ক) চিত্ৰত দেখুৱাৰ দৰে এটা পাত্ৰ কাগজেৰে সাজি লোৱা । তাতে অলপ পানী দি মমৰ শিখাৰে উত্তাপ দিয়া। কি দেখিলা ? কিছু সময়ৰ পাছত পানী উতলিবলৈ ধৰিছে । কিয় বাৰু ?
কাগজৰ জ্বলনাংক পানীৰ উতলাংকতকৈ বেছি হোৱাৰ বাবে এনে হয় । মম শিখাৰ উত্তাপ পানীয়ে শুহি লোৱাৰ বাবে কাগজখন জ্বলিবলৈ প্ৰয়োজন হোৱা উত্তাপখিনি নাপায় ।
খ) সোঁহাতৰ চিত্ৰত দেখুৱাৰ দৰে দুটা সমান জোখৰ বটল লোৱা । এতিয়া এটা বটলত ৰঙীন গৰম পানী আৰু আনটো বটলত চেঁচা পানী ভৰাই লোৱা । এখন ডাঠ কাগজৰ সহায়ত চেঁচা পানীৰ বটলটো ওপৰত ওভোটাই ধৰা । কাৰ্ডখন লাহেকৈ আঁতৰাই নিয়া । কি দেখিলা ?
তলৰ ৰঙীন পানীখিনি ওপৰৰ চেঁচা বটলটোলৈ উঠি আহিব । কিয় বাৰু ?
গৰমা পানী চেঁচা পানীতকৈ পাতল বাবে এনে হয় । কৰি চোৱাচোন ।
যুগতালে — শৈলেন্দ্ৰ বৰাই