কাইলৈ মোৰ পৰীক্ষা
কি যে হ’ব ভাই,
পঢ়াৰ মেজত বহিলেই
দেখোন টোপনি আহি যায় ।
টোপনিক খেদিবলৈ মোৰ
কিমান যে কত বুদ্ধি,
তথাপিও দেখোন এতিয়ালৈকে
কামটো হোৱা নাই সিদ্ধি !
প্ৰথমেই গৈ পাকঘৰত সোমালোঁ
মায়ে ৰান্ধি আছে মাংস,
লিভাৰ এটুকুৰা মুখত দি চাওঁ
হয়েইবা টোপনি ধ্বংস !
মাংসৰ সোৱাদ লৈ মহা আনন্দৰে
পঢ়াৰ মেজত বহিলোঁহি পুনৰ,
প্ৰথমটো অংক পাতি থাকোঁতেই
টোপনিয়ে দিলেহি টোকৰ ।
চকু দুটা মোহাৰি এইবাৰ
পালোঁগৈ দেউতাৰ কাষ,
টিভিত অকণ বাতৰি চাই লৈ
কৰিম মই টোপনি নাশ ।
এটা বাতৰি শেষ নহওঁতেই
দেউতাই দিলে মোক ধমক,
“কাইলৈ যে তোৰ পৰীক্ষা আছে,
দেখুৱাবিনে কিবা চমক ?”
দেউতাৰ মুখত ইতিকিং শুনি
দুপদুপকৈ মাৰিলোঁ লৰ,
ঐকিক নিয়মৰ অংক এটাত
চকু মোৰ হ’লগৈ থৰ ।
তিনি ভাগৰ বৰ নেওতাতে
উত্তৰটো আছিল লুকাই,
পিছে,বহীখন টানি লিখিবলৈ লওঁতেই
টোপনি আহিল দুৱাৰেদি সোমাই ।
চকু দুটা পানীৰে তিয়াই
বাইদেউৰ কোঠালৈ এইবাৰ গ’লোঁ,
‘টোপনি ভঙা মলম আছে নেকি?’
মৰমেৰে সুধি চালোঁ ।
মলমৰ সলনি বাইদেৱে মোক
‘দম’ এটাহে দেখোন দিলে,
“পঢ়া-শুনাৰ ধাণ্ডা নাই,
ওলাই যা ভালে ভালে !”
বাইদেউৰ তৰ্জন-গৰ্জনত
শৰীৰ কঁপি গ’ল মোৰ,
মলম বিচৰা আখ্যানৰো
ইয়াতে পৰিল ওৰ ।
টোপনিয়াই টোপনিয়াই খোজ কাঢ়ি
নিজৰ কোঠালৈ পুনৰ গ’লোঁ;
চকীখন টানি,পদ্মাসনত বহি,
কিতাপখন অংকৰ উলিয়াই ল’লোঁ।
সেই সময়তে কোঠাৰ লাইটটো
ধিপিককৈ নুমাই থাকিল,
মনৰ আনন্দতে মোৰ ভিতৰৰ পৰা
চিঞৰ এটা ওলাই আহিল ।
“গ’ল,গ’ল,গ’ল
লাইনটো আকৌ গ’ল,
চোতালত বহি আইতাৰ লগত
সাধুকথা শুনিবৰ হ’ল ।”
গান গাই গাই আইতাৰ ওচৰতে
বহিলোঁ কঠ এখন পাৰি,
টোপনিয়ে তেতিয়া পদূলি-মূৰত ৰৈ
কি জানো আছিল ভাবি !
=======================================================================
(-ঈশানজ্যোতি বৰা)
ভাল লাগিল
মনটোত ভাকুট্কুটাই যোৱা এটা মৰমলগা পদ্য। মন প্ৰাণ সজীৱ কৰি তুলিলা ঈশান !! ধন্যবাদ দেই
বৰ ভাল লাগিল ।মোৰেই আবৃত্তি কৰিবৰ মন গৈছে 🙂