শহা আৰু ভেকুলী( মৌচুমী দাস)

শহা আৰু ভেকুলী( মৌচুমী দাস)

গৰমকালিৰ দিনত কেইটামান শহাপহু বনৰীয়া বগৰী এজোপাৰ তলত গোট খালে ৷ সেই সময়ত পথাৰত ধান আদি শহাকেইটাই ভোক গুচাই খাবলৈ নাপাইছিল ৷ অন্যফালে পুৱা-গধূলি ফুৰিবলৈ ওলোৱা মানুহৰ লগত থকা কুকুৰে সিহঁতক বৰ আমনি কৰিছিল ৷ হাবিৰ সৰু সৰু গছ-বনবিলাক বৰষুণৰ অভাৱত শুকাই যোৱাত সিহঁতে লুকাবলৈও বৰ কষ্ট কৰিবলগাত পৰিছিল ৷ এনেবোৰ কাৰণতে সিহঁত বহ দুখী হৈছিল ৷
এটা শহাই ক’লে, “সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে আমাৰ জাতিৰ বৰ অন্যায় কৰিলে ৷ ইমান সৰু আৰু দূৰ্বল কৰি সৃষ্টি কৰিলে যে আমি শত্ৰুৰ মুখামুখি হ’ব নোৱাৰো ৷ ব্ৰহ্মাদেৱে আমাক হৰিণাৰ নিচিনা শিঙটো নিদিলেই আনকি মেকুৰীৰ দৰে চোকা নখো নিদিলে ৷ সকলো জীৱ-জন্তুৰ পৰা আমি ভয়ত পলাই ফুৰিব লাগে ৷ সকলো ফালৰ পৰা আমাক আপদহে দিলে ৷”
সেই কথা শুনি দ্বিতীয় শহাটোৱে ক’লে, “মইতো এই দুখৰ জীৱনৰ মোহ এৰি পানীত পৰি মৰাৰ কথাহে ভাৱিছো৷”
তৃতীয়টো শহাই ক’লে, “মইয়ো মৰি যোৱাৰ কথাহে ভাৱিছো ৷ আৰু দুখ সহ্য কৰিব নোৱাৰো ৷ এই এতিয়াই পৰি মৰোগৈ ৷”
“আমি সকলো তোমাৰ লগতে যাওঁ ৷ আমি আজিলৈকে তোমাৰ লগতে আছো,গতিকে তোমাৰ লগতে মৰিম ৷” সকলো শহাই একেলগে ক’লে ৷ তাৰ পাচত গোটটোৰ সকলো শহাই পথাৰৰ মাজৰ পুখুৰীটোলৈ খোজ ল’লে ৷
পুখুৰীটোৰ পানীৰ পৰা উঠি বহুতো ভেকুলী পাৰত বহি আছিল ৷ শহাৰ খোজৰ শব্দ শুনি সিহঁত ভয়তে পানীত জাপ দিলে ৷ সেইটো দেখি শহাকেইটা থমকি ৰ’ল ৷ এটা শহাই ক’লে ― “ভাই বন্ধুহঁত নিজৰ প্ৰাণ হেৰুওৱাৰ কোনো প্ৰয়োজন নাই ৷ আহাঁ উভতি যাওঁ ৷ যিহেতু ব্ৰহ্মাদেৱৰ সৃষ্টিত আমাতকৈ সৰু আৰু আমালৈ ভয় কৰা প্ৰাণীও আছে ৷ গতিকে আমি আমাৰ জীৱনক লৈ দুখ কৰাৰ কোনো প্ৰয়োজন নাই ৷
এই পৃথিৱীত কিছুমান জীৱই নিজতকৈও দুখী,দৰিদ্ৰ আৰু সংকটপূৰ্ণ অৱস্থাত বাস কৰাৰ কথা চিন্তা কৰি শহাকেইটাই আত্মহত্যাৰ পথ ত্যাগ কৰিলে ৷ সৃষ্টিকৰ্তাক ধন্যবাদ জনাই সিহঁত উভতি গ’লগৈ ৷
― মৌচুমী দাস

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “শহা আৰু ভেকুলী( মৌচুমী দাস)

  1. সাধুটো প্ৰকাশৰ যোগ্য বুলি ভৱাৰ বাবে নথৈ আনন্দিত হ’লো ৷ “মইনামেল″ৰ প্ৰশাসকক অশেষ ধন্যবাদ ৷

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।