পুৱাৰ সূৰুযৰ কিৰন পৰি
ৰাতিৰ আন্ধাৰ দূৰ হ’ল,
নৈৰ সূতত নাচি-বাগি
পদূম এপাহি ফুলি ৰ’ল।
আগেয়ে আছিলি ৰূপহী গাভৰু
মুকলি মুৰীয়া চিত,
সখিৰ সতে নাচি-বাগি ফুৰি
গোৱা আনন্দৰ গীত।
ৰঙতে বলীয়া আই তেজীমলা
সখীৰ বিয়ালৈ যায়।
মাহীআইয়ে দিয়া পাট কাপোৰৰ মাজতে
নিগনি অঙঠা ওলায়।
সতীনিৰ জীক নথলে ৰাখি
মাহীয়েকে কৰিলে ক্ৰুধ
ঢেকীৰ হালতে খুন্দিয়াই মাৰি
পানীপুতাত পুতি থ’লে।
“হাতো নেমেলিবি, লাউও নিচিঙিবি
ক’ৰে মগনীয়া তই,
পাট কাপোৰৰ লগতে মাহীআইয়ে খুন্দিলে
তেজীমলাহে মই।”
লাউগছে মতা শুনি মগনীয়া
ভয়তে মাৰিলে লৰ।
মাহীয়েকে দেখি গুৰিতে কাটিলে
বাৰী চুকত পেলাই দিলে।
কিছুদিনৰ পাছত মৰমৰ তেজীমলা
টেঙাগছ এজোপা হ’ল।
গাঁৱৰ গৰখীয়াই টেঙা দেখি
চিঙি আনিবলৈ গ’ল।
হাতো নেমেলিবি টেঙা নিছিঙিবি
টেঙা গছে মাত দিলে।
ভয়তে আহি গৰখীয়া হঁতে
সাউদনীক বিবৰি কলে।
কথাৰ সকলো আঁতি-গুৰি বুজি
সাউদনীয়ে পাঙিলে বুদ্ধী,
এইবাৰ তোক গুৰি চপাই কাটি
নদীত উটাই দিওঁ।
নদীৰ বুকুত দূৰলৈ যাবিগৈ
আপদ গুচিব মোৰ।
মাহী আইয়ে তোমাক অনাদৰ কৰিলে
সতীনিৰ জী বুলি।
মানুহৰ সমাজ অতি নিষ্ঠুৰ
নদীয়ে ল’লে আঁকোৱালি।
নদীৰ বুকুত মৰম পাই
ফুলিলে পদূম হৈ,
এতিয়া কোনেও নোৱাৰে যাবহি
কাটি-ছিঙি দলিয়াই থৈ।
বহুদিনৰ মূৰত মানুহ দেখি
কিমান যে লাগিছে ভাল।
মানুহৰ মহিমা বুজিব নোৱাৰি
কিহৰবা পাতিছে জাল।
“চেনেহৰ মুখখনি লাগিছে চিনাকি
মৰমৰ দেউতা ঐ,
তোমাৰ অবিহনে এই দশা মোৰ
লগত লৈ নগ’লা মোক।
তোমাৰে জী মই লৈ যোৱা মোক
চেনেহৰ পিতাদেউ ঐ
পাট-কাপোৰৰ লগতে মাহী আইয়ে খুন্দিলে
তেজীমলাহে মই।”
কবি:- নীশিতা চোলাধৰা।
অষ্টম শ্ৰেণী।
নেমুগুৰি মৌকুঁহি মইনা পাৰিজাত।
মইনা গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।