মিছা কোৱাৰ প্ৰতিযোগিতা

এবাৰ এজন ৰজাই মিছা কথা কোৱাৰ প্ৰতিযোগিতা পাতিলে আৰু ঘোষণা কৰিলে যে যিয়ে তেওঁক হেপাঁহ পলুৱাই মিছা কথা কব পাৰে তেওঁক দহ টেকেলি সোণৰ মুদ্ৰা দিয়া হব । সমগ্ৰ ৰাজ্যতে কথাটো ঘোষণা কৰি দিলে ।

ৰজাই নিৰ্দিষ্ট কৰি দিয়া দিনত মিছা কথা কোৱা প্ৰতিযোগিতাৰ প্ৰতিযোগীৰে ৰাজ সভা ভৰি গ’ল । বিভিন্ন জনে বিভিন্ন ধৰণে ৰজাক মিছা কথা কবলৈ ধৰিলে ।

কোনোবাই কৈছিল যে তেওঁৰ হেনো বুঢ়ীমাকে এটা হাতী পোৱালি জন্ম দিছিল । কোনোবাই কৈছিল তেওঁৰ জন্মৰ সময়ত মাজ নিশা সুৰ্যটো ওলাইছিল । কোনোবাই কৈছিল তেওঁৰ ককাকে পানীত জুই জ্বলাব পাৰিছিল । এনেদৰে নানাজনে নানান মিছা কথাৰে ৰজাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলে । কিন্তু কোনো এজনৰ কথাটেই ৰজা সন্তুষ্ট নহ’ল ।

অৱশেষত এজন ছালছিগা ভিকহু থৰক বৰককৈ ৰাজসভালৈ আহিল । ৰজাৰ সন্মুখলৈ গৈ কলে , ‘মহাৰাজ, আপুনি যদি অনুমতি দিয়ে এই অভাজনেও এবাৰ চেষ্টা কৰি চাব বিচাৰোঁ ।’

birbal

ভিকহুৰ কথা শুনি ৰজাই ঢেক ঢেককৈ হাঁহিলে আৰু কলে ,’ বৰ বৰ পণ্ডিতসকলেই বিফল হৈ পোতাশাললৈ গ’ল । তইনো কি কৰিবি ? বাৰু কব খুজিছা যদি ক সোনকালে । ‘

ৰজাক সেৱা জনাই ভিক্ষাৰীটোৱে আৰম্ভ কৰিলে , ‘মহাৰাজ, আগৰ জনমত মই আছিলো এজন ৰজা আৰু আপুনি আছিল মোৰ ৰাজ্যৰেই এজন ছালছিগা ভিকহু । তেতিয়াই আপুনি মোৰ পৰা দহ টেকেলি সোণৰ মুদ্ৰা ধাৰে লৈছিল আৰু কৈছিল যে সেই জনমত নোৱাৰিলেও পিছৰ জনমত পৰিশোধ কৰিব । এতিয়া মোক সেই দহ টেকেলি সোণৰ মূদ্ৰা পৰিশোধ কৰক । ‘

ভিক্ষাৰীৰ কথাত ৰজাৰ খঙে চুলিৰ আগ পালে আৰু কলে , মিছা কথা । এয়া হবই নোৱাৰে । ‘ এই বুলি প্ৰহৰীক আদেশ দিলে তাক পোটাশালত দিবলৈ ।

তেতিয়া ভিক্ষাৰীজনে কলে মই যদি মিছা কৈছো তেনেহলে মোক দহ টেকেলি সোণ দি দিয়ক । আপুনিতো মিছা কথা কোৱাৰেই প্ৰতিযোগিতা পাতিছিল । আৰু যদি সচাঁ বুলি মানি লয় তেনেহলেও দি দিয়ক মোৰ প্ৰাপ্য সোণ খিনি ।

 

ৰজাই চিন্তা কৰি চালে – ভিক্ষাৰী জনেতো ঠিকেই কৈছে – মিছা বুলি কলেতো পাবই সচাঁ বুলি ধৰিলেও দহ টেকেলি সোণৰ মুদ্ৰা ভিক্ষাৰী জনেই পাব ।

ৰজাই ভিক্ষাৰী জনৰ বুদ্ধিক শলাগিলে আৰু তেখেতক দহ টেকেলি সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰি স-সন্মানে বিদায় দিলে ।

সাধুটোৰ পৰা আমি ইয়াকেই শিকিলো যে নিজকেই আটাইতকৈ জ্ঞানী বুলি ভাবি কাকো আমি অৱজ্ঞাৰ চকুৰে চোৱা উচিত নহয় ।
কন্দৰ্প কুমাৰ নাথ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে