অটল বিহাৰী বাজপেয়ীদেৱৰ চমু জীৱন পৰিচয়

অটল বিহাৰী বাজপেয়ীদেৱৰ চমু জীৱন পৰিচয়

(1924-2018):
1924 চনৰ 25 ডিচেম্বৰত জন্ম গ্ৰহন কৰা অটলজীৰ মাক কৃষ্ণা দেৱী আৰু দেউতাক বিদ্যালয় শিক্ষক কৃষ্ণ বিহাৰী বাজপেয়ী | দুজন ভাতৃ – প্ৰেম বিহাৰী বাজপেয়ী আৰু আৱধ বিহাৰী বাজপেয়ী আৰু এগৰাকী ভগ্নী উৰ্মিলা মিশ্ৰ সহ তেখেত চাৰিজন সন্তান সহ ছয় জনীয়া পৰিয়ালটো ককাকৰ দিনতে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ পৰা গোৱালিয়ৰলৈ উঠি গৈছিল | গোৱালিয়ৰৰ সৰস্বতী শিশু মন্দিৰৰ পৰা বিদ্যালয় শিক্ষা আৰু লক্ষ্মীবাই মহাবিদ্যালয়ৰ পৰা হিন্দী, ইংৰাজী আৰু সংস্কৃত বিষয়ত ডিষ্টিংচন সহ স্নাতক হৈ, কানপুৰৰ ডিএভি মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত প্ৰথম শ্ৰেণী সহ স্নাতকোত্তৰ (MA) ডিগ্ৰী লাভ কৰে | 1939 চনত 15 বছৰ বয়সতে ৰাষ্ট্ৰীয় সয়ংসেৱক সংঘত যোগদান কৰা অটলজী চিৰকুমাৰ আছিল |

ৰাজনীতিৰ জগতত অটলজীৰ আত্ম প্ৰকাশ ঘটে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ যোগেদি আৰু 17 বছৰ বয়সতে তেখেতে ককায়েক প্ৰেমজীৰ লগত 23 দিনৰ বাবে কাৰাবাস খাটে | 1948 চনত ৰাষ্ট্ৰীয় সয়ংসেৱক সংঘক অবৈধ ঘোষনা কৰাৰ সময়ত, অটলজীয়ে সংঘক পুনৰ শক্তিশালী কৰাৰ কামত ব্ৰত হৈছিল | শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ লগ লাগি তেখেতে জন সংঘৰ প্ৰতিস্থা কৰে আৰু জনসংঘৰ উত্তৰ পুবৰ সম্পাদক হিচাপে কাম কৰি শ্যামা প্ৰসাদ মুখাৰ্জীৰ সোঁহাত স্বৰূপ হৈছিল |

কাশ্মীৰত, ভাৰতীয় সকলক (কাশ্মিৰী পণ্ডিত সকলক) কৰা অত্যাচাৰ, অপমান আৰু অপব্যৱহাৰৰ প্ৰতিবাদ কৰিবলৈ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে অনশন কৰি প্ৰতিবাদ কৰিছিল | কিন্তু অনশনত থাকোতেই তেখেতক বন্দী কৰা হয় আৰু কাশ্মীৰৰ জেলতে ৰহষ্য জনক পৰিস্থিতিত শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু হয় | এই মৃত্যুৱে অটলজীক চিৰজীৱন মনোকষ্ট দিছিল | 1968 চনত পণ্ডিত দীনদয়ালজীৰো মোগল চৰাই ৰেল ষ্টেচনত হঠাৎ মৃত্যু হোৱাত, অটলজীয়ে জনসংঘৰ সভাপতিৰ দায়িত্ব চম্ভালিব লগাত পৰে | অটলজীক এই কাৰ্য্যত আন্তৰিক সহযোগিতা আগবঢ়োৱা পৰম হিতৈষী কেইজন হ’ল নানাজী দেশমূখ, বলৰাজ মেধক আৰু লালকৃষ্ণ আদৱানি | 1980 চনৰ 6 এপ্ৰিল তাৰিখে জন সংঘক বিজেপি হিচাপে নতুন নামাকৰণ কৰি ভৈৰন সিং শ্বেখাৱট আৰু লালকৃষ্ণ আদৱানিৰ সহায়ত অটলজীয়ে পৰিচালনাৰ দায়িত্ব মুৰ পাতি লৈছিল |

অটল বিহাৰী বাজপেয়ী মহোদয় দহ (10) বাৰ লোক সভালৈ নিৰ্বাচিত হয় আৰু দুবাৰ (2) ৰাজ্য সভাৰ সদস্য হয় | 1991 চনৰ পৰা 2009 চনলৈ একেৰাহে পাচ বাৰ (5) তেখেতে লক্ষ্ণৌক লোকসভাত প্ৰতিনিধিত্ব কৰিছিল | মোৰাৰজী দেশাইৰ জনতা দলৰ মন্ত্রী সভাত অটলজী বৈদেশিক মন্ত্ৰী আছিল আৰু ৰাষ্ট্ৰ সংঘৰ অধিবেশনত পোন প্ৰথমবাৰৰ বাবে হিন্দীত ভাষন ৰাখিছিল | তেখেত আমাৰ দেশৰ দশম (10 নম্বৰৰ) প্ৰধান মন্ত্ৰী | তিনিবাৰ তেখেত প্ৰধান মন্ত্ৰী হৈছিল : প্ৰথম বাৰ 13 দিনৰ বাবে 1996 চনত, দ্বিতীয় বাৰ 11 মাহৰ বাবে 1998-1999 চনত | তৃতীয়বাৰ সম্পূৰ্ণ পাচ (5) বছৰৰ বাবে 1999 চনৰ পৰা 2004 চনলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাহিৰৰ তেখেতেই একমাত্ৰ সদষ্য আছিল যি প্ৰধান মন্ত্ৰী হিচাপে সম্পুৰ্ন কাৰ্য্য কাল সমাপন কৰিছিল | 93 বছৰ বয়সত আজি ইং 16 আগষ্টৰ জীৱন সম্বৰণ কৰা তাৰিখলৈ, তেখেতেই একমাত্ৰ দীৰ্ঘকালৰ বাবে জীৱিত প্ৰাক্তন প্ৰধান মন্ত্ৰী আছিল | বাকী সকলৰ এই বয়সৰ আগতেই দেহান্ত হৈছিল |

প্ৰধান মন্ত্ৰী হিচাপে অটলজীৰ কাৰ্য্যকালত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল :
(ক) 1974 চনৰ ইন্দিৰা গান্ধীৰ “Smiling Buddha” নামৰ আনৱিক পৰীক্ষনৰ 24 বছৰ পিচত পোখৰানত 1998 চনত দ্বিতীয় বাৰৰ বাবে 5 টা আনৱিক পৰীক্ষন সম্পন্ন কৰা হৈছিল |
(খ) ডিচেম্বৰ 1999 চনত “ভাৰতীয় বায়ু পৰিবহন”ৰ বিমান অপহৰণ আৰু মাচুদ আজাৰৰ মুক্তি |
(গ) লাহোৰ যাত্রা আৰু লাহোৰ ঘোষনা পত্র |
(ঘ) কাৰ্গীল যুদ্ধ আৰু ভাৰতৰ জয় |
(ঙ) 2001 চনৰ ভাৰতীয় সংসদত পাকিস্তানৰ পৰা অহা (?) উগ্ৰপন্থীৰ আক্ৰমন |
(চ) 2002 চনৰ গুজৰাট সংঘৰ্ষ |
(ছ) ৰাষ্ট্ৰীয় পথ নিৰ্মাণ আৰু সম্প্ৰসাৰণ আচনি – যি আচনিৰ অধীনত গুজৰাটৰ উখাৰ পৰা মনিপুৰৰ ম’ৰে সীমান্তলৈকে চাৰি লেন যুক্ত “ইষ্ট ৱেষ্ট কৰিডৰ” নিৰ্মাণ |
(জ) প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জড়িয়তে গ্ৰাম্য পথ নিৰ্মাণ…… আদি |

2009 চনত শাৰিৰীক অসুস্থতা আৰু অসমৰ্থতাৰ বাবে তেখেতে প্ৰত্যক্ষ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে | 2014 চনত ভাৰতৰ এইজন সু সন্তানক ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰা হয় | ৰাষ্ট্ৰ ধৰ্ম নামৰ বাতৰি কাকত খনৰ যোগেদি সাংবাদিক হিচাপে খ্যাতি অৰ্জা, অটলজী এগৰাকী সূ কবিও আছিল | তেখেতৰ জন্মদিন 25 ডিচেম্বৰ তাৰিখটোক সু-প্ৰশাসনৰ দিন (Good Governance Day) হিচাপে পালন কৰা হয় |


সংগ্ৰাহক : ৰিপুঞ্জয় দত্ত ,খতিয়াখলি, বোকাখাত ।

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।