শহাপহু আৰু শিয়াল

শহাপহু আৰু শিয়াল

এখন অৰণ্যত এটা শিয়াল আৰু শহাপহু‌ৱে বাস কৰিছিল । শহাপহুটো আছিল বৰ চঞ্চল আৰু উৎপতীয়া । সি বাৰীৰ গাজৰ,ফুলকবি খাই জঁপিয়াই জঁপিয়াই তাল মিলাই আনন্দতে ঘুৰি ফুৰিছিল । শহাপহু‌ৱে নিজতে মগন হৈ খাই-বৈ আনন্দেৰে থকাটো শিয়ালে একেবাৰে সহ্য কৰিব পৰা নাছিল । শহাপহুক কেনেকৈ খাব পৰা যায় এই চিন্তাকে কৰি সি দিন কটাইছিল । শহাপহুটো হ’লে বৰ চতুৰ আছিল । সি শিয়ালৰ চাতুৰীত ভোল নগৈছিল ।
dark_black_and_white_rabbit_and_fox

এদিন শিয়ালে ৰাস্তা নিৰ্মাণ কৰি থকা ঠাইৰপৰা আলকাতৰা আনি এটা সৰু ল’ৰাৰ আকৃতি গঢ়ি শহাপহু অহা ৰাস্তাত থৈ জোপোহাৰৰ আ।ৰত লুকাই থাকিল । গীতৰ তালে তালে জঁপিয়াই নাচি-বাগি শহাপহু আলকাতৰাৰে গঢ়া সৰু ল’ৰাৰ কাষ পালেহি ।

শহাপহু‌ৱে সুধিলে- ‘বাবা কি খবৰ ?কেনে আছা?’ আলকাতাৰাৰ ল’ৰাটো‌ৱে নামাতিলে । শহাপহু‌ৱে‌ৱে আকৌ সুধিলে, সি কিন্তু উত্তৰ নিদিলে । তেতিয়া শহাপহুৰ বৰ খং উঠিল । ‘কেনে যে অভদ্ৰ ল’ৰা’ বুলি সি তাৰ গালত এক চৰ মাৰি দিলে । তীক্ষ্ন ৰ’দ থকাৰ কাৰণে আলকাতৰা আলাপ অলপকৈ গলিবলৈ লৈছিল । শহাপহুৰ হাত তাতে লাগি ধৰিলে । শহাপহু‌ৱে আকৌ ক’লে – ‘সোঁহাত নাথাকিলে কি হ’ল মোৰ বাওঁ হাত আছে নহয় ? ‘ সি আকৌ বাওঁহাতেৰে এক চৰ মাৰি দিলে । লগেলগে বাওঁ হাতখনো তাতে লাগি ধৰিলে । আকৌ সোঁভৰিটোৰে কোবালে ,সোঁভৰিখনো লাগি ধৰিলে । এইবাৰ বাওঁভৰিৰে কোবালে। বাওঁভৰিখনো লাগি ধৰিলে । ‘এতিয়া মই কি কৰিম ‘ বুলি ভা‌ৱি শহাপহুটো বিবুধিত পৰিল। শহাপহুটো বিপাঙত পৰা দেখি জোপোহাৰ আঁৰৰপা শিয়াল ওলাই আহিল । সি শহাপহুক ক’লে – ‘হৰা ভাইটী, কেনে পালা এতিয়া?খুব জঁপিয়াই জঁপিয়াই ফুৰিছিলা যে , কেনে?এতিয়া পালা নহয় মজা? আজি মোৰ পাল্লাত পৰিলা । আজি তোমাক জুইত পুৰি মহা তৃপ্তীৰে খাম !’

ফান্দত পৰা শহাপহু মনে মনে থাকিল । শিয়ালে হাবৰ ওচৰে-পাঁজৰে থকা শউকান ডাল-পাত বিচাৰি আনি জুই জ্বলালে । জুইৰ তাপত আলকাতৰা অকণ অকণকৈ গলি যাবলৈ ধৰিলে । শহাপহুৰ ভৰি লাহে লাহে আলকাতৰাৰ পৰা ওলাই আহিবলৈ ধৰিলে । শহাপহু আছিল অতি চতুৰ । সি গম পালে যে আৰু বেছিকৈ জুই জ্বলালে আলকাতৰা আৰু বেছি গলি যাব আৰু তেতিয়া সি মুক্ত হ’ব পাৰিব । সু দুভৰি উলিয়াই নানি তাতে লাগি ধৰি থকাৰ ভাওঁ ধৰি শিয়ালক ক’লে – ‘শিয়াল ককাই, তুমি ইমান কম খৰিৰে জুই ধৰিছা !এনে কম জুইত মোক কেনেকৈ পুৰিবা?মোক পুৰিবলৈ হ’লে আৰু বেছি জুই উঠিব লাগিব । মোক খাব বিচাৰিছা যদি ভালকৈ পুৰি খো‌ৱা, তেহে সো‌ৱাদ পাবা!’

শহা পহুৰ কথা শুনি শিয়ালে ভা‌ৱিলে- ‘সি এতিয়ালৈকে মৰা নাই যেতিয়া ইয়াক পুৰিবলৈ বেছি খৰি লাগিব ।’ শিয়ালে ক’লে- ‘ঠিক আছে, তেতিয়াহ’লে মই ডাঙৰ ডাঙৰ খৰি বিচাৰি লৈ আনো ৰ’বা ।’ এইবুলি কৈ সি জংঘলৰ ভিতৰলৈ খৰি বিচাৰিবলৈ সোমাই গ’ল । এই ছেগতে আলকাতৰাৰ পৰা শহাপহুটো মুক্ত হ’ল । এবোজা খৰি লৈ যেতিয়া শিয়াল ককাই তাত পালেহি , তেতিয়া শহাপহু‌ৱে হাঁহি এটা মাৰি ক’লে – ‘শিয়াল ককাই বিদায় ! আজি পোৰা মঙহেৰে উদৰ পূৰাই খাবা দেই !’

সেইদিনা শিয়াল বপুৰা ভোকে লঘোণে থাকিবলগা হ’ল । শহাপহু‌ৱেও সিদিনাৰপৰা বেছি সতৰ্ক আৰু চালাক হৈ সা‌ৱধানে ঘুৰি ফুৰিবলৈ ধৰিলে । (নেপালী মূলৰ সাধু)
——————————————————————————————–

সংগ্ৰাহক – গৌৰী ৰাণী প্ৰধান

অনুবাদ:- নিৰু শৰ্মা পৰাজুলী

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।