গুৰু

গুৰু

সৌ সিদিনা…
মৌনব্ৰতী মোৰ দুচকুৰ বেথা,
তোমাৰ কোলাত নিজম মোৰ
কান্দি কান্দি ক’লা পৰা
এচপৰা ডাৱৰৰ মেলা |

ভয়লগা কোলাহল,
শাসনসুৰীয়া মাত,
মাজে মাজে নিস্তব্ধতা |
বুজা নুবুজাৰ খেলা,
অচিনাকি মানুহৰ মেলা |

উদং বুকুত
ভায়োলিনৰ সুৰ…
হিম চেচাঁ
তোমাৰ দুহাতৰ পৰশ,
আৰু কিছু অমৃত গাথাঁ,
জয় পৰা মনবাগিছা মোৰ
কৰি গ’লা সেউজীয়া |

কাজ’ললতা দুচকুত তোমাৰ
সাৰ পোৱা মমতা
সুবহু একে মাৰ আৰু তোমাৰ
ঘৰ্মাক্ত দেহৰ এবুকু নীলা

ৰাজকণ্যা মই তোমাৰ কোলাত,
পোহৰ দিলা তুমি মেলি দুহাত |
তুমি বিনে মোৰ জ্ঞানহীন কায়া,
স্কুল কলেজ সকলোতে,
আজিও
তোমাৰেই শীতল ছাঁয়া |

হে গুৰু…….
তুমি বৰেন্যা
তুমি নমস্যা
তুমি অনন্যা ||

( মাকৰ বুকুৰ পৰা ওলায় প্ৰথম স্কুল যোৱা কনমানীহতঁক এনেদৰেই কোলাত লৈ জ্ঞানৰ পোহৰ বিলোৱা অনন্য শিক্ষাগুৰুসকললৈ উৎসৰ্গিত | )

——সংগীতা ৰুণুমী শৰ্মা বৰু‌ৱা 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।