৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ২)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ২)

(প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত টিপক)

(১১)

তুমি ক’ব বিচৰা কথাত সদায় সাৱধান হ’বা..!

এটা অতি খঙাল সৰু ল’ৰা আছিল৷ তাৰ খং দেখি দেউতাকে তাক গজালেৰে ভৰ্তি এটা বেগ দিলে আৰু ক’লে, “যেতিয়াই তোমাৰ খং উঠিব তেতিয়াই তুমি এটা হাঁতুৰীৰে এই বেৰখনত এটা গজাল মাৰিব৷”

প্ৰথম দিনা ল’ৰাটোৱে ৩৭টা গজাল বেৰখনত মাৰিলে৷ কেইদিনমানৰ পিছত, সি গম পালে যে সি তাৰ খং কিছু কম কৰিব পাৰিছে৷ গতিকে সি প্ৰতিদিনাই এটাৰ পিছত এটা গজাল হাতুৰীৰে বেৰখনত মাৰি যাবলৈ ধৰিলে৷ লাহে লাহে সি অনুভৱ কৰিলে যে, বেৰখনত গজাল এটা মাৰি দিয়াৰ লগে লগে তাৰ খং কম কৰাটো একেবাৰে সহজ হৈ পৰিছে৷nails

শেষত সেই নিশ্চিত দিনটো আহিল৷ ল’ৰাটোৰ খং একেবাৰে নোহোৱা হৈ পৰিল৷ সি তাৰ দেউতাকক এই কথাটো ক’লে৷ দেউতাকে তাক পুনৰ তাৰ খঙৰ সময়ত বেৰখনত মৰা প্ৰতিটো গজাল এটা এটাকৈ উঠাবলৈ পৰামৰ্শ দিলে৷ শেষত ল’ৰাটোৱে বেৰখনৰ পৰা প্ৰতিটো গজাল উঠাই দেউতাকক দেখুৱালে৷ দেউতাকে ল’ৰাটোক হাতত ধৰি বেৰখনৰ কাষলৈ লৈ গ’ল আৰু ক’লে “তুমি ভালদৰেই কামটো সম্পন্ন কৰিলা, তোমাৰ খঙো কম কৰিলা, কিন্তু এতিয়া বেৰখনত ৰৈ যোৱা ফুটাবিলাক লক্ষ্য কৰিছানে?”

বেৰখন তুমি আগৰদৰে কেতিয়াও কৰিব নোৱাৰা৷ যেতিয়া তুমি কাৰোবাক খঙেৰে কিবা কথা কোৱা, তেতিয়া তেওঁৰ জীৱনত এই বেৰখনত ৰৈ যোৱা ফুটাবোৰৰ দৰেই সাঁচ ৰৈ যায়৷ তুমি এজন ব্যক্তিৰ পেটত এখন চুৰি সোমোৱাই দি তাক পুনৰ উলিয়াই আনিব পাৰা৷ কিন্তু সেই আঘাত তুমি জীৱনত কেতিয়াও পূৰণ কৰিব নোৱাৰা৷ কাৰোবাক কিবা এটা জগৰ লগোৱাৰ পিছত তেওঁক তুমি কিমান বাৰ ক্ষমা বিচাৰিছা সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হৈছে, তেওঁৰ জীৱনত পোৱা সেই আঘাত তেওঁৰ লগত চিৰ দিন থাকি যায়৷ সেয়ে মুখেৰে কাৰোবাক দিয়া আঘাত সিমানেই বেয়া যিমান তুমি কাৰোবাক শাৰিৰীকভাৱে আঘাত দিয়া৷

বন্ধুত্ব আৰু ভালপোৱা হৈছে অতি আপুৰুগীয়া অলংকাৰ৷ সি তোমাৰ জীৱনটো হাঁহিৰে ভৰাই তোলে আৰু তুমি সফল হোৱাত উত্সাহিত কৰে৷ যি সদায়েই তোমাৰ বাবে হৃদয়ৰ দোৱাৰ খুলি ৰাখে৷ দয়া আৰু অনুকম্পাৰে সৈতে তুমি তোমাৰ বন্ধুত্বৰ গুৰিত পানী দিয়া দেখিবা লহ-পহকৈ সি বাঢ়ি আহিছে…!! সেয়ে তুমি ক’ব বিচৰা কথাত সদায় সাৱধান হ’বা..! যাতে তোমাৰ বন্ধু কেতিয়াও তোমাৰ পৰা আঁতৰি যাব লগা নহয়৷

 

(১২)

সদায়ে ভগৱানৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবা

আৰ্থুৰ আছা (Arthur Asha) নামৰ এজন পুৰণি উইম্বিলড’ন খেলুৱৈৰ এইডচ (AIDS) বেমাৰ হৈছিল৷ গোটেই বিশ্বৰ বিভিন্ন বন্ধুৰ পৰা তেওঁ বিভিন্ন চিঠি লাভ কৰিবলৈ ধৰিলে৷ তাৰে মাজৰ এজনে তেওঁক সুধিলে: “ভগৱানে কেৱল তোমাকেই কিয় এই বেয়া অসুখটোৰ বাবে নিৰ্বাচন কৰিলে?”

আৰ্থুৰ আছাই উত্তৰ দিলে: গোটেই বিশ্বৰে

৫ কোটি ল’ৰা-ছোৱালীয়ে টেনিচ খেলিবলৈ আৰম্ভ কৰে,

৫০ লাখে টেনিচ খেলিব পাৰে,

৫ লাখে বৃত্তিগতভাৱে খেলিব পাৰে,

৫০,০০০ হাজাৰ এটা নিৰ্দিষ্ট পৰিধিৰ ভিতৰত আহিব পাৰে,

৫০০০ হাজাৰে ভাল ক্ৰীড়া প্ৰতিযোগিতাত অংশ ল’ব পাৰে,

৫০ জনে উইম্বিলড’নত খেলিব পাৰে,

৪ জনে চেমি ফাইনেলত খেলিব পাৰে, আৰু মাত্ৰ

২ জনে ফাইনেল খেলিব পাৰে,

যেতিয়া মই ফাইনেলৰ কাপটো হাতত তুলি লওঁ তেতিয়া মই ভগৱানক কেতিয়াও প্ৰশ্ন নকৰোঁ, “কিয় মোক নিৰ্বাচন কৰিলা?” আৰু আজি দুখৰ সময়তো মই ভগৱানক সুধিব নিবিচাৰোঁ, “কিয় মোক নিৰ্বাচন কৰিলা?”

তোমাৰ জীৱনৰ ৯৮% ভালখিনিৰ বাবে ভগৱানৰ ওচৰত সদায়ে কৃতজ্ঞ হৈ থাকিবা৷

(১৩)

দেৱদূত

বহু বছৰৰ আগৰ কথা৷ এটা শিশুৰ জন্ম হোৱাৰ সময় উপস্থিত হৈছিল৷ এদিন সেই শিশুটোৱে ভগৱানক সুধিলে, “হে প্ৰভু, কালিলৈ আপুনি মোক পৃথিৱীলৈ প্ৰেৰণ কৰিব৷ কিন্তু মই ইমান সৰু আৰু অসহায় যে মই গৈ কাৰ লগত বাস কৰিম?” ভগৱানে উত্তৰ দিলে, “মোৰ বহু দেৱদূতৰ মাজৰ পৰা তোমাৰ কাৰণে এজনক পছন্দ কৰি ৰাখিছোঁ৷ সেইজনে তোমাৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁৱেই তোমাৰ যত্ন ল’ব৷”

শিশুটোৱে ক’লে, “ইয়াত মই হঁহা আৰু ধেমালি কৰাৰ বাদে একোৱেই ক’ব লগা হোৱা নাছিল৷ তেন্তে মই তাত গৈ কেনেকৈ সুখী হ’ম!” ভগৱানে উত্তৰ দিলে, “তোমাৰ দেৱদূতজনে প্ৰত্যেক দিনাই তোমাৰ বাবে গান গাব আৰু তুমি তোমাৰ দেৱদূতৰ মৰম লাভ কৰি সুখী হ’বা৷”

শিশুটোৱে পুনৰ ক’লে, “যদি মই মানুহবোৰে কোৱা ভাষা বুজি নাপাওঁ, তেতিয়া মানুহে মোক কিবা কথা ক’লে মই কেনেকৈ বুজি পাম?” “সেইটো একেবাৰে সহজ” ভগৱানে উত্তৰ দিলে৷ “তোমাৰ দেৱদূতেই তুমি প্ৰতিদিন শুনি থকা অতি সুন্দৰ আৰু সুমধুৰ ভাষা তোমাক শিকাব৷” শিশুটোৱে ভগৱানলৈ চালে আৰু ক’লে, “আৰু যেতিয়া আপোনাক কিবা এটা ক’বলৈ মন যাব তেতিয়া কেনেকৈ আপোনাক ক’বলৈ যাম?” ভগৱানে হাঁহিলে আৰু শিশুটোক ক’লে, “তোমাৰ দেৱদূতে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে তাক শিকাই দিব৷”

শিশুটোৱে পুনৰ ক’লে, “মই শুনিছোঁ পৃথিৱীত বহুত বেয়া মানুহ আছে৷ কোনে মোক সুৰক্ষা দিব?” ভগৱানে উত্তৰ দিলে, “তোমাৰ দেৱদূতে তোমাক সুৰক্ষা দিব আৰু নিজৰ জীৱন দি হ’লেও তোমাক ৰক্ষা কৰিব৷” শিশুটোৱে দুখে মনেৰে সুধিলে, “কিন্তু মই সদায়েই মন মাৰি থাকিব লাগিব, কাৰণ মই তোমাক কেতিয়াও দেখা নাপাম৷” ভগৱানে হাঁহি হাঁহি ক’লে, “তোমাৰ দেৱদূতে সদায়ে তোমাক মোৰ বিষয়ে কৈ থাকিব আৰু কেনেদৰে মোৰ কাষলৈ তুমি পুনৰ আহিব পাৰিবা তাৰ পথ দেখুৱাব৷”

সেই সময়তে স্বৰ্গৰ চাৰিওফালে শান্তি বিৰাজ কৰিলে আৰু শিশুটোৱে পৃথিৱীৰ পৰা অহা শব্দ শুনিবলৈ পালে৷

শিশুটোৱে পৃথিৱীলৈ অহাৰ সময় উপস্থিত হ’ল বুলি বুজিব পাৰি শেষবাৰৰ বাবে তেওঁ ভগৱানক সুধিলে, “হে প্ৰভু, যদিহে মই পৃথিৱীলৈ গৈ নতুন মানুহৰ মাজত বাস কৰিব লাগে, তেন্তে মোক মোৰ দেৱদূতজনৰ নাম কওঁক?” ভগৱানে উত্তৰ দিলে, “তোমাৰ দেৱদূতৰ নাম কি সেইটো গুৰুত্বপূৰ্ণ নহয়…. তেওঁক তুমি মাথো সহজভাৱে ক’ব পাৰা…. মা !

 

(১৪)

ককাদেউতাৰ টেবুল

এজন অতি দুৰ্ব্বল বুঢ়া মানুহ আছিল৷ তেওঁ পুতেক-বোৱাৰীয়েক আৰু একমাত্ৰ চাৰি বছৰীয়া নাতিয়েকৰ সৈতে বাস কৰিছিল। মানুহজন ইমানেই বুঢ়া আছিল যে, তেওঁৰ হাতৰ একেবাৰে স্থিৰতা নাছিল, চকুৱে ভালদৰে মণিব নোৱাৰিছিল আৰু খোজ একেবাৰে ঠৰক-বৰক আছিল। গোটেই পৰিয়ালটোৱে একেলগে একেখন টেবুলতে খাদ্য খাইছিল। কিন্তু খোৱাৰ সময়ত সেই বুঢ়া মানুহজনৰ হাতটো কপি থকাৰ বাবে বা চকুৱে ভালদৰে মণিব নোৱাৰাৰ বাবে ভালদৰে খাদ্য খাব পৰা নাছিল। সেয়ে প্ৰায়ে চামুচখন মাটিত পৰি গৈছিল। আকৌ কেতিয়াবা পানী বা গাখীৰৰ গিলাচটো টেবুলৰ ওপৰত পৰি কাপোৰ নষ্ট কৰিছিল।

খোৱাৰ টেবুলত বৃদ্ধ মানুহজনৰ এনে বিশৃঙ্খলতা দেখি পুতেক-বোৱাৰীয়েক বিৰক্ত হৈছিল। তেওঁলোকে বৃদ্ধ মানুহজনে সদায় সদায় কাপোৰৰ ওপৰত গাখীৰ পেলোৱা, মুখেৰে শব্দ কৰি খোৱা আৰু পকাত খাদ্য পেলোৱাৰ বাবে কিবা এটা বিকল্প উপায় উলিওৱাৰ কথা ভাবিলে। তেওঁলোকে ৰুমটোৰ এটা কোণত এখন সৰু কাঠৰ টেবুল বহুৱাই দিলে। তেতিয়াৰ পৰা পুতেক-বোৱাৰীয়েকে আনখন টেবুলত ফুৰ্টি কৰি খাদ্য খোৱাৰ সময়ত বৃদ্ধ মানুহজনে অকলে খাদ্য খাবলৈ ধৰিলে। পুনৰ কেইদিনমানৰ পিছত তেওঁ খাদ্য খোৱাৰ সময়ত দুই-এখন কাচৰ থাল ভঙাৰ কাৰণে তেওঁৰ খাদ্য কাঠৰ পাত্ৰত দিবলৈ ধৰিলে। তেওঁ কাঠৰ টেবুলখনত অকলে খাদ্য খোৱাৰ সময়তো পকাত চামুচখন বা খাদ্য পেলালে তেওঁক তীব্ৰ ভাষাৰে তিৰষ্কাৰ কৰি সতৰ্ক কৰি দিবলৈ ধৰিলে। প্ৰতিদিন তেওঁ এই সকলো কথা সহ্য কৰি চকুপানী টোকে আৰু অকলশৰে বহি থাকে। মাথো চাৰি বছৰীয়া কণমানি ল’ৰাটোৱে এই সকলো কথা নিৰৱে চাই থাকে।

এদিন সন্ধিয়া ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ আগতে, চাৰি বছৰীয়া সন্তানটোৰ দেউতাকে লক্ষ্য কৰিলে তেওঁৰ সন্তানে কিছুমান কাঠৰ টুকুৰাৰ সৈতে মজিয়াত খেলি আছে। তেওঁ মৰমেৰে সুধিলে, “তুমি কি সাজি আছা?” ল’ৰাটোৱে অতি সহজভাৱে উত্তৰ দিলে, “মই ডাঙৰ হোৱাৰ পিছত তোমাক আৰু মাক ভাত দিবৰ কাৰণে এখন সৰু কাঠৰ টেবুল সাজি আছোঁ।” চাৰি বছৰীয়া ল’ৰাটোৱে হাঁহিলে আৰু পুনৰ তাৰ কামত মনোনিৱেশ কৰিলে। কনমানি ল’ৰাটোৰ কথা শুনি মাক-দেউতাক বাকৰুদ্ধ হৈ পৰিল৷ কোনো বাধা নামানি তেওঁলোকৰ দুচকু চকুৰ পানীৰে ভৰি পৰিল৷ ইয়াৰ পিছ্ত তেওঁলোক দুয়ো বুজি উঠিলে, প্ৰকৃততে তেওঁলোকে কি কৰা উচিত৷

সেই ৰাতিয়েই পুতেকে বৃদ্ধ দেউতাকৰ হাতত ধৰি লাহে লাহে তেওঁলোকৰ পুৰণি টেবুলখনলৈ ঘুৰাই আনিলে৷ পুৰণি কথা মনত পেলাই বৃদ্ধ মানুহজনেও আনন্দৰে পৰিয়ালৰ সৈতে একেলগে আহাৰ খাবলৈ ধৰিলে৷

 

(১৫)

এটা খালী পাত্ৰ আৰু একাপ কফি

যেতিয়াই তুমি ভাবা যে তোমাৰ জীৱনটো পৰিচালনা কৰাৰ সময় আহি পৰিছে আৰু দিনটোৰ ২৪ ঘণ্টা সময়ও তোমাৰ বাবে পৰ্যাপ্ত হোৱা নাই, তেতিয়াই খালী পাত্ৰ…আৰু কফি কাপৰ কথা মনত পেলাবা…!

এজন অধ্যাপকে তেওঁৰ দৰ্শনৰ শ্ৰেণীকোঠাত পাঠদান আৰম্ভ হোৱাৰ আগতে কিছুমান সামগ্ৰী লৈ থিয় হ’ল৷ ক্লাছ আৰম্ভ হোৱাৰ লগে লগে, কোনো শব্দ নকৰাকৈ তেওঁ এটা ডাঙৰ খালী পাত্ৰ সন্মুখত ৰাখিলে আৰু তাত টেবুল টেনিচ খেলৰ কিছুমান বল পাত্ৰটোৰ ভিতৰত ভৰাবলৈ ধৰিলে৷

পাত্ৰটো ভৰ্তি হোৱাৰ পিছত তেওঁ ছাত্ৰসকলক পাত্ৰটো ভৰ্তি হ’লনে নাই সুধিলে৷ ছাত্ৰসকলে পাত্ৰটো ভৰ্তি হোৱা বুলি ক’লে৷ তেতিয়া অধ্যাপকজনে এটা বাকচৰ পৰা কিছুমান শিলগুটি লৈ পাত্ৰটোৰ ভিতৰত ভৰাবলৈ ধৰিলে৷ তেওঁ লাহেকৈ পাত্ৰটো লৰাই দিলে৷ শিলগুটিবোৰ টেবুল টেনিচ বলবিলাকৰ ফাকে ফাকে সোমাই পৰিল৷ তেওঁ পুনৰ ছাত্ৰসকলক পাত্ৰটো ভৰ্তি হ’লনে নাই সুধিলে৷ ছাত্ৰসকলে পুনৰ পাত্ৰটো ভৰ্তি হ’ল বুলি ক’লে৷

অধ্যাপকজনে পুনৰ এটা পাত্ৰৰ পৰা কিছুমান বালি ল’লে আৰু পাত্ৰটোৰ ভিতৰত ভৰাই দিলে৷ নিশ্চিতভাৱে বালিবোৰ শিলগুটিৰ ফাকে ফাকে সোমাই পৰিল৷ তেওঁ পুনৰ ছাত্ৰসকলক পাত্ৰটো ভৰ্তি হ’লনে নাই সুধিলে৷ ছাত্ৰসকলে আচৰিত হৈ ‘হয়’ বুলি উত্তৰ দিলে৷

তেতিয়া অধ্যাপকজনে টেবুলৰ পৰা দুকাপ কফি হাতত ল’লে আৰু জাৰটোৰ ভিতৰত ঢালি দিলে৷ কফি দুকাপ বালি বিলাকৰ ফাকে ফাকে সোমাই পৰিল৷ ছাত্ৰসকলে দৃশ্যটো দেখি কিছু উত্সাহিত আৰু আচৰিত হ’ল৷

তেতিয়া অধ্যাপকজনে ক’লে- “মই তোমালোকক বুজাব বিচাৰিছোঁ যে, এই পাত্ৰটো হৈছে আমাৰ জীৱনটো৷ টেবুল টেনিচৰ বল বিলাক হৈছে আমাৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ কামবিলাক৷ তোমাৰ শিক্ষা, পৰিয়াল, ল’ৰা-ছোৱালী, তোমাৰ স্বাস্থ্য আদি৷ শিলগুটিবোৰ হৈছে অন্য কিছুমান প্ৰয়োজন যেনে তোমাৰ চাকৰি, ঘৰ আৰু গাড়ী আদি৷ বালিবোৰ হৈছে অন্যান্য সৰু-সুৰা কিছুমান ইচ্ছা-আকাঙ্খা বা প্ৰয়োজন৷

“যদি তুমি প্ৰথমেই বালিৰে পাত্ৰটো ভৰ্তি কৰি দিয়া, তেতিয়া তাত টেবুল টেনিচৰ বল বা শিলগুটিৰ বাবে ঠাই নাথাকিব৷” একেদৰে আমাৰ জীৱনটো ঘটে৷ যদি তুমি সৰু-সুৰা কামতে তোমাৰ সময় আৰু শক্তি খৰছ কৰা, বেছি গুৰুত্বপূৰ্ণ কামবোৰ পিছল থৈ কম গুৰুত্বপূৰ্ণখিনি আগতে কৰা, তেন্তে অতি গুৰুত্বপূৰ্ণ কামৰ বাবে তোমাৰ জীৱনত কোনো ঠাই নাথাকিব৷ তুমি প্ৰথমে তোমাৰ গুৰুত্বপূৰ্ণ কামবোৰত মনোযোগ দিয়া৷ তোমাৰ জীৱনৰ অতি প্ৰয়োজনীয় অগ্ৰাধিকাৰসমূহেৰে জীৱনটো প্ৰথমে পূৰ্ণ কৰা৷ প্ৰথমে টেবুল টেনিচৰ বলবোৰ হাতত লোৱা, তাৰপিছ্ত শিলগুটিবোৰ আৰু বাকি থকাবিলাক বালিৰে পূৰ্ণ কৰা৷

অলপ দেৰিৰ পিছত এজন ছাত্ৰই অধ্যাপকজনক কফি কাপেৰে কি বুজাইছে তাক সুধিলে৷ অধ্যাপকজনে হাঁহিলে৷ “মই তোমাৰ প্ৰশ্নটোত আনন্দিত হৈছোঁ৷ এইটোৱে কেৱল দেখুৱাইছে যে, তোমাৰ জীৱনটো তুমি কি ধৰণেৰে পূৰ্ণ কৰিছা সেইটো ডাঙৰ কথা নহয়, সেইয়া তোমাৰ একান্ত ব্যক্তিগত৷ কিন্তু জানি থ’বা সকলো পূৰ্ণ হৈ উঠাৰ পিছটো তোমাৰ প্ৰিয় বন্ধুজনৰ লগত বহি একাপ কফি খাব পৰাকৈ তোমাৰ জীৱনটোত তেতিয়াও অকণমান ঠাই বাকি থাকে৷”

(১৬)

প্ৰেম আৰু সময়

বহুত বছৰৰ আগতে, এটা দ্বীপত প্ৰেমৰ লগতে ‘আনন্দ’, ‘বেজাৰ’, ‘জ্ঞান’ আদি সকলো অনুভৱ-অভিজ্ঞতা বাস কৰিছিল৷ এদিন অনুভৱবিলাকলৈ বুলি এটা ঘোষণা আহিল যে, দ্বীপটো ডুবিবলৈ ধৰিছে, গতিকে ‘প্ৰেম’ৰ বাহিৰে সকলোৱে নিৰ্মাণ কৰি ৰখা নাওসমূহত উঠি ইয়াৰ পৰা আঁতৰি যাব লাগে৷

দ্বীপটোত কেৱল ‘প্ৰেম’ অকলে থিয় হৈ থাকিল৷ ‘প্ৰেমে’ নিজেও শেষ মুহূৰ্ত্বলৈকে দ্বীপটোত ৰৈ থকাৰ কথা ভাবিলে৷ কিন্তু যেতিয়া দ্বীপটো একেবাৰে ডুবিবলৈ ধৰিলে, তেতিয়া ‘প্ৰেমে’ কাৰোবাৰ সহায় বিচৰাৰ কথা বিবেচনা কৰিলে৷

এখন ডাঙৰ নাৱেৰে সৈতে ‘ঐশ্বৰ্য্য’ প্ৰেমৰ কাষেৰে পাৰ হৈ গ’ল৷ প্ৰেমে ক’লে, “ঐশ্বৰ্য্য, মোক তোমাৰ লগত লৈ যাব পাৰিবানে?” ঐশ্বৰ্য্যয়ে উত্তৰ দিলে “নাই নাই, মই তোমাক সহায় কৰিব নোৱাৰো৷ এগালমান সোণ আৰু ৰূপেৰে মোৰ নাওখন ভৰি আছে৷ তোমাৰ কাৰণে ইয়াত অলপো ঠাই নাই৷

প্ৰেমে ‘অহংকাৰ’কে সুধাৰ কথা ভাবিলে৷ কাৰণ অহংকাৰে এখন ডাঙৰ জাহাজ লৈ সেই পিনে পাৰ হৈ গৈছিল৷ “অহংকাৰ, অনুগ্ৰহ কৰি মোক সহায় কৰা!” অহংকাৰে উত্তৰ দিলে- “প্ৰেম, মই তোমাক সহায় কৰিব নোৱাৰোঁ৷ তুমি ইতিমধ্যে ভিজি আছা ফলত মোৰ জাহাজখন নষ্ট হ’ব পাৰে৷”

‘বেজাৰ’ক একেবাৰে কাষেৰে অহা দেখি, প্ৰেমে সুধিলে, “বেজাৰ, মই তোমাৰ লগত যাব পাৰিমনে?” “অ’…প্ৰেম, মই অতি দুঃখিত যে, মই এতিয়া নিজেই নিজকে বচোৱাৰ প্ৰ্ৰয়োজন হৈছে!” ‘আনন্দ’ও প্ৰেমৰ কাষেৰে গৈছিল, কিন্তু তেওঁ নিজকে বচোৱাৰ ‘আনন্দ’ত ইমানেই আনন্দিত হৈ আছিল যে, প্ৰেমে তেওঁক চিঞৰোঁতে শুনিয়েই নাপালে৷

সেই সময়তে, প্ৰেমে শুনিবলৈ পালে, “আহা, প্ৰেম, মই তোমাক লৈ যাম৷” সেইজন এজন বৃদ্ধ জ্যেষ্ঠ ব্যক্তি আছিল৷ প্ৰেম যেতিয়া এখন শুকান ঠাইত পালেগৈ, প্ৰেমক তাতে নমাই জ্যেষ্ঠজন নিজৰ দিশত আঁতৰি গ’ল৷ প্ৰেমে জ্যেষ্ঠজনৰ লগত যোৱাৰ আনন্দত তেওঁৰ নাম আৰু তেওঁ ক’লৈ যাব সুধিবলৈ পাহৰিলে৷ প্ৰেমে আন এজন জ্যেষ্ঠ ‘জ্ঞান’ক সুধিলে- “জ্ঞান, কোনে মোক সহায় কৰিলে?”

জ্ঞানে উত্তৰ দিলে “তেওঁৰ নাম আছিল ‘সময়’৷”

“সময়?” প্ৰেম আচৰিত হ’ল৷ “কিন্তু সময়ে মোক কিয় সহায় কৰিলে?” জ্ঞানে হাঁহিলে আৰু বিজ্ঞৰ দৰে ক’লে- “কাৰণ কেৱল ‘সময়েহে’ প্ৰেমৰ মূল্য কিমান সেই কথা বুজিব পাৰে৷”

 

(১৭)

অৰ্থ, প্ৰেম আৰু সফলতা

এগৰাকী মহিলাই ঘৰৰ বাহিৰলৈ ওলাই দেখিলে যে, পকা দীঘল দাৰিৰে সৈতে তিনিজন বুঢ়া মানুহ তেওঁলোকৰ ঘৰৰ সন্মুখত বহি আছে৷ মহিলাগৰাকীয়ে মানুহ তিনিজনক চিনিব নোৱাৰি সুধিলে “মই আপোনালোকক চিনিব পৰা নাই, কিন্তু অনুমান কৰিছোঁ আপোনালোক ভোকত আছে৷ সেয়ে অনুগ্ৰহ কৰি ভিতৰলৈ আহক আৰু কিবা এটা খাই লওঁকহি৷”

“এই ঘৰৰ মালিকজন আছেনে?” মানুহ তিনিজনে সুধিলে৷

“নাই,” মহিলাগৰাকীয়ে উত্তৰ দিলে৷ “তেওঁ বাহিৰলৈ ওলাই গৈছে৷”

“তেনেহ’লে আমি ভিতৰলৈ যাব নোৱাৰিম” বুঢ়া মানুহ তিনিজনে উত্তৰ দিলে৷

আবেলিৰ সময়লৈ যেতিয়া ঘৰৰ মানুহজন ঘুৰি আহিল৷ তেতিয়া মহিলাগৰাকীয়ে সকলো কথা বিবৰি ক’লে৷

মহিলাগৰাকীৰ কথা শুনি ঘৰৰ গৰাকীজনে তেওঁক বাহিৰত থকা মানুহ তিনিজনক পুনৰ ভিতৰলৈ মাতি আনিবলৈ ক’লে৷

মহিলাগৰাকী বাহিৰলৈ গ’ল আৰু মানুহ তিনিজনক ভিতৰলৈ মাতিলে৷ কিন্তু মানুহ তিনিজনে পুনৰ উত্তৰ দিলে-

“আমি একেলগে তিনিওজন ঘৰৰ ভিতৰলৈ যাব নোৱাৰোঁ৷”

“কিয় যাব নোৱাৰে?” মহিলাগৰাকীয়ে সুধিলে৷

তেতিয়া বুঢ়া মানুহ এজনে আন এজন মানুহৰ পিনে আঙুলিয়াই দি ক’লে- “তেওঁৰ নাম হৈছে অৰ্থ,” সিজন হৈছে ‘সফলতা’ আৰু মই ‘প্ৰেম’৷ গতিকে এতিয়া তুমি ভিতৰলৈ যোৱা আৰু তোমাৰ মানুহজনৰ সৈতে আলোচনা কৰি আমাৰ ভিতৰত কোনজন ভিতৰলৈ যোৱাটো বিচাৰে আমাক কোৱাহি৷”

মহিলাগৰাকী ভিতৰলৈ গ’ল আৰু মানুহ তিনিজনে কোৱা কথাখিনি গিৰিয়েকক ক’লে৷ মহিলাগৰাকীৰ কথা শুনি গিৰিয়েক আনন্দিত হ’ল৷ তেওঁ ক’লে “যদি সেইটোৱেই কথা হয়, তেন্তে ‘অৰ্থ’ক নিমন্ত্ৰণ কৰা৷ তেওঁক আমাৰ ঘৰৰ ভিতৰলৈ আহিবলৈ দিয়া আৰু আমাৰ গোটেই ঘৰ টকা-পইচাৰে ভৰাই দিবলৈ কোৱা৷

মহিলাগৰাকী গিৰিয়েকৰ কথাত মান্তি নহ’ল৷ তেওঁ ক’লে “কিয় তুমি ‘সফলতা’ক নিমন্ত্ৰণ নকৰা? কাৰণ জীৱনত সফলতাই আমাৰ মূল লক্ষ্য হোৱা উচিত৷”

তেওঁলোকৰ এই আলোচনাৰ আন এটা কোঠাৰ পৰা তেওঁলোকৰ জীয়েকে শুনি আছিল৷ তাই দৌৰি আহিল আৰু একেষাৰে ক’লে “মোৰ বোধেৰে তিনিওজনৰ ভিতৰত ‘প্ৰেম’ক নিমন্ত্ৰণ কৰাই সকলোতকৈ ভাল হ’ব৷ তেতিয়া আমাৰ গোটেই ঘৰ প্ৰেম-ভালপোৱাৰে উপচি পৰিব৷”

জীয়েকৰ কথা শুনি দেউতাকে চিন্তা কৰিলে আৰু জীয়েকৰ কথা মতেই ‘প্ৰেম’ক ভিতৰলৈ নিমন্ত্ৰণ কৰিবলৈ ক’লে৷

মহিলাগৰাকী ঘৰৰ বাহিৰলৈ গ’ল আৰু তিনিওজন মানুহৰ পিনে চাই সুধিলে,

“আপোনালোকৰ ভিতৰত ‘প্ৰেম’ কোনজন? অনুগ্ৰহ কৰি আমাৰ অতিথি হিচাপে ভিতৰলৈ আহক৷”

‘প্ৰেম’ বোলাজন থিয় হ’ল আৰু ঘৰৰ ভিতৰলৈ যাবলৈ ধৰিলে৷ লগে লগে আন দুজনো থিয় হ’ল আৰু তেওঁক অনুসৰণ কৰিবলৈ ধৰিলে৷ তেতিয়া মহিলাগৰাকী আচৰিত হৈ ‘অৰ্থ’ আৰু ‘সফলতা’ক সুধিলে- “মই কেৱল ‘প্ৰেম’কহে ভিতৰলৈ মাতিছোঁ, আপোনালোক কিয় লগে লগে ভিতৰলৈ আহিছে?”

বুঢ়া মানুহ এজনে উত্তৰ দিলে: “যদি তুমি ‘অৰ্থ’ বা ‘সফলতা’ কোনোবা এজনক নিমন্ত্ৰণ কৰিলা হয়, তেন্তে বাকী দুজন বাহিৰত থাকি গ’ল হয়৷ কিন্তু তুমি ‘প্ৰেম’ক নিমন্ত্ৰণ কৰিলা৷ ‘প্ৰেম’ য’লৈকে যাব, আমিও তেওঁৰ লগে লগে যাম৷ য’তেই প্ৰেম-ভালপোৱা থাকিব তাত সদায় অৰ্থ আৰু সফলতা থাকিব !!

 

(১৮)

সপোন

এজনী গোৱালনীয়ে তাইৰ নিজৰ পোহনীয়া গৰুজনীৰ গাখীৰ বিক্ৰী কৰিবৰ কাৰণে বজাৰলৈ গৈছিল৷ তাই গাখীৰেৰে ভৰ্তি পাত্ৰটো মূৰত তুলি লোৱাৰ পিছতে তাই গাখীৰখিনি বিক্ৰী কৰি পোৱা পইচাৰে কি কি কৰিব তাৰ সপোন দেখিবলৈ ধৰিলে৷

“সেই টকাৰে, মই মোৰ ঘৰৰ পিছফালে থকা ঠাইখিনিত পুহিব পৰাকৈ এশটা কুকুৰাৰ পুৱালি কিনিম৷ সেইবিলাক সম্পূৰ্ণৰূপে ডাঙৰ হোৱাৰ পিছত, মই ভাল দামত সেইবিলাক বজাৰত বিক্ৰী কৰিম৷”

তাই যিমানেই আগুৱাই গৈ থাকিল, সিমানেই সপোন দেখিবলৈ ধৰিলে৷ “তাৰ পিছত মই ঘৰৰ লগত লাগি থকা ঘাহনিত চৰিব পৰাকৈ দুজনী ডেকেৰী ছাগলী কিনিম৷ সেই দুজনী সম্পূৰ্ণৰূপে ডাঙৰ হোৱাৰ পিছত, মই তাক অধিক ভাল দামত বিক্ৰী কৰিম!”

পুনৰ তাই নিজকে ক’লে, “লগে লগে, মই আন এজনী গাই গৰু কিনিব পাৰিম আৰু তেতিয়া মই বিক্ৰী কৰিবৰ বাবে অধিক গাখীৰ লাভ কৰিম৷ তাৰ পিছত মই আৰু অধিক টকা লাভ কৰিম…”dream

সেই আনন্দৰ মূৰ্হুত্বৰ লগে লগে, তাই এটা শিলত উজুটি খালে৷ তাই নিজৰ ভাৰাসাম্য ৰাখিব নোৱাৰিলে৷ ফলত মূৰৰ ওপৰত লৈ থকা পাত্ৰটো মাটিত পৰি সকলো গাখীৰ মাটিৰ লগত মিলি গ’ল৷

এতিয়া আৰু তাইৰ সন্মুখত কোনো সপোন নাই, তাই মাটিত বহি পৰিল আৰু কান্দিবলৈ ধৰিলে৷

(উমনি দি পোৱালি জগোৱাৰ আগতে তুমি তোমাৰ কুকুৰা পোৱালিৰ হিচাপ নকৰিবা !!)

 

(১৯)

সহিষ্ণুতা

এজন মানুহে তেওঁৰ অতি মৰমৰ নতুন গাড়ীখন লৈ ঘৰৰ পৰা যাবলৈ ওলাইছিল৷

মানুহজন অকণমান আঁতৰি যাওঁতেই, তেওঁৰ তিনি বছৰীয়া ল’ৰাটোৱে ফূৰ্তিতে গাড়ীখনৰ লাইট এটাত হাঁতুৰী এটাৰে কোব এটা মাৰি দিলে৷

দেউতাক ল’ৰাটোৰ ওচৰলৈ দৌৰি আহিল৷ ল’ৰাটোক গাড়ীখনৰ ওচৰৰ পৰা দূৰলৈ গতা মাৰি দিলে আৰু শাস্তি হিচাপে ল’ৰাটোৰ হাত দুটাত হাঁতুৰীটোৰে একোব মাৰি দিলে৷

যেতিয়া দেউতাকৰ খং কমিল, তেওঁ লৰালৰিকৈ ল’ৰাটোক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল৷ ডাক্তৰেও জৰুৰীভাৱে ল’ৰাটোৰ ভাঙি গুড়ি হৈ যোৱা হাড়বিলাক ঠিক কৰিবলৈ লাগি গ’ল৷ কিন্তু অৱশেষত ল’ৰাটোৰ হাতৰ পৰা আঙুলি কেইটা কাটি পেলাব লগা হ’ল৷

অপাৰেশ্বনৰ পৰা ওলোৱাৰ পিছত ল’ৰাটোৱে যেতিয়া তাৰ বেণ্ডেজেৰে বান্ধি ৰখা হাত দুটা দেখিলে, সি অতি নম্ৰভাৱে ক’লে – “দেউতা, আপোনাৰ গাড়ীখন ক্ষতি হোৱা বাবে মই দুঃখিত৷” তাৰ পিছত সি পুনৰ ক’লে, “কিন্তু মই কেতিয়া মোৰ হাতৰ আঙুলিকেইটা ঘুৰাই পাবলৈ সক্ষম হ’ম?”

দেউতাক ঘৰলৈ ঘুৰি আহিল আৰু আত্মহত্যাৰ কৰিলে৷

খঙৰ ভমকত কাৰোবাৰ প্ৰতি প্ৰতিশোধ ল’বলৈ আগবঢ়া প্ৰত্যেকেই এই সাধুটো এবাৰ পঢ়ক৷

আপুনি ভাল পোৱা কাৰোবাৰ ক্ষেত্ৰত আপোনাৰ ধৈৰ্য্য গুণ নাইকিয়া হোৱাৰ আগতে এবাৰ ভাবক৷ গাড়ীখন মেৰামতি কৰিব পৰা হ’ব৷ কিন্তু ভাগি যোৱা হাড় আৰু হৃদয় কেতিয়াও মেৰামতি কৰিব নোৱাৰে৷

আমি প্ৰায়ে ব্যক্তি আৰু কাৰ্যৰ মাজত প্ৰভেদ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত বিফল হওঁ৷ আমি পাহৰি যাওঁ যে, প্ৰতিশোধতকৈ ক্ষমা সদায়েই ডাঙৰ৷ মানুহেই ভুল কৰে৷ আমাক ভুল কৰাৰ অনুমতি দিয়া হৈছে৷ কিন্তু আমি খঙৰ ভমকত কৰা কাৰ্য্যবোৰে ভৱিষ্যতলৈ আমাক বাৰে বাৰে সোঁৱৰাই থাকে৷ ৰওক আৰু চিন্তা কৰক৷ কামটো কৰাৰ আগতে এবাৰ ভাবক৷ ধৈৰ্য্যশীল হওক৷ ক্ষমা কৰক আৰু পাহৰি যাওক৷ কাৰণ প্ৰেমেই একমাত্ৰ আৰু সকলো৷

 

(২০)

সুন্দৰ উপহাৰ!

কলেজত পঢ়ি থকা ল’ৰা এটাৰ স্নাতক চূড়ান্ত বৰ্ষৰ ফলাফল ওলোৱাৰ সময়ৰ কথা৷ ল’ৰাটোৱে বহু দিনৰ পৰাই এটা গাড়ীৰ ডিলাৰত গৈ সুন্দৰ গাড়ী এখন চাই আহিছিল আৰু সেইখন কিনি দিবলৈ দেউতাকক খাটনি ধৰিছিল৷ দেউতাকেও ল’ৰাটোক ভালদৰে পাছ কৰিলে ফলাফল ওলোৱাৰ দিনাই গাড়ীখন কিনি দিম বুলি কথা দিছিল৷ পৰীক্ষাৰ ফলাফল ওলোৱাৰ দিনা ৰাতিপুৱা দেউতাকে ল’ৰাজনক তেওঁৰ নিজৰ ব্যক্তিগত পঢ়া কোঠালৈ মাতিলে৷

দেউতাকে ল’ৰাজনক কিমান ভাল পায় আৰু তেওঁৰ বাবে কিমান গৰ্ব কৰে তাক ক’লে আৰু ল’ৰাটোৰ হাতত এটা সুন্দৰ উপহাৰৰ বাকচ তুলি দিলে৷ ল’ৰাটো আচৰিত হ’ল আৰু বাকচটো খুলিলে৷ বাকচটোৰ ভিতৰত তেওঁ এখন ধুনীয়া কোৰাণ দেখিবলৈ পালে৷ ল’ৰাটোৱে কোৰাণখন দেখি অসন্তুষ্ট মনেৰে কিছু টানকৈ দেউতাকক ক’লে “তুমি তোমাৰ সকলো টকাৰে মোক কেৱল এখন ধৰ্ম গ্ৰন্থহে দিব পাৰিলানে?” সেইবুলি তেওঁ কোৰাণখন তাতে এৰি আঁতৰি গ’ল৷

বহু দিনলৈকে ল’ৰাটোৱে দেউতাকৰ লগত যোগাযোগ নকৰিলে৷ বহু বছৰৰ পিছত ল’ৰাটো এজন সফল ব্যৱসায়ী হ’ল৷ তেওঁৰ ধুনীয়া ঘৰ হ’ল, গাড়ী হ’ল আৰু পৰিয়ালৰ লগত জীৱন অতিবাহিত কৰিবলৈ ধৰিলে৷ এদিন তেওঁ অনুভৱ কৰিলে, কলেজৰ ফলাফল ওলোৱাৰ দিন ধৰি তেওঁ দেউতাকক লগ কৰা নাই৷ দেউতাক নিশ্চয় বুঢ়া হ’ল৷ গতিকে তেওঁ মনতে এদিন দেউতাকৰ ওচৰলৈ যোৱাৰ কথা ভাবিলে৷

তেওঁ দেউতাকৰ ওচৰলৈ যাবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে এখন টেলিগ্ৰাম লাভ কৰিলে৷ টেলিগ্ৰামখনত দেউতাকৰ মৃত্যুৰ খবৰৰ লগতে দেউতাকে সকলো সম্পত্তি ল’ৰাজনৰ নামত উইল কৰি যোৱাৰ কথা লিখা আছিল৷ লগতে তেওঁক তালৈ গৈ সকলো সম্পত্তি ল’বলৈ অনুৰোধ কৰা হৈছিল৷ যেতিয়া ল’ৰাজনে দেউতাকৰ ঘৰত উপস্থিত হ’ল, তেওঁ দুখ আৰু অনুশোচনাত দগ্ধ হ’ল৷ তেওঁ দেউতাকৰ অতি গুৰুত্বপূৰ্ণ কাগজ-পাতিবিলাক বিচাৰিবলৈ ধৰিলে৷ তেওঁ দেখিলে যে, তেতিয়াও সেই কোৰাণখন দেউতাকৰ কোঠাত সজাই থোৱা আছে৷ তেওঁৰ চকুলো বৈ আহিল৷ তেওঁ কোৰাণখন হাতত ল’লে আৰু এটা এটা কৰি পৃষ্ঠাবোৰ মেলি যাবলৈ ধৰিলে৷ কেইপৃষ্ঠামান মেলাৰ পিছত তেওঁ দেখিলে এটা গাড়ীৰ ছাবিৰে সৈতে এটা লেফাফা মাটিত পৰি গৈছে৷ তেওঁ লেফাফাটো হাতত তুলি ল’লে আৰু  দেখিলে তাত এটা ডিলাৰৰ নাম লিখা আছে… সেই একেই ডিলাৰ, যিটো ডিলাৰৰ পৰা বহু বছৰৰ আগতে তেওঁ এখন সুন্দৰ গাড়ী কিনাৰ সপোন দেখিছিল৷ আনহাতে তেওঁ লক্ষ্য কৰিলে ডিলাৰৰ মালিকজনে সম্পূৰ্ণ টকা লাভ কৰাৰ প্ৰাপ্তি স্বীকাৰ কৰি স্বাক্ষৰ কৰি থৈছে আৰু তাৰিখটো আছিল সেইদিনাৰ যিদিনা তেওঁৰ কলেজৰ ফলাফল ওলাইছিল৷

আমাৰ প্ৰত্যাশা অনুসৰি ভগৱানে আমাক কিবা নিদিলেই… আমি বাৰু কিমানজনে ভগৱানক মনত পেলাওঁ??

 

 

(২১)

বদান্যতা

মহাত্মা গান্ধীয়ে চাৰ্কা সংঘৰ কাৰণে বিভিন্ন গাঁৱে গাঁৱে, চহৰে চহৰে বৰঙণি সংগ্ৰহৰ কাৰণে ঘূৰি ফুৰিছিল৷ তেনেকৈ ঘূৰি ফুৰোঁতে তেওঁ উৰিষ্যাৰ এখন সভাত ভাষণ দিব লগা হৈছিল৷

গান্ধীৰ ভাষণ শেষ হোৱাৰ পিছত এজনী দুখীয়া বুঢ়ী তিৰোতা থিয় হ’ল৷ তাই বয়সৰ ভৰত কুঁজা হৈ পৰিছে৷ তাইৰ চুলি পকি বগা হৈছে আৰু কাপোৰ ফটাকানি সদৃশ হৈ পৰিছে৷ স্বেচ্ছাসেৱকবিলাকে তাইক আগলৈ আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিছে৷ কিন্তু তাই সিঁহতৰ লগত যুদ্ধ কৰি কৰি মহাত্মা গান্ধী থকা ঠাইলৈ আগুৱাই গৈছে৷ “মই তেওঁক দেখা কৰিমেই”, এই বুলি তাই জোৰেৰে আগবাঢ়ি গ’ল আৰু মহাত্মা গান্ধীৰ দুভৰি স্পৰ্শ কৰিলে৷

তাৰপিছত তাই তাইৰ শাৰীৰ ভাজৰ পৰা এটা তামৰ মুদ্ৰা উলিয়ালে আৰু মহাত্মা গান্ধীৰ ভৰিৰ ওচৰত ৰাখিলে৷ গান্ধীয়ে আদৰেৰে তামৰ মুদ্ৰাটো তুলি ল’লে আৰু তাক সযতনে নিজৰ হাতত ৰাখিলে৷ Charkha Sangh-ৰ বৰঙণিসমূহ জামনালাল বাজাজ নামৰ এজন ধনী ব্যক্তিৰ তত্বাৱধানত আছিল৷ তেওঁ গান্ধীক তামৰ মুদ্ৰাটোৰ বিষয়ে সুধিলে৷ কিন্তু গান্ধীয়ে তাক আওকাণ কৰিলে৷

মানুহজনে ক’লে “মই চাৰ্কা সংঘৰ হাজাৰ হাজাৰ টকাৰ চেক নিজৰ হাতত ৰাখিছোঁ, তথাপি আপুনি মোক মাত্ৰ এটা তামৰ মুদ্ৰাৰ বাবে বিশ্বাস কৰা নাই নে?” “এই তামৰ মুদ্ৰাটো সেই হাজাৰ হাজাৰ টকাতকৈ অধিক মূল্যবান৷” গান্ধীয়ে উত্তৰ দিলে৷ “যদি এজন মানুহৰ হাতত বহু লাখ টকা থাকে আৰু তেওঁ তাৰ পৰা কেই হাজাৰমান টকা দান দিয়ে, এইটো কোনো ডাঙৰ কথা নহয়৷”

কিন্তু এই তামৰ মুদ্ৰাটো সেই দুখীয়া মহিলাগৰাকীৰ একমাত্ৰ সম্পত্তি৷ তেওঁ মোক তাইৰ হাতত থকা সকলো দান কৰিছে৷ সেয়ে এইটো তাইৰ আটাইতকৈ ডাঙৰ বদান্যতা৷ তাই এই সংঘৰ কাৰণে নিজকে উছৰ্গা কৰিছে৷ সেয়ে মই অন্য কোটি কোটি টকাতকৈ এই তামৰ মুদ্ৰাটোক অধিক মূল্যবান বুলি ভাবিছোঁ৷
(২২)

অহংকাৰী গোলাপ ফুল

বসন্ত কালৰ এটা সুন্দৰ পুৱা এখন হাবিত এপাহ গোলাপ ফুল ফুলিছিল৷ অন্যান্য বিভিন্ন উদ্ভিদ আৰু গছ-গছনিৰে হাবিখন ভৰি আছিল৷ যেতিয়াই গোলাপ ফুলপাহে চাৰিওফালে চালে, তেতিয়াই এজোপা পাইন গছে কোৱা শুনিলে “আহ! কিমান সুন্দৰ ফুল৷ মইও তেওঁৰ দৰে সুন্দৰ হ’বলৈ আশা কৰোঁ৷” ইয়াকে শুনি অন্য এজোপা গছে ক’লে “মৰমৰ পাইন, তেনেদৰে নাভাবিবা, কাৰণ আমি কেতিয়াও আনৰ সৈতে একে হ’ব নোৱাৰোঁ৷”

গছজোপাই তেওঁৰ ডিঙিটো ঘুৰাই নিজেই নিজকে ক’লে “মই দেখিছোঁ যে, এই হাবিখনৰ মইহে আটাইতকৈ সুন্দৰ উদ্ভিদ৷” এজোপা সূৰ্যমুখী ফুলে তেওঁৰ হালধীয়া ডিঙিটো লৰাই ক’লে “তুমি তেনেদৰে কিয় কৈছা? এইখন হাবিত অনেক ধুনীয়া আৰু সুন্দৰ উদ্ভিদ আছে৷ তুমি মাত্ৰ তাৰ ভিতৰৰে এজন৷” ৰঙা গোলাপ পাহে উত্তৰ দিলে “মই দেখি আছোঁ প্ৰত্যেকেই মোৰ পিনে চাই আছে আৰু মোক প্ৰশংসা কৰিছে৷” তেনে সময়তে গোলাপ পাহে এজোপা কেকটাছে দেখি ক’লে “কাঁইটেৰে ভৰি থকা এই লেতেৰা উদ্ভিদ জোপা চোৱা!” পাইনজোপাই ক’লে “ৰঙা গোলাপ, এইটো কেনে ধৰণৰ কথা, প্ৰকৃত সৌন্দৰ্য মানে কি কোনে ক’ব পাৰে? তোমাৰ দেহতো কাঁইট আছে৷”

অহংকাৰী গোলাপ পাহে খঙেৰে পাইনজোপালৈ চালে আৰু ক’লে, “মই ভাবো তোমাৰহে ভাল সৌন্দৰ্যবোধ আছে!! তুমি নাজানাই প্ৰকৃততে সৌন্দৰ্য মানে কি৷ তুমি মোৰ কাঁইটৰ লগত কেকটাছৰ কাঁইটক কেতিয়াও তুলনা কৰিব নোৱাৰা৷”

“কি অহংকাৰী ফুল”, গছজোপাই ভাবিবলৈ ধৰিলে৷

গোলাপ পাহে নিজকে কেকটাছজোপাৰ কাষৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিলে৷ কিন্তু তেওঁ নিজকে আঁতৰাই আনিব নোৱাৰিলে৷ দিন পাৰ হৈ যোৱাৰ লগে লগে গোলাপ পাহে কেকটাছজোপালৈ চাই ইতিকিং কৰিবলৈ ধৰিলে “এই গছজোপা অপ্ৰয়োজনীয়!! কিমান দুৰ্ভাগ্যৰ কথা মই তাৰ কাষৰীয়া হ’ব লগা হৈছে৷

কেকটাছজোপাই কেতিয়াও দুখ কৰা নাছিল বৰং সি গোলাপ পাহক পৰামৰ্শহে দিছিল যে, “ভগৱানে কোনো বস্তুকে বিনা কাৰণত কেতিয়াও সৃষ্টি কৰা নাই৷”

বসন্ত ঋতু পাৰহৈ গ’ল আৰু বতৰ দিনে দিনে গৰম হৈ আহিবলৈ ধৰিলে৷ হাবিত জীয়াই থকাতো অতি কঠিন হৈ পৰিল৷ গছ আৰু জীৱ-জন্তুক পানীৰ প্ৰয়োজন হ’ল কিন্তু তাৰবাবে বৰষুণ নোহোৱাত সকলোৱে কষ্ট পাবলৈ ধৰিলে৷ ৰঙা গোলাপ পাহ মৰহি যাবলৈ ধৰিলে৷ গোলাপ পাহে এদিন দেখিলে এটা ঘৰ-চিৰিকাই তাৰ সৰু ঠোঁটেৰে কেকটাছজোপাত খুট মাৰিছে আৰু আঁতৰি গৈছে৷ এনেদৰে বাৰে বাৰে কৰাৰ পিছত গোলাপ পাহে পাইনজোপাক এনে কৰাৰ কাৰণ সুধিলে৷ পাইনজোপাই বুজাই দিলে যে, চৰাইটোৱে কেকটাছজোপাৰ পৰা পানী সংগ্ৰহ কৰিছে৷

“তেওঁ গছজোপাত ফুটা কৰাৰ কেকটাছজোপাই কষ্ট পোৱা নাইনে?” গোলাপ পাহে সুধিলে৷

“হয়, কিন্তু কেকটাছজোপাই কোনো চৰায়ে পানীৰ বাবে মৃত্যু হোৱাতো চাব নোৱাৰে,” পাইনজোপাই উত্তৰ দিলে৷

গোলাপ পাহে তেওঁ চকুদুটা ডাঙৰ কৰি আচৰিত হৈ সুধিলে, “মানে কেকটাছজোপাত পানী আছে?”

“হয়, তুমিও তেওঁৰ পৰা পানী ল’ব পাৰা৷ তুমি যদি কেকটাছজোপাক সহায়ৰ বাবে কোৱা তেন্তে ঘৰ-চিৰিকাটোৱে তোমাৰ বাবেও পানী আনি দিব পাৰে৷”

ৰঙা গোলাপপাহে তেওঁ পুৰণি ব্যৱহাৰৰ বাবে বৰ অনুতপ্ত হ’ল আৰু কেকটাছজোপাক পানী বিচাৰিবলৈ লাজ পালে৷ কিন্তু শেষত পানীৰ বাবে কেকটাছজোপাক সহায় বিচাৰিব লগা হ’ল৷ কেকটাছজোপাই সহৃদয়তাৰে গোলাপজোপাক পানী দিবলৈ মান্তি হ’ল৷ তেতিয়া গোলাপ পাহে এটা শিক্ষা লাভ কৰিলে যে, তেওঁ পুনৰ কেতিয়াও কেৱল চকুৰে দেখাৰ ওপৰত ভিত্তি কৰি কাকো বিচাৰ নকৰে৷

 

(২৩)

কিতাপ এখনৰ বেটুপাতটো দেখিয়েই কিতাপখনৰ সমালোচনা নকৰিবা

সাধাৰণভাৱে ঘৰত তৈয়াৰ কৰা সাজ-সজ্জাৰে এগৰাকী মহিলা আৰু তেওঁৰ গিৰিয়েকে বুষ্ট’ন চহৰত ট্ৰেইনৰ পৰা নামিল আৰু কোনো ধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ হাৰভাৰ্ট বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বাহিৰৰ কোঠাত উপস্থিত হ’ল৷

উপাচাৰ্যৰ ব্যক্তিগত সচিবজনে কিছু সময়লৈ তেওঁলোকক লক্ষ্য কৰিলে আৰু হাৰভাৰ্টত তেওঁলোকৰ কোনো ধৰণৰ কাম নাই এনে ভাৱত পুনৰ নিজৰ কামত নিমগ্ন হ’ল৷

“আমি উপাচাৰ্যক লগ কৰিব বিচাৰোঁ,” মানুহজনে লাহেকৈ ক’লে৷

“তেওঁ গোটেই দিনটো ব্যস্ত থাকে,” সচিবজনে গেঙেৰি মাৰি উঠিল৷

“আমি অপেক্ষা কৰিম,” মহিলাগৰাকীয়ে উত্তৰ দিলে৷

চাৰি ঘণ্টা ধৰি সচিবজনে তেওঁলোকক উপেক্ষা কৰিলে৷ কিন্তু তথাপি তেওঁলোক তাৰ পৰা আঁতৰি নোযোৱাত সচিবজনে অতি কঠোৰভাৱে তেওঁলোকলৈ চালে আৰু উপায় নাপায় শেষত উপাচাৰ্যক আমনি দিয়াটোকে সিদ্ধান্ত কৰিলে৷ যদিও এইটো তেওঁৰ দৈনন্দিন কাম যাক তেওঁ সদায় মানি চলিব লাগে৷

“তেওঁ উলাই যোৱাৰ আগতে কিছু মিনিটৰ বাবে তেওঁক দেখা কৰিবলৈ দিব পাৰে,” মহিলাগৰাকীয়ে সচিবজনক ক’লে৷

মানুহজনে কোনো কথা নকৈ মাথো মুৰ দুপিয়ালে৷ নিশ্চিতভাৱে তেওঁৰ পছন্দৰ যিকোনো ব্যক্তিকে তেওঁ ইমান সময় অপেক্ষা কৰিবলৈ নিদিয়ে, কিন্তু তেওঁৰ কোঠাত সাধাৰণ সাজ-সজ্জাৰে অহা মানুহহালক তেওঁ কোনো গুৰুত্ব দিব বিচৰা নাছিল৷

উপাচাৰ্যই গহিনভাৱেৰে মুৰ তুলিলে আৰু মানুহহালক ভালদৰে লক্ষ্য কৰিলে৷

মহিলাগৰাকীয়ে তেওঁক ক’লে, “আমাৰ এজন ল’ৰা এবছৰ ধৰি হাৰভাৰ্টত আছিল৷ তেওঁ হাৰভাৰ্টত বৰ ভাল পাইছিল৷ তেওঁ ইয়াত বহুত সুখী আছিল৷ কিন্তু যোৱা বছৰ এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হ’ল৷ মোৰ স্বামী আৰু মই তেওঁৰ স্মৃতিৰ বিশ্ববিদ্যালয়ৰ চৌহদত কিবা এটা কৰিব বিচাৰোঁ৷”

উপাচাৰ্যজনক কথাটোৱে কোনো স্পৰ্শ কৰিব নোৱাৰিলে…. মাথো তেওঁ আচৰিত হ’ল৷

“মহাশয়া,” লাহেকৈ তেওঁ ক’লে, “আমি হাৰভাৰ্টত অধ্যয়ন কৰা প্ৰত্যেকজন ছাত্ৰৰ মৃত্যুৰ পিছত এটা স্মৃতিস্তম্ভ তৈয়াৰ কৰাৰ বাবে অনুমতি দিব নোৱাৰোঁ, যদি আমি ইয়াক কৰিবলৈ দিও, এই ঠাইখন কবৰস্থানৰ দৰে হৈ পৰিব৷”

“অ’ নহয়,” মহিলাগৰাকীয়ে তৎক্ষণাত উত্তৰ দিলে, “আমি কোনো স্মৃতিস্তম্ভ নিৰ্মাণ কৰিব বিচৰা নাই৷ আমি আশা কৰিছোঁ হাৰভাৰ্টৰ এটা ভৱন নিৰ্মাণ কৰি দিওঁ৷”

উপাচাৰ্যগৰাকীয়ে চকু দুটা চাৰিওফালে ঘুৰালে৷ তেওঁ সাধাৰণ সাজ-সজ্জাৰে তেওঁৰ সন্মুখত বহি থকা মানুহহালক চালে আৰু ক’লে. “এটা ভৱন!! আপোনালোকৰ কোনো ধাৰণা আছেনে যে এটা ভৱন নিৰ্মাণৰ বাবে কিমান টকা খৰছ হ’ব পাৰে? আমি হাৰভাৰ্টৰ খালি ভৱন নিৰ্মাণৰ বাবত চাৰে সাত মিলিয়ন ডলাৰ খৰছ কৰিছোঁ৷”

কিছু সময়ৰ বাবে মহিলাগৰাকী মনে মনে থাকিল৷

উপাচাৰ্যজনে ভাবিলে তেওঁলোক এতিয়া ইয়াৰ পৰা নিশ্চয় উঠি যাব৷

মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ পিনে ঘুৰিলে আৰু লগে লগে ক’লে, “এইখিনি মাত্ৰ পইচা খৰছ কৰিলেই কি এখন বিশ্ববিদ্যালয় আৰম্ভ কৰিব পাৰি?” তেন্তে কিয় আমি নিজেই এখন বিশ্ববিদ্যালয় আৰম্ভ নকৰোঁ? তেওঁৰ স্বামীয়ে মুৰ দুপিয়ালে৷

উপাচাৰ্যজনৰ মুখ চিন্তাৰে ভৰি পৰিল আৰু বিবুদ্ধি হ’ল৷ মিষ্টাৰ আৰু মিচেচ লেলাণ্ড ষ্টেনফ’ৰ্ড থিয় হ’ল আৰু লাহেকৈ তাৰ পৰা আঁতৰি আহিল৷ কেলিফৰ্ণিয়াৰ পলো অল্টোলৈ ঘুৰি আহিল আৰু আৰু তেওঁৰ সন্তানৰ স্মৃতি চিহ্ন হিচাপে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলে৷ যি বহু বছৰ ধৰি হাৰভাৰ্টৰ সমকক্ষ হিচাপে আত্মপ্ৰকাশ কৰি আহিছে৷

আপুনি সহজতে কাৰোবাৰ বাহ্যিকতাখিনি দেখি চৰিত্ৰ বিশ্লেষণ কৰিব পাৰে, কিন্তু তেওঁ কেনেকৈ চিন্তা কৰে তাক কেতিয়াও বিশ্লেষণ কৰিব নোৱাৰে৷

 

(২৪)

জীৱনৰ উদ্দেশ্য

জীৱনৰ প্ৰতি হতাশ হৈ এদিন মই এই পৃথিৱীৰ সকলো মায়া-মমতা, সকলো সম্বন্ধ, মোৰ বন্ধু-বৰ্গক এৰি থৈ জীৱনটো শেষ কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ কিন্তু যোৱাৰ আগতে মই শেষবাৰৰ বাবে ভগৱানৰ লগত কথা পাতিবলৈ এখন হাবিলৈ যাবলৈ ঠিক কৰিলোঁ৷

মই সুধিলোঁ “ভগৱান” “মই এই পৃথিৱীখন এৰি যাব নলগাৰ এটা ভাল কাৰণ মোক দিব পাৰিবনে?”

তেওঁ আচৰিত হৈ মোক ক’লে “চাৰিওফালে চোৱাচোন”, “তুমি ঢেঁকীয়া আৰু বাঁহগছবিলাক দেখিছানে?”

“হয়”, মই উত্তৰ দিলোঁ৷

যেতিয়া মই ঢেঁকীয়া আৰু বাঁহগছৰ বাবে গুটি পচাও, তেতিয়া মই দুয়োটাৰে বাবে সমানেই যত্ন লওঁ৷ মই দুয়োটাতে সমানেই পোহৰ আৰু পানী দিওঁ৷ ঢেঁকীয়াজোপা অতি সোনকালে মাটিৰ ভিতৰৰ পৰা গজি উঠে আৰু ই গোটেই হাবিখন সেউজীয়া কৰি তোলে৷ কিন্তু তেতিয়ালৈকে বাঁহৰ বীজটোৰ পৰা একো অংকুৰ উলাই নাহে৷ সেইবুলি মই তাক মাটিৰ ভিতৰৰ পৰা উলিয়াই পেলাই নিদিওঁ৷ এটা বছৰৰ পিছত ঢেঁকীয়াজোপাই অনেক নতুন ঢেঁকীয়াৰ জন্ম দিয়ে আৰু আগতকৈ অধিক বিস্তৃত ৰূপত হাবিডৰা আৱৰি ধৰে৷ কিন্তু তেতিয়াও বাঁহৰ গুটিটোৰ পৰা কোনো অংকুৰ ওলাই নাহে৷ মই তেতিয়াও তাক মাটিৰ পৰা উলিয়াই নেপেলাওঁ৷

তিনিবছৰৰ পিছতো বাঁহৰ গুটিৰ একো পৰিৱৰ্তন নহয়৷ কিন্তু মই তেতিয়াও অপেক্ষা কৰোঁ৷ চাৰিবছৰৰ পিছতো একেদৰে কোনো পৰিৱৰ্তন নহয়৷ তথাপি মই হতাশ নহওঁ৷

পাঁচবছৰৰ পিছত বাঁহৰ গুটিটোৰ পৰা এটা সৰু অংকুৰ বাহিৰ হয়৷ ঢেঁকীয়াৰ তুলনাত ই অতি সৰু আৰু চকুত নপৰা… কিন্তু ছয় মাহৰ পিছতেই সেই অংকুৰটো ১০০ ফুট ওখ হৈ পৰে৷ মই সেই অংকুৰটোৰ বাবে পাঁচবছৰ অপেক্ষা কৰিলোঁ৷ সেই বীজটোৱে তাৰ পৰিৱেশৰ লগত যুঁজিবলৈ মাটিৰ তলতে পাঁচবছৰে শক্তি সংগ্ৰহ কৰি আছিল৷ যাৰ বাবে মই ইয়াৰ পিছত কোনো ধৰণৰ সহায় কৰিব লগা হোৱা নাছিল আৰু সি সকলো প্ৰত্যাহ্বান স্বীকাৰ কৰি আগুৱাই যাবলৈ সক্ষম হৈছিল৷

ভগৱানে মোক ক’লে৷

তুমি জানানে? তুমি তোমাৰ জীৱনৰ সেই সকলো সময় মাথো সংগ্ৰাম কৰি আছিলা৷ তুমি প্ৰকৃততে বাঁহজোপাৰ দৰে বীজৰ অৱস্থাতে আছিল৷ যাক মই উলিয়াই পেলোৱা নাছিলোঁ৷ সেয়ে আজিও মই তোমাক এই পৃথিৱীৰ পৰা আঁতৰাই নপঠিয়াওঁ৷ আনৰ লগত নিজকে কেতিয়াও তুলনা নকৰিবা৷ তেওঁ ক’লে৷ বাঁহ আৰু ঢেঁকীয়া দুয়োজোপাকে বেলেগ বেলেগ কামৰ বাবে তৈয়াৰ কৰা হৈছে৷ যদিও দুয়োজোপাই হাবিখন একেদৰেই শুৱনি কৰি আছে৷

“তোমাৰো সময় আহিব, তুমি ওখ হৈ গৈ থাকিবা৷” ভগৱানে মোক ক’লে৷

“মই কিমান ওখ হ’ব পাৰিম?” মই ভগৱানক সুধিলোঁ৷

“বাঁহজোপা কিমান ওখ হ’ব পাৰিব?” ভগৱানে মোক ওলোটাই প্ৰশ্ন কৰিলে৷

“সি যিমান পাৰে সিমান হ’ব পাৰিবনে?” মই প্ৰশ্ন কৰিলোঁ৷

হয়, তেওঁ ক’লে, “তুমি যিমান ইচ্ছা কৰা সিমান ওখ হৈ মোক গৌৰাবাম্বিত কৰি তোলা৷”

মই হাবিৰ পৰা ওলাই আহিলোঁ আৰু এই কাহিনীটো লিখি উলিয়ালোঁ৷ মই আশা কৰোঁ এই কাহিনীটোৱে আপোনালোকক এই কথা জনাত সহায় কৰিব যে, ভগৱানে কেতিয়াও আমাক আত্ম-সমৰ্পন কৰিবলৈ নিদিয়ে৷ তেওঁ কেতিয়াও আমাক হতাশাগ্ৰস্ত হ’বলৈ শিক্ষা নিদিয়ে !!

 

 

(২৫)

২৫ বছৰীয়া ল’ৰা আৰু তেওঁৰ চকু

এজন বুঢ়া মানুহে তেওঁৰ ২৫ বছৰীয়া ল’ৰাটোৰ সৈতে ট্ৰেইনেৰে কোনো এখন ঠাইলৈ যাত্ৰা কৰিবলৈ আহিছিল৷ ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিছিল আৰু সকলো যাত্ৰীয়ে নিজৰ নিজৰ ঠাইত আসন গ্ৰহণ কৰিছিল৷ যেতিয়া ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিলে ডেকা ল’ৰাজনে অধিক আনন্দ আৰু উৎসাহ অনুভৱ কৰিলে৷

তেওঁ খিৰিকীৰ কাষৰ এটা চিটত বহিল৷rail

সি এখন হাত বাহিৰলৈ উলিয়ালে আৰু বতাহৰ বেগ অনুভৱ কৰিবলৈ ধৰিলে৷ সি চিঞৰি উঠিল, “দেউতা চোৱা চোৱা গছবিলাক পিছলৈ গৈ আছে৷”

বুঢ়া মানুহজনে হাঁহিলে আৰু ল’ৰাজনৰ অনুভৱক উৎসাহিত কৰিলে৷

বুঢ়া মানুহজনৰ কাষতে এহাল নৱ বিবাহিত যুৱক-যুৱতী আছিল আৰু তেওঁলোকে দেউতাক আৰু ল’ৰাজনৰ সকলো কথা শুনি আছিল৷ তেওঁলোকে ২৫ বছৰ বয়সীয়া এজন ল’ৰাই শিশুৰ দৰে আচৰণ কৰা দেখি আচৰিত হ’ল৷

হঠাতে ডেকা ল’ৰাজনে পুনৰ চিঞৰি উঠিল, “দেউতা পুখুৰি আৰু জীৱ-জন্তুবিলাক চোৱা চোৱা৷ ডাৱৰবিলাকো ট্ৰেইনখনৰ লগে লগে গৈ আছে৷”

যুৱক-যুৱতীহালে আচৰিত হৈ ডেকা ল’ৰাজনলৈ চালে৷

লগে লগে বাহিৰত বৰষুণ দিবলৈ ধৰিলে আৰু কিছুমান পানীত টুপাল ল’ৰাটোৰ হাতত পৰিল৷ সি আনন্দ অনুভৱ কৰিলে আৰু চকু দুটা মুদি দিলে৷

সি পুনৰ চিঞৰি উঠিল, “দেউতা এইয়া বৰষুণ, পানীয়ে মোৰ হাতত স্পৰ্শ কৰিছে… চোৱা দেউতা…চোৱা৷”

যুৱক-যুৱতীহালে ৰৈ থাকিব নোৱাৰি বুঢ়া মানুহজনক সুধিলে, “আপুনি আপোনাৰ ল’ৰাজনৰ চিকিৎসাৰ বাবে কিয় মানসীক ডাক্তৰক দেখুওৱা নাই৷”

বুঢ়া মানুহজনে উত্তৰ দিলে,

“হয়, আজিয়েই আমি ডাক্তৰৰ ওচৰৰ পৰা আহিছোঁ কাৰণ মোৰ ল’ৰাটোৱে জীৱনত আজিহে তাৰ প্ৰথম চকু দুটা ঘুৰাই পাইছে৷”

“আপুনি কোনো এটা কথা পৰিষ্কাৰকৈ নজনাকৈ কেতিয়াও চূড়ান্ত সিদ্ধান্ত দিব নালাগে৷”

সংগ্ৰহ আৰু অনুবাদ : ড০ অঞ্জল বৰা


তৃতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক  ||| ‌ চতুৰ্থ খণ্ড পঢ়িবলৈ ইয়াত টিপক |||

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।