৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ১)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ১)

(১)

জীৱন পথৰ বাধা

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীৰ সৈতে ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ বহুদূৰ ভ্ৰমণ কৰাৰ পিছত এঠাইত দেখিলে যে ডাঙৰ শিল এটাই পথ এটা বন্ধ কৰি ৰাখিছে৷ কিন্তু তেওঁ মন কৰিলে কোনোৱেই পথটোৰ পৰা শিলটো আঁতৰোৱা নাই আৰু সকলোৱে তাৰ ওপৰেৰে পাৰ হৈ গৈছে৷ আনকি তেওঁৰ লগত যোৱা নিজৰ মন্ত্ৰী আৰু পাৰিষদবৰ্গইও তেনেদৰেই পাৰ হৈ সিপাৰলৈ গৈছে৷

তেওঁ মন্ত্ৰী আৰু পাৰিষদবৰ্গক এই বিষয়ে সোধাত তেওঁলোকে ৰজাক প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যে, কোনোৱেই এই ডাঙৰ শিলটো ইয়াৰ পৰা আঁতৰাব নোৱাৰে আৰু ইয়াক আঁতৰোৱা কেতিয়াও সম্ভৱ নহয়৷

কেইদিনমানৰ পিছত এজন কৃষকে অকলে শাক-পাচলিৰ এখন ডাঙৰ ভাৰ লৈ সেইফালেদি যাব লগা হৈছিল৷ তেওঁ দেখা পালে যে শিলটো আঁতৰ নকৰাকৈ তেওঁ শাক-পাচলিৰ ভাৰখন সিপাৰলৈ নিব নোৱাৰে৷ সেয়ে তেওঁ পাচলিৰ ভাৰখন মাটিত থ’লে আৰু শিলটো আঁতৰাবলৈ অপ্ৰাণ চেষ্টা কৰিলে৷ বহু সময়ৰ চেষ্টাৰ পিছত তেওঁ শিলটো পথটোৰ পৰা আঁতৰাবলৈ সক্ষম হ’ল৷ শিলটো আঁতৰাই তেওঁ পুনৰ শাক-পাচলিৰ ভাৰখন তুলি উঠাবলৈ ধৰোঁতেই দেখা পালে যে শিলটো থকা ঠাইতে এটা সৰু পইচাৰ বেগ মাটিত পৰি আছে৷

পইচাৰ বেগটোত বহুত সোণৰ মুদ্ৰাৰ লগতে এখন চিঠিও তেওঁ দেখা পালে৷ চিঠিখন মেলি তেওঁ দেখিলে ৰজাই তাত লিখি থৈছে “এই সোণৰ মুদ্ৰাখিনি সেইজন ব্যক্তিয়েই লাভ কৰিব যি ইয়াৰ পৰা শিলটো আঁতৰাব পাৰিব৷” সেই কৃষকজনে আন বহুতে অনুভৱ কৰিব নোৱাৰা এক সৰ্বোত্তম শিক্ষা লাভ কৰিলে৷

“প্ৰত্যেক বাধাই নিজক আগুৱাই নিয়াত এটা সুবিধা প্ৰদান কৰে৷”stone

 

(২)

সকলো কাম তোমাৰ নিজৰ বুলি কৰিবা

এজন বুঢ়া কাঠমিস্ত্ৰী এদিন কামৰ পৰা অৱসৰ লোৱাৰ কথা ভাবিলে৷ তেওঁ এতিয়া গাঁৱৰ ঘৰলৈ গৈ তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে জীৱনৰ বাকী দিন কেইটা আৰামত থাকিব বিচাৰে৷ সেয়ে তেওঁক কামত নিয়োগ কৰা ঠিকাদাৰজনক তেওঁৰ পৰিকল্পনাৰ কথা ক’লে আৰু সোনকালে চাকৰিৰ পৰা আজৰাই দিবলৈ ক’লে৷

ঠিকাদাৰজনে তেওঁক অতি নম্ৰভাৱে ক’লে যে, তেওঁৰ আন কেইবাজনো ভাল-ভাল কাঠমিস্ত্ৰী এতিয়া ঘৰলৈ গৈছে৷ সেয়ে শেষবাৰৰ বাবে তেওঁ এটা ঘৰ সাজি থৈ যাব লাগে৷ কাঠমিস্ত্ৰীজনে পুৰণি মালিকৰ কথা মতে ঘৰটো সাজিবলৈ মান্তি হ’ল যদিও তেওঁ অনুভৱ কৰিলে যে, তেওঁ আগৰ দৰে কামত মন বহুৱাব পৰা নাই৷ এইটো যিহেতু তেওঁৰ জীৱনৰ শেষ ঘৰ গতিকে তেওঁ ঘৰটো সজাত বিশেষ গুৰুত্ব দিয়া নাছিল৷ তেওঁ ঘৰটোত ভাল কাঠ লগোৱা নাছিল আৰু নিমজ আৰু পৰিপাটিকৈ কামবোৰ কৰা নাছিল৷

কাঠমিস্ত্ৰীজনে তেওঁৰ কামটো শেষ কৰাৰ পিছত তেওঁৰ ঠিকাদাৰজনে আহি ঘৰটো ভালদৰে পৰীক্ষা কৰিলে আৰু আনন্দিত হ’ল৷ ইয়াৰ পিছত তেওঁ হাতত ঘৰটোৰ চাবিপাত ল’লে আৰু কাঠমিস্ত্ৰীজনৰ হাতত দি ক’লে “এইটো তোমাৰ ঘৰ… এইটো তোমাৰ বাবে মোৰ এটা উপহাৰ৷”

কাঠমিস্ত্ৰীজন আচৰিত হ’ল আৰু মনতে অনুশোচনা কৰিলে৷ তেওঁ যদি নিজৰ ঘৰটোকেই সাজি থকাৰ কথা আগতেই গম পালে হয়, তেওঁ ইয়াক অধিক সুন্দৰভাৱে সাজিলে হেঁতেন!!

(৩)

এটা ল’ৰা আৰু এজোপা আপেল গছ 

এখন গাঁৱত এজোপা অতি ডাঙৰ আপেল গছ আছিল৷ এটা সৰু ল’ৰাই সেই গছজোপাৰ মৰমতে সদায় তাৰ তলত খেলিবলৈ আহিছিল৷ ল’ৰাটোৱে গছজোপাৰ ওপৰত বগাই ধেমালি কৰি কৰি আপেল খাইছিল আৰু দিনটো তাৰ তলত শুই সময় কটাইছিল৷ ল’ৰাটোৰ এনে কামবিলাক দেখি গছজোপায়েও তাক বৰ মৰম কৰিছিল৷ ল’ৰাটো যেতিয়া লাহে লাহে ডাঙৰ হৈ আহিল সি গছজোপাৰ তলত সদায় খেলিবলৈ এৰি দিছিল৷ এদিন সেই ল’ৰাটোৱে গছজোপাৰ কাষলৈ আহি দুখেৰে গছজোপাৰ ফাললৈ চাই আছিল৷ তাকে দেখি গছজোপাই তাক তাৰ লগত খেলিবলৈ মাতিলে৷

“আহা মোৰ লগত খেলাহি৷” কিন্তু ল’ৰাটোৱে উত্তৰ দিলে-

“মই এতিয়া আগৰ দৰে কেচুৱা হৈ থকা নাই, মই এতিয়া তোমাৰ লগত খেলিব নোৱাৰোঁ৷ মোক এটা পুতলা পিস্তল কিনিবৰ কাৰণে কিছু পইচাৰ দৰকাৰ হৈছে৷ তুমি দিব পাৰিবানেকি?” ল’ৰাটোৰ কথা শুনি আপেলজোপাই উত্তৰ দিলে-

“মোৰ হাতত পইচা নাই, কিন্তু তুমি মোৰ আপেলবিলাক পাৰি লৈ যাব পাৰা আৰু তাক বজাৰত বেচি কিছু পইচা গোটাব পাৰা৷”

ল’ৰাটো আনন্দত জপিয়াই উঠিল৷ সি গছজোপাৰ পৰা আপেলবিলাক পাৰি আনন্দৰে তাৰ পৰা আঁতৰি গ’ল৷ ল’ৰাটোৱে আপেলবিলাক পাৰি লৈ যোৱাৰ পিছত বহু বছৰলৈ আপেলজোপাৰ কাষলৈ ঘুৰি নাহিল৷ গছজোপাই দুখেৰে দিন কটাবলৈ ধৰিলে৷ পুনৰ এদিন সেই ল’ৰাটোক আপেলজোপাৰ কাষত দেখা গ’ল৷ তেতিয়া সি এজন ডেকা ল’ৰা৷ আপেলজোপাই তাক দেখি পুনৰ আনন্দিত হ’ল আৰু তাক তাৰ লগত খেলিবলৈ মাতিলে৷

“আহা আৰু মোৰ লগত খেলাহি৷”

“তোমাৰ লগত খেলিবলৈ মোৰ একেবাৰে সময় নাই৷ মোৰ পৰিয়ালৰ বাবে মই এতিয়া কাম কৰিব লাগে৷ আমি থাকিবলৈ এটা ঘৰৰ প্ৰয়োজন হৈছে৷ তুমি সহায় কৰিব পাৰিবানেকি?” ডেকাল’ৰাটোৰ কথা শুনি আপেলজোপাই পুনৰ ক’লে-

“মোৰ কোনো ঘৰ নাই৷ কিন্তু তুমি এটা ঘৰ সাজিবলৈ মোৰ ডালবিলাক কাটি লৈ যাব পাৰা৷” সেই কথা শুনি ডেকাল’ৰাটোৱে আপেলজোপাৰ ডালবিলাক কাটি পেলালে আৰু আনন্দৰে উভতি গ’ল৷ গছজোপাই তাৰ সুখ দেখি আনন্দিত হ’ল৷ কিন্তু ডেকাল’ৰাটোক পুনৰ বহু দিনলৈ গছজোপাৰ কাষত দেখা পোৱা নগ’ল৷ গছজোপা আকৌ অকলশৰীয়া হৈ পৰিল আৰু বেজাৰ মনেৰে দিন কটাবলৈ ধৰিলে৷

এদিন গৰমৰ দিনত, এজন মানুহক আপেলজোপাৰ কাষত দেখা পোৱা গ’ল৷ গছজোপাই তাক চিনি পাই আনন্দতে তাৰ লগত খেলিবলৈ মাতিলে৷

“আহা আৰু মোৰ লগত খেলাহি৷” কিন্তু মানুহজনে উত্তৰ দিলে-

“মই এতিয়া বুঢ়া হ’লোঁ৷ সেয়ে ফুৰিবৰ কাৰণে মই নদীৰ কাষলৈ যাব বিচাৰোঁ৷ তুমি মোক এখন নাওৰ ব্যৱস্থা কৰি দিব পাৰিবানে?” গছজোপাই তাৰ কথা শুনি ক’লে-

“এখন নাও সাজিবলৈ মোৰ গা-গছজোপা ব্যৱহাৰ কৰিব পাৰা৷ তুমি তাৰে এখন নাও সাজি নদীত ফুৰিব পাৰিবা৷”

সেই কথা শুনি মানুহজনে গছজোপা কাটি তাৰে এখন নাও সাজি আনন্দৰে ফুৰিবলৈ গ’ল৷ তাৰ পিছত মানুহজনে বহু বছৰলৈ আপেলজোপাৰ খা-খবৰ ৰখা নাছিল৷ অৱশেষত, বহু বছৰৰ পিছত মানুহজন পুনৰ আপেলজোপাৰ কাষলৈ ঘুৰি আহিল৷ মানুহজনক দেখি আপেলজোপাই এইবাৰ ক’লে-

“এতিয়া তোমাক দিবলৈ মোৰ আৰু একোৱেই নাই৷ আনকি তোমাক খাবলৈ দিবৰ কাৰণে এতিয়া এটা আপেলো নাই, তুমি মোৰ গাত বগাব পৰাকৈ মোৰ কোনো গা-গছ নাই, সঁচাকৈ মই তোমাক একোৱেই দিব নোৱাৰো৷ কেৱল মোৰ হাতত মোৰ শুকান মুঢ়াটো আছে৷” ইয়াকে কৈ গছজোপাই চকুলো টুকিবলৈ ধৰিলে৷ আপেলজোপাৰ কথা শুনি মানুহজনে ক’লে-

“কোনো কথা নাই, আপেল খাবলৈ এতিয়া মোৰ এটাও দাঁত নাই, গছত বগাবলৈও মই এতিয়া বহুত বুঢ়া হ’লো৷ এতিয়া মোক অধিক একো নালাগে, মাত্ৰ জিৰণি ল’বৰ কাৰণে অকণমান ঠাই লাগে৷ মই এতিয়া অতি ভাগৰুৱা হৈ পৰিছোঁ৷” এই কথা শুনি আপেলজোপাই ক’লে-

“ভাল কথা! জিৰাবৰ কাৰণে পুৰণি গছৰ মুঢ়াই হৈছে অতি ভাল ঠাই৷ আহা, মোৰ ওপৰত বহা আৰু আৰাম কৰা৷” সেই কথা শুনি মানুহজনে গছজোপাৰ মুঢ়াটোৰ ওপৰত বহিল পৰিল আৰু গছজোপাইও মানুহজনক ঘুৰাই পাই আনন্দৰে চকুপানী টুকিলে৷

(এই গল্পটো হৈছে আমাৰ প্ৰত্যেকৰে জীৱনৰ ঘটনা৷ গছজোপা হৈছে আমাৰ পিতৃ-মাতৃ৷ আমি শিশু হৈ থকাৰ সময়ত, আমাৰ মা-দেউতাৰ লগত খেলিবলৈ ভাল পাওঁ৷ যেতিয়াই আমি ডাঙৰ হওঁ, আমি তেওঁলোকক এৰি দিওঁ, আৰু তেতিয়াহে তেওঁলোকৰ কাষলৈ ঘুৰি যাওঁ যেতিয়া আমাক কিবা প্ৰয়োজন হয় বা আমি অসুবিধাত পৰোঁ৷ কিন্তু আমি যিয়েই নকৰো, পিতৃ-মাতৃয়ে আমাৰ পৰা  কোনো প্ৰতিদান নিবিচৰাকৈ আমাৰ সুখৰ কাৰণে সকলো উজাৰি দিয়ে৷ অথচ আমি স্বাৰ্থপৰ মানুহৰ দৰে সকলো পাহৰি যাওঁ৷)

(৪)

পৰিয়াল কি?

এজন মানুহে অফিচত দেৰিলৈকে কাম কৰি ভাগৰত ঘৰলৈ আহি দেখিলে যে, তেওঁৰ ৫ বছৰীয়া ল’ৰাটোৱে দুৱাৰ মুখতে তেওঁৰ কাৰণে অপেক্ষা কৰি আছে৷

ল’ৰাটো- দেউতা মই আপোনাক এটা প্ৰশ্ন সুধিব পাৰোঁনে?

দেউতাক- নিশ্চয় সোধা, তুমি কি সুধিব বিচাৰিছা?

ল’ৰাটো- দেউতা, আপুনি বাৰু এঘণ্টাত কিমান টকা উপাৰ্জন কৰে?

দেউতাক- এইটো তোমাৰ ভাবিবলগীয়া কথা নহয়, কিয় তুমি এনে ধৰণৰ প্ৰশ্ন কৰিছা? (কিছু খঙেৰে উত্তৰ দিলে)

ল’ৰাটো- মই কেৱল জানিব বিচাৰিছোঁ, অনুগ্ৰহ কৰি কওঁক, আপুনি কিমান টকা উপাৰ্জন কৰে?

দেউতাক- যদি তুমি সঁচাকৈয়ে জানিব বিচাৰিছা তেনে শুনা মই এঘণ্টাত ৫০ টকা উপাৰ্জন কৰোঁ৷

সেই কথা শুনি ল’ৰাটো চিন্তিত হৈ পৰিল আৰু দেউতাকৰ মুখলৈ চাই ক’লে “দেউতা, আপুনি মোক ২০ টকা ধাৰলৈ দিব পাৰিবনে?”

দেউতাকৰ প্ৰচণ্ড খং উঠিল আৰু উত্তৰ দিলে “তুমি নাজানানে মই কিমান কষ্ট কৰি এই টকা উপাৰ্জন কৰিছোঁ, তুমি যদি কেৱল এই টকাৰে এটা পুতলা বা আন খেলা সামগ্ৰী কিনি অবাবত ব্যয় কৰিম বুলি ভাবিছা তেন্তে এতিয়াই তুমি মোৰ আগৰ পৰা আঁতৰি যোৱা৷ মই কেৱল তোমাৰ ধেমালি কৰিবলৈকে টকা উপাৰ্জন কৰা  নাই ৷

দেউতাকৰ কথা শুনি ল’ৰাটোৱে দুখেৰে আঁতৰি গ’ল আৰু নিজৰ ৰুমত সোমাই দুৱাৰখন জোৰেৰে বন্ধ কৰি শুই থাকিল৷ বহু সময়ৰ পিছত দেউতাকে অনুভৱ কৰিলে যে, “ল’ৰাটোক কিজানি সঁচাকৈয়ে কিবা বস্তু কিনিবলৈ ২০ টকাৰ প্ৰয়োজন হৈছে, ন’হলে তেওঁ কেতিয়াও এনেদৰে টকা নিবিচাৰে” সেয়ে দেউতাক ল’ৰাটোৰ ৰুমলৈ গ’ল আৰু লাহেকৈ দুৱাৰখন খুলি ল’ৰাটোক সুধিলে-

“তুমি শুই আছা নেকি সোণ?” “নহয় দেউতা, মই সাৰ পাই আছোঁ৷” ল’ৰাটোৱে উত্তৰ দিলে৷

দেউতাকে তেওঁক ক’লে “মই তোমাক তেতিয়া এনেই গালি পাৰিলোঁ, বেয়া নপাবা৷ এইয়া লোৱা তুমি বিচৰা ২০ টকা”

ল’ৰাটোৱে আনন্দতে বিচনাত উঠি বহিল আৰু দেউতাকৰ পৰা ২০ টকাটো লৈ গাৰুটোৰ তলৰ পৰা আৰু কিছুমান পইচা উলিয়াই হিচাপ কৰিবলৈ ধৰিলে৷

ল’ৰাটোৰ হাতত অতিৰিক্ত টকাখিনি দেখি দেউতাকে পুনৰ খং কৰি ক’লে

“তোমাৰ হাতত ইমান টকা যদি আছিলেই তেন্তে তুমি কিয় মোৰ পৰা আকৌ পইচা বিচাৰিলা?”

“কাৰণ মোৰ হাতত যথেষ্ট টকা নাছিল” ল’ৰাটোৱে লাহেকৈ উত্তৰ দিলে আৰু পুনৰ ক’লে-

দেউতা !! এতিয়া মোৰ হাতত ৫০ টকা সম্পূৰ্ণ হ’ল৷ এইয়া লওক৷ মই এতিয়া অপোনাৰ দৈনিক সময়ৰ পৰা এঘণ্টা কিনিব পাৰিমনে? অনুগ্ৰহ কৰি কালিলৈ আপুনি অফিচৰ পৰা এঘ্ণ্টা সোনকালে আহিব৷ কাৰণ মই আপোনাৰ লগত একেলগে ৰাতি এসাঁজ ভাত খাব বিচাৰো৷

এই গল্পটো যিকোনো ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৰে বাবে এটা ডাঙৰ প্ৰশ্ন৷ সঁচাকৈয়ে আমি কেতিয়াবা জীৱনত সেইসকলৰ বাবে সময় দিব নোৱাৰোঁ যিসকল আমাৰ বাবে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ, যি প্ৰকৃততেই আমাৰ হৃদয়ৰ নিচেই কাষত থাকে৷ মনত ৰাখিব যদি আপোনাৰ আজি মৃত্যু হয়, তেন্তে কালিলৈ কোম্পানীয়ে আপোনাৰ ঠাইত আন এজন নতুন ব্যক্তিক সহজতেই নিয়োগ কৰিব৷ কিন্তু আপোনাৰ পৰিয়ালে আপোনাৰ অভাৱ আনৰ দ্বাৰা কেতিয়াও পূৰণ কৰিব নোৱাৰে৷ সেয়ে-

কেতিয়াও পৰিয়ালক সময় দিব নোৱাৰাকৈ কাম নকৰিব, কাৰণ পৰিয়াল হৈছে-

FAMILY = (F) ATHER (A) ND (M) OTHER, (I) (L) OVE (Y) OU!

(৫)

এটা গাখীৰেৰে পূৰ্ণ পুখুৰি

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ কাম কৰা ব্যক্তিসকলক এটা পুখুৰি খান্দিবলৈ ক’লে৷ যেতিয়া পুখুৰিটো খন্দা হ’ল, ৰজাই তেওঁৰ প্ৰজাসকলক মাতি আনি ঘোষণা কৰিলে যে, ৰাজ্যৰ প্ৰত্যেক ঘৰৰ একোজনকৈ ব্যক্তিয়ে ৰাতি এগিলাচকৈ গাখীৰ পুখুৰিটোত দিবহি লাগিব৷ যাতে ৰাতিপুৱালৈ পুখুৰিটো গাখীৰেৰে পূৰ্ণ হৈ থাকে৷ ৰজাৰ আদেশ শুনাৰ পিছত প্ৰত্যেকেই নিজ নিজ ঘৰলৈ ওভতি গ’ল৷

এজন মানুহে সেই ৰাতি পুখুৰিটোত গাখীৰ দিবৰ লৈ ভাবিলে প্ৰত্যেকেই নিশ্চয় পুখুৰিটোত ঢালিবলৈ গাখীৰ আনিব৷ গতিকে আন্ধাৰ ৰাতি তেওঁ এগিলাছ পানী ঢালি দিলেও কোনেও গম নাপাব৷ তেওঁ এগিলাচ পানী আনিলে আৰু পুখুৰিটোত ঢালি আঁতৰি গ’ল৷ ৰাতিপুৱা, ৰজাই পুখুৰিটো চাবলৈ আহিলে আৰু দেখি আচৰিত হ’ল যে, পুখুৰিটো কেৱল পানীৰে ভৰি আছে! কাৰণ প্ৰত্যেকেই সেই ব্যক্তিজনৰ দৰেই ভাবিলে “মই গাখীৰ নিদিলেও একো নহয়, আনসকলেতো দিবই৷”

(৬)

প্ৰকৃত ধনী

এদিন এজন অতি ধনী মানুহে তেওঁৰ সন্তানক তেওঁলোক কিমান ধনী সেই কথা অনুধাৱন কৰোৱাবলৈ চহৰৰ অন্যান্য দুখীয়া মানুহবিলাকক দেখুৱাবলৈ লৈ গ’ল৷

তেওঁলোকে অতি দুখীয়া মানুহ বসবাস কৰা এঠাইত এদিন-এৰাতি কটালে৷

তেওঁলোক ঘুৰি অহাৰ পিছত, দেউতাকে তেওঁৰ সন্তানক সুধিলে-

“তোমাৰ এই ভ্ৰমণ কেনে লাগিল?”

“অতি ভাল লাগিল দেউতা”

দেউতাকে ক’লে- “তুমি দেখিলানে কেনেকৈ দুখীয়া মানুহবিলাক বসবাস কৰে?” “হয় দেউতা” ল’ৰাজনে উত্তৰ দিলে৷

“তেন্তে তুমি এই ভ্ৰমণৰ পৰা কি শিক্ষা লাভ কৰিলা?” দেউতাকে ল’ৰাজনক প্ৰশ্ন কৰিলে৷

ল’ৰাজনে দেউতাকক ক’লে- “মই দেখিলোঁ যে, আমাৰ এটা কুকুৰ আছে আৰু তেওঁলোকৰ চাৰিটা আছে৷ আমাৰ এটা সৰু পুখুৰী আছে তাকো যি আমাৰ সৰু বাগিচাখনৰ ভিতৰত অৱস্থিত আৰু তেওঁলোকৰ এটা ডাঙৰ জলাশয় আছে যাৰ পাৰাপাৰ দেখা পোৱা নাযায়৷ আমাৰ বাগিচাত এটা সৰু আমদানি কৰা বিজুলী বাটি আছে কিন্তু তেওঁলোকৰ আকাশ লাখ লাখ তৰাৰে ভৰি থাকে৷ আমাৰ ঘৰৰ সন্মুখত অকণমান মাত্ৰ ঠাই আছে য’ত আমি দিনটো পাৰ কৰোঁ, কিন্তু তেওঁলোকৰ সন্মুখ ভাগ সম্পূৰ্ণ মুকলি৷ আমাৰ বসবাস কৰিবলৈ অতি কম পৰিমাণৰহে মাটি আছে, কিন্তু তেওঁলোকৰ মাটিয়ে আমাৰ চাৰিসীমাও পাৰ কৰি গৈছে৷ আমাৰ অনেক চাকৰ-নাকৰ আছে যি আমাক প্ৰতি পল সেৱা কৰে, কিন্তু তেওঁলোকে আনক সেৱা কৰে৷ আমি আমাৰ আহাৰ কিনি খাওঁ, কিন্তু তেওঁলোকে সেয়া নিজ হাতে তৈয়াৰ কৰি লয়৷ আমাৰ চাৰিওফালে আমাক সুৰক্ষা দিবৰ বাবে ওখ দেৱাল মৰা আছে, কিন্তু তেওঁলোকৰ অনেক বন্ধু আছে যি তেওঁলোকক সুৰক্ষা দিয়ে৷”

ল’ৰাটোৰ কথা শুনি দেউতাক বাকৰুদ্ধ হৈ পৰিল৷ তেতিয়া ল’ৰাজনে ক’লে – “ধন্যবাদ দেউতা, আপুনি আজি মোক দেখুৱালে প্ৰকৃততে আমি কিমান দুখীয়া৷”

 

(৭)

অফিচ বয়

এজন কৰ্মহীন মানুহে এদিন এখন ডাঙৰ ফাৰ্মত ‘অফিচ বয়’ হিচাপে চাকৰিৰ বাবে আবেদন কৰিলে৷

ফাৰ্মখনৰ কৰ্মচাৰী নিয়োগ বিভাগৰ বিষয়াজনে সাক্ষাত্কাৰৰ সময়ত ব্যক্তিজনলৈ আৱেদন পত্ৰখন পঠিয়াবৰ বাবে তেওঁৰ ই-মেইল ঠিকনাটো বিচাৰিলে৷ তেতিয়া মানুহজনে কিছু সংকোচ মনেৰে ক’লে “মোৰ কোনো কম্পিউটাৰ বা ই-মেইল ঠিকনা নাই৷

মেনেজাৰজনে ক’লে- দুঃখিত, যদি আপোনাৰ ই-মেইল ঠিকনা নাই তেন্তে আপুনি ইয়াত থাকিব নোৱাৰিব৷ সেয়ে আপোনাক চাকৰিটো দিব নোৱাৰিম৷ মানুহজনে চাকৰি পোৱাৰ আশা নেদেখি দুখ মনেৰে তাৰ পৰা ওলাই আহিল৷ ওলাই আহি তেওঁ কি কৰিব একো ভাবি পোৱা নাছিল৷ কাৰণ তেওঁৰ হাতত তেতিয়া মাত্ৰ ১০০ টকাহে আছিল৷

তেওঁ কিছুসময় চিন্তা কৰি বজাৰলৈ গ’ল আৰু দহ কেজি বিলাহী কিনি আনিলে৷ তাৰপিছত তেওঁ সেইবিলাক ঘৰে ঘৰে বেচিবলৈ ধৰিলে৷ দুঘণ্টাৰ ভিতৰতে তেওঁৰ হাতলৈ দুগুণ টকা আহিল৷ তেওঁ তেওঁৰ নিজৰ সফলতাত উত্ফুল্লিত হৈ তিনিবাৰ সেই কামটোকে কৰিলে আৰু হাতত ৬০০ টকা লৈ ঘৰলৈ ঘুৰি আহিল৷ মানুহজনে অনুভৱ কৰিলে যে, তেওঁ এই পথেৰেই কিছু উপাৰ্জন কৰিব পাৰিব৷ সেয়ে তেওঁ প্ৰতিদিন আবেলি সেই কামটো কৰিবলৈ স্থিৰ কৰিলে৷ এনেকৈয়ে প্ৰতিদিন তেওঁৰ টকা দুগুণৰ পৰা তিনিগুণ হ’বলৈ ধৰিলে৷ কেইদিনমানৰ পিছতে তেওঁ এখন মাল নিয়া গাড়ী কিনিলে৷ তাৰপিচত এখন ট্ৰাক, এটা নিজা ঘৰ আৰু ঘৰে ঘৰে সামগ্ৰী দিব পৰা নিজা বাহন ক্ৰয় কৰিলে৷

পাঁচ বছৰৰ পিছত, মানুহজনৰ নিজাকৈ এখন ডাঙৰ ফল-মুলৰ খুচুৰা বিক্ৰীৰ দোকান হ’ল৷ মানুহজনৰ হাতলৈ যথেষ্ট টকা অহাৰ পিছত তেওঁ নিজৰ পৰিয়াল পৰিকল্পনা কৰাৰ কথা ভাবিলে৷ সেয়ে তেওঁ প্ৰথমে এটা জীৱন-বীমা কৰাৰ কথা মনতে স্থিৰ কৰিলে৷

তেওঁ এজন জীৱন-বীমাৰ কৰ্মচাৰীক মাতিলে আৰু এটা ভাল নিৰাপদ প’লিচি দেখুৱাবলৈ ক’লে৷ তেওঁলোকৰ আলোচনা শেষ হোৱাৰ পিছত, কৰ্মচাৰীজনে তেওঁৰ ই-মেইল ঠিকনাটো বিচাৰিলে৷ মানুহজনে নিঃসংকোচে উত্তৰ দিলে- “মোৰ কোনো ই-মেইল ঠিকনা নাই৷” কৰ্মচাৰীজন সন্দেহৰ দৃষ্টিৰে চালে আৰু উত্তৰ দিলে- আপোনাৰ এটা ই-মেইল ঠিকনা নাই, আৰু আপুনি এতিয়াও কিদৰে ব্যৱসায়ৰ এখন সাম্ৰাজ্য গঢ়াৰ কথা ভাবি আছে৷ আপুনি কল্পনা কৰিব পাৰেনে, আপোনাৰ যদি এটা ই-মেইল থাকিল হেঁতেন তেন্তে আপুনি আজি কি হৈ থাকিলেহেঁতেন?

মানুহজনে কিছু সময় ভাবিলে আৰু উত্তৰ দিলে – এজন অফিচ বয়!

(৮)

প্ৰথমে নিজক পৰিৱৰ্তন কৰা

বহু বছৰৰ আগতে এখন সমৃদ্ধিশালী দেশত এজন ৰজা আছিল৷ এদিন তেওঁ ৰাজ্যৰ পৰা আঁতৰৰ কিছুমান ঠাইত ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ ভ্ৰমণ সামৰি নিজৰ ঠাইলৈ ঘুৰি অহাৰ পিছত তেওঁৰ ভৰি দুখনত অত্যন্ত বিষ অনুভৱ কৰিলে৷ কাৰণ তেওঁ প্ৰথম বাৰৰ বাবে ইমান দূৰলৈ ভ্ৰমণ কৰিবলৈ গৈছিল আৰু পথছোৱাও অত্যন্ত ওখোৰা মোখোৰা আৰু শিলেৰে ভৰা আছিল৷ সেয়ে তেওঁ সৈন্যসকলক দেশৰ সকলো পথ চামৰাৰে ঢাকি দিবলৈ আদেশ কৰিলে৷

নিশ্চিতভাৱে, এই কামটোৰ বাবে লাখৰো ওপৰৰ গৰুৰ চামৰা ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ বাবে অধিক টকা খৰছ হোৱাৰ লগতে অনেক গৰু বধ কৰিব লাগিব৷

সেয়ে এজন বিশ্বাসী লগুৱাই সাহস কৰি ৰজাক ক’লে – “মহাশয়, আপুনি অনৰ্থক কিয় ইমানবোৰ টকা ব্যয় কৰিবলৈ ওলাইছে? ইয়াৰ পৰিৱৰ্তে আপুনি এটুকুৰা সামান্য চামৰা কাটি আপোনাৰ ভৰি দুখন মেৰিয়াই নলয় কিয়?”

লগুৱাজনৰ কথা শুনি ৰজা প্ৰথমে আচৰিত হ’ল, কিন্তু লগে লগে তেওঁৰ পৰামৰ্শৰ বাবে আনন্দিত হ’ল আৰু তেওঁৰ বাবে এযোৰ চামৰাৰ জোতা তৈয়াৰ কৰিবলৈ আদেশ দিলে৷

“To make this world a happy place to live, you better change yourself – your heart; and not the world.”

 

(৯)

অনুতাপ

এদিন এজন ধাৰ্মিক মানুহে আন এজন মানুহক ক’লে -”যোৱা ৩০ বছৰৰ পৰা মই এটা পাপ কৰাৰ কাৰণে অনুতপ্ত হৈ আছোঁ আৰু ভগৱানে আজিলৈকে মোক কিয় সেই পাপৰ কাৰণে শাস্তি দিয়া নাই বুজিব পৰা নাই।”

আনজন মানুহে তেতিয়া প্ৰশ্ন কৰিলে- “তুমি কি পাপ কৰিছিলা?”

ধাৰ্মিক মানুহজনে ক’লে: “মই এখন বজাৰত দোকান দিছিলোঁ। এদিন মই শুনিলোঁ যে, গোটেই বজাৰখন জুইয়ে পুৰি ধ্বংস কৰিলে। লগে লগে মই দৌৰি বজাৰ পালোগৈ। বজাৰ পোৱাৰ পিছত দেখিলোঁ, কেৱল মোৰ দোকানখনৰ বাহিৰে সকলো দোকান জুইয়ে পুৰি নিঃশেষ কৰিলে। মই ইয়াৰ বাবে ভগৱানক অশেষ ধন্যবাদ দিলোঁ। কিন্তু লগে লগে মই মোৰ ভুলটোৰ বাবে অনুশোচনাত দগ্ধ হ’লোঁ। কেনেকৈ মই নিজকে এজন মানুহ বুলি ক’ব পাৰোঁ !! য’ত নেকি মই মোৰ বন্ধুসকলৰ হেৰুৱাখিনিকলৈ একোৱেই অনুভৱ কৰিব পৰা নাই? সেয়ে সেই দিনাৰ পৰাই মই মোৰ এই পাপৰ বাবে অনুতপ্ত হৈ ভগৱানৰ শাস্তিৰ বাবে অপেক্ষা কৰি আছোঁ।”

 

(১০)

এজন স্বাৰ্থপৰ মানুহ

বহু দিনৰ আগৰ কথা। এজন অতি স্বাৰ্থপৰ মানুহ আছিল। তেওঁ সকলো বস্তুকে নিজৰ বুলি ভাবিছিল। একো বস্তুকে তেওঁ আনৰ লগত ভাগ-বতৰা কৰিবলৈ ইচ্ছা কৰা নাছিল।

এদিনৰ কথা, মানুহজনে ক’ৰবাত ৩০টা সোণৰ মুদ্ৰা হেৰুৱালে। মনৰ দুখতে তেওঁ এজন বন্ধুৰ ঘৰলৈ গৈ বন্ধুৰ আগত মুদ্ৰাকেইটা কেনেকৈ হেৰুৱালে তাক বৰ্ণনা কৰিলে। বন্ধুজনে শুনি অতি দুখ প্ৰকাশ কৰিলে। তেওঁৰ বন্ধুজন এজন সৎ স্বভাৱৰ ব্যক্তি আছিল।

অলপ সময়ৰ পিছত বন্ধুজনৰ জীয়েক ক’ৰবাৰ পৰা ফুৰি ঘৰলৈ আহি থাকোঁতে পথৰ ওপৰত ৩০টা সোণৰ মুদ্ৰা পৰি থকা দেখা পালে। তাই আহি দেউতাকক এই কথাটো বিবৰি ক’লে। ছোৱালীজনীৰ দেউতাকে কথাটো শুনাৰ পিছত মুদ্ৰাকেইটা তেওঁৰ বন্ধুজনৰেই হ’ব বুলি ভাবিলে আৰু লগে লগে বন্ধুজনলৈ এটা খবৰ পঠিয়ালে। কথাটো শুনি স্বাৰ্থপৰ মানুহজন দৌৰি আহিল। বন্ধুজনে তেওঁক জীয়েকে কেনেকৈ মুদ্ৰাকেইটা পাইছিল সকলো কথা কোৱাৰ পিছত তেওঁৰ হাতত মুদ্ৰাকেইটা দি দিলে। মানুহজনে মুদ্ৰাকেইটা গণনা কৰাৰ পিছ্ত ক’লে যে, তেওঁৰ ৪০টা মুদ্ৰা আছিল। ইয়াত ১০টা মুদ্ৰা কম আছে। গতিকে তেওঁ ছোৱালীজনীক সন্দেহ কৰিলে আৰু বাকী ১০টা মুদ্ৰা দিবলৈ ক’লে। কিন্তু বন্ধুজনৰ লগতে ছোৱালীজনীয়েও এই কথাটোক অস্বীকাৰ কৰিলে।

স্বাৰ্থপৰ মানুহজন আঁতৰি গ’ল আৰু বন্ধুজনৰ লগতে ছোৱালীজনীৰ বিপক্ষে আদালতত গোচৰ দিলে।

বিচাৰকে বন্ধুজনৰ লগতে ছোৱালীজনীক পুনৰ কিমানটা মুদ্ৰা পাইছিল সুধিলে। তেওঁলোকে শপত খাই ৩০টা মুদ্ৰা পোৱাৰ কথা ক’লে। এইবাৰ বিচাৰকে স্বাৰ্থপৰ মানুহজনক পুনৰ তেওঁৰ কিমানটা মুদ্ৰা হেৰুৱাইছিল সুধিলে। তেওঁ বাৰে বাৰে ৪০টা মুদ্ৰা হেৰুৱাৰ কথা ক’লে।

তেতিয়া বিচাৰকে মানুহজনক ক’লে “তেন্তে এই সোণৰ মুদ্ৰা কেইটা তোমাৰ হ’ব নোৱাৰে, কাৰণ ছোৱালীজনীয়ে ৩০টা মুদ্ৰাহে লাভ কৰিছে ৪০টা নহয় আৰু তোমাৰ ৪০টা মুদ্ৰা হেৰাইছে। গতিকে মুদ্ৰাকেইটা ছোৱালীজনীক ঘূৰাই দিব লাগিব।”

বিচাৰকে মানুহজনক পুনৰ ক’লে, “যদি কোনোবাই ৪০টা সোণৰ মুদ্ৰা লাভ কৰাৰ কথা ঘোষণা কৰে তেতিয়া তেওঁ মানুহজনলৈ সেই মুদ্ৰাকেইটা পঠিয়াই দিব।” ইয়াৰ পিছত মানুহজনে এই ৩০টা মুদ্ৰাও হেৰুৱাব লগা হোৱাত চিন্তিত হৈ বিচাৰকক তেওঁ মিছাকৈয়ে কোৱা বুলি ক’লে যদিও বিচাৰকে তেওঁ কোনো কথা নুশুনিলে।

— অনুবাদ : অঞ্জল বৰা

    দ্বিতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক  ||| ‌ তৃতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক ||| চতুৰ্থ খণ্ড পঢ়িবলৈ ইয়াত টিপক ||||

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।