এবাৰ এজন মূর্খই এখন গাঁৱৰপৰা আন এখন গাঁৱলৈ যাঁওতে বাট ভুল কৰিলে । কেনি যাব লাগে বাটটো ঠিক কৰিব নোৱাৰি অন্য এজনমানুহক সুধিলে,”ককাই,সেই গাঁওখনলৈ কোনপিনে যায় ?” গাঁৱৰ মানুহজনে ক’লে,”সেই নদীখনৰ পাৰত থকা ডাঙৰ গছজোপাৰ আগত যিটো বাট সেই বাটেদি গ’লেই পাবা ।” নদীৰ পাৰ পাই মূর্খজনে ভাবিলে,বাটটো গছৰ আগতহে আছে,এতিয়া গছজোপাত উঠি যোৱাহে কথা ! এইবুলি তেঁও গছত উঠি গৈ গৈ একেবাৰে গছৰ আগ পালেগৈ । মানুহজনৰ ভৰ সহিব নোৱাৰি গছৰ আগটো দোঁ খাই পৰিল আৰু মানুহজনে ডালে-পাতে ধৰি কথমপি ওলমি থাকিল।
এনেকৈ কিছুপৰ যোৱাৰ পিছত সেইফালেদি হাতীত উঠি হাতীৰ মাউত এজন যোৱা দেখিবলৈ পালে । হাতীমাউতক দেখি মূর্খজনে কাতৰ কৰি মাতিলে,ককাই ঔ,মোক বচোৱা, যেনেতেনে মোক গছৰ আগৰপৰা নমাই দিয়া ।” হাতীমাউটোৰ মানুহটোৰ অৱস্থা দেখি বেয়া লাগিল আৰু তেঁওক নমাই আনিবলৈ বুলি হাতীটোৰ ওপৰত উঠি থিয় হ’ল আৰু ওলমি থকা মানুহজনৰ ভৰি দুটাত দুয়ো হাতেৰে ধৰিলে । ইতিমধ্যেই হাতীটো আতৰি গ’ল । ফলত হাতীমাউতে মূর্খ মানুহজনৰ ভৰিত ধৰি আৰু মূর্খ মানুহজনে গছৰ ডালত ধৰি ওলমি থাকিল । এনেকুৱা এটা অৱস্থা হ’ল যে তেঁওলোকে কি কৰিব কেনেকৈ মাটিলে নামি যাব তাৰ একো উপায় নোহোৱা হ’ল । ভাবি-চিন্তি মূর্খই মাউতক ক’লে,”ককাই,এটা কাম কৰা, তুমি যদি কিবা গীত পদ জানা,চিঞৰি চিঞৰি এটা গোৱা। তোমাৰ গীত শুনিলে গঞা ৰাইজে কাষ চাপি আহিব আৰু আমাক এই বিপদৰপৰা উদ্ধাৰ কৰিবহি । নহ’লে,আমি সৰি পৰিম আৰ নৈৰ সোঁতে আমাক উটুৱাই নিব ।” সেই কথা শুনি হাতীমাউতে গঞা ৰাইজে শুনাকৈ ডাঙৰকৈ এটি গীত গালে,গীতটো শুনি মূর্খ মানুহজন ইমাধ মুগ্ধ হ’ল যে হাতীমাউতক তেতিয়াই শলাগিবৰ তেঁওৰ মন গ’ল আৰু উলাহতে “বাঃ বাঃ”বুলি কৈ দুয়োহাতেৰে চাপৰি বজাই দিলে । চাপৰি বজাঁওত গছৰপৰা হাত এৰাই গ’ল আৰ হুৰুস্ কৰি দুয়োজন নৈত সৰি পৰি একবাৰতে পানীৰ তল পালেগৈ আৰু তাতে মৃত্যু হ’ল।
লেখিকা: ড০ নিমর্লপ্রভা বৰদলৈ
ব’তমান আধুনিক সভ্যতাই আমাক বহুতো নজনা কথা জনাত সহায় কৰিছে সচা।কিন্ত ব’তমান ইয়াৰ কু প্ৰভাৱ টোহে বেছিকৈ আমাৰ ল’ৰা ছোৱালীক চানি ধৰিছে।বিশেষ কৈ মোবাইলটো।ফলত এইটো লৈয়ে সকলো সময়ত ব্যস্ত।আইতা ককা হতৰ সাধু শুনি নিতি শিক্ষা ৰ জ্ঞান এতিয়া পাবলৈ নাই।এই ক্ষেএত অলপ প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছো।