনে ক্ষেত্ৰত কথাটো প্ৰৌঢ়ী কৰি সমাজত তাৰ হাঁহিয়াত কৰা কোনোমতে যুগুত নহয়, তেনে কৰিলে বিশ্বাসঘাতকতা কৰা হয় ৷ যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে , তেনে কথাও সাৱধানে লুকাই ৰাখিব লাগে ৷ এইদৰে গুপ্ত কথা লুকাই ৰাখিব পাৰিলে সকলোৰে সঁজাতী হ’ব পাৰি ৷ যি মানুহে পেটত কথা ৰাখিব নোৱাৰে সি আনৰ গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰা উচিত নহয়, আৰু আনে ক’ব খুজিলেও শুনিবলৈ মান্তি হোৱা অনুচিত ৷

লোকৰ দোষ খুঁচৰি ফুৰা বহুত মানুহৰ স্বভাৱ, কিন্তু তাৰপৰা কাৰো কোনো উপকাৰ নহয় ৷ যি আনৰ দোষ বিচাৰি ফুৰে সি তাৰ নীচ আশয়ৰ চিনাকি দিয়ে আৰু যাৰ দোষ বিচাৰে তাৰ কোপত পৰে ৷ এতেকে সততে আনৰ দোষৰ ভাগ এৰি দি গুণৰ ভাগ ধৰাই শ্ৰেয়স্ ৷ কোনো মানুহৰ বিষয়ে কথা ক’ব লাগিলে তাৰ যি গুণ আছে তাকেহে কোৱা উচিত , নাইবা মুঠে একো নোকোৱাও ভাল ৷ যি মানুহে যি কথা শুনিবলৈ ভাল নাপায়, সেই কথা তাৰ আগত কোৱা উচিত নহয় ৷ কোনো মানুহৰ শৰীৰত কোনো খুঁত থাকিলে তাকে ধৰি ভেঙুচালি বা বিগতি কৰা অনুচিত ৷ বিগতি ভেঙুচালি বহুৱাৰ কাম; তেনে কাম আনে কৰা অযুগুত ৷ সকলোৰে সৈতে গহীন হৈ চলাই ভাল, কিয়নো গহীনালিৰ লগত উপলুঙালি বা পাতলালি থাকিব নোৱাৰে ৷ ভেঙুচালি উপলুঙালিৰ ফল ৷ এতেকে য’ত উপলুঙালি নাই, তাত ভেঙুচালিও থাকিব নোৱাৰে ৷ আনৰ আগত নিজৰ গুণৰ কথা ক’ব নালাগে ৷ নিজৰ মুখত নিজৰ গুণ আনৰ কাণত বিহ যেন লাগে ৷ নিজৰ গুণ নিজে বখানিলে গুণৰ গৌৰৱো নাথাকে ৷ আন মানুহৰ লগত মেল কৰোঁতে বিশেষ প্ৰয়োজন নাথাকিলে নিজৰ কথা সৰহকৈ নোকোৱাই ভাল ৷

পৃথিৱীত নানা ৰকমৰ মানুহ আছে, কোনো সাধু, কোনো চোৰ, কোনো শঠ, কোনো সৰল, কিন্তু কোনটো কোনবিধৰ তাক দেখিলেই চিনিব নোৱাৰি; কাৰণ বহুত চোৰেও আনক ছলিবলৈ সাধুৰ ভাও ধৰে ৷ এতেকে অচিনাকি মানুহক পোনপ্ৰথমে বিশ্বাস কৰা যুগুত নহয় ৷ কোনো মানুহক শঠ বুলি জানিব পাৰিলে তাৰ লগত সম্বন্ধ ছিঙি দিয়া উচিত ৷ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ৷

সংসাৰত মানুহৰ অৱস্থ সদায় সমানে নাথাকে ৷ একালৰ আঢ্যৱন্ত একালত দৰিদ্ৰ হয় ৷ তেনেকুৱা মানুহৰ লগত ব্যৱহাৰ কৰোঁতে আঢ্যৱন্ত অৱস্থাত তাৰ লগত যেনেৰূপে ব্যৱহাৰ কৰা হৈছিল, দৰিদ্ৰ অৱস্থাতো তেনেৰূপেই ব্যৱহাৰ কৰা উচিত ৷ আঢ্যৱন্ত অৱস্থাত মান দেখুৱাই দৰিদ্ৰ অৱস্থাত অমান্য কৰা ভাল নহয় ৷ সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইতিকিং কৰা সৰু মনৰ চিন ৷ সামান্য মানুহ ডাঙৰ হ’লেও তাৰ প্ৰতি ব্যৱহাৰ সলোৱা উচিত অৰ্থাৎ তাৰ লগত আগে যেনে ব্যৱহাৰ কৰিছিলা, বিদ্যা বুদ্ধিৰ বলত সি ডাঙৰ হৈ উঠাতো তেনে ব্যৱহাৰ কৰা উচিত নহয় ৷ তেতিয়া সি তাৰ অৱস্থা অনুৰূপ মান – সৎকাৰ পাব লাগে ৷

কোনো কোনো মানুহে মান্যৱন্ত লোকক অমান্য কৰিলে পুৰুষালি কৰা যেন পায়, সেই দেখি চল পালে অমান্য কৰিবলৈ নেৰে ৷ কিন্তু সিহঁতে ভাবি নাচায় যে মান্যৱন্তক অমান্য কৰি তাৰ মূল্য কমাব নোৱাৰি ৷ সোণৰ জেউতি অমান্য কৰিলে নকমে ৷

তলতীয়া সামান্য মানুহবিলাকক মৰম কৰি চলা উচিত, আৰু সিহঁতক সম্বোধন বকৰোঁতে তুমি বুলি সম্বোধন কৰা ভাল ৷ তই কথা বৰ নিকৃষ্ট, তাৰ লগুৱা ভণ্ডাৰীৰ বাজে আন মানুহৰ প্ৰতি ব্যৱহাৰ কৰা যুগুত নহয় ৷ নিজৰ ল’ৰা – ছোৱালীকো তুমি বোলা উচিত ৷

(বি. দ্ৰ. — কথাখিনি ‘সাৰথি’ৰ লগত অবিকল ৰখা হৈছে ৷ প্ৰকাশিত পুথিখনৰপৰা মাত্ৰ দুটা বানানৰ বৰ্তমান গ্ৰহণ কৰা ৰূপ দিয়া হৈছে ৷)

(– দে‌ৱ ভূষণ মহন্ত)


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।