৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ৩)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ৩)

প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত টিপক ||||    দ্বিতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক  ||| ‌ চতুৰ্থ খণ্ড পঢ়িবলৈ ইয়াত টিপক |||

(২৬)

অপ্ৰত্যাশিত লাভ

এটা সৰু ল’ৰা মাকৰ সৈতে দোকানলৈ গৈছিল৷ দোকানীজনে দেখিলে যে সৰু মৰমলগা ল’ৰাটোৱে মৰ্টনেৰে ভৰি থকা বৈয়ামটোলৈ চাই আছে৷ তাকে দেখি দোকানীজনে ল’ৰাটোক বৈয়ামটোৰ পৰা কেইটামান মৰ্টন ল’বলৈ ক’লে৷

কিন্তু ল’ৰাটোৱে নোলোৱাকৈ ৰৈ থাকিল৷ দোকানীজনে ইয়াকে ভাবি আচৰিত হ’ল যে, অন্য সৰু ল’ৰাৰ দৰে সেই ল’ৰাটোৱে কোৱাৰ লগে লগে বৈয়ামৰ পৰা মৰ্টন লোৱা নাই৷ তেওঁ পুনৰ ল’ৰাটোক নিৰ্ভয়ে মৰ্টন ল’বলৈ ক’লে৷

মাকেও দোকানীজনৰ কথা শুনি ল’ৰাটোক মৰ্টন ল’বলৈ ক’লে৷ কিন্তু তেতিয়াও ল’ৰাটোৱে মৰ্টন নোলোৱাকৈ ৰৈ থাকিল৷ দোকানীজনে কৈ থকাৰ পিছতো মৰ্টন নোলোৱাত তেওঁ নিজে বৈয়ামটোৰ পৰা মৰ্টন উলিয়াই ল’ৰাটোৰ হাতত দি দিলে৷

ল’ৰাটো আনন্দিত হ’ল আৰু দুয়োখন হাত পাতি মৰ্টনখিনি ল’লে…৷

ঘৰলৈ ঘুৰি অহাৰ পথত মাকে ল’ৰাটোক দোকানীজনে কৈ থকাৰ পিছতো কিয় মৰ্টন লোৱা নাছিল সুধিলে৷

ল’ৰাটোৱে লাহেকৈ উত্তৰ দিলে: মা! মোৰ হাত দুটা অতি সৰু আৰু মই নিজ হাতে মৰ্টন লোৱা হ’লে মই অলপহে মৰ্টন লাভ কৰিলোঁহেঁতেন৷ কিন্তু এতিয়া তুমি দেখিছানে দোকানীজনে তেওঁৰ ডাঙৰ হাতেৰে দিয়া বাবে মই কিমান মৰ্টন পালোঁ !!!

যেতিয়া আমি নিজে ভগৱানক কিবা এটা বিচাৰোঁ বা ল’বলৈ যাওঁ তেতিয়া আমি কিবা অলপহে পাওঁ… কিন্তু ভগৱানে যেতিয়া আমাক নিজ ইচ্ছাৰে দিয়ে তেতিয়া আমি আশা কৰাতকৈ অধিক প্ৰদান কৰে..!!

(২৭)

বিশ্বাসৰ স্থায়িত্ব

এজনী ছোৱালী আৰু তেওঁৰ দেউতাকে এখন দলং পাৰ হৈছিল, দেউতাকে অলপ ভয় খাই তেওঁৰ ছোৱালীজনীক দেউতাকৰ হাতত ধৰিবলৈ ক’লে: “সোণজনী, মোৰ হাতত ধৰি লোৱা নহ’লে তুমি পৰি যাব পাৰা৷”

সৰু ছোৱালীজনীয়ে ক’লে: “নহয় দেউতা, আপুনি মোৰ হাতত ধৰি লওঁক৷”

“পাৰ্থক্যটো কি?” দেউতাকে চিন্তিত হৈ সুধিলে৷

“এটা ডাঙৰ পাৰ্থক্য আছে দেউতা৷” ছোৱালীজনীয়ে উত্তৰ দিলে৷hands

“যদি মই আপোনাৰ হাতত ধৰোঁ আৰু মোৰ কিবা এটা হয়, ভয়ত মই আপোনাৰ হাতটো এৰি দিয়াৰ সম্ভাৱনাই অধিক৷

কিন্তু যদি আপুনি মোৰ হাতত ধৰে… মই নিশ্চিতভাৱে ক’ব পাৰোঁ যে, যিয়েই নহওঁক, আপুনি কেতিয়াও মোৰ হাতটো এৰি নিদিয়ে৷

যিকোনো সম্পৰ্কতে, বিশ্বাসৰ স্থায়িত্ব কেৱল বন্ধনৰ ওপৰতে নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে ইয়াৰ মজবুত স্থিতিৰ ওপৰত৷

গতিকে যাক আপুনি ভাল পায় তেওঁ আপোনাৰ হাতটো ধৰাৰ আশা কৰাতকৈ আপুনি তেওঁৰ হাতটো ধৰিবলৈ চেষ্টা কৰক !!

 

(২৮)

সম্পৰ্ক এটা সম্পূৰ্ণ বিশ্বাস আৰু নিষ্ঠাৰ ওপৰত নিৰ্ভৰ কৰে

এহাল ল’ৰা-ছোৱালীয়ে একেলগে খেলি আছিল৷ ল’ৰাটোৰ হাতত ঢেৰ মাৰ্বল আছিল আৰু ছোৱালীজনীৰ হাতত কিছুমান মৰ্টন আছিল৷ ল’ৰাটোৱে ছোৱালীজনীক ক’লে যে সি তাইৰ হাতত থকা মৰ্টনখিনিৰ বিনিময়ত তাৰ হাতত থকা মাৰ্বলখিনি দিব পাৰিব৷ ছোৱালীজনী সন্মত হ’ল৷

ল’ৰাটোৱে তাৰ হাতত থকা আটাইতকৈ ডাঙৰ আৰু ধুনীয়া মাৰ্বলটো একাষে থৈ বাকী মাৰ্বলখিনি ছোৱালীজনীক দি দিলে৷ ছোৱালীজনীয়ে ইয়াৰ বিনিময়ত তাইৰ হাতত থকা সকলো মৰ্টন তাক দি দিলে৷

সেই দিনা ৰাতি, ছোৱালীজনীয়ে নিশ্চিন্তমনে টোপনি গ’ল৷ কিন্তু ল’ৰাটোৱে শান্তিৰে শুব নোৱাৰিলে কাৰণ তাৰ মনত সন্দেহ লাগি থাকিল যে, সি আটাইতকৈ ধুনীয়া মাৰ্বলটো লুকুৱাই ৰখাৰ দৰে ছোৱালীজনীয়েও আটাইতকৈ মিঠা মৰ্টনটো লুকুৱাই ৰাখিলে নেকি?

যদি আপুনি সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা ১০০% দিব নোৱাৰে, তেন্তে আনজনে ১০০% দিয়াৰ পিছটো আপুনি সদায়ে সন্দেহৰ মাজেৰে জীয়াই থাকিব লাগিব৷ এইটো প্ৰেম-বিবাহ-কৰ্মস্থান সকলো সম্পৰ্কৰ ক্ষেত্ৰতে প্ৰযোজ্য৷ সকলোতে আপোনাৰ ১০০% দিয়ক আৰু শান্তিৰে টোপনি যাওক !!

 

(২৯)

বিশ্বাস

ৰাতি ক্ৰমে ক্ৰমে আন্ধাৰ হৈ আহিছে৷ আকাশত থকা চন্দ্ৰ আৰু তৰাবিলাককো ডাৱৰেৰে ঢাকি ধৰিছে৷ চাৰিওফালে মাথো কেৱল ক’লা ৰং এটাৰে চানি ধৰিছে৷ পাহাৰটোৰ ওপৰত থকা মানুহজনক পাহাৰটোৰ একেবাৰে শিখৰত উপনিত হ’বলৈ আৰু কেৱল কেইফুটমানৰ প্ৰয়োজন আছে৷ কিন্তু এনে সময়তে অকস্মাৎ মানুহজন পিচলি তললৈ তীব্ৰ বেগত নামি আহিবলৈ ধৰিলে৷ তললৈ নামি আহি থকাৰ সময়ত তেওঁ চাৰিওফালে কেৱল আন্ধাৰ দেখা পাইছে৷ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তেওঁৰ ইন্দ্ৰিয়ানুভূতিয়েও যেন কাম নকৰা হৈ পৰিছে৷

তললৈ নামি আহি থকাৰ সময়ত ভয় আৰু উৎকণ্ঠাত জীৱনৰ ভাল আৰু বেয়া সকলো কথাই তেওঁৰ মনলৈ আহিছে৷ তেওঁ সম্ভাব্য মৃত্যুৰ ভয়াবহতাৰ কথা ভাবি শিহৰিত হৈ পৰিছে৷ তেওঁৰ মনত এই সকলোবিলাক চলি থকাৰ সময়তে তেওঁৰ ককালত এডাল ৰচিৰ টান বান্ধোন অনুভৱ কৰিলে আৰু তেওঁৰ শৰীৰটো শূন্যত ওলমি ৰৈ গ’ল৷

কেৱল ৰচিডালেৰে তেওঁক ওলোমাই ৰাখিলে আৰু সেই সময়ত তেওঁ একো ভাবিব নোৱাৰি মাথো চিঞৰি উঠিল – “হে ভগৱান মোক সহায় কৰা৷”

সেই সময়তে আকাশৰ পৰা এটা কোমল শব্দ ভাহি আহিল, “মই কি কৰাতো তুমি বিচৰা?”

“মোক ৰক্ষা কৰা ভগৱান৷”

“তুমি সঁচাকৈয়ে মই তোমাক ৰক্ষা কৰিব পাৰিম বুলি ভাবানে?”

“নিশ্চিতভাৱে মই বিশ্বাস কৰোঁ তুমি পাৰিবা৷”

“তেনেহ’লে তোমাৰ ককালত টানকৈ বান্ধি ৰখা ৰচিডাল কাটি পেলোৱা৷”

বহু সময় নিৰৱতাৰ পিছ্ত মানুহজনে সিদ্ধান্ত কৰিলে তেওঁ ৰচিডাল কাটি নেপেলাই সকলো শক্তিৰে ৰচিডাল ধৰিয়েই থাকিব৷ উদ্ধাৰকাৰি দলে পিছদিনা পুৱা এজন মৃত আৰু ভাজখাই থকা পৰ্বতাৰোহী বিচাৰি পালে৷ তেওঁৰ শৰীৰটো এডাল ৰচিত ওলমি আছিল আৰু তেওঁ হাতেৰে ৰচিডাল টানকৈ ধৰি আছিল৷ মাথো কেৱল মাটিৰ পৰা এফুট দূৰত্বত তেওঁৰ ভৰি দুটা নাচি আছিল !!

কেতিয়াও ‘ভগৱান’ নামৰ শব্দটোক লৈ সন্দেহ নকৰিবা৷ এই কথা আমি কেতিয়াও ভাবিব নালাগে যে, তেওঁ আমাক পাহৰি গৈছে বা আমাক উপেক্ষা কৰিছে৷”

 

(৩০)

ভগৱান আছে

এজন মানুহ প্ৰায়ে নাপিতৰ দোকানলৈ তেওঁৰ দাৰি-চুলি কাটিবলৈ গৈছিল৷ দাৰি-চুলি কটাৰ সময়্ত তেওঁ নাপিতজনৰ লগত বিভিন্ন বিষয়কলৈ কথা পাতে৷ লগতে নাপিতজনেও নানান বিষয়ে তেওঁৰ লগত আলোচনা কৰে৷ কেইদিনমানৰ আগতে, তেওঁলোকে ভগৱানৰ বিষয়ে আলোচনা কৰিছিল৷ নাপিতজনে ক’লে: “চোৱা, তুমি কোৱাৰ দৰে মই ভগৱান আছে বুলি বিশ্বাস নকৰোঁ৷”

“তুমি কিয় তেনেদৰে কৈছা?” মানুহজনে প্ৰশ্ন কৰিলে৷

ঠিক আছে, শুনা তেন্তে৷ তুমি ইয়াৰ পৰা ওলাই গৈ পথৰ চাৰিওফালে চালেই ধৰিব পাৰিবা যে ভগৱান সঁচাকৈয়ে আছেনে নাই৷ মোক কোৱাচোন যদিহে ভগৱান আছে, তেন্তে কিয় ইমানবিলাক অসুখীয়া মানুহ আছে? ইমানবিলাক অঘৰী ল’ৰা-ছোৱালী আছে? যদিহে ভগৱান আছে, তেন্তে কেতিয়াও দুখ-কষ্ট নাথাকিল হেতেন৷ “এই সকলোবিলাকৰ অনুমতি দিয়াজনক মই ভগৱান বুলি নাভাবো৷” মানুহজন কিছু সময়লৈ ভাবুক হৈ পৰিল যদিও নাপিতজনৰ যুক্তিখিনিক লৈ কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিলে৷

নাপিতজনে তেওঁৰ চুলি কটা কামটো সমাপ্ত কৰিলে আৰু মানুহজন দোকানৰ পৰা ওলাই আহিল৷ তেওঁ দোকানৰ পৰা ওলোৱাৰ পিছতে, তেওঁ এজন দীঘল চুলি আৰু দাৰিৰে সৈতে মানুহ দেখা পালে৷ (মানুহজনক দেখি এনে লাগিল যেন বহু দিন ধৰি তেওঁ চুলি-দাৰি কটা নাই আৰু অপৰিষ্কাৰভাৱে আছে৷) মানুহজন পুনৰ নাপিতজনৰ দোকানলৈ উভতি গ’ল আৰু নাপিতজনক ক’লে: “জানানে? নাপিত নাই৷”

“নাপিত কেনেকৈ নাথাকিব পাৰে?” নাপিতজনে সুধিলে৷ “মই নিজেই নাপিত আৰু মই ইয়াত উপস্থিত আছোঁ৷” “নাই!” মানুহজনে উত্তৰ দিলে৷ “নাপিত নাই, কাৰণ থকা হ’লে দীঘল চুলি আৰু দাৰিৰে সৈতে সৌ মানুহজনৰ দৰে মানুহ ৰাষ্টাত ঘুৰি নুফুৰিলেহেঁতেন৷”

“অ’হ! নাপিত আছে, তথাপি এনেধৰণৰ মানুহবিলাক কিয় মোৰ ইয়ালৈ নাহে৷” “ঠিকেই!” মানুহজনে দৃঢ়ভাৱে ক’লে৷ “সেইটোৱেই হৈছে আচল কথাটো৷ ভগৱান আছে৷ যদিহে মানুহ তেওঁৰ কাষলৈ নাযায় বা তেওঁক দেখা নকৰে তেন্তে এইখন পৃথিৱীত ইমান দুখ আৰু কষ্ট কিয় নাথাকিব!”

 

(৩১)

পাহাৰৰ কাহিনী

এটা সৰু ল’ৰাই তেওঁৰ দেউতাকৰ সৈতে পাহাৰৰ কাষেৰে ফুৰিবলৈ গৈছিল৷

হঠাতে, ল’ৰাটো বাগৰি পৰিল আৰু লগে লগে চিঞৰিলে: আআআআআআ !!

ল’ৰাটোক আচৰিত কৰি, পাহাৰটোৱেও লগে লগে চিঞৰি দিলে: আআআআআআ !!

কৌতুহলপূৰ্বক, সি পুনৰ চিঞৰি সুধিলে: “কোন তুমি?”

তাৰ উত্তৰত সি শুনিলে: “কোন তুমি?”

লগে লগে ল’ৰাটোৱে পাহাৰটোৰ ফালে চাই তাৰ উত্তৰ দিলে: “মই ভাস্কৰ, তুমি!”

সেই মাতটোৱেও উত্তৰ দিলে: “মই ভাস্কৰ, তুমি!”

উত্তৰটো শুনি ল’ৰাটোৱে খঙত চিঞৰিলে: “ভায়াতুৰ!”

পুনৰ সি একেদৰেই শুনিলে: “ভয়াতুৰ!”

ল’ৰাটোৱে তাৰ দেউতাকৰ ফালে চালে আৰু সুধিলে: “তাত কোন আছে?”

দেউতাকে হাঁহিলে আৰু ক’লে: “মোৰ সোণ, এইবাৰ মন কৰাচোন!”

দেউতাকে ডাঙৰকৈ চিঞৰি ক’লে: “তুমি এজন ভাল ল’ৰা!”

সেই মাতটোৱে উত্তৰ দিলে: “তুমি এজন ভাল ল’ৰা!”

ল’ৰাটো আচৰিত হ’ল৷ কিন্তু সি কি হৈছে বুজিব নোৱাৰিলে৷

তেতিয়া দেউতাকে তাক বুজাই দিলে: “মানুহে ইয়াক প্ৰতিধ্বনি বুলি কয়, কিন্তু প্ৰকৃততে এইটোৱেই হৈছে আমাৰ জীৱন৷”

ই তোমাক তুমি কৰা বা কোৱা সকলো কাম আৰু কথা একেদৰেই ঘুৰাই দিয়ে৷

আমাৰ জীৱনটোতো আমাৰ কাৰ্যসমূহৰ প্ৰতিবিম্ব প্ৰতিফলিত হৈ উঠে৷

যদি তুমি পৃথিৱীখনক অধিক ভাল পাব বিচৰা,

তেন্তে তোমাৰ হৃদয়ত পৃথিৱীখনৰ প্ৰতি অধিক ভালপোৱাৰ সৃষ্টি কৰা৷

যদি তুমি তোমাৰ দলৰ ভিতৰত অধিক পাৰ্গত হ’ব বিচৰা,

তেন্তে তোমাৰ নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰা৷

এই কথাখিনি আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰয়োগ হয়,

জীৱনটোৱে তোমাক সেই সকলো উভতাই দিব, যিবিলাক তুমি তোমাৰ জীৱনটোক প্ৰদান কৰিবা৷

“তোমাৰ জীৱনটো কেৱল এটা কাকতালীয় সংযোগ নহয়৷ এইটো তোমাৰ নিজৰেই প্ৰতিবিম্ব!”

 

(৩২)

ড’ন্ট কপি ইফ ইউ কেনন’ট পেইষ্ট

এজন সুবক্তাই সভাত উপস্থিত থকা শ্ৰোতাসকলক উদ্দেশ্য কৰি ভাষণ আগবঢ়াই আছিল। তেওঁ ক’লে: “মোৰ জীৱনৰ আটাইতকৈ মধুৰতম সময়টো হ’ল সেইগৰাকী নাৰীৰ বাহুৰ মাজত থকা সময়খিনি যিগৰাকী মোৰ পত্নী নহয়!” শ্ৰোতাসকলে এই কথা শুনি আচৰিত হ’ল আৰু বক্তাজনৰ মুখলৈ থৰ লাগি চাই থকিল। বক্তাজনে পুনৰ ক’লে: “আৰু সেইগৰাকী নাৰী হ’ল মোৰ মা!”

সকলোৱে হাঁহিলে আৰু তেওঁৰ প্ৰশংসা কৰিলে।

এসপ্তাহৰ পিছত, এজন শীৰ্ষস্থানীয় ব্যক্তিয়ে সেই বক্তৃতাটো শুনি আহি নিজৰ ঘৰত পত্নীৰ আগত কৈ নিজকে পত্নীৰ চকুত সুবক্তা হিচাপে দেখুৱাব বিচাৰিলে। তেওঁ মদ খোৱাৰ পিছত কথা পাহৰি যোৱাৰ অভ্যাস আছিল। তেওঁৰ ভাত ৰান্ধি থকা পত্নীক উদ্দেশ্য কৰি চিঞৰি ক’লে: “মোৰ জীৱনৰ আটাইতকৈ মধুৰতম সময়টো হ’ল সেইগৰাকী নাৰীৰ বাহুৰ মাজত থকা সময়খিনি যিগৰাকী মোৰ পত্নী নহয়!”

তেওঁৰ পত্নীয়ে আচৰিত আৰু হতাশ হৈ মাথো ক’লে, “অ’হ!” আৰু তেওঁৰ কাষ চাপি আহিল। তেওঁ গিৰিয়েকৰ কাষত পিছৰ কথাখিনি শুনিবলৈ প্ৰায় ২০ ছেকেণ্ডমান অপেক্ষা কৰিলে, কিন্তু গিৰিয়েকে শেষত অস্পষ্ট মাতেৰে মাথো বিৰবিৰালে “…. আৰু মই সেই গৰাকী নাৰী কোন আছিল আজিও মনৰ পেলাব পৰা নাই!”

তাৰ পিছত ব্যক্তিজনে তেওঁৰ জ্ঞান ঘুৰাই পোৱাৰ আগতেই, তেওঁক এখন হস্পিটালত তেওঁৰ শৰীৰত গৰম-পানীৰে পুৰা অংশবিলাকত এজনী পৰিচাৰিকাই বেণ্ডেজ লগাই থকা অৱস্থাত পোৱা গৈছিল।

যদি আপুনি ভালদৰে উপস্থাপন কৰিব নোৱাৰে তেন্তে আনৰ বক্তব্যক নকল নকৰিব!!

 

(৩৩)

দায়িত্ববোধ

এটা জৰুৰীকালীন অস্ত্ৰোপচাৰৰ কাৰণে ফোন কৰাৰ পিছতে এজন ডাক্তৰ লৰালৰিকৈ চিকিৎসালয়খনলৈ সোমাই আহিল। তেওঁ বাহিৰে বাহিৰে নিজৰ কাপোৰ সলালে আৰু অস্ত্ৰোপচাৰ কক্ষলৈ যাবলৈ ধৰিলে। তেওঁ দেখিলে যে অস্ত্ৰোপচাৰ কৰিব লগা ল’ৰাজনৰ দেউতাকে ডাক্তৰজনলৈ অপেক্ষা কৰি বাৰাণ্ডাতে পাইচাৰি কৰি আছে। দেউতাকে তেওঁক দেখি খঙেৰে ক’লে: “আপুনি আহিবলৈ কিয় ইমান সময় লগালে? আপুনি জানেনে মোৰ ল’ৰাটোৰ অৱস্থা সংকটজনক? আপোনাৰ অকণো দায়িত্ববোধ নাইনে?

ডাক্তৰজনে হাঁহিলে আৰু ক’লে: “মই অতি দুঃখিত, আচলতে মই চিকিৎসালয়ত নাছিলোঁ আৰু ফোনটো পোৱাৰ লগে লগে মই দৌৰি আহিছোঁ… আৰু এতিয়া আপুনি শান্ত হওক যাতে মই মোৰ কাম কৰিব পাৰোঁ।”

“শান্ত হ’ব লাগে? যদি এতিয়া আপোনাৰ নিজৰ সন্তানৰ ক্ষেত্ৰত এনে হ’লহেঁতেন তেন্তে আপুনি কি কৰিলেহেঁতেন? আপুনি শান্ত হ’ব পাৰিলেহেঁতেননে? এতিয়া যদি আপোনাৰ সন্তানৰ মৃত্যু হ’লহেঁতেন আপুনি কি কৰিলেহেঁতেন?” দেউতাকে খঙেৰে ক’লে।

ডাক্তৰজনে পুনৰ হাঁহিলে আৰু ক’লে “মই মাথোঁ ক’ব বিচাৰিম ধৰ্মগ্ৰন্থত যিটো কৈছে “আমি মাটিৰ পৰাই আহিছোঁ আৰু মাটিৰ লগতে মিলি যাম, কেৱল তাৰ মাজত কৰিব পৰাখিনি হৈছে কেৱল ভগৱানৰ।” ডাক্তৰে জীৱনটো দীঘলীয়া কৰি দিব নোৱাৰে। যাওক, আৰু আপোনাৰ ল’ৰাৰ বাবে প্ৰাৰ্থনা কৰক, আমি ভগৱানৰ ইচ্ছা অনুসৰি আমাৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিম।”

“নিজৰ ক্ষেত্ৰত নহ’লে আনক উপদেশ দিবলৈ অতি সহজ” দেউতাকে ভোৰভোৰাই নিজকে ক’লে।

বহুসমূহ অস্ত্ৰোপচাৰ কৰাৰ পিছত ডাক্তৰজন আনন্দমনেৰে ওলাই আহিল, “ভগৱানক অশেষ ধন্যবাদ! আপোনাৰ ল’ৰাটো এতিয়া বিপদ মুক্ত!” আৰু দেউতাকৰ কোনো ধৰণৰ প্ৰত্যুত্তৰলৈ অপেক্ষা নকৰি তেওঁ দৌৰি সেই স্থানৰ পৰা আঁতৰি গ’ল আৰু যাওঁতে চিঞৰি কৈ গ’ল “যদি আপোনাৰ কিবা প্ৰশ্ন আছে, নাৰ্চগৰাকীক সুধিব!!”

“তেওঁৰ ইমান লৰালৰি কিয় ? মোৰ ল’ৰাটোৰ বিষয়ে কিবা এটা ক’বলৈয়ো তেওঁৰ অলপো সময় নাই?” ডাক্তৰজন আঁতৰি যোৱাৰ পিছত দেউতাকে নাৰ্চগৰাকীক দেখি সুধিলে।

নাৰ্চগৰাকীয়ে উত্তৰ দিলে আৰু তেওঁৰ চকুৰে চকুপানী নিগৰি আহিল: “তেওঁৰ ল’ৰাটো কালি পথ দুৰ্ঘটনাত মৃত্যু হৈছে । আমি তেওঁক ফোন কৰাৰ সময়ত তেওঁ সন্তানৰ সমাধি স্থানত আছিল আৰু এতিয়া আপোনাৰ ল’ৰাজনৰ জীৱন বচোৱাৰ পিছত তেওঁ পুনৰ সন্তানৰ আধৰুৱা কামখিনি কৰিবলৈ সমাধি স্থানলৈ গৈছে।”

নৈতিকতাই কাকো সঠিকভাৱে বিচাৰ কৰিব নোৱাৰে… কাৰণ আপুনি কেতিয়াও নাজানে তেওঁ কেনেদৰে জীয়াই আছে আৰু তেওঁৰ মনৰ মাজত কি চলি আছে।

(৩৪)

এখন ৰচনাৰ নম্বৰ

প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে ভগৱানৰ পৰা কি বিচাৰে সেই বিষয়ে একোখনকৈ ৰচনা লিখিবলৈ ক’লে৷

দিনটোৰ শেষত ছাত্ৰ-ছাত্ৰীসকলে জমা দিয়া ৰচনাসমূহ ঘৰলৈ আনি শিক্ষয়িত্ৰীগৰাকীযে যেতিয়া ৰচনাসমূহত নম্বৰ দিবৰ বাবে উলিয়াই ল’লে, তেওঁ এখন ৰচনা পঢ়ি আৱেগিক হৈ পৰিল৷ তেওঁৰ গিৰিয়েকে বাহিৰৰ পৰা আহি যেতিয়া পত্নীক কান্দি থকা দেখিলে তেওঁ সুধিলে:

-কি হ’ল তোমাৰ?

মহিলাগৰাকীয়ে উত্তৰ দিলে:

-এইখন পঢ়া, এইখন মোৰ এজন ছাত্ৰই লিখা ৰচনা:

“হে ভগৱান, আজি মই আপোনাক এটা বিশেষ কথা ক’বলৈ লৈছোঁ ৷ মোক এটা টেলিভিছন হিচাপে তৈয়াৰ কৰি দিয়া ৷ মই মোৰ ঘৰত সঁজাই থোৱা এটা টেলিভিছনৰ দৰে হ’ব বিচাৰোঁ ৷ যেনেদৰে মোৰ এটা নিৰ্দিষ্ট স্থান আছে আৰু যেনেদৰে মোৰ পৰিয়ালৰ সকলোৱে মোক আৱৰি সদায় বহি থাকে ৷ যেতিয়া মই কিবা এটা ক’ম , মই আশা কৰোঁ সকলোৱে টেলিভিছনটোৰ দৰেই মোৰ কথাত গুৰুত্ব দিয়ক আৰু কোনো ধৰণৰ প্ৰশ্ন বা বাধা নিদিয়াকৈ মোৰ কথা শুনক ৷ মই বিচাৰো সকলোৱে মোৰ যত্ন লওঁক যেনেদৰে টেলিভিছনটো বেয়া হ’লে সকলোৱে তাৰ যত্ন লয় ৷ যেতিয়া দেউতা কামৰ পৰা ঘৰলৈ আহে বা দেউতা ভাগৰুৱা হৈ পৰে ,  তেওঁক আমোদ দিয়াৰ দৰেই মই দেউতাৰ কাষত থাকিব বিচাৰোঁ , আৰু মায়ে দুখ আৰু হতাশ হৈ থকাৰ সময়তো মই তেওঁৰ কাষত থাকিব বিচাৰোঁ , মই মোৰ দাদাৰ লগত খেলিব বিচাৰোঁ ৷ যদিও মই গোটেই পৰিয়ালটোকে সকলো সময়তে সুখী আৰু মনোৰঞ্জনৰ খোৰাক যোগাব নোৱাৰোঁ তথাপি আশা কৰোঁ গোটেই পৰিয়ালটোৱে মোৰ সৈতে অলপ সময় কটাওক ৷ হে ভগৱান , মই আপোনাক ইয়াতকৈ আৰু বেছি একো নকওঁ , মই মাত্ৰ এটা টেলিভিছনৰ দৰে জীয়াই থাকিব বিচাৰোঁ ৷

কিছু সময়ৰ পিছত গিৰিয়েকে ক’লে ৷ “হে ভগৱান, এটা হতভগীয়া শিশুৰ কি আশ্চৰ্যকৰ উপস্থাপন !!

মহিলাগৰাকীয়ে গিৰিয়েকৰ চকুলৈ চালে আৰু ক’লে: “এই ৰচনাখন আমাৰ নিজৰ ল’ৰাটোৱেই লিখিছে !!

 

(৩৫)

সহায়

এখন গাঁৱত এজন বুঢ়া মানুহ অকলশৰে বাস কৰিছিল৷ তেওঁৰ এখন আলুৰ খেতি পথাৰ আছিল আৰু তাক তেওঁ চোৱা-চিতা কৰিছিল৷ কিন্তু কামটো তেওঁৰ পক্ষে বৰ কষ্টকৰ হৈ পৰিছিল৷ কাৰণ তেওঁৰ একমাত্ৰ ল’ৰাটোৱে তেওঁক সহায় কৰিব পাৰে যদিও ল’ৰাটো জেলত আছিল৷ তথাপি তেওঁ ল’ৰাটোলৈ সমস্যাটো জনাই এখন চিঠি লিখিলে:

মৰমৰ বাপু,

মোৰ বৰ ভাল নহয়৷ মই বৰ অকলশৰীয়া আৰু অসহায় হৈ পৰিছোঁ৷ সম্ভৱতঃ এই বছৰ মই আলু খেতি কৰিব নোৱাৰিম৷ তোমাৰ মাৰালৈয়ো মনত পৰি বৰ দুখ লাগে কাৰণ তেওঁ সদায় মোক এই কামত সহায় কৰি দিছিল৷ মই এতিয়া বুঢ়া হৈ আহিছোঁ আৰু পথাৰখন খান্দিব নোৱাৰা হৈ পৰিছোঁ৷ যদি তুমি ইয়াত থাকিলা হয়, মোৰ সকলো সমস্যা সমাধান হ’লহেতেঁন৷ মই জানোঁ তুমি জেলত নথকা হ’লে মোৰ কাৰণে পথাৰখন খান্দি আলু ৰুবৰ বাবে সুবিধা কৰি দিলাহেঁতেন৷

potato-moinamel-com

তোমাৰ,

দেউতা

কেইদিনমানৰ পিছত, বুঢ়া মানুহজনে এখন টেলিগ্ৰাম লাভ কৰিলে: “দেউতা, ভগৱানৰে ইচ্ছা, আপুনি পথাৰখন নাখান্দিব কাৰণ মই তাতেই বন্দুকটো পুতি থৈছোঁ৷”

পিছদিনা ৰাতিপুৱা 4 বজাতে কেইবাজনো চোৰাংচোৱাৰ এজেণ্ট আৰু স্থানীয় পুলিছে বন্দুক বিচাৰি গোটেই পথাৰখন খান্দি তহিলং কৰিলে৷ কিন্তু কোনো বন্দুক বিচাৰি নাপালে ৷ চিন্তিত হৈ দেউতাকে পুনৰ পুতেকলৈ এখন চিঠি লিখিলে আৰু তেওঁ এতিয়া কি কৰিব সুধিলে৷

তেওঁৰ ল’ৰাটোৱে উত্তৰ দিলে: “দেউতা, এতিয়া যোৱা আৰু তোমাৰ আলুবিলাক ৰুৱাগৈ ৷ ইয়াৰ পৰা মই তোমাৰ বাবে কৰিব পৰা এইটোৱেই একমাত্ৰ কাম৷”

আপুনি ক’ত আছে সেইটো ডাঙৰ কথা নহয়৷ যদি আপুনি সহৃদয়তাৰে কাৰোবাৰ বাবে কিবা এটা কৰিব বিচাৰে, আপুনি নিশ্চয় কৰিব পাৰে৷ এইটোৱেই হৈছে মূল কথা আপুনি ক’ত আছে বা কি কৰি আছে সেইটোৰ ওপৰত কেতিয়াও কোনো এটা কাম নিৰ্ভৰ নকৰে৷

 

(৩৬)

সমালোচনা কৰিবলৈ অতি সহজ !!

এসময়ত এজন চিত্ৰশিল্পী আছিল৷ তেওঁ কেইদিনমানৰ আগতে তেওঁৰ চিত্ৰশিল্পৰ বিদ্যা শেষ কৰিছিল৷ তেওঁ তিনি দিন কষ্ট কৰি এখন তৈলচিত্ৰ অংকন কৰিলে আৰু নিজৰ চিত্ৰখন কেনেকুৱা হৈছে তাক জানিবৰ বাবে এটা ব্যস্ত পথত চিত্ৰখন ওলোমাই ৰাখিলে৷ তেওঁ চিত্ৰখনৰ তলতে লিখি ৰাখিলে- “মই এই চিত্ৰখন অংকন কৰিছোঁ৷ মই এজন নতুন চিত্ৰশিল্পী৷ গতিকে মই মোৰ চিত্ৰখনত হোৱা ভুলবিলাক জানিব বিচাৰিছোঁ৷ অনুগ্ৰহ কৰি আপোনালোকে য’তেই ভুল দেখে সেই ঠাইত ক্ৰছ (X) চিন এটা দি মোৰ ভুলবিলাক দেখুৱাই দিয়ে যেন৷”

আবেলিলৈ যেতিয়া তেওঁ চিত্ৰখনৰ কাষলৈ ঘুৰি আহিল, তেওঁ দেখিলে যে, গোটেই চিত্ৰখনতে ক্ৰছ (X) চিনেৰে ভৰি আছে৷ আনকি কিছুমান ব্যক্তিয়ে বেয়া ধৰণেৰে মন্তব্যও দিছে৷

তেওঁৰ মনটো ভাগি গ’ল আৰু চকুৰ পানীৰে দুগাল তিতি গ’ল৷ ডেকা চিত্ৰশিল্পীজনে ভগ্ন হৃদয় লৈ তেওঁৰ শিক্ষকজনৰ ওচৰলৈ গ’ল আৰু ক’লে “মই মিছাকৈয়ে চিত্ৰ আঁকিবলৈ শিকিলোঁ৷ মই এই বিদ্যাত কেতিয়াও পাৰ্গত হ’ব নোৱাৰিম৷ সকলোৱে মোৰ চিত্ৰখন বেয়া হৈছে বুলি কৈছে৷”

শিক্ষকজনে হাঁহি হাঁহি ক’লে- “মোৰ সোণ, মন বেয়া নকৰিবা৷ মই প্ৰমাণ কৰি দিব পাৰিম যে তুমি এজন ভাল চিত্ৰশিল্পী আৰু তোমাৰ চিত্ৰখন অতি ধুনীয়া হৈছিল৷ এতিয়া তুমি কোনো প্ৰশ্ন নকৰি পুনৰ চিত্ৰখন আঁকি মোৰ ওচৰলৈ লৈ আহা৷” ডেকা চিত্ৰশিল্পীজনে দুদিনৰ পিছত পুনৰ চিত্ৰখন আঁকি শিক্ষকজনৰ ওচৰলৈ লৈ আহিলে৷ শিক্ষকজনে দেখি আনন্দিত হ’ল আৰু তেওঁৰ শলাগ ল’লে৷

“মোৰ লগত আহা৷” শিক্ষকজনে তেওঁক ক’লে৷

তেওঁলোক সেই একেই পথটোলৈ গ’ল আৰু আগৰ দৰেই পথটোত চিত্ৰখন ওলোমাই ৰাখিলে৷ শিক্ষকজনে চিত্ৰখনৰ কাষতে অন্য এখন বৰ্ডত লিখি ৰাখিলে- “মহাশয়/মহাশয়া, মই এই চিত্ৰখন অংকন কৰিছোঁ৷ মই এজন নতুন চিত্ৰশিল্পী৷ গতিকে মই মোৰ চিত্ৰখনত হোৱা ভুলবিলাক জানিব বিচাৰিছোঁ৷ মই চিত্ৰখনৰ লগতে এটা ৰঙৰ বাকচ আৰু কিছুমান ব্ৰাছ ৰাখিছোঁ৷ অনুগ্ৰহ কৰি যদি আপুনি কিবা ভুল দেখে তেন্তে ৰং আৰু ব্ৰাছডাল লৈ তাক শুদ্ধ কৰি দিয়ে যেন৷”

শিক্ষকজন আৰু ছাত্ৰজন ঘৰলৈ ঘুৰি গ’ল৷

তেওঁলোকে একেদৰেই আবেলিলৈ আহি দেখিলে যে, চিত্ৰখনৰ কোনো অংশকে শুদ্ধ কৰা হোৱা নাই৷ পিচদিনাও তেওঁলোকে আহি দেখিলে সেইদিনাও কোনেও একো শুদ্ধ কৰা নাই৷ তেওঁলোকে চিত্ৰখন তেনেদৰেই এমাহ ধৰি ওলোমাই ৰাখিলে, কিন্তু কোনেও চিত্ৰখনৰ কোনো অংশকে শুদ্ধ কৰা নাছিল!”

কাৰোবাক সমালোচনা কৰিবলৈ সহজ, কিন্তু তেওঁক উৎসাহিত কৰি আগবঢ়াই নিবলৈ অতি টান৷ গতিকে আনে কৰা সমালোচনত তুমি দুঃখিত নহ’বা৷ যদিহে তেওঁ তোমাক শুদ্ধ কৰাৰ পথ দেখুওৱাব নোৱাৰে৷ সেয়ে নিজেই নিজকে সমালোচনা কৰা৷ তুমিয়েই তোমাৰ শ্ৰেষ্ঠ সমালোচক ৷

সংগ্ৰহ আৰু অনুবাদ : ড০ অঞ্জল বৰা


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।