অসমীয়াত কম্পিউটাৰ বিজ্ঞান

অসমীয়াত কম্পিউটাৰ বিজ্ঞান

সুব্ৰত গগৈ

প্রথম অধ্যায় : কম্পিউটাৰ কি ?

কম ভল্টেজ আৰু বেছি ভল্টেজ । এইয়াই কম্পিউটাৰ । কিন্তু কেনেকৈ ?
ধৰা হ’ল কম ভল্টেজ = ০
বেছি ভল্টেজ = ১

এতিয়া এডাল স্কেল ধৰা যাওক য’ত প্রতিটো মাপকাঠি ২ ৰ পূৰণ ।
৮…৪…২…১
প্রতিটো মাপকাঠিক এক বিট বোলা হয় । প্রতি বিটট বেছি ভোল্টেজ থাকিলে সেয়া ১ হ’ব আৰু কম ভোল্টেজ থাকিলে সেয়া ০ । যদি এক থাকে  , তেন্তে সেই স্থানৰ মান ধৰা যাব ।

এতিয়া আহক আমিও কম্পিউটাৰৰ দৰে যোগ বিয়োগ কৰোঁ ।

০০০০ = ০
০০০১ = ১
০০১০ = ২
০০১১ = ৩
০১০০ = ৪
০১০১ = ৫
০১১০ = ৬
০১১১ = ৭
১০০০ = ৮
১০০১ = ৯

এনেদৰেই আমাৰ গণনা আগবাঢ়ি যাব ।

গণনাৰ নিয়ম হ’ল
০+০ = ০
০+১ = ১
১+১ = ০  ( ১ উকলিব )

এতিয়া আহক দুটা সংখ্যা যোগ কৰোঁ

ধৰা হওক ৫+৮

০১০১
১০০০
________
= ১১০১  (১৩)

+ বা বিয়োগ চিনৰ বাবে এটা বিট বেছিকৈ ব্যৱহাৰ কৰিব পাৰি ।

বেছি জানিব খুজিলে ইন্টাৰনেট আছেই, খুচৰি মেলি চালেই সকলো গম পাব ।

এতিয়া কথা হ’ল এই ০-১ বোৰ কেনেদৰে ব্যৱহাৰ হয় ।

A = 65
B = 66

Z = 90

a = 97

এনেদৰে প্রতিতো চিহ্নৰ বাবে একোটিকৈ সংখ্যা চিহ্নিত কৰা হৈছে । সেয়া ASCII হিচাপে জনা যায়।
গতিকে যদি মই কীবোর্ডত “A” টো টিপি দিওঁ, সেয়া হ’বগৈ ৬৫ ।
কিন্তু কম্পিউটাৰৰ বাবে সেয়া ১০০০০০১

এতিয়া এইখিনি হার্ডডিস্কত কেনেদৰে ৰখা যাব ?
হার্ডডিস্কৰ বাবে সকলোবোৰ হ’ল আয়ন ।
ধৰা হ’ল ০ মানে   ↓
আৰু ১ মানে হ’ল  ↑
গতিকে আমাৰ হার্ডডিস্কত আয়নসমূহ এনে সজ্জাত ৰখা হ’ব
↑↓↓↓↓↓↑

থূলমূলকৈ এয়াই হ’ল আমাৰ কম্পিউটাৰ ।

দ্বিতীয় অধ্যায় : কম্পিউটাৰৰ ভাষা

কম্পিউটাৰ হ’ল এনে এটা সঁজুলি যাক আমি বিশেষ ভাষা ব্যৱহাৰ কৰি কিছুমান কাম কৰিবৰ বাবে নির্দেশ দিব পাৰো । কিন্তু প্রশ্ন হ’ল কম্পিউটাৰ ভাষা কি ?

কিছুমান বিশেষ শব্দ ব্যৱহাৰ কৰি দিয়া নির্দেশৰ সমষ্টিয়েই হ’ল কম্পিউটাৰৰ ভাষা, যাক আমি প্রগ্রেমিং লেংগুৱেজ বুলি কওঁ। ভিন্ন ধৰণৰ কামৰ বাবে ভিন্ন ভিন্ন ভাষা ব্যৱহাৰ কৰা হয়। যেনে আমি ব্যৱহাৰ কৰা ৱেবছাইটবোৰৰ বাবে HTML নামৰ এটা ভাষা ব্যৱহাৰ কৰা হয়। এইটো এটা পুর্ণাংগ প্রগ্রামিং ভাষাতকৈ SCRIPT LANGUAGE বুলিহে কয়।  HTMLৰ সতে অন্যান্য ভাষাৰো সহায় লব পাৰি। সাধাৰণতে প্রগ্রামিংৰ বাবে COMPILER ডাউনলোড কৰি ল’ব পাৰি। C, C++ আদিৰ COMPILER বিনামূল্যে ইন্টাৰণেটত উপলব্ধ।

আজি প্রথমে আমি নিজৰ এখন ৱেবপেজ বনাই চাওঁ। এনে এক বা তাতোধিক ৱেবপেজৰ সমষ্টিক যেতিয়া SERVERত স্থান দিম, সেয়াই হৈ পৰিব আমাৰ ৱেবছাইট। HTMLৰ বাবে কোনো অন্য COMPILER ব্যৱহাৰ কৰাৰ প্রয়োজন নাই। ব্রাউজাৰ সমূহে নিজেই আমাৰ এই নির্দেশবোৰ কম্পিউটাৰে বুজিব  পৰা ভাষালৈ সলনি কৰি ল’ব পাৰে।

আমাৰ প্রথম কম্পিউটাৰ প্রগ্রেম

১) NOTEPADটো খুলি লওক ।

২) তলত দিয়াৰ ধৰণে লিখক বা কপি-পেষ্ট কৰি দিয়ক
মোৰ প্রথম ৱেবছাইট

মোৰ তথ্যসমূহ

৩) FILE -> SAVE AS

৪) “Save as type” টো “ALL FILES” কৰি দিয়ক

৫) যদি আপুনি অসমীয়াত UNICODE ব্যৱহাৰ কৰি লিখিছে, তেন্তে “ENCODING” টো “UNICODE” কৰি দিয়ক।

৬) FILEটোৰ নামটো HTM বা HTML দি শেষ কৰক  .. যেনে “ABCD.HTM” বা “ABCD.HTML”

৭) ফাইলটো SAVE কৰি দিয়ক। আমাৰ ৱেবছাইট তৈয়াৰ হৈ গ’ল।

এতিয়া INTERNET EXPLORER বা এনে কোনো ৱেবব্রাউজাৰ ব্যৱহাৰ কৰি ফাইলটো খুলি চাওক।

তৃতীয় অধ্যায়: অপাৰেটিং চিষ্টেমৰ কিছু কথা

কেতিয়াবা আমাৰ কম্পিউটাৰ কেইটাই কাম নকৰা হৈ যায় … যাক আমি হেং মৰা বুলি কওঁ । কম্পিউটাৰৰ ভাষাত ইয়াক DEADLOCK বুলি কোৱা হয় । DEADLOCK কি ?

কম্পিউটাৰ এটা চলিবলৈ হ’লে কিছুমান সামগ্রীৰ প্রয়োজন হয়। মুটামুটি ভাবে এইয়া ৰেম, প্রচেচৰ আদি বুলি ধৰিব পাৰে। কম্পিউটাৰ এটা হেং হ’বলৈ হ’লে চাৰিটা পৰিস্থিতি একেসময়তে উদ্ভৱ হ’ব লাগিব।সেয়া হ’ল

১) পাৰস্পৰিক বিচ্ছিন্নতা — মানে কম্পিউটাৰৰ অন্ততঃ এটা সামগ্রী এক সময়ত মাত্র এটা প্রগ্রেমেহে ব্যৱহাৰ কৰিব পাৰিব ।

২)  সামগ্রীৰ বন্ধক — মানে এটা প্রগ্রেমে এটা কামৰ বাবে এটা সামগ্রী নিজৰ হাতত ৰাখি থৈছে, যিটো অন্য প্রগ্রেমে সেই সময়ত ব্যৱহাৰ কৰিব নোৱাৰে ।কিন্তু একে সময়তে প্রগ্রেমটোৱে কামটো সম্পূর্ণ কৰিবৰ বাবে অন্য এটা সামগ্রীৰ বাবে ৰৈ আছে, যিটো বেলেগ এটা প্রগ্রেমে ব্যৱহাৰ কৰি আছে ।

৩) অবাধ স্বাধীনতা — মানে যেতিয়া এটা প্রগ্রেমে নিজৰ কামৰ বাবে এটা সামগ্রী ৰাখি থয়, তেতিয়া অন্য প্রগ্রেমে সেই সামগ্রীটো কাঢ়ি আনিব নোৱাৰে।

৪) বৃত্তাকাৰ অপেক্ষা — এটা প্রগ্রেমে এটা সামগ্রী নিজৰ হাতত ৰাখি অন্য এটা প্রগ্রেমে ধৰি ৰখা সামগ্রীৰ বাবে ৰৈ থাকে, কিন্তু অন্য প্রগ্রেমটোৱে প্রথম প্রগ্রেমটোৰবাবে নিজে ধৰি ৰখা  সামগ্রীটো এৰি দিয়া নাই, কাৰণ প্রথম প্রগ্রেমটোৱে নিজৰ সামগ্রীটো এৰি দিলেহে ই নিজৰ কাম শেষ কৰিব পাৰিব। এই চাৰিওটা যদি একে সময়তে উদ্ভৱ হয়, তেন্তে আমাৰ কম্পিউটাৰটোৱে কাম নকৰা হৈ যাব … অর্থাৎ হেং মাৰিব ।

এই ঘটনাটো Dining philosophers problem নামৰ এক উদাহৰণেৰে বুজোৱা হয় ।

LINUX আদি অপাৰেটিং চিষ্টেমত এই চাৰিটা অসুবিধা একে সময়তে উদ্ভৱ নহয়।

চতুর্থ অধ্যায়: দুজন সেনাপতিৰ কাহিনী

বহু দিনৰ পূর্বে ‘ক’ আৰু ‘খ’ নামৰ দুখন দেশৰ মাজত ‘গ’ নামৰ এখন দেশ আছিল ।  সামৰিক শক্তিত ‘গ’ আছিল ‘ক’ আৰু ‘খ’ত কৈ শক্তিশালী। কিন্তু ‘ক’ আৰু ‘খ’ৰ সন্মিলিত শক্তিতকৈ ‘গ’ দুর্বল।  ‘গ’ক অকলে আক্রমণ কৰিলে ‘ক’ বা ‘খ’ হাৰিব, কিন্তু একেলগে আক্রমণ কৰিলে ‘গ’ হাৰিব। গতিকে ‘ক’ আৰু ‘খ’ই মিলিজুলি ‘গ’ দখল কৰাৰ পৰিকল্পনা কৰিলে।

কথা মতেই কাম।  ‘ক’ই দূত এজনৰ হাতত ‘খ’ দেশলৈ এই খবৰ দি পঠিয়ালে যে অহা মাহৰ প্রথম তাৰিখে আমি ‘গ’ আক্রমণ কৰিম। কিন্তু অসুবিধা হ’ল দূতজনক মাজতে ‘গ’ই বন্দী কৰি ৰাখিব পাৰে।  গতিকে দূতজনৰ এই খবৰ ‘খ’ দেশে পাবই বুলি ‘ক’ই ধৰিল’ব নোৱাৰে।  যিহেতু ‘খ’ৰ পৰা সন্মতিসূচক খবৰ নোপোৱালৈকে ‘ক’ই ‘গ’ আক্রমণ কৰিব নোৱাৰে, ‘খ’ৰ পৰা ‘হ’ব’ বুলি খবৰ নোপোৱালৈকে ‘ক’ই অপেক্ষা কৰিব।

গতিকে পৰিস্থিতি এনে হ’ব পাৰে।

১) ‘ক’ৰ দূতজনক ‘গ’ই বন্দী কৰি ৰাখিলে। গতিকে ‘ক’ই কিবা খবৰ দিছিল বুলি ‘খ’ই গমেই নাপালে। গতিকে ‘ক’ই আক্রমণ কৰিব নোৱাৰে।

২) ‘ক’ৰ দূতজনে ‘খ’ক খবৰটো দিলে। ‘খ’ই ‘হ’ব’ বুলি দূতজনক ক’লে। কিন্তু ঘূৰি আহোঁতে দূতজনক ‘গ’ই বন্দী কৰিলে। গতিকে ‘ক’ই গমেই নাপালে যে ‘খ’ই সন্মতি দিলে। সেয়ে ‘ক’ই আক্রমণ নকৰে।  একেদৰে ‘খ’ই গম নাপালে যে দূতজনে ঘূৰি গৈ ‘ক’ দেশক খবৰ দিব পাৰিলে নে নাই। সেয়ে ‘খ’ইও আক্রমণ নকৰে।

৩) ‘ক’ৰ দূতজনে ‘খ’ক খবৰটো দিলে। ‘খ’ই ‘হ’ব’ বুলি দূতজনক ক’লে। দূতজন ঘূৰি গৈ ‘ক’ দেশক ক’লেগৈ যে ‘খ’ই ‘হ’ব’ বুলি কৈছে। গতিকে ‘গ’ক  ‘ক’ই আক্রমণ কৰিব। কিন্তু ‘খ’ই গম নাপালে যে দূতজন ঘূৰি গৈ ‘ক’ দেশ পালেগৈ নে নাই। সেয়ে ‘খ’ই ‘গ’ক আক্রমণ নকৰে। গতিকে যুদ্ধত ‘ক’ হাৰিব।

৪) যিহেতু ‘খ’ই গম নাপালে যে দূতজন আহি পালেহি, ‘ক’ই আকৌ এজন দূত ‘খ’লৈ পঠালে যে পূর্বৰ দূতজন পালেহি। কিন্তু দ্বিতীয় দূতজন যে ‘খ’ গৈ পালেগৈ সেয়া ‘ক’ই গম নাপালে। সেয়ে ‘ক’ইও আক্রমণ নকৰে।

গতিকে দেখা গ’ল যে ‘ক’ আৰু ‘খ’ মিলি কেতিয়াও ‘গ’ক আক্রমণ কৰিব নোৱাৰিব।

কম্পিউটাৰ বিজ্ঞানত এই অসুবিধাটো এনেধৰণৰ :

ধৰি লওক আপুনি এটা তথ্য বিচাৰিছে যিটো মোৰ কম্পিউটাৰত আছে । সেই তথ্যখিনি কেনেদৰে আপোনাৰ কম্পিউটাৰত উপলব্ধ হ’ব?

ক) আপোনাৰ কম্পিউটাৰটোৱে সেই তথ্য বিচাৰি মোৰ কম্পিউটাৰটোক এটা অনুৰোধ পঠিয়াব।
খ) মোৰ কম্পিউটাৰটোৱে তথ্যসমূহ টুকুৰা-টুকুৰ কৰি এডোখৰ এডোখৰকৈ পিঠিয়াব। সেই টুকুৰাসমূহ লগ লগাই আপোনাৰ কম্পিউটাৰটোৱে সমগ্র বিষয়টো পূর্নাংগ ৰূপত উপস্থাপন কৰিব।

কিন্তু এইখিনিতে এটা অসুবিধা আহি পৰে ।নেটৱৰ্কত তথ্যসমূহ পঠিয়াওঁতে কেতিয়াবা হেৰাই যাব পাৰে।  গতিকে এটুকুৰা তথ্য পোৱাৰ পাছত আপোনাৰ কম্পিউটাৰটোৱে “পালো” বুলি এটা বাতৰি মোৰ কম্পিউটাৰটোলৈ পঠিয়াব। গতিকে এটুকুৰা তথ্য আপোনালৈ পঠিয়াই মোৰ কম্পিউটাৰটোৱে সেই বাতৰিটোলৈ এক নির্দিষ্ট সময় অপেক্ষা কৰিব। যদি সেই সময়কণৰ ভিতৰত বাতৰিটো আহি নাপায়, তেন্তে পূর্বৰ সেই একেটুকুৰা তথ্য মোৰ কম্পিউটাৰটোৱে আকৌ পঠিয়াব আৰু পুনৰ “পালো” বাতৰিটোৰ বাবে অপেক্ষা কৰিব। কিন্তু সেই “পালে” বাতৰিটোও নেটৱৰ্কত হেৰাই যাব পাৰে।

গতিকে, এক নির্দিষ্ট সময়ৰ ভিতৰত যদি এটুকুৰা তথ্য মোৰ কম্পিউটাৰটোৰ পৰা আপোনাৰটোলৈ গৈ নাপায়, আপোনাৰ কম্পিউটাৰটোৱে ধৰি ল’ব যে “পালো’ বাতৰিটো মোৰ কম্পিউটাৰটোৱে নাপালে, সেয়ে সি আকৌ “পালো” বুলি বাতৰি পঠিয়াব।


 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।