চোৰ খেদা যন্ত্ৰ : চাইৰেণ ::

চোৰ খেদা যন্ত্ৰ : চাইৰেণ ::

এই যন্ত্ৰ ঘৰৰ দু‌ৱাৰ খিৰিকীত লগাই চোৰ-ডকাইতৰপৰা ঘৰৰ মূল্য‌ৱান সামগ্ৰী যতনে ৰাখিব পৰা যাব ।ই চকীদাৰৰ দৰে কাম কৰে । ৪.৫ ভল্ট ডিচি (অৰ্থাৎ তিনিটা পেঞ্চিল বেটাৰী, নাইবা ৪.৫ ভল্ট এডাপ্তৰ লগাই এচি কাৰেন্টতো চলাব পৰা যাব )  ৰ সহায়ত কাৰ্যক্ষম হো‌ৱা এই যন্ত্ৰৰ আকৃতি তেনেই সৰু । চিত্ৰত দেকু‌ৱাৰ দৰে A আৰু B বিন্দু দুটা এডাল পৰিবাহী ‌ৱাৰেৰে সংযোগী হৈ থাকে । যেতিয়াই এই ‌ৱাৰডাল এৰাই যায় , অৰ্থাৎ যেতিয়া চোৰে দৰ্জা বা খিৰিকী খোলোতে এই ‌ৱাৰডাল এৰাই যাব, তেতিয়াই যন্ত্ৰটো সক্ৰিয় হৈ উঠিব আৰু চাইৰেণ বজাৰ দৰে শব্দ কৰিব । এই শব্দ শুনিলে ঘৰৰ মানুহ সাৰ পাব আৰু চোৰ পলাবলৈ বাধ্য হ’ব ।

1

A আৰু B কানেক্ট হৈ থকা সময়ত বৰ্তনীত থকা ৰেজিষ্টাৰ (R)ৰ মাজেৰে অতি কম পৰিমাণৰ (মাইক্ৰ এম্পিয়াৰ হিচাপত) বিদ্যুৎ পৰিবাহিত হয় । ট্ৰেনজিষ্টৰ T1, NPN-ধৰণৰ হো‌ৱাত ই কাৰ্যক্ষম হ’বলৈ ‘বেচ’ত পজিটিভ ভল্টেজৰ প্ৰয়োজন হয় । কিন্তু A আৰু B কানেক্টেড হৈ থকাৰ ফলত বে’চ নিগেটিভ হৈ থাকিব । ফলত T1 টো নিস্ক্ৰীয় হৈ থাকে । কিন্তু A-B ৰ মাজত কানেকচন নাইকীয়া হৈ গ’লেই ইয়াৰ বেচত পজিটিভ ভল্টেজ আহি যায় ।ফলত ই সক্ৰীয় হৈ এমিটাৰলৈ বিদ্যুৎ প্ৰ‌ৱাহিত হ’বলৈ ধৰে  আৰু ৰেজিষ্টাৰ R2ৰ দুই মূৰে ভল্টেজ যোগান সমানে হয় । এই ভল্টেজৰ সহায়ত T2 আৰু T3 ও সক্ৰীয় হৈ পৰে । ইয়াত ত্ৰেনজিষ্টৰ T2 আৰু T3 তেতিয়া অচ্চিলেটৰ হিচাপে ব্য‌ৱহৃত হৈ উচ্চ কম্পনাংকৰ সৃষ্টি হয় । এই কম্পনাংককেই যেতিয়া লাউডস্পীকাৰৰ মাজেৰে পাৰ কৰি দিয়া হয়, তেতিয়া খুব উচ্চ স্বৰত চাইৰেণৰ দৰে শব্দৰ সৃষ্টি হয় । অপ্ৰয়োজনীয় সময়ত চাৰ্কিটটো নিস্ক্ৰীয় কৰি ৰাখিবলৈ S1 চুইচ্চ ব্য‌ৱহাৰ কৰা হৈছে ।

প্ৰয়োজনীয় সামগ্ৰীসমূহ :-

কেপাচিটৰসমূহ-

C1- 50 MFD /10 V,

C2- 0.02 MFD,

C3- 1000 MFD/10V

C4- 0.1 MF,

ডায়ড- D1- IN4148

লাউডস্পীকাৰ – 4 Ω  or 8 Ω

Resistor : R1—- 1 MW,  R2- 220K Ohm, R3—100k Ohm, R4—-3.3K Ohm, R5—-47kOhm

S1- চুইচ্চ,

ট্ৰেনজিষ্টৰ : T1—- BC 148, T2—-BC147, T3—- SK100

 

—যুগুতালে : প্ৰফুল্ল বৰাই


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।