প্ৰশ্ন নং ১: তলৰ কোনটো ছৱি বাকীকেইটাৰ লগত মিলা নাই ?
উত্তৰ : (চিন্তা কৰাৰ পদ্ধতি) প্ৰথমে চোৱা আটাইকেইটা বস্তু কি কাৰণে ব্যৱহাৰ কৰা হয় ? নাই, ইয়াতো দেখা গ‘ল যে, বেলেগ বেলেগ কাৰণে গোটেইকেইটা ব্যৱহাৰ হয় । গতিকে এনেকৈ তিনিটা বস্তু মিলি থকা নাই ।
এতিয়া চোৱা প্ৰতিটো বস্তু কেনেকুৱা জ্যামিতিয় গঠনেৰে সজা হৈছে ?
ক) বৰ্গ খ) ত্ৰিভুজ গ) বৃত্ত ঘ) ঘনাকাৰ — দেখা গ‘ল যে বৃত্তটো বাদ দি বাকীকেইটা সকলোতে কৰ্ণাৰ(জোং) আছে । গতিকে ইয়াত C) টো অমিল।
প্ৰশ্ন নং- ২: তলৰ কোনটো ছৱি বাকীকেইটাৰ লগত মিলা নাই ?
উত্তৰ : আটাইকেইটা মিলি থকা কিবা বৈশিষ্ট আছে নে ? আছে, আটাইকেইটা পখিলা হয় । কিন্তু সিঁহতৰ পাখিকেইটাৰ ভিতৰত থকা চিহ্নটো তিনিটাত একে, অথচ এটাত বেলেগ ; সেইটো হ’ল B. গতিকে শুদ্ধ উত্তৰ হৈছে B
প্ৰশ্ন নং- ৩: তলৰ কোনটো ছৱি বাকীকেইটাৰ লগত মিলা নাই ?
উত্তৰ: চাৰিওটা ছৱি কি প্ৰকাৰে জড়িত হৈ আছে ? আটাইকেইটাতে দুডাল ৰেখা আছে । কিন্তু এটাত ৰেখা দুডাল লাগি থকা নাই , বাকী তিনিটাত ৰেখাদুডাল লগ লাগি আছে । গতিকে অমিল টো হৈছে C)
প্ৰশ্ন নং- 8: তলৰ কোনটো ছৱি বাকীকেইটাৰ লগত মিলা নাই ?
উত্তৰ: এই আটাইকেইটা ছৱিৰে কি কৰে ? আটাইকেইটাই হৈছে পোহৰ দিয়া লাইট । কিন্তু ইয়াৰে এটা বস্তু চিলিঙত ওলমি থাকে, বাকীকেইটা টেবুলৰ ওপৰত বা মাটিত থাকে । ওপৰত ওলমি থকাটো হৈছে বাকীকেইটাতকৈ অমিল হোৱা বস্তু । সেইটো হৈছে D)
প্ৰশ্ন নং- ৫: তলৰ কোনটো ছৱি বাকীকেইটাৰ লগত মিলা নাই ?
উত্তৰ : এই বস্তুকেইটাৰে আমি কি কৰো ? আটাইকেইটাকে আমি পিন্ধো । পিছে ক‘ত ক‘ত পিন্ধো ? A)ওপৰত পিন্ধো B) ওপৰত পিন্ধো C)ওপৰত পিন্ধো D)ওপৰত পিন্ধো । গতিকে দেখা গ‘ল যে, অকল D) অৰ্থাৎ পেন্টটোহে আমি তলত পিন্ধো, বাকীবোৰ ওপৰত পিন্ধো । অৰ্থাৎ D টো ইয়াত মিলা নাই । উত্তৰ – D
প্ৰশ্ন নং- ৬: তলৰ কোনটো ছৱি বাকীকেইটাৰ লগত মিলা নাই ?
উত্তৰ : আটাইকেইটা বস্তুৱেই আমি হাত ভৰিত পিন্ধো । ঠাণ্ডাৰ পৰা বাচিবৰ বাবে । কিন্তু আমি ক‘ত পিন্ধো ? A)ভৰিত B) ভৰিত C) ভৰিত D) হাতত । গতিকে এটা বস্তু ইয়াত বাকী তিনিটাৰ লগত মিলা নাই, সেইটো হৈছে D)