৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড 8)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড 8)

প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত টিপক ||||    দ্বিতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক  ||| ‌ তৃতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক |||

(৩৭)

আনৰ দৃষ্টিৰেও চাবলৈ শিকা

এখন গাঁৱত দুটা ল’ৰা সৰুৰে পৰাই একেলগে ডাঙৰ দীঘল হৈছিল৷ সিহঁতে গোটেই জীৱন একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ যেতিয়া সিহঁত ডেকা হ’ল আৰু বিয়া-বাৰু কৰাই সংসাৰ কৰিলে দুয়োটাই ইটোৱে সিটোক চাই থাকিব পৰাকৈ সমুখা-সমুখিকৈ দুটা ঘৰ সাজিলে৷ দুয়োটা ঘৰৰ মাজত মাত্ৰ ঠেক এটা পথ আছিল৷

এদিন, এজন ধেমেলীয়া স্বভাৱৰ মানুহে সিহঁতৰ লগত ধেমালি কৰিবৰ বাবে গাঁৱত উপস্থিত হ’ল৷ তেওঁ দুটা ৰঙৰ এটা কোট পৰিধান কৰি আহিল৷ যাক মাজে মাজে ওপৰৰ পৰা তললৈ দুটা ৰঙত বিভক্ত কৰা হৈছিল৷ এফালে ৰঙা আৰু আনটো ফালে নীলা আছিল৷

মানুহজনে কোটচোলাটো পিন্ধি দুয়োজন বন্ধুৰ ঘৰৰ সন্মুখৰ ঠেক পথটোৰে চিঞৰি চিঞৰি যাবলৈ ধৰিলে৷ দুয়োজন বন্ধুৱে সেই সময়ত নিজৰ নিজৰ ঘৰৰ চোঁতালত কাম কৰি আছিল৷ ধেমেলীয়া মানুহজনে এনেদৰে চিঞৰিবলৈ ধৰিলে যাতে দুয়োজন বন্ধুৱে তেওঁক পাৰহৈ যোৱা দেখে আৰু মন দি লক্ষ্য কৰে৷

দিনটোৰ শেষত, এজন বন্ধুৱে আনজন বন্ধুক ক’লে, “আজি সেই মানুহজনে পিন্ধি অহা ধুনীয়া ৰঙা কোটটো দেখিছিলানে?”

“নাই”, অন্যজনে উত্তৰ দিলে৷ “সেইটো নীলা কোটহে আছিল৷”

“মই মানুহজন মোৰ কাষেৰে পাৰ হৈ যাওঁতে ভালদৰে দেখিছোঁ!” প্ৰথমজনে ক’লে, “তেওঁৰ কোটটো ৰঙা আছিল৷”

“তুমি ভুল কৰিছা!” অন্যজনে ক’লে, “মইও ভালদৰে দেখিছোঁ আৰু সেইটো নীলা আছিল৷”

“মই জানোঁ মই কি দেখিছোঁ!” প্ৰথমজনে দৃঢ়তাৰে ক’লে৷ “কোটটো ৰঙা আছিল!”

“তুমি একো নাজানা,” দ্বিতীয়জনে খঙেৰে উত্তৰ দিলে৷ “এইটো নীলা আছিল!”

তেওঁলোক দুয়োৱে বাৰে বাৰে নিজৰ যুক্তি দিবলৈ ধৰিলে, ইজনে সিজনক অপমান কৰিলে আৰু শেষত দুয়ো কাজিয়াত লিপ্ত হৈ পথতে বাগৰি পৰিল৷

তেতিয়াই, সেই ধেমেলীয়া মানুহজন ঘুৰি আহিল আৰু দুয়োজন মানুহৰ সন্মুখত উপস্থিত হ’ল, কিন্তু ইতিমধ্যে দুয়োজন মানুহে ইজনে আনজনক চৰ, ঘোচা আদিৰে প্ৰত্যাক্ৰমণ কৰি চিঞৰি চিঞৰি কৈছিল, “আমাৰ বন্ধুত্ব ইমানতে শেষ! আমাৰ বন্ধুত্ব আৰু কেতিয়াও নাথাকে!!”red-blue-coat

ধেমেলীয়া মানুহজন প্ৰত্যক্ষভাৱে তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল আৰু তেওঁৰ কোটটো ভালদৰে দেখুৱালে৷ তেওঁ তেওঁলোকৰ যুঁজ-বাগৰ দেখি মুখ টিপি হাঁহিলে৷ দুয়োজন বন্ধুৱে মানুহজনৰ কোটটো লক্ষ্য কৰি দেখিলে যে কোটটোৰ এফাল ৰঙা আৰু আনটো ফাল নীলা৷ বন্ধু দুজনে তেওঁলোকৰ যুঁজ-বাগৰ বন্ধ কৰিলে আৰু সেই ব্যক্তিজনক খঙেৰে ক’লে, “আমি গোটেই জীৱন একেলগে ককাই-ভাইৰ দৰে আছিলোঁ আৰু তোমাৰ ভুলৰ বাবেই আমি যুঁজ-বাগৰ আৰম্ভ কৰিলোঁ৷ তুমিয়ে আমাৰ মাজত যুদ্ধ লগালা৷”

“এই যুঁজৰ বাবে মোক দোষাৰোপ কৰিব নোৱাৰা,” ধেমেলীয়া ব্যক্তিজনে ক’লে৷ “মই তোমালোকক যুদ্ধ কৰিবলৈ শিকাই দিয়া নাছিলোঁ৷ তোমালোক দুয়োজনেই ভুল আৰু দুয়োজনেই শুদ্ধ৷ হয়, যিজনেই নিজৰ ঠাইত থাকি দেখিছিল তেৱেই শুদ্ধ আছিল৷ তোমালোকে যুঁজ-বাগৰ কৰিছা কাৰণ তোমালোকে কেৱল নিজৰ ঠাইত থাকি নিজৰ দৃষ্টিৰে মোৰ কোটটো লক্ষ্য কৰিছা৷ আনৰ ঠাইত থাকি আনৰ দৃষ্টিৰে চাবলৈ নিশিকিলে কেতিয়াও মানুহ শুদ্ধ হ’ব নোৱাৰে আৰু আনক বুজিব নোৱাৰে৷”

(৩৯)

নাৰীয়ে কিয় কান্দে?

 

এটা সৰু ল’ৰাই তেওঁৰ মাকক সুধিলে, “তুমি কিয় কান্দা মা?”

“কাৰণ মোক ইয়াৰ প্ৰয়োজন হয় সোণ৷” তেওঁ উত্তৰ দিলে৷

“মই বুজি পোৱা নাই,” ল’ৰাটোৱে ক’লে৷

মাকে ল’ৰাটোক বুকুৰ মাজত আকোৱালি ধৰিলে আৰু ক’লে, “আৰু তুমি কেতিয়াও বুজিব নোৱাৰিবা৷”

 

কেইদিনমানৰ পিছত ল’ৰাটোৱে তেওঁৰ দেউতাকক সেই একেই প্ৰশ্নটো কৰিলে, “মায়ে কিয় কোনো কাৰণ নোহোৱাকৈ কান্দি থাকে?”

“সকলো নাৰীয়েই কোনো কাৰণ নোহোৱাকৈয়ে কান্দে,” দেউতাকে অৱজ্ঞাসূচকভাৱে উত্তৰ দিলে৷

কিন্তু সৰু ল’ৰাটোৱে, নাৰীয়ে কিয় কান্দে তাক জানিবলৈ অধিক উত্সুক হৈ উঠিল৷ অৱশেষত তেওঁ এজন বিদ্বান মানুহক লগ পালে৷ ল’ৰাটোৱে ভাবিলে “এই বিদ্বান মানুহজনে নিশ্চয় উত্তৰটো জানিব৷”

হে বিদ্বান পুৰুষ! “নাৰীয়ে অতি সহজতে কিয় কান্দিব পাৰে?”

বিদ্বান মানুহজনে উত্তৰ দিলে:

“যেতিয়া ভগৱানে নাৰীক স্ৰজন কৰিছিল তেতিয়া তেওঁক বিশেষভাৱে গঢ়ি তুলিছিল৷ তেওঁ নাৰীৰ বাহু দুটা অধিক শক্তিশালী হিচাপে গঢ়িছিল যাতে আনে আৰাম নোপোৱালৈকে গোটেই পৃথিৱীখনৰে তেওঁ বোজা কঢ়িয়াব পাৰে৷

ভগৱানে নাৰীক সন্তানৰ জন্মৰ সময়ত আৰু সন্তানে এৰি থৈ যোৱা দুয়োটা সময়তে সহ্য কৰিব পৰাকৈ এটা আভ্যন্তৰীণ শক্তি প্ৰদান কৰিছে৷

তেওঁ নাৰীক এনে এটা বলিষ্ঠ মন প্ৰদান কৰিছে যাতে কোনো ধৰণৰ আপত্তি নথকাকৈ সকলো আঁতৰি যোৱাৰ পিছতো তেওঁৰ পৰিয়ালৰ অসুখ-অশান্তিৰ সময়ত যত্ন ল’ব পাৰে৷

ভগৱানে নাৰীক এটা সংবেদনশীল মন প্ৰদান কৰিছে যাতে যিকোনো পৰিৱেশতে তেওঁ তেওঁৰ সন্তানক ভাল পাব পাৰে, যদিও সন্তানে তেওঁক কেতিয়াবা বেয়া ব্যৱহাৰ কৰে বা মনত দুখ দিয়ে৷

ভগৱানে তেওঁক তেওঁৰ স্বামীৰ মনৰ পৰা চিন্তাবোৰক, তেওঁৰ ভুলবোৰ আৰু বিশেষ আচৰণবোৰ কঢ়িয়াই নিব পৰাকৈ এটা দৃঢ় মন প্ৰদান কৰিছে যাতে স্বামীৰ হৃদয়খন সুৰক্ষিত কৰিব পাৰে৷ ভগৱানে তেওঁক এই কথা জানিব পৰাকৈ জ্ঞান প্ৰদান কৰিছে যে এজন ভাল স্বামীয়ে কেতিয়াও তেওঁৰ পত্নীৰ মনত আঘাত নিদিয়ে, কিন্তু কেতিয়াবা ভগৱানে তেওঁৰ দৃঢ়তাৰ পৰীক্ষা কৰে আৰু দ্বিধাহীনভাৱে তেওঁৰ কাষত থিয় হৈ থাকিবলৈ শক্তি প্ৰদান কৰে৷

আৰু শেষত, ভগৱানে নাৰীক চকুপানী প্ৰদান কৰিছে৷ এইয়া কেৱল তেওঁৰ আৰু যেতিয়াই প্ৰয়োজন হয় ইয়াক উলিয়াব পৰাকৈ তেওঁৰেই হৈ থাকে৷ ইয়াৰ বাবে তেওঁক কোনো কাৰণ, কোনো ব্যাখ্যাৰ প্ৰয়োজন নাই, এইয়া কেৱল তেওঁৰ৷

তুমি চোৱা মোৰ সোণ, এগৰাকী নাৰীৰ সৌন্দৰ্য তেওঁৰ কাপোৰত নাথাকে যাক তেওঁ পিন্ধি আছে, তেওঁৰ মুখত নাথাকে বা তেওঁৰ গহনা আৰু চুলিত নাথাকে৷ এগৰাকী নাৰীৰ সৌন্দৰ্য কেৱল তেওঁৰ চকুত চাবা, কাৰণ সেইখনেই তেওঁৰ হৃদয়লৈ যোৱাৰ প্ৰধান প্ৰবেশদ্বাৰ – এখন এনে স্থান য’ত ভালপোৱা বিচাৰি পোৱা যায়৷

 

(৪০)

মোৰ মাৰ কেৱল এটা চকু

 

মোৰ মাৰ কেৱল এটা চকু! মই তেওঁক বেয়া পাওঁ…!! মায়ে সদায় নিজৰ এই অৱস্থাৰ বাবেও বৰ হাঁহিয়াতৰ পাত্ৰ হৈছিল৷ তেওঁ আমাৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে খাদ্য তৈয়াৰ কৰিছিল৷ এদিন মই প্ৰাথমিক বিদ্যালয়ত থাকোঁতে মায়ে মোক মাত লগাবলৈ আহিছিল আৰু মই আন বন্ধুসকলৰ ওচৰত বৰ লাজ পাইছিলোঁ৷ “তেওঁ কেনেকৈ মোক আনৰ ওচৰত অপমানিত কৰিব পাৰে?” তাকে ভাবি মই তেওঁক উপেক্ষা কৰিছিলোঁ, আৰু তেওঁলৈ এটা ঘৃণা মিশ্ৰিত দৃষ্টি প্ৰকাশ কৰি তাৰ পৰা দৌৰি আহিছিলোঁ৷ পিছদিনা শ্ৰেণীকোঠাত মোৰ বন্ধুসকলে মোক ভেঙুচালি কৰি জোকাবলৈ ধৰিছিল “ইইইইই, তোমাৰ মাৰ কেৱল এটা চকু, এটা চকু !!!

 

সেই কথাটো ভাবি মই নিজকে আত্মগোপন কৰিবলৈ লৈছিলোঁ৷ লগতে মাকো অৱজ্ঞাৰ দৃষ্টিৰে চাইছিলোঁ৷ এদিন মাক ক’লোঁ, “যদি তুমি কেৱল মোক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈকে জীয়াই আছা, তেন্তে তুমি কিয় মৰি থকা নাই?” মোৰ মায়ে একো সঁহাৰি নিদিছিল… আনপিনে মই মাৰ দ্বিতীয় এটা কথা শুনিবলৈও তাত অপেক্ষা নকৰিছিলোঁ, কাৰণ মই সম্পূৰ্ণৰূপে খঙত সেই ঠাই পৰিত্যাগ কৰিছিলোঁ আৰু তেওঁৰ অনুভৱবিলাকক কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ৷

মই মাৰ লগত একেলগে থকাতো কঠিন হৈ পৰিছিল৷ মনতে ঘৰ পৰিত্যাগ কৰাৰ কথা ভাবিছিলোঁ আৰু তেওঁৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰিছিলোঁ৷ মই বৰ কষ্টৰে প্ৰাথমিক শিক্ষাখিনি গ্ৰহণ কৰিলোঁ আৰু এদিন বিদেশত শিক্ষা গ্ৰহণৰ সুবিধা পাই গুছি আহিছিলোঁ৷ তাৰ পিছত মই বিয়া পাতিলোঁ৷ মই নিজাকৈ চহৰত এটা ঘৰ কিনিলোঁ৷ মোৰ নিজাকৈ ল’ৰা-ছোৱালী হ’ল আৰু মই মোৰ পত্নীৰ সৈতে সুখেৰে বসবাস কৰিলোঁ৷ এদিন হঠাৎ, মোৰ মায়ে মোক দেখা কৰিবলৈ আহিল৷ তেওঁ বহু বছৰ ধৰি মোক দেখা নাছিল আৰু তেওঁৰ নাতি-নাতিনীকো লগ পোৱা নাছিল৷

তেওঁ যেতিয়া মোৰ দুৱাৰৰ সন্মুখত উপস্থিত হ’ল, মোৰ ল’ৰা-ছোৱালীকেইটাই তেওঁক দেখি বৰ ভয় খালে আৰু মই নমতাকৈ বিনা অনুমতিত অহা বাবে চিঞৰি উঠিলোঁ৷ মই তেওঁক দুৱাৰৰ বাহিৰলৈ ঠেলি দি ক’লোঁ “তুমি মোৰ ঘৰলৈ আহি মোৰ ল’ৰা-ছোৱালীক ভয় খুৱাবলৈ কেনেকৈ সাহস কৰিলা !!” এতিয়াই !! ইয়াৰ পৰা আঁতৰি যোৱা !!

লগে লগে মায়ে উত্তৰ দিলে “অ’হ, মই দুঃখিত৷ মই ভুল ঠিকনাত আহিলোঁ৷” আৰু লগে লগে তেওঁ আঁতৰি গ’ল৷

এদিন মোৰ প্ৰাথমিক বিদ্যালয়খনৰ পৰা ন-পুৰণি সতীৰ্থ সন্মিলনী সম্পৰ্কীয় এখন চিঠি মই লাভ কৰিলোঁ৷ সেয়ে মই মোৰ পত্নীক ব্যৱসায়িক কামৰ ফাঁকি দি মোৰ পুৰণি বিদ্যালয়খনত উপস্থিত হ’লোঁ৷ ন-পুৰণি সতীৰ্থ সন্মিলনীৰ পিছত মোৰ মনৰ কৌতুহল নিবাৰণৰ বাবে মোৰ পুৰণি ঘৰটোৰ ফাললৈ যাত্ৰা কৰিলোঁ৷

মোৰ পুৰণি ঘৰটোৰ কাষতে থকা ব্যক্তিজনে ক’লে যে ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে৷ কথাষাৰ শুনি মোৰ এটোপালোঁ চকুলো ওলাই নাহিল৷ সেই সময়তে তেওঁ মোৰ হাতত মায়ে দি থৈ যোৱা এখন চিঠি তুলি দিলে৷

মোৰ অতি মৰমৰ সোণ,

মই সকলো সময়তে তোমাৰ কথাই ভাবি থাকোঁ৷ মই অতি দুঃখিত যে মই তোমাৰ ঘৰলৈ গৈ ল’ৰা-ছোৱালীকেইটাক ভয় খুৱালোঁ৷

মই শুনি অতি আনন্দিত হৈছোঁ যে তুমি ন-পুৰণি সতীৰ্থ সন্মিলনীলৈ আহিছা৷ কিন্তু মই বিচনাৰ পৰা উঠি তোমাক চাব পৰাকৈ সক্ষম নহয়৷ মই অতি দুঃখিত যে, তোমাক সৰুৰে পৰাই মই লাজত পেলাব লগা হৈছিল৷

কিন্তু আনন্দৰ কথা যে তুমি পৃথিৱীখন চাই থাকিব পাৰিছ……..তুমি যেতিয়া অতি সৰু হৈ আছিলা, তোমাৰ এটা দুৰ্ঘটনা হৈছিল আৰু তোমাৰ এটা চকু নষ্ট হৈ গৈছিল৷ কেনেকৈ তুমি এটা চকুৰে ডাঙৰ-দীঘল হৈ আনৰ হাঁহিয়াতৰ পাত্ৰ হোৱাতো মই চাই থাকিব পাৰোঁ !!!! সেয়ে মই নিজৰেই এটা চকু তোমাক দান দিছিলোঁ৷

মই আজি অতি গৰ্ব অনুভৱ কৰোঁ মোৰ সোণ, যি মোৰ কাৰণে, মোৰ ঠাইত থাকি, মোৰ দৃষ্টিৰে ইমান সুন্দৰ পৃথিৱীখন চাই থাকিব পাৰিছে৷ কুশলে থাকিবা৷

বহুত বহুত মৰমেৰে,

তোমাৰ ‘মা’৷

 

(৪১)

সৌজন্যতা

এগৰাকী প্ৰায় ৫০ বছৰ বয়সীয়া বগা ছালৰ মহিলা বিমানখনৰ ভিতৰলৈ সোমাই গ’ল আৰু তেওঁৰ আসনত নবহাকৈয়ে থিয় হৈ ৰ’ল৷ তেওঁৰ আসনৰ কাষৰ আসনখনত এজন কৃষ্ণবৰ্ণ ছালৰ যাত্ৰী বহি আছিল৷

অপমানজনক!!, মহিলাগৰাকীয়ে তৎক্ষণাত বিমান পৰিচাৰিকাক মাতিলে আৰু এখন নতুন আসনৰ ব্যৱস্থা কৰি দিবলৈ ক’লে৷

মহিলাগৰাকীয়ে ক’লে “মই এই ক’লা মানুহজনৰ লগত ইয়াত বহিব নোৱাৰোঁ !!”

বিমান পৰিচাৰিকাগৰাকীয়ে নম্ৰভাৱে ক’লে “মই অন্য আসনৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি চাওঁ বাৰু৷” আসন পৰীক্ষা কৰাৰ পিছত, বিমান পৰিচাৰিকাগৰাকী ঘুৰি আহিল আৰু ক’লে “মহাশয়া, ইক’নমি শ্ৰেণীত কোনো খালি আসন নাই, কিন্তু মই বিমান অধিকাৰীক সুধি প্ৰথম শ্ৰেণীত আসন আছে নেকি চাই আপোনাক জনাম৷”

প্ৰায় ১০ মিনিট মানৰ পিছত বিমান পৰিচাৰিকাগৰাকী পুনৰ ঘুৰি আহিল আৰু ক’লে “বিমান অধিকাৰীয়ে জানিবলৈ দিছে যে প্ৰথম শ্ৰেণীত এখন আসন খালি আছে৷ কিন্তু আমাৰ কোম্পানীৰ নিয়ম অনুসৰি ইক’নমি শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ কোনো যাত্ৰীকে স্থানান্তৰিত কৰিব নোৱাৰি, অৱশ্যে যদিহে কোনো যাত্ৰীয়ে তেওঁৰ কাষত বহা যাত্ৰীজনৰ অভদ্ৰ আচৰণৰ কাৰণে কিবা অসুবিধা সন্মুখীন হয় তেন্তে বিমান অধিকাৰীয়ে প্ৰথম শ্ৰেণীলৈ আসন সলনি কৰিবলৈ অনুমতি প্ৰদান কৰে৷”

মহিলাগৰাকীয়ে কিবা কোৱাৰ আগতেই, বিমান পৰিচাৰিকাগৰাকীয়ে নম্ৰভাৱে কৃষ্ণবৰ্ণ ছালৰ মানুহজনলৈ চাই ক’লে, “সেয়েহে চাৰ, যদি আপুনি আপোনাৰ ব্যক্তিগত সামগ্ৰীসমূহ ইয়াৰ পৰা নিয়াত অসুবিধা নাপায় তেন্তে আমি আপোনাক অতি সুবিধাজনক প্ৰথম শ্ৰেণীৰ আসনলৈ স্থানান্তৰিত কৰিব বিচাৰিছোঁ, কাৰণ বিমান অধিকাৰীয়ে আপুনি কোনো অভদ্ৰ যাত্ৰীৰ সৈতে একেলগে যাত্ৰা কৰাতো নিবিচাৰে৷”

যাত্ৰীজনৰ কাষত থকা সকলোৱে বিমান পৰিচাৰিকাগৰাকীক প্ৰশংসা কৰিলে আৰু আন কিছুমানে থিয় হৈ হৰ্ষধ্বনি প্ৰকাশ কৰিলে৷

 

(৪২)

সাধুতাই উত্তম নীতি

এজন গাখীৰ বিক্ৰী কৰা মানুহে অসৎ উপায়েৰে দিনে দিনে ধনী হৈ গৈছিল৷ তেওঁৰ গাখীৰৰ গ্ৰাহকসকল থকা ঠাইখনলৈ যাওঁতে সদায় এখন নদী পাৰহৈ গৈছিল৷ তেওঁ জানি-শুনি সদায় নদীখনৰ পানী গাখীৰত মিহলাই অধিক লাভ কৰিছিল৷ এদিন তেওঁৰ সন্তানৰ বিয়াৰ বাবে গ্ৰাহকসকলৰ পৰা পাব লগা পইচা সংগ্ৰহ কৰি সেই পইচাৰে বিভিন্ন কাপোৰ আৰু গহনা ক্ৰয় কৰি আনিছিল৷ কিন্তু যেতিয়াই তেওঁ নদীখনৰ মাজত আহি উপনীত হ’ল তেওঁৰ নাওখন হেলনীয়া হৈ তেওঁৰ সকলো বস্তু পানীত পৰি গ’ল৷ গাখীৰ বিক্ৰেতাজন আচৰিত হৈ কেৱল মৌন হৈ ৰ’ল৷ সেই সময়তে তেওঁ নদীখনৰ মাজৰ পৰা এটা মাত শুনিলে “আচৰিত নহ’বা, তুমি কেৱল অবৈধ উপায়েৰে গ্ৰাহকক ঠগি উপাৰ্জন কৰাখিনিহে হেৱুৱাইছা !”

শুদ্ধভাৱে কৰা লেনদেনৰ সুফল সদায় পোৱা যায়৷ অসৎ উপায়েৰে আৰ্জন কৰা পইচা কেতিয়াও হাতত নাথাকে৷

 

(৪৩)

হেৰুৱা ঘড়ীটো

এদিন এজন খেতিয়কে তেওঁৰ হাতঘড়ীটো শস্যৰ পথাৰত হেৰুৱালে৷ এইটো এটা সাধাৰণ ঘড়ী নাছিল৷ ঘড়ীটোৰ লগত তেওঁৰ বহুতো স্মৃতি জড়িত হৈ আছিল৷ সেয়ে বহু সময় তেওঁ চাৰিওফালে থকা শুকান ঘাঁহ-বনবিলাকৰ মাজত ঘড়ীটো বিচাৰিলে৷ কিন্তু অশেষ কষ্টৰ পিছতো বিচাৰি নাপায় পথাৰৰ কাষত খেলি থকা সৰু ল’ৰা-ছোৱালীবিলাকৰ সহায় লোৱাৰ কথাকে ভাবিলে৷

তেওঁ ল’ৰা-ছোৱালীবিলাকক ক’লে যে যিয়েই ঘড়ীটো বিচাৰি দিব পাৰিব তেওঁকে কিবা ভাল বস্তু পুৰষ্কাৰ দিব৷

এই কথা শুনি ল’ৰা-ছোৱালীবিলাকে পথাৰখনৰ চাৰিওফালে চলাথ কৰিলে৷ কিন্তু ঘড়ীটো বিচাৰি নাপালে৷ খেতিয়কজনে নিজৰ ঘড়ীটো হেৰুৱাৰ বিষয়ে ভাবি থকাৰ সময়তে, এজন ল’ৰা তেওঁৰ কাষলৈ আহি আৰু এটা সুযোগ তেওঁক দিবলৈ অনুৰোধ কৰিলে৷

ল’ৰাজনে নিজেই আগবাঢ়ি আহি সুযোগটো বিচৰাৰ কাৰণে খেতিয়কজনেও ঘড়ীটো পোৱাৰ আশাত আৰু এটা সুযোগ দিয়াৰ কথা ভাবিলে৷

খেতিয়কজনে ল’ৰাজনক পুনৰ পথাৰখনলৈ পঠিয়াই দিলে৷ কিছু সময়ৰ পিছত সৰু ল’ৰাটোৱে হাতত ঘড়ীটো লৈ আনন্দ মনেৰে তেওঁৰ কাষলৈ আহিল৷ খেতিয়কজনো আনন্দিত হ’ল আৰু আচৰিত হৈ তেওঁ ল’ৰাজনক পিছৰ বাৰ কেনেকৈ বিচাৰি পালে সুধিলে৷

ল’ৰাজনে উত্তৰ দিলে, “মই নতুনকৈ একো কৰা নাই৷ কেৱল মাত্ৰ পথাৰখনত বহি নিৰৱভাৱে শুনিবলৈ চেষ্টা কৰিলোঁ৷ মই ঘড়ীটোৰ টিক্ টিক্ শব্দবোৰ শুনা পালোঁ আৰু সেই শব্দৰ দিশত গৈ ঘড়ীটো উদ্ধাৰ কৰিলোঁ৷”

এটা শান্তিপূৰ্ণ মনে বিশৃংখল মনতকৈ অধিক সুস্থিৰভাৱে চিন্তা কৰিব পাৰে৷ প্ৰত্যেক দিনাই আপোনাৰ মনটোক কিছু সময়ৰ বাবে নিৰৱ হৈ থাকিবলৈ দিয়ক আৰু চাওক, ই কেনেকৈ আপুনি আপোনাৰ জীৱনত সমাধান কৰিব নোৱাৰা সমস্যাসমূহ নিমিষতে সমাধান কৰাত আপোনাক সহায় কৰিছে৷”

 

(৪৪)

হোটেলৰ কেৰাণীজন

বহু বছৰৰ আগতে মাজনিশা এহাল বয়সীয়াল দম্পতী এখন হোটেলত আহি উপস্থিত হ’ল৷ বাহিৰত ধাৰাষাৰ ধুমুহা-বৰষুণ হৈ থকা বাবে ৰাতিটো কটাবলৈ তেওঁলোকে হোটেলখনত উপস্থিত থকা কেৰাণীজনক এটা কোঠা বিচাৰিলে৷

“আমাক ৰাতিটো থাকিবলৈ ইয়াত এটা কোঠা দিব পাৰিবনে?”- বৃদ্ধ মানুহজনে সুধিলে৷

কেৰাণীজনে হাঁহিমুখেৰে, বন্ধুত্বপূৰ্ণভাৱে ক’লে যে চহৰখনত তিনিখনমান ডাঙৰ সমাৰোহ চলি আছে৷ সেয়ে হোটেলৰ আটাইবোৰ কোঠা আনক দি থোৱা আছে৷ কিন্তু তেওঁ লগতে ক’লে যে “এই মাজৰাতি ১ বজাত আপোনালোকৰ দৰে এহাল বৃদ্ধ দম্পতীক মই এই বৰষুণত ওলাই যাবলৈ দিব নোৱাৰোঁ৷ সেয়ে আপোনালোকে ইচ্ছা কৰিলে মোৰ কোঠাটোতে ৰাতিটো পাৰ কৰিব পাৰে৷ এইটো আপোনালোকৰ বাবে উপযুক্ত নহ’ব পাৰে, কিন্তু আপোনালোকে ৰাতিটো কটাব পৰাকৈ সুবিধাখিনি লাভ কৰিব৷

যেতিয়া দম্পতীহালে কেৰাণীজনৰ নিজা কোঠাটো ল’বলৈ অস্বীকাৰ কৰিলে, কেৰাণীজনে পুনৰ ক’লে “মোৰ কাৰণে চিন্তা কৰিব নালাগে, মই ৰাতিটো বাহিৰতেই কটাব পাৰিম৷” তেতিয়া দম্পতীহালে সন্মতি প্ৰকাশ কৰিলে৷

ৰাতিপুৱা কেৰাণীজনক বিল দিয়াৰ সময়ত, বৃদ্ধ মানুহজনে কেৰাণীজনক ক’লে “আপুনি এনে এজন কেৰাণী যাৰ গাত এখন ভাল হোটেলৰ গৰাকী হ’ব পৰা গুণ আছে৷ সম্ভৱতঃ মই আপোনাৰ কাৰণে এখন হোটেল নিৰ্মাণ কৰিম৷”

কেৰাণীজনে তেওঁলোকলৈ চালে আৰু হাঁহিলে৷ তিনিওজনৰ মুখ তিনিখন উজ্জ্বল হৈ পৰিল৷ তাৰ পৰা ওলাই যোৱাৰ পিছত বৃদ্ধ দম্পতীহালে অনুভৱ কৰিলে যে তেওঁলোকক সহায় কৰা কেৰাণীজন কিছু ব্যতিক্ৰম, কাৰণ আজিৰ দিনত এনে বন্ধুত্বপূৰ্ণ, উপকাৰী মানুহ পাবলৈ অতি কঠিন৷

দুই বছৰৰ পিছত৷ কেৰাণীজনে সেই কথাখিনি প্ৰায় পাহৰি গৈছিল৷ কিন্তু এদিন তেওঁ সেই বৃদ্ধ মানুহজনৰ পৰা এখন চিঠি লাভ কৰিলে৷ সেই ৰাতিটোৰ বাবে ধন্যবাদ প্ৰকাশ কৰি তেওঁ কেৰাণীজনক অহা-যোৱাৰ দুটা টিকটসহ নিউয়ৰ্কলৈ আহিব পাৰিবনেকি সুধিলে৷

বৃদ্ধ মানুহজনে কেৰাণীজনক নিউয়ৰ্কত লগ পালে৷ তেওঁ কেৰাণীজনক এটা বিশাল গগনচুম্বী, নীলা মাৰ্বল পাথৰেৰে নিৰ্মিত, ব্যয়বহুল অট্টালিকাৰ সন্মুখলৈ লৈ গ’ল৷

“এইখন,” বৃদ্ধ মানুহজনে ক’লে, “এইখনেই সেই হোটেলখন, যিখন মই কেৱল তুমি পৰিচালনা কৰিবৰ বাবে নিৰ্মাণ কৰিছোঁ৷ আজিৰ পৰা ইয়াৰ সম্পূৰ্ণ দায়িত্ব কেৱল তোমাৰ৷”

“আপুনি ধেমালি কৰা নাইতো” – কেৰাণীজনে সুধিলে?

“নাই, মই কোনো ধেমালি কৰা নাই৷” – বৃদ্ধ মানুহজনে ক’লে, আৰু এটা সন্তোষজনক হাঁহি তেওঁৰ ওঁঠত বিয়পি পৰিল৷

 

কাৰোবাৰ জীৱনত অকণমান সহায় কৰিবলৈ কেতিয়াও পিছ হুহুকি নাযাব৷ আপুনি কেতিয়াও জানিব নোৱাৰে, কাৰ হৃদয়ক আপুনি স্পৰ্শ কৰিছে!!

(৪৫)

তলি ফুটা পাত্ৰ

বহু দিনৰ আগৰ কথা৷ এখন গাঁৱত এজন খেতিয়waterক আছিল৷ তেওঁ প্ৰত্যেক দিনাই বহু দূৰৰ পৰা দুটা পাত্ৰত পানী কঢ়িয়াই আনিছিল৷ পাত্ৰ দুটা তেওঁ নিজৰ কান্ধত দুফালে ওলোমাই লৈছিল৷ সেই পাত্ৰ দুটাৰ এটাৰ তলিত এটা সামান্য ফুটা আছিল৷ সেয়ে তেওঁ ঘৰ আহি পোৱাৰ লগে লগে এটা পাত্ৰত অলপহে পানী ৰৈ গৈছিল৷ এনেকৈ প্ৰায় দুটা বছৰ তেওঁ পানী কঢ়িয়াইছিল৷

ভাল পাত্ৰটোৱে এই কথাটোকলৈ সদায় অহংকাৰ কৰিছিল যে সি সম্পূৰ্ণ পানী ঘৰলৈ আনিব পাৰিছিল আৰু তাৰ মাজত কোনো খুদ নাই৷ আন পিনে ফুটা থকা পাত্ৰটোৱে সদায় মন বেয়া কৰি আছিল যে সি আধা পানীহে ঘৰলৈ আনিব পাৰিছিল আৰু খেতিয়কজনৰ কষ্ট অথলে গৈছিল৷

ফুটা থকা পাত্ৰটোৱে এই কথা ভাবি সদায় চিন্তিত হৈ আছিল আৰু এদিন খেতিয়কজনক ক’লে “মই অতি লাজ পাইছোঁ আৰু আপোনাক ক্ষমা খুজিব বিচাৰিছোঁ৷”

“কিয়?” খেতিয়কজনে সুধিলে,

“তুমি কিয় লাজ পাইছা?”

“সম্ভৱ আপুনি নাজানে কিন্তু মোৰ এঠাইত এটা ফুটা আছে আৰু যোৱা দুটা বছৰে মই যিমান পানী ঘৰলৈ আনিব লাগে সিমান পানী আনিব পৰা নাই৷ মোৰ ভিতৰত এইটো বৰ ডাঙৰ দোষ আছে৷ ইয়াৰ কাৰণে আপোনাৰ বহু কষ্ট অথলে গৈছে৷” ফুটা থকা পাত্ৰটোৱে ক’লে৷

খেতিয়কজনে পাত্ৰটোৰ কথা শুনি বৰ দুখ পালে আৰু ক’লে “কোনো কথা নাই, মই ভাবো আজি ঘুৰি অহাৰ সময়ত তুমি পথৰ কাষত ফুলি থকা সুন্দৰ ফুলবিলাক চাই আহিবা৷ তোমাৰ মনটো ভাল লাগিব”

পাত্ৰটোৱে সেইদৰেই কৰিলে৷ সি গোটেই পথটোৰ কাষত থকা সুন্দৰ ফুলবিলাক চাই চাই আহিল৷ এনে কৰাত পাত্ৰটোৰ দুখ কিছু তল পৰিল৷ কিন্তু ঘৰ আহি পোৱাৰ লগে লগে পুনৰ তাৰ আধা পানী কমি আহিলত পাত্ৰটো পুনৰ দুঃখিত হৈ পৰিল আৰু খেতিয়কজনক ক্ষমা বিচাৰিলে৷

খেতিয়কজনে ক’লে, “সম্ভৱ তুমি মন নকৰিলা যে পথত যিমান ফুল আছিল সকলোখিনি কেৱল তোমাৰ ফালে আছিল৷ ভাল পাত্ৰটোৰ ফালে এপাহো ফুল নাছিল৷ এইটো এই কাৰণে হ’ল, কাৰণ মই তোমাৰ ভিতৰৰ অক্ষমতাখিনিক জানিছিলোঁ আৰু মই তাৰ লাভ উঠাইছিলোঁ৷ মই তোমাৰ ফালে থকা পথত বিভিন্ন ৰঙৰ ফুলৰ পুলি ৰুই দিছিলোঁ৷ তুমি সদায় তাত অলপ অলপ কৰি পানী দি তাক জীয়াই ৰাখিছিলা আৰু গোটেই পথটো সুন্দৰ কৰি দিলা৷ আজি তোমাৰ কাৰণেই মই সেই ফুল ভগৱানৰ পুজাত লগাব পাৰিছোঁ৷ তুমি চিন্তা কৰা, যদি তুমি সঁচাকৈ তাত পানী নিদিলা হয়, তেন্তে মই ইমান সুন্দৰ ফুলখিনি পালোঁহেঁতেননে !!

আমাৰ সকলো মানুহৰে ভিতৰত কিবা নহয় কিবা অক্ষমতা, দোষ বা খুট থাকে৷ কিন্তু এই অক্ষমতা, দোষখিনিকো সঠিকভাৱে ব্যৱহাৰ কৰিলে তাৰ পৰা ভাল ফলাফল লাভ কৰিব পাৰি৷ খেতিয়কজনৰ দৰেই আমিও যি যেনেকুৱা তেনেদৰেই গ্ৰহণ কৰা উচিত৷ কাৰোবাৰ দোষ-দুৰ্বলতাৰ মাজতো ভালখিনিক অধিক গুৰুত্ব দিব লাগে আৰু আমি এনেকুৱা কৰিলেই “ফুটা পাত্ৰ”ও “ভাল পাত্ৰ” হৈ পৰিব পাৰে৷ তেনে কৰিলে আমি আনৰ দোষ-দুৰ্বলতাৰ পৰাও বহু অমূল্য সম্পদ লাভ কৰিব পাৰিম৷

সংগ্ৰহ আৰু অনুবাদ : ড০ অঞ্জল বৰা


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।