অসমীয়া সাধু – এদল মূর্খৰ কথা(ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

অসমীয়া সাধু – এদল মূর্খৰ কথা(ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

¤মূর্খৰ পুৰস্কাৰ¤

এসময়ত এখন দেশত এজন ধনী মানুহ আছিল।বৰ ধুনীয়াকৈ গান গাব জনা মানুহ এজনৰ গান শুনি তেওঁ এদিন বৰ আনন্দ পালে আৰু লগে লগে তেওঁৰ ধনভঁৰালীক মাতি আনি ক’লে- এওঁ এজন বৰ ভাল গায়ক। তেঁওৰ গীতত মুগ্ধ হৈছো।তেঁওক দুহেজাৰ মুদ্রা পুৰস্কাৰা ৰূপে মোৰ ধন ভঁৰালৰ পৰা দিয়াগৈ । ধনভঁৰালীয়ে ভাল বাৰু বুলি শলাগি ওলাই যোৱাত গায়কজনে পিছে পিছে গ’ল আৰু পুৰস্কাৰটি আনন্দমনেৰে বিচাৰিলে । ধন ভঁৰালীয়ে গিৰিহঁতৰ স্বভাৱৰ কথা জানে আৰু সেই বাবে পুৰস্কাৰ দিব নোৱাৰো বুলি গায়জনক একে আষাৰেই কৈ বিদায় দিলে । গায়কজনে আচৰিত হৈ পুনৰ ধনী মানুহজনৰ কাষ পালেহি আৰু ধনভঁৰালীয়ে পুৰস্কাৰ দিব নোখোজাৰ কথা কৈ দিলেহি । ধনী মানুহজনে কেটেৰাই ক’লে-তুমিনো মোক কি দিছাহে? মই যে তোমাক পুৰষ্কাৰ দিব লাগে। তুমি মোৰ কাণৰ কাষত গীত গাই,বীণা বজাই শুনাই খন্তেকৰ কাৰণেহে আনন্দ দিলা।ময়ো তেনেকৈ পুৰষ্কাৰ দিম বুলি তোমাক খন্তেকীয়া সন্তোষ দিলো। মূখ্যমানুহজনৰ কথা শুনি গায়কজনে হাঁহিহে উঠিল। মূর্খ মানুহে সংগীতৰ কি মূল্য দিব। এইবুলি ভাবি পুৰস্কাৰৰ আশা ত্যাগ কৰি তেঁও ঘৰলৈ গ’লগৈ। এইজনৰ কথা শুনি শিলেও নাহাঁহিবনে বাৰু?

সংগ্রহ:: কথা-সৰিৎ-সাগৰ লেখিকা-ড০ নির্মলপ্রভা বৰদলৈ

moinamel.com_story_tale

¤মূর্খ লগুৱা আৰু দুৱাৰ¤

এজন সদাগৰৰ এখন দোকান আছিল। এদিন দুপৰীয়া ঘৰলৈ ভাত খাবলৈ যাবৰ পৰত নতুনকৈ কামত সোমোৱা লগুৱা এটাক ক’লে- দুৱা খন খোলা আছে, ভালকৈ চকু দি থাকিবি মই ঘৰৰ পৰা সাউতকৈ আহোঁগৈ। সদাগৰে এইবুলি কৈ ঘৰলৈ গ’ল। সেই সময়তে দোকানৰপৰা কিছূ দূৰত বহুৱা এটাই চং দেখুৱাই আছিল। লগুৱাটোৱে ভাবিলে,দুৱাৰ খনত চকু দিবলৈহে কৈছে,দুৱাৰখন পিঠিত বান্ধি লৈ গ’লেই হয়চোন। একে সময়তে দুৱাৰখন চাই থকাও হ’ব বহুৱাটোৰ ভাও চোৱাও হ’ব। এইদৰে ভাবি লগুৱাটোৱে দোকানৰ দুৱাৰখন ভাঙি নিজৰ পিঠিত বান্ধি লৈ বহুৱাৰ ভাও চাবলৈ গ’ল। দোকানৰ বয়-বস্তুৰে সৈকে অকলে পৰি থাকিল। মূর্খ লগুৱাটোৰ পিঠিত দুৱাৰ বন্ধা কাণ্ড দেখি আটায়ে হাঁহিলে। সদাগৰে ভালকৈ এজাউৰি দিলে। ভাগ্য দোকানখনত একো চুৰি নহ’ল। মূর্খবোৰে কথাবোৰ ওপৰে বুজে, ভালকৈ টলকি চাব নাজানে আৰু এনেকৈয়ে নিজেও লটি-ঘটি হয়, আনকো লটি-ঘটি কৰে।

সংগ্রহ::- কথা-সৰিৎ-সাগৰ লেখিকা-ড০ নির্মলপ্রভা বৰদলৈ।

¤মূর্খ আৰু পিঠা

এখন দেশত এজন মানুহৰ বৰ ভোক লগাত আৰু ঘৰতো একো ৰন্ধা বস্তু নথকাত বজাৰলৈ গ’ল আৰু মুদ্রা এটা দি পিঠা আঠখন কিনিলে। ঘৰলৈ আহি তেঁও এখন এখনকৈ ছখন পিঠা খোৱাতো ভোক নুগুচাত সপ্তম পিঠাখন খোৱাত তেঁওৰ ভোক গুচিল। মানুহজনে তেতিয়া নিজকে গালি পাৰিলে আৰু ওচৰ-চুবুৰীয়াকো চিয়ঁৰি কল- চোৱাচোন মই এনে ভুল কাম কৰিব পাওঁনে! সপ্তম পিঠাখন প্রথমতে খোৱা হ’লেতো মোৰ ভোক গুচে। তাকে নকৰি মই এখন এখনকৈ সাত খন পিঠা খাব লাগেন? সপ্তমপিঠাখন প্রথমেই খাই আগৰ ছখন পিঠা মই সাঁচি থ’ব লাগিছিল। মানুহজনৰ কথা শুনি ওচৰ চুবুৰীয়াই ফিচিঙা- ফিচিঙি কৰি মুখত কাপোৰ দি হাঁহিবলৈ ধৰিলে। ইজন সিজনক ক’লে-চোৱাচোন মূর্খটোৰ কথা। সাতখন পিঠা খালতহে যে তাৰ ভোক গুচিল সেই সামান্য কথাটোকে সি বুজা নাই। নিজৰ অজ্ঞতা প্রকাশ কৰি মূর্খই সদাক আনক হাঁহিবলৈ সুযোগ দিয়ে ।

সংগ্রহ:: -কথা-সৰিৎ-সাগৰ লেখিকা-ড০ নির্মলপ্রভা বৰদলৈ


এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।