আমাৰ প্ৰতিবেশী সৌৰজগত (পংকজ বৰু‌ৱা)

আমাৰ প্ৰতিবেশী সৌৰজগত (পংকজ বৰু‌ৱা)

আলফা চেণ্টাউৰি তৰা প্ৰণালী —

সূৰ্য্যক বাদ দিলে পৃথিৱীৰ আটাইতকৈ ওছৰৰ নক্ষত্ৰতো এই তৰা প্ৰণালীতে অৱস্থিত যাক আমি প্ৰক্সিমা চেণ্টাউৰি নামেৰে জানো৷ এই প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহ উপগ্ৰহ ধুমকেতু গ্ৰহাণু আদিৰ সমষ্টি যি সৌৰজগত সেইখনে হ’ল আমাৰ সৌৰজগতৰ প্ৰতিবেশী সৌৰজগত৷ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰ আমাৰ পৰা ৪.২৪ আলোকবৰ্ষ দূৰত অৱস্থিত মানে এই নক্ষত্ৰৰ পৰা পোহৰক চেকেণ্ডত ৩ লাখ কিঃমিঃ বেগেৰে আহিবলৈও ৪.২৪ বৰ্ষ লাগে৷

মানৱজাতিৰ বুদ্ধিৰ বিকাশ হোৱাৰ দিনৰ পৰাই এই অনন্ত আকাশত তিৰবিৰাই থকা তৰা সমূহৰ প্ৰতি কৌতূহলৰ অন্ত নাই কত কাহিনী উপন্যাস গল্প লিখিলে কবি সাহিত্যিকে কত বোলছবি নিৰ্মাণ হ’ল অনন্ত আকাশক লৈ৷ আকাশৰ তৰা সমূহক জনাৰ ইহঁতৰ বিষয়ে অধ্যয়ন কৰাৰ বাবে আদিম কালৰে পৰা নানা সজুঁলি যন্ত্ৰ পাতি নিৰ্মাণৰ বাবে মানুহে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু এনে প্ৰচেষ্টাৰ ফলতেই দূৰবীণ, মহাকাশযান আদিৰ দৰে উন্নত সা সৰঞ্জাম প্ৰস্তুত হৈছে যিয়ে মহাকাশৰ বহু ন ন ৰহস্য নিতৌ উজাগৰ কৰি আহিছে৷ আজিৰ সময়ত মানুহে শক্তিশালী দূৰবীণৰ সহায়ত অনন্ত আকাশৰ গভীৰতাত থকা বিভিন্ন তৰা নক্ষত্ৰ গ্ৰহ আদিবোৰক অধ্যয়ন কৰিছে আৰু ক’ৰবাত জীৱন আছে নি তাৰ সম্ভেদ উলিয়াবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে৷ মহাকাশ যানত গৈ চন্দ্ৰ পৃষ্ঠত মানুহে পদাৰ্পণ কৰিলে, মংগল গ্ৰহত যন্ত্ৰ মানৱ আৱতৰণ কৰালে, বৃহস্পতি, শনি শুক্ৰ আদি গ্ৰহৰ কাশেৰে মহাকাশ যান গৈ এইবোৰৰ বিষয়ে অধ্যয়ন কৰিলে কিন্তু আমাৰ সৌৰজগতত পৃথিৱীৰ বাদে আজিলৈকে ক’তো জীৱৰ সম্ভেদ নাপালে৷ এই বাৰ মানৱ জাতিৰ জীৱন সন্ধানৰ নতুন লক্ষ্য হ’ল আল্ফা চেণ্টাউৰি তৰা প্ৰণালীত থকা নক্ষত্ৰ সমূহক প্ৰদক্ষিণ কৰা গ্ৰহসমূহ কাৰণ এই তৰা প্ৰণালীয়ে হ’ল আমাৰ আটাইতকৈ ওছৰত থকা প্ৰতিবেশী তৰা প্ৰণালী৷

আজিৰ সময়ত পৃথিৱীৰ সকলো মহাকাশ বিজ্ঞানীয়ে অনন্ত আকাশত কেৱল জীৱন সন্ধানত ব্যস্ত, লাগিলে সেই জীৱন সূক্ষ্মৰ পৰা সূক্ষ্মই কিয় নহওক৷ অনন্ত আকাশত জীৱন সন্ধান কৰা সহজ নহয়, জীৱৰ সন্ধান কৰাটো মাত্ৰ এক সম্ভাৱনাৰ ওপৰত প্ৰতিষ্ঠত, আলফা চেণ্টাউৰিৰ তৰা প্ৰণালীতো জীৱন থকাৰ সম্ভাৱনাৰ কথাহে আশা কৰিব পাৰি নিশ্চিত কৈ ক’ব নোৱাৰি জীৱন আছে বুলি৷ এই তৰা প্ৰণালীৰ সংৰচনা অতিকৈ জটিল, প্ৰথমে ইয়াত দুটা তৰা আছে বুলি ভৱা হৈছিল কিন্তু সকলোকে আচৰিত কৰি ইয়াত তৃতীয়টো তৰা থকাৰ কথা ধৰা পৰে আৰু সেই তৰাই সূৰ্য্যক বাদ দিলে পৃথিৱীৰ আটাইতকৈ ওছৰৰ নক্ষত্ৰ হিচাপে পৰিগণিত হয়৷

১৬৮৯ চনত পণ্ডিচেৰীত মহাকাশবিজ্ঞানী জিম ৰিচাৰ্ডে কোনোবা এটা গ্ৰহাণুৰ বিষয়ে অধ্যয়ন কৰি আছিল তেনেতে তেওঁ হঠাৎ আলফা চেণ্টাউৰি নক্ষত্ৰক দেখা পায় আৰু তেওঁ দেখিলে যে এইটো চোন এটা তৰা নহয় দুটা তৰাৰ সমষ্টিহে, যি ইটো সিটোৰ যথেষ্ট ওছৰত অৱস্থান কৰি আছে যাৰ বাবে পৃথিৱীৰ পৰা চালে এটা তৰা যেন লাগে, এনেদৰেই জিম ৰিচাৰ্ডে আলফা চেণ্টাউৰিৰ নক্ষত্ৰ প্ৰণালীক দেখা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়৷ আলফা চেণ্টাউৰি নক্ষত্ৰ ৰাতিৰ আকাশত আমি দেখা পোৱা তৃতীয় উজ্জ্বল নক্ষত্ৰ যাক খালি চকুৰে দেখা পোৱা যায়৷ আলফা চেণ্টাউৰিৰ তৰা প্ৰণালীৰ এই দুই নক্ষত্ৰক আজি আমি এটাক আলফা চেণ্টাউৰিৰ এ আৰু আনটোক আলফা চেণ্টাউৰি বি নামেৰে জানো৷ ১৯ শতিকাৰ শেষলৈকে এই যুগল তৰাদ্বয়ৰ বিষয়ে বহু ৰহস্য উদ্ঘাটন হয়৷ এই দুই নক্ষত্ৰই এক উমৈহতীয়া বিন্দুক কেন্দ্ৰ কৰি ইটোৱে সিটোক পৰিক্ৰমা কৰি আছে৷ এই তৰা প্ৰণালীৰ আলফা চেণ্টাউৰি এ আটাইতকৈ ডাঙৰ নক্ষত্ৰ৷ এই তৰা প্ৰণালীক একেলগে আলফা চেণ্টাউৰি এবি বুলিও কোৱা হয় ইয়াক লিগেল কণ্টেৰিয়াছ নামেৰেও জনাজাত৷

আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ নক্ষত্ৰ সমূহক যদি আমাৰ সূৰ্য্যৰ লগত তুলনা কৰা হয় বহু আকৰ্ষণীয় তথ্য পোহৰলৈ আহে৷ আলফা চেণ্টাউৰি এ এই তৰা প্ৰণালীৰ মুখ্য তৰা এই তৰাৰ আকাৰ আমাৰ সূৰ্য্যত কৈও ডাঙৰ ইয়াৰ ব্যাস ৮.5 লাখ কিঃমিঃ কৈ বেছি৷ আলফা চেণ্টাউৰি এ নক্ষত্ৰ হালধীয়া ৰঙৰ আৰু এই নক্ষত্ৰ সূৰ্য্যত কৈ প্ৰায় ২২% বেছি ডাঙৰ, আৰু ভৰ সূৰ্য্যতকৈ ১০% বেছি আৰু উজ্জ্বলতাৰ দিশৰ পৰা সূৰ্য্যত কৈ ১.৫ গুণ বেছি উজ্জ্বল৷ আলফা চেণ্টাউৰি এ নক্ষত্ৰই নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ২২ দিনত এপাক ঘূৰে আনহাতে সূৰ্য্যই ২৫ দিনত এপাক সম্পূৰ্ণ কৰে৷

আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ দ্বিতীয় নক্ষত্ৰ হ’ল আলফা চেণ্টাউৰি বি যাক সহ নক্ষত্ৰ বুলিব পাৰি, এই নক্ষত্ৰ আকাৰত সূৰ্য্যত কৈ সৰু আৰু ঠাণ্ডা হোৱাৰ বাবে ইয়াৰ ৰং কমলা ৰঙৰ দেখা যায়৷ আলফা চেণ্টাউৰি বিৰ ব্যাস প্ৰায় ৬ লাখ কিঃমিঃ যি সূৰ্য্যত কৈ ১৪% কম, ভৰৰ ক্ষেত্ৰত সূৰ্য্যত কৈ ১০% কম ইয়াৰ আৱৰ্তন কাল ৩৬ ৰ পৰা ৪১ দিনৰ ভিতৰত হ’ব পাৰে বুলি অনুমান কৰা হৈছে৷ আলফা চেণ্টাউৰি তৰা প্ৰণালী আমাৰ পৰা ৪.৩৪ আলোক বৰ্ষ দূৰত অৱস্থিত৷ যদি আমি ভৱিষ্যতে এই তৰা প্ৰণালীৰ দিশে যাওঁ তেন্তে কাষ চাপি যোৱাৰ লগে লগে এই তৰাক এটা বিন্দুৰ ঠাইত দুটা বিন্দু দেখিবলৈ পাম৷ এই দুই তৰাই ৭৯.৯২ বৰ্ষত ইটোৱে সিটোৰ এবাৰ পৰিক্ৰমা সম্পূৰ্ণ কৰে, এই অৱস্থাত এই দুই নক্ষত্ৰ ইটোৱে সিটোৰ বহু কাষ চাপি আহে আৰু তেতিয় ইহঁতৰ মাজৰ দূৰত্ব মাথোঁঁ ১১.২ AU হে থাকেগৈ, ১.৬৮ বিলিয়ন এই দূৰত্ব আমাৰ সূৰ্য্য আৰু শনিগ্ৰহৰ মাজৰ দূৰত্বৰ প্ৰায় সমান৷ আটাইতকৈ দূৰত থকা সময়ত এই দুই তৰাৰ মাজৰ দূৰত্ব ৩৫.৬ AU পৰ্যন্ত দূৰত্বলৈকে আঁতৰি যায় ৫.৩৩ বিলিয়ন কিঃমিঃ ৰ এই দূৰত্ব আমাৰ সূৰ্য্য আৰু বামণ গ্ৰহ প্লুটোৰ দূৰত্বৰ প্ৰায় সমান৷ এই তৰা প্ৰণালীৰ ভৰ আমাৰ সূৰ্য্যৰ ভৰৰ প্ৰায় দুগুণ৷ এই তৰা প্ৰণালী আমাৰ সূৰ্য্যৰ জন্মতকৈও বহু কোটি বছৰৰ আগত জন্ম হোৱা৷ এই তৰা প্ৰণালীত আমাৰ সৌৰজগতত কৈও বহু কোটি বছৰ পুৰনা ৰহস্য থকাৰ সম্ভাৱনা আছে, এই তৰা প্ৰণালীৰ কথা টলেমিৰ দ্বিতীয় শতিকাৰ নক্ষত্ৰৰ তালিকাতো উল্লেখ আছিল মানে টলেমিৰ সময়ত তেওঁৰ জন্মস্থান ইজিপ্তৰ আলেকজেন্দ্ৰিয়াৰ পৰাও এই তৰা প্ৰণালী দৃশ্যমান আছিল আজিৰ সময়ত আলেকজেন্দ্ৰিয়াৰ পৰা এই তৰা প্ৰণালী কিন্তু দেখা পোৱা নাযায় ইয়াৰ কাৰণ হ’ল প্ৰতিটো নক্ষত্ৰৰ এক উচিট গতি থাকে এই গতিৰ বাবে কোনো তৰাই একে স্থানত নাথাকে সেয়ে এটা তৰা একেটা স্থানৰ পৰা সদায় নেদেখি অৱশ্যে এনে পৰিবৰ্তনৰ বাবে সময় লাগে৷

বিংশ শতিকাৰ আৰম্ভণিতে এই আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ বিষয়ত আৰু এক নতুন ৰহস্য উদ্ঘাটন হয়৷ ১৯১৫ চন জোহান্সবাৰ্গ দক্ষিণ আফ্ৰিকাত স্কটিচ মহাকাশ বিজ্ঞানী ৰবাৰ্ট টি এ ইনেচে আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ ওচিত গতিৰ বিষয়ে অধ্যয়ন কৰি আছিল আৰু সেই বছৰতে শতিকাৰ মহাকাশ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ প্ৰকাশ কৰিছিল৷ ৰবাৰ্ট টি এ ইনচে আলফা চেণ্টাউৰিৰ ওচিট গতিৰ অধ্যয়নৰ বাবে লোৱা ফ’টোত তেওঁ এক পোহৰৰ টিৰবিৰণি দেখা পালে তেওঁ ভিন্ন সময়ত লোৱা সকলো ফ’টো পৰীক্ষা কৰিলে আৰু একেই টৰাৰ টিপটিপনিৰ দৃশ্য দেখা পালে৷ এই টিপটিপনি কোনো অজ্ঞাত বস্তুৰ আছিল যি যথেষ্ট ডাঙৰ আছিল৷ অধ্যয়নৰ পৰা এই টিৰবিৰণিৰ দিশ আৰু উৎস আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ অংশ আছিল বুলি নিশ্চিত হৈছিল৷ আলফা চেণ্টাউৰি তৰা প্ৰণালীত কৈ এই অজ্ঞাত বস্তুটোৱে নিজৰ ওচিট গতিক অধিক স্পষ্ট ৰূপত দেখাইছিল
এই অজ্ঞাত বস্তুটো এক ৰঙা বামণ নক্ষত্ৰ বুলি চিহ্নিত হৈছিল যাৰ নাম আলফা চেণ্টাউৰি চি ৰখা হৈছিল যাক আজি আমি প্ৰক্সিমা চেণ্টাউৰি নামেৰেও যানোঁঁ৷ ইয়াৰ পৰা এই তৰাই আলফা চেণ্টাউৰি তৰাপ্ৰণালীৰ দুই নক্ষত্ৰতকৈ এই প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰ আমাৰ সৌৰজগতৰ বেছি ওছৰত থকাৰ কথা প্ৰকাশ কৰিছিল যি আমাৰ পৰা ৪.২৪ আলোকবৰ্ষ দূৰত অৱস্থিত আছিল আৰু এইদৰেই আমি লাভ কৰিছিলো আমাৰ নিকটম প্ৰতিবেশী এই প্ৰক্সিমা চেণ্টাউৰি৷

প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰৰ আৱিষ্কাৰে আলফা চেণ্টাউৰি তৰা প্ৰণালীক যুগল তৰা প্ৰণালীৰ পৰিবৰ্তে ত্ৰিতৰা প্ৰণালীলৈ পৰিবৰ্তন কৰে৷ প্ৰক্সিমা চেণ্টাউৰি আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ আটাইতকৈ সৰু আৰু ঠাণ্ডা নক্ষত্ৰ ইয়াক সূৰ্য্যৰ লগত তুলনা কৰিলে ই সূৰ্য্যৰ ১/৭ ৰ প্ৰায় সমান, কিন্তু ঘনত্বৰ দিশলৈ চালে প্ৰক্সিমা চেণ্টাউৰিৰ ঘনত্ব ৪৭.১গ্ৰাম ঘনচেণ্টিমিটাৰ আনহাতে আমাৰ সূৰ্য্যৰ ঘনত্ব ১.৪১ গ্ৰাম ঘনচেণ্টিমিটাৰ আমাৰ সূৰ্য্যত কৈ প্ৰক্সিমা চেণ্টাউৰিৰ ঘনত্ব প্ৰায় ৩৩.৩৮ গুন বেছি আনহাতে আমাৰ সূৰ্য প্ৰক্সিমা চেণ্টাউৰিতকৈ ৬০০ গুনে অধিক উজ্জ্বল৷ আকাৰৰ ফালৰ পৰা প্ৰক্সিমা চেণ্টাউৰি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিতকৈ মাত্ৰ ১.৫ গুণ হে ডাঙৰ৷ এই আকাৰতে ইয়াৰ ভৰ ১২৯টা বৃহস্পতি গ্ৰহৰ ভৰৰ সমান হয় কিন্তু আমাৰ সূৰ্য্যৰ ওছৰত এই ভৰ ইয়াৰ আকাৰৰ দৰে বাওনা হৈ পৰিব৷ প্ৰক্সিমা চেণ্টাউৰিৰ ভৰ আমাৰ সূৰ্য্যৰ মূঠ ভৰৰ ১২.২% হে৷

আলফা চেণ্টাউৰি তৰা প্ৰণালীত প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰই আলফা চেণ্টাউৰি এ আৰু বি নক্ষত্ৰৰ উমৈহতীয়া কেন্দ্ৰ বিন্দুৰ পৰা ১৩ হাজাৰ AU দূৰত্বত আছে আৰু এই দূৰত্ব ১.৯ ত্ৰিলিয়ন কিঃমিঃ ৰ প্ৰায় সমান যি আমাৰ আৰু প্ৰক্সিমা চেণ্টাউৰিৰ মাজৰ দূৰত্বৰ প্ৰায় ৫%৷ মূল তৰা প্ৰণালীৰ পৰা ইমান দূৰৈত অৱস্থিত হোৱাৰ বাবে এই তৰাৰ অৱস্থিতিক লৈ সদায় সন্দেহ হয়৷ প্ৰক্সিমা চেণ্টাউৰি তৰা এই তৰা প্ৰণালীতে সঁচাকৈয়ে জন্ম নে? নে মহাকাশত মুক্ত অৱস্থাত বিচৰণ কৰি ফুঁৰোতে শক্তিশালী মধ্যাকাৰ্ষণীক বল সম্পন্ন আলফা চেণ্টাউৰি যুগল তাৰকাদ্বয়ে এই তৰাক নিজৰ ফালে তানি আনি নিজৰ মধ্যাকৰ্ষণিক ক্ষেত্ৰৰ মাজত আৱদ্ধ কৰি ইয়াৰ চাৰিও ফালে পৰিভ্ৰমণ কৰিবলৈ বাধ্য কৰায় নি ই আজিও এক আমাৰ বাবে ৰহস্য৷ নক্ষত্ৰৰ চাৰিও ফালে গ্ৰহ উপগ্ৰহ ধুমকেতু গ্ৰহাণু বামণ গ্ৰহ আদিয়েহে পৰিক্ৰমা কৰে কিন্তুু এই আলফা চেণ্টাউৰি তৰা প্ৰণালীত আলফা চেণ্টাউৰি এ আৰু আলফা চেণ্টাউৰি বি নক্ষত্ৰই ইটোৱে সিটোক পৰিক্ৰমা কৰে আকৌ এই দুই নক্ষত্ৰক আলফা চেণ্টাউৰি চি বা প্ৰক্সিমা চেণ্টাউৰি নামৰ ৰঙা বামণ নক্ষত্ৰই পৰিক্ৰমা কৰে সঁচাকৈয়ে আচৰিত বিচিত্ৰ নহয় নে এই তৰা প্ৰণালী৷ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰই এই যুগল আলফা চেণ্টাউৰিৰ উমৈহতীয়া কেন্দ্ৰক ৫.৫ লাখ বছৰত এবাৰ পৰিক্ৰমা কৰে যি এক অতিশয় দীঘল সময়৷ কিন্তু এই ক্ষুদ্ৰ নক্ষত্ৰৰ বয়সৰ লগত তুলনা কৰিলে এই সময় এক নেন’চেকেণ্ডৰ দৰেহে লাগিব৷ এই নক্ষত্ৰৰ বয়সো আলফা চেণ্টাউৰি তৰা প্ৰণালীৰ বয়সৰ দৰেই সূৰ্য্যত কৈ বহু কোটি বছৰ আগৰ৷ এই বামণ নক্ষত্ৰই আগন্তুক প্ৰায় ৪ ত্ৰিলিয়ন বৰ্ষলৈকে শক্তি উৎপন্ন কৰি থাকিব এই সময় আজিৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়সৰ প্ৰায় ৩০০ গুণ৷ এই ৰঙা বামণ নক্ষত্ৰই ইয়াৰ অন্তিম সময়ত যেতিয়া অধিক হাইড্ৰজেন হিলিয়ামলৈ ৰূপান্তৰিত কৰিব আৰু তেতিয়া ই নীলা বামণ নক্ষত্ৰলৈ ৰূপান্তৰিত হ’ব যেতিয়া ইয়াৰ ইন্ধন একেবাৰে শেষ হ’ব তেতিয়া ই বগা বামণ তৰালৈ ৰূপান্তৰ হ’ব আৰু ক্ৰমাৎ ঠাণ্ডা হৈ ক’লা বামন তৰালৈ পৰিবৰ্তন হ’ব আৰু ইয়ে প্ৰক্সিমা চেণ্টাউৰিৰ দৰে সৰু বামণ নক্ষত্ৰৰ শেষ অৱস্থা হ’ব৷ আজিৰ বিশ্বব্ৰহ্মাণ্ডৰ বয়স ইমান হোৱা নাই যে কোনো ৰঙা বামণ তৰা নীলা বামণ তৰালৈ পৰিবৰ্তন হৈছে৷ কিন্তু গাণিতিক সূত্ৰ মতে আগন্তুক হাজাৰ ত্ৰিলিয়ন মিলিয়ন বিলিয়ন বছৰ পাছত এনে হোৱাটো সম্ভৱ৷

প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰৰ আগত এক দীঘলীয়া সময় পৰি আছে এই সময় মানৱ জাতিৰ বাবে যদি অলপো কামত আহে তেন্তে ই আমাৰ বাবে এক শৌভাগ্য হ’ব৷ একবিংশ শতিকাত মানে ২০১৬ চনৰ জানুৱাৰী মাহত ইউৰোপীয়ান চাউদাৰ্ণ অৱজাৰ্ভেটৰি য’ত পৃথিৱীৰ বিভিন্ন দেশৰ ৩১জন সদস্য লৈ এক দল গঠন কৰিলে যাক ৰেড পেইল ডট প্ৰজেক্টৰ অন্তৰ্গত আছিল যাক ২০১৬ চনৰ আৰম্ভণিতে আৰম্ভ কৰা হৈছিল৷ ২৪ আগষ্ট ২০১৬ ত এই সিদ্ধান্ত আৰু পৰিশ্ৰমে সাৰ্থকতা লভিলে যেতিয়া তেওঁলোকে প্ৰক্সিমা চেণ্টাউৰিক প্ৰদক্ষিণ কৰি থকা এক গ্ৰহক এই দলে অনুসন্ধান কৰিবলৈ সক্ষম হয় অৱশ্যে প্ৰক্সিমা চেণ্টাউৰিক প্ৰদক্ষিণ কৰা গ্ৰহৰ বিষয়ে প্ৰকাশ কৰা ইয়ে প্ৰথম নহয়, ২০১৩ চনতে মিক’টমিয়ে এই নক্ষত্ৰত গ্ৰহ থকাৰ সংকেত দিছিল৷ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰক প্ৰদক্ষিণ কৰা এই গ্ৰহৰ নাম প্ৰক্সিমা চেণ্টাউৰি বি নাম দিয়া হয়, এই গ্ৰহক ৰেডিয়েল ভেল’চিটি পদ্ধতিৰে উপস্থিতিৰ সম্ভেদ উলিওৱা হয়৷ প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহটোৱে ইয়াৰ মূল নক্ষত্ৰ প্ৰক্সিমা চেণ্টাউৰিক ০.০৫ AU দূৰত্বৰে পৰিভ্ৰমণ কৰে যি ৭.৫ মিলিয়ন কিঃমিঃৰ সমান৷ আনহাতে আমাৰ সৌৰজগতৰ সূৰ্য্যৰ আটাইতকৈ ওছৰৰ গ্ৰহ বুধ সূৰ্য্যৰ পৰা ৫৭.৯১ মিলিয়ন আঁতৰত আছে৷ প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহে ১১.২ দিনত ইয়াৰ মূল নক্ষত্ৰক এবাৰ পৰিভ্ৰমণ কৰে৷ এই গ্ৰহ আমাৰ পৃথিৱীত কৈ ১.৩ গুন বেছি ভৰযুক্ত হ’ব পাৰে৷ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰৰ habitable zone ০.০২৩ ৰ পৰা আৰম্ভ কৰি ০.০৫৪ AU দূৰত্বলৈকে বিস্তৃত আৰু এই প্ৰক্সিমা বি গ্ৰহ এই Habitable zone ৰ ভিতৰত পৰে সেয়ে প্ৰক্সিমা চেণ্টাউৰি বি নামৰ গ্ৰহৰ ওপৰত আমাৰ সকলোৰে দৃষ্টি আছে৷ এই গ্ৰহত পানী তৰল অৱস্থাত থকাৰ সম্ভাৱনা আছে৷ habitable zone ৰ ভিতৰত থাকিলেই কোনো গ্ৰহত জীৱ থাকিবই বুলি ক’ব নোৱাৰি এই অঞ্চলত কোন গ্ৰহ থাকিলে এই আশা কৰিব পাৰি যে তাত যদি পানী আছে সেই পানী দ্ৰব্যমান অৱস্থাত আছে অৰ্থাৎ ইয়াত উষ্ণতা এনে থাকে য’ত পানী জুলীয়া হৈ থাকিব পাৰে৷ habitable zone ত কোনো গ্ৰহ থাকিলেও তাত পানী নাথাকিবও পাৰে, বা পানী থাকিলেও জীৱৰ বাবে অনুকূল বাতাবৰণ নাথাকিবও পাৰে৷ পৃথিৱীৰ দৰে জীৱন সৃষ্টিৰ বাবে বহু কাৰকৰ প্ৰয়োজন, অৱশ্যে পৃথিৱীৰ দৰে নহৈ অন্য পৰিবেশতো জীৱন সম্ভৱ হ’ব পাৰে এই কথাকো নুই কৰিব নোৱাৰি ব্ৰহ্মাণ্ডত অসম্ভৱ বুলিবলৈ একো নাই৷ পৃথিৱীৰ বাহিৰত জীৱন সন্ধান কৰাটো মানৱ জাতিৰ বাবে এক সম্ভাৱনাৰ খেল মাথোঁঁঁ৷ আমি সকলোৱে আশা কৰোঁ প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত জীৱন সম্ভৱপৰ হওক আৰু আমি মানৱ জাতিক এক ভৱিষ্যতৰ বাবে ঘৰ উপলব্ধ হওক৷

প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত জীৱন সৃষ্টিৰ আটাইতকৈ ডাঙৰ বাধা হ’ল ইয়াৰ আলফা চেণ্টাউৰি নক্ষত্ৰৰ মাজৰ দূৰত্ব যি মাত্ৰ ০.০৫ AU হে ই আমাৰ সৌৰজগতৰ বুধ আৰু সূৰ্যৰ দূৰত্বৰ মাত্ৰ ১২.৯৫% হে৷

প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰ এক পৰিবৰ্তনশীল ৰঙা বামণ নক্ষত্ৰ যাৰ পৰা ওলোৱা অতিবেঙুনীয়া ৰশ্মিৰ দৰে ভয়াবহ আণৱিক বিকিৰণ সমূহ কমা বঢ়া হৈ থাকে এই নক্ষত্ৰৰ উজ্জ্বলতাও কমা বঢ়া হৈ থাকে৷ ইয়াৰ চুম্বকীয় ক্ষেত্ৰই শক্তিশালী সৌৰধুমুহাৰ জন্ম দিয়ে ইয়াৰ পৰা ওলোৱা অতিবেঙুনীয়া, এক্সৰে আদি ৰশ্মিয়ে ইয়াৰ ভূপৃষ্ঠক জীৱনৰ বাবে প্ৰতিকুল কৰি তোলে৷

প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহ ইয়াৰ মুখ্য নক্ষত্ৰৰ অধিক ওছৰত থকাৰ বাবে আমাৰ উপগ্ৰহ চন্দ্ৰৰ দৰে টাইডলি লক হ’ব পাৰে এনে হ’লে ইয়াত দিন ৰাতি ন’হ’ব আৰু গ্ৰহটোৰ এটা ফাল সদায় নক্ষত্ৰটোৰ ফালে থাকিব যি সদায় পোহৰ আৰু অতি গৰম হ’ব আনহাতে গ্ৰহটোৰ ইটো ফাল সদায় আন্ধাৰ আৰু অতিপাত ঠাণ্ডা হ’ব এনে পৰিস্থিতিত এই দুই ঠাইৰ মাজত য’ত গৰম ঠাণ্ডা অনুপাত বেছি ন’হ’ব তাতহে জীৱ জীয়াই থকা সম্ভৱ হ’ব৷

আৰু এটা প্ৰধান অন্তৰায় হ’ল যদি সেই গ্ৰহত পানী নাথাকে বা বাতাবৰণ নাথাকে বা দুয়োটা নাথাকে তেতিয়াও প্ৰক্সিমা চেণ্টাউৰি বি গ্ৰহত জীৱন সম্ভৱ ন’হ’ব৷ যদি আমি ভৱাৰ দৰে সকলো হয় ধৰক তাত পানী, বায়ু, মাটি সুষ্ঠ অনুকূল বাতাবৰণ আছে আমাৰ বাবে আৰু ধৰক আমি ভৱিষ্যতেে সেই গ্ৰহত বসতি স্থাপন কৰিলো তেতিয়া তাৰ আকাশত আমি যুগ্ম তৰাদ্বয় আলফা চেণ্টাউৰি এ আৰু বিক অতি উজ্জ্বল ৰপত এক অনুপম দৃশ্য দেখিবলৈ পাম
যদিও আজিৰ সময়ত প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰ আলফা চেণ্টাউৰি নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে তথাপিও এই নক্ষত্ৰৰ মাজৰ আকৰ্ষণ অতি দুৰ্বল৷ ভৱিষ্যত সময়ত প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰ এই বান্ধোনৰ পৰা মুক্ত হৈ অনন্ত আকশত স্বতন্ত্ৰ ভাৱে বিচৰণ কৰাৰ কথাও নুই কৰিব নোৱাৰি৷ এনে হ’লেও ইয়াৰ গ্ৰহ সমূহৰ ওপৰত বিশেৎ কোনো প্ৰভাৱ অৱশ্যে নপৰে৷

২০১৩ চনত আলফা চেণ্টাউৰি বি নক্ষত্ৰক প্ৰদক্ষিণ কৰি থকা আৰু এটা গ্ৰহৰ উপস্থিতি ধৰা পৰে যাক আলফা চেণ্টাউৰি বি চি নাম দিয়া হয়৷ এই গ্ৰহে ১২ দিনত ইয়াৰ মূল নক্ষত্ৰক এবাৰ প্ৰদক্ষিণ কৰে৷ ত্ৰি নক্ষত্ৰ প্ৰণালী হোৱাৰ বাবে এই আলফা চেণ্টাউৰি তৰা প্ৰণালীত অধিক গ্ৰহ থকাৰ কথা আশা কৰিব পাৰি৷ এই তৰা প্ৰণালীত এটা নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহৰ লগতে যুগল নক্ষত্ৰক অধিক দূৰৰ পৰা পৰিভ্ৰমণ কৰা গ্ৰহ থকাৰ সম্ভাৱনাও প্ৰবল৷ যুগ্ম নক্ষত্ৰদ্বয়ৰ মাজৰ দূৰত্ব অতিকৈ কম হোৱাৰ বাবে পৃথিৱীৰ পৰা এই তৰা দুটাক পৃথকে পৃথকে অধ্যয়ন কৰাও জটিল৷ সূত্ৰাত্মক অধ্যয়নৰ মতে আলফা চেণ্টাউৰি এ আৰু বি নক্ষত্ৰৰ হেবিটেবল জ’ন ত আমাৰ পৃথিৱীৰ দৰেই গ্ৰহৰ উপস্থিতিৰ কথা দেখুৱায় যিটো ৮৫% ই সম্ভৱ হ’ব পাৰে৷ যদিও এই আলফা চেণ্টাউৰি তৰা প্ৰণালীত পৃথিৱীৰ দৰে গ্ৰহ থাকেও আৰু জীৱনো সম্ভৱ হয় তেন্তে তালৈ যোৱাত আমাৰ বাবে বাধা হ’ব ৪.২৪ বা ৪.৪ আলোক বৰ্ষৰ এই বিশাল দূৰত্ব৷ এই দূৰত্ব অতিক্ৰম কৰাটো মানৱ জাতিৰ এটা জীৱন কালত সম্ভৱ হ’বনে আজিৰ প্ৰযুক্তিৰেে এইটো মুঠেই সম্ভৱ নহয়৷ বিজ্ঞানী সকলে পোহৰৰ গতিৰ সমবেগৰ ন’হ’লেও তাৰ আধা ১.৫ লাখ কিঃমিঃ প্ৰতি চেকেণ্ড গতিৰ যদিও মহাকাশ যান বনাব পাৰে তেতিয়াও তালৈ যোৱাটো সম্ভৱ হ’ব পাৰে যদি এনে দ্ৰুতবেগী মহাকাশ যান উলিয়াব নোৱাৰে আমাৰ বাবে এই যাত্ৰা সদায় সপোন হৈয়ে ৰ’ব বাস্তৱ কাহানিও ন’হ’ব৷

AU – Astronomical Unit- ১ AU ৰ দূৰত্ব কোৱা হয় সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বক৷ 1AU=১৪.৯৬ কোটি কিঃমিঃ৷

=========================================================================

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
1Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।