সাঁথৰ -১

সাঁথৰ -১

১) এক ভাই আছে ডালত , এক ভাই আছে স্থলত , দুই ভাই আআকাশ মণ্ডলত ,চাৰিও ভাই লগ লাগে মৰণ কালত ?
২) শদিয়ালৈ নাযাবা, শত ফুল নাখাবা, এই খন চহৰত সুধি আহাঁগৈ , উপজিয়ে লৰ মাৰে কোন ?
৩) ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই – একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ?
৪) লোহাৰত জনম , লোহাৰকে খায় — দহ দেশৰ লগত যুঁজিবলৈ যায় ?
৫) পাত আছে ডাল নাই , কথা আছে মাত নাই ?
৬) গছ কাটিবলৈ গ’লো , হাতত কুঠাৰ লৈ , গছ আছে মৰি, ফল আছে ধৰি ?

book-005

উত্তৰসমূহ:–

১) তামোল-পাণ , চূণ, ধঁপাত
২) জেঠী
৩) চকুযোৰ
৪) বন্দুক
৫) কিতাপ
৬) কোমোৰা

(সংগৃহীত)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

14 টা মন্তব্য আছে এই বিষয়ত- “সাঁথৰ -১

  1. বৰ ভাল লাগিল । অধিক পোৱাৰ আশা ৰাখিলো।

      1. আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছো‌ৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ….নতুন লেখা যোগ কৰা হ’ব । চাই থাকিব চোন ..

    1. আপোনাক অশেষ ধন্যবাদ ! আশাকৰোঁ আপুনিও আমাৰ এই যাত্ৰাৰ সহযাত্ৰী হ’ব। আপোনাৰ ওচৰত শিশু-উপযোগী যিকোনো ধৰণৰ লেখা থাকিলে আমালৈ পঠিয়াব পাৰে ।

    2. আপোনাক অশেষ ধন্যবাদ ! আশাকৰোঁ আপুনিও আমাৰ এই যাত্ৰাৰ সহযাত্ৰী হ’ব। আপোনাৰ ওচৰত শিশু-উপযোগী যিকোনো ধৰণৰ লেখা থাকিলে আমালৈ পঠিয়াব পাৰে ।

  2. ভাল লাগিল। আপুনি সাঁথৰবোৰ আগলৈ এনেকৈ দি থাকিব বুলি আশা কৰিলো I

  3. পঢ়ি ভাল লাগিল ।ল’ৰা – ছোৱালিৰ কাৰণে অতি আৱশ‍্যকীয় লিখনি ।আগলৈও পোৱাৰ আশা থাকিল ।

  4. ভাল লাগিল । আগলৈও এনেকুৱা সাঁথৰ পোৱাৰ আশা থাকিল ।

    Reply

  5. ১ /পৃথিৱীৰ আন এটা নাম?
    ২/ হিন্দু মানুহৰ উপাধি ?
    3/ একৰ পৰা পাঁচলৈ যিকোনো এটা সংখ্যা ?
    ৪/ মুছলিম মানুহৰ এটা উপাধি ?

    এই চাৰিটা প্ৰশ্ন উত্তৰঃ হব এটাই আৰু উত্তৰটোৱে হব অসমৰ এখন ঠাই নাম । উত্তৰটো কি হব কোনোবাই জানে যদি কবচোন

  6. অনুগ্ৰহ কৰি উত্তৰ বোৰ দিব , যাতে আমি ইয়াতে প্ৰকাশ কৰিব পাৰো। তাৰোপৰি পাঠক সকলক নতুন নতুন সাঁথৰ আমালৈ পঠিয়াবৰ বাবে অনুৰোধ জনালো ।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।